আমূল পৰিবৰ্তনৰ সন্দৰ্ভত মৌলিক চিন্তাধাৰাৰে বহুতো প্ৰবন্ধ লিখিছিল, যিবোৰ ‘ৰূপম’, নৱযুগ’, ‘আলোক’, ‘নতুন অসমীয়া’ আৰু ‘দৈনিক অসম’ আদি কাকতত সিঁচৰতি হৈ আছে। সাহিত্যৰ প্ৰতি তেওঁৰ অফুৰন্ত তৃষ্ণাৰ বাবেই যথেষ্ট আৰ্থিক অনাটনৰ মাজতো ঘৰতে এটি প্ৰেছ খুলি লৈ সাহিত্যৰ সেৱাত ব্ৰতী হৈছিল। সেই প্ৰেছৰ পৰাই তেওঁ ‘সুৱাগী’ নামৰ এখন আলোচনীও উলিয়াইছিল। অৱশ্যে বিভিন্ন আলৈ-আহুকালৰ বাবে তেওঁ পিছলৈ প্ৰেছটো বন্ধ কৰিবলৈ বাধ্য হৈছিল।
সাহিত্যৰ উপৰি সংগীত আছিল তেওঁৰ প্ৰাণ। সেয়ে তেওঁৰ আপ্ৰাণ চেষ্টাত তেওঁৰ ঘৰতে গঢ়ি উঠিছিল— ‘জীৱনজ্যোতি সঙ্গীতাশ্ৰম’। দূৰ-দূৰণিৰ পৰা অহা বহুতো ছাত্ৰ-ছাত্ৰীয়ে সংগীতৰ শিক্ষা আহৰণ কৰিছিল। ভাটখাণ্ডে সংগীতৰ ধাৰাবাহিক শিক্ষাৰ উপৰি বৈশ্যই বিভিন্ন পৰিৱেশ আৰু পৰিস্থিতি সাপেক্ষে বহুতো গীত ৰচনা কৰি, নিজে তাক সুৰেৰে সজাই ল’ৰা-ছোৱালীক শিকাইছিল। ছাৰৰ কিছুমান কোৰাছ বৰ জনপ্ৰিয় হৈছিল।
জীৱন প্ৰায় সকলোৰে বাবেই সংগ্ৰামেৰে পূৰ্ণ। কিন্তু বৈশ্য ছাৰৰ ক্ষেত্ৰত কেৱল সংগ্ৰামেই যেন তেওঁৰ জীৱন হৈ পৰিছিল। নিজে নিজৰ ভৰিত থিয় হ'বলৈ শিকোতেই নিজৰ ভাতৃ-ভগ্নী সকলোৰে দায়িত্ব মূৰ পাতি লোৱাৰ উপৰি গাঁৱৰ বহুতো দুখীয়া ল'ৰাক নিজৰ ঘৰতে ৰাখি পটুওৱাৰ দায়িত্ব হাঁহিমুখে বহন কৰিছিল। শিক্ষকতাকে অৱলম্বন কৰা সংসাৰখনৰ আৰ্থিক অনাটনে তেওঁৰ সৃষ্টি চেতনাৰে ভৰপূৰ অগ্ৰগামী মনটো কেতিয়াও অৱদমিত কৰিব পৰা নাছিল। কিন্তু জীৱনৰ শেষৰ কেইটামান বছৰত বহুতো ব্যাধিয়ে একেলগে জুমুৰি দি ধৰা শৰীৰটোৱেহে তেওঁক ব্যতিব্যস্ত কৰি তুলিছিল। হাৰ্ট, কিডনী আৰু ডায়েবেটিছ আদিৰ বাবে মাদ্ৰাজলৈ গৈয়ে চিকিৎসা ল'ব লগা হৈছিল, কিন্তু বেমাৰৰ পৰা তেওঁ নিস্তাৰ পোৱা নাছিল। ইমান অসুখৰ মাজতো আশাবাদী আৰু দৃঢ় আত্ম-প্ৰত্যয়েৰে পূৰ্ণ তেওঁৰ মনটোৱে হাৰ নামানি সংগ্ৰাম কৰি যাব খুজিছিল। মাদ্ৰাজৰ পৰা আহি বিচনাত পৰি থকা অৱস্থাতো তেওঁ দুখন কিতাপ লিখি উলিয়ায়।
শিক্ষাৰ প্ৰতি তেওঁ আছিল অসীম ধাউতি। তেওঁ অসমীয়া বিষয়তে কেৱল স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল যদিও নিজৰ ঐকান্তিক চেষ্টাৰ বলত ইংৰাজী আৰু অংক বিষয়তো গভীৰ ব্যুৎপত্তি লাভ কৰিবলৈ সক্ষম হৈছিল। মৃত্যু শয্যাৰ পৰাই লিখি উলিওৱা ইংৰাজী ব্যাকৰণখন তেওঁৰ এই বিষয়ক