পৃষ্ঠা:শিল্পীপ্ৰাণ উমেশ বৈশ্য.pdf/৩০৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

(১) উদ্‌ঘাটন


 মই তেতিয়া নলবাৰী কলেজৰ দ্বিতীয় বাৰ্ষিক বিজ্ঞানৰ ছাত্ৰ। ১৯৬১ চন। এদিন দিন প্ৰায় ৩ মান বজাত নলবাৰীৰ জেউতি প্ৰতিষ্ঠানত (কিতাপৰ দোকান) সোমালো। বাতৰি কাকত চাওঁ বুলি। দোকানত মাত্ৰ তিনিজন মানুহ। খগেন (দোকানৰ মালিক), তাৰ বাপেক আৰু এজন আদবয়সীয়া ভদ্ৰলোক। ভদ্ৰলোকজন গহীন হৈ বহি আছে। মই সোমোৱাৰ লগে লগে ভদ্ৰলোকজনে মোলৈ অলপ সময় চাই থাকিল। মোৰ গাত তেতিয়া কলেজীয়া গৰম বতাহ। খৰধৰকৈ বাতৰিখন চাওঁ বুলি বুলিছোহে, এনেতে মানুহজনে মোৰ নামটো সুধি পেলালে। বিশেষত্বহীন ভাবে ক’লো– “মোৰ নাম উমেশ বৈশ্য।” নামটো শুনি মানুহজন হঠাতে যেন হাস্যমুখী হ'ল। তেখেতে ক'লে— “বৈশ্যতো বহুতেই লিখে। সুৰীয়ে লিখে, সোণাৰীয়ে লিখে; তুমি আকৌ কোন শ্ৰেণীৰ বৈশ্য?”

 প্ৰশ্নটো শুনি মোৰ মানুহজনৰ প্ৰতি অলপ চিন্তা হ’ল। পাঞ্জাৱী পৰিধানকাৰী ধুনীয়া মানুহজন বাৰু কোন? ভালকৈ লক্ষ্য কৰিলোঁ। নাই চিনি নাপালোঁ। আগতকৈ অলপ নৰম হৈ উত্তৰ দিলোঁ— “মই সোণাৰী বৈশ্য। সোণ-ৰূপৰ কামেই আমাৰ ব্যৱসায়।”

 মানুহজনলৈ চাই দেখিলো, বৰ প্ৰফুল্ল বদন। জাউৰিয়ে জাউৰিয়ে যেন মোক কথাহে সুধিব। মই নম্ৰভাৱে এইবেলি সুধিলো।

 “আপোনাক মই চিনি পোৱা নাই।”

 “খগেন, এওঁক কিতাপখন দিয়াচোন।”

 খগেনে মোক কিতাপ এখন দিলে। নাম লাতুমণি। তলত লিখা আছে— “বেণুধৰ শৰ্মা।” মোৰ মৰি যোৱা যেন লাগিল। অসমীয়া ল'ৰা হৈ অসমৰে এজন প্ৰসিদ্ধ বুৰঞ্জীবিদক কলেজীয়া ল'ৰা হৈ চিনি নোপোৱাত নিজকে বৰ অপৰাধী যেন লাগিল। ততাতৈয়াকৈ মই নমস্কাৰ জনাই ক'লো— “ছাৰ, মোৰ ভুল হৈ গ'ল। ক্ষমা কৰিব। আপোনাক চিনি নোপোৱাটো মোৰ মুৰ্খামীত বাদে একো হোৱা নাই।