পৃষ্ঠা:শিল্পীপ্ৰাণ উমেশ বৈশ্য.pdf/৩২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

৩৩৩

সৃষ্টিৰ মাধুৰীঃ কৃষ্টিৰ হেঙুল

বিদ্যালয়ত নিযুক্তি দিয়া হৈছিল। ৰাণু দত্তই বি.টি. পৰীক্ষাৰ বাবে লোৱা ছুটীত দুই মাহৰ বাবে নিযুক্তি দিয়া হৈছিল শ্ৰীযুতা নিভা তালুকদাৰক।

 ১৯৬৪ চনৰ ১ এপ্ৰিলত নিযুক্তি দিয়া হৈছিল শ্ৰীযুতা ৰোহিণী তালুকদাৰক। গিৰিধৰ শৰ্মাৰ অনুৰোধ ক্ৰমে আৰ্য্য বিদ্যাপীঠৰে সৰ্বশ্ৰী অজিত মিশ্ৰ, মাণিক দত্ত, ধীৰেন শৰ্মা আদি কেইবাগৰাকী শিক্ষকে ৰাতিপুৱা ভাগৰ সময়খিনিত বিদ্যালয়খনত অবৈতনিক ভাবে পাঠদান দিছিল। শ্ৰীধীৰেন শৰ্মাই শিক্ষাদান দিয়াৰ উপৰিও বিদ্যালয়খনৰ সংগঠনমূলক কাম আৰু কাৰ্যালয়ৰ আটাইখিনি কাম কৰিছিল। চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীৰ সকলোখিনি কামত সহায় কৰিছিল বিদ্যাপীঠৰে সাধু, সৰল, কৰ্মোৎসাহী কৰ্মী শ্ৰীদীনবন্ধু তালুকদাৰে। এইদৰে আৰম্ভণিৰ বাণীকান্ত বিদ্যালয়খন, আৰ্য্য বিদ্যাপীঠৰ এক মৰমসনা পৰিবেশত সকলোৰে উৎসাহ, উদ্দীপনা, অনুপ্ৰেৰণাৰ মাজেৰে আগবাঢ়িবলৈ ধৰিলে।

 বিদ্যালয়খনৰ আৰম্ভণিৰ বৈশিষ্টটো মন কৰিবলগীয়া। বিদ্যালয়খন উচ্চ মাধ্যমিক বিদ্যালয়ৰ ৰূপতহে আৰম্ভ কৰা হৈছিল। সেয়েহে প্ৰথমৰ নাম ভৰ্তিও চতুৰ্থ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ কৰা হৈছিল। প্ৰথম কাৰ্যকৰী কমিটিৰ কাৰ্য প্ৰণালীও আছিল অসাধাৰণ, দূৰদৃষ্টিসম্পন্ন আৰু শক্তিশালী। কমিটিৰ সব্যসাচী সম্পাদক আৰু সভাপতি আছিল ক্ৰমে গিৰিধৰ শৰ্মা আৰু তীক্ষ্ণধী পণ্ডিত উমাকান্ত শৰ্মা। তেখেত সকলে উচ্চ মাধ্যমিক বিদ্যালয়খন দ্ৰুতগতিত গঢ়ি তোলাৰ উদ্দেশ্যে বিদ্যালয়ৰে কেইগৰাকীমান শিক্ষয়িত্ৰীক এম. ই. বিদ্যালয়ৰ শিক্ষয়িত্ৰী হিচাপে কাগজে-কলমে দেখুৱাই উচ্চ মাধ্যমিক বিদ্যালয়খনৰে এটা শাখা এম.ই বিদ্যালয় সাজি যুদ্ধকালীন ক্ষিপ্ৰতাৰে বিদ্যালয়খন ঘাটিমঞ্জুৰীপ্ৰাপ্ত বিদ্যালয় কৰি চৰকাৰী ধন লাভৰ সুচল পথ ৰচনা কৰাৰ চিন্তা কৰিলে। চিন্তা অনুসৰি কাম কৰা হ’ল। ১৯৬৩ চনৰ পৰা ১৯৬৫ চনৰ ভিতৰত এম.ই. বিদ্যালয়ৰ শিক্ষয়িত্ৰী দল ৰূপায়িত হ’ল। তাৰে নেত্ৰী প্ৰধান শিক্ষয়িত্ৰী হ’ল শ্ৰীযুতা ৰোহিণী তালুকদাৰ। ১৯৬৫ চনৰ ২ চেপ্তেম্বৰত মঙ্গলদৈ টাউন ছোৱালী হাইস্কুলৰ পৰা আহি এই বিদ্যালয়ত যোগদান কৰিলেহি শ্ৰীযুতা ভুৱনেশ্বৰী দেৱীয়ে। তেখেত অহা সময়তো বিদ্যালয়খন আৰ্য্য বিদ্যাপীঠতে চলি আছিল।

 ইতিমধ্যে কাৰ্যকৰী কমিটিয়ে বিদ্যালয়খন স্থানান্তৰ কৰণাৰ্থেও নিজাকৈ ঘৰ-মাটি কৰাৰ পৰিকল্পনা তেতিয়া হাতত লৈছে। এই দিশতো কমিটিয়ে অগ্ৰসৰ হৈ কাম কৰিবলৈ ধৰিলে। বৰ্তমান যিখিনি ঠাইত বাণীকান্ত সোঁৱৰণী