কৰ্মযোগী উমেশ বৈশ্যৰ সোঁৱৰণত দুআষাৰ
কন্দৰ্প দত্ত
বিৰুবাৰী, গুৱাহাটী
প্ৰয়াত উমেশ বৈশ্যক ’৭০ দশকত লগ পাইছিলো গুৱাহাটীৰ বিৰুবাৰীত। তেখেতে নিজে কোৱা কিছু কথা ইয়াত উল্লেখ কৰিলো। প্ৰয়াত বৈশ্যই কোৱা মতে তেখেতে জন্ম লাভ কৰিছিল নলবাৰী জিলাৰ বালিলেছা গাঁৱত। মোমায়েক হেনো ভাগ্যদেৱী আৰ্ট থিয়েটাৰত কাম কৰিছিল। তেখেতৰ নাম সূৰ্য বৈশ্য। উমেশ বৈশ্যই অসমীয়া বিভাগত এম.এ. পাচ কৰিছিল। নানা ঘাট-প্ৰতিঘাটৰ মাজেৰে দিন পাৰ কৰিবলগীয়া বৈশ্যই চাকৰিৰ সন্ধানত ঘূৰি ফুৰিছিল। এনেতে শ্ৰদ্ধেয় শ্ৰীযুত মানিক চন্দ্ৰ দত্তৰ লগত তেওঁৰ পৰিচয় ঘটে। প্ৰয়াত বৈশ্য আৰু শ্ৰীযুত দত্তৰ চিন্তাধাৰা একে ধৰণৰ আছিল। দুয়োজনে সংগীত সাধনা কৰিছিল আৰু নিজে গীত গাইছিল আৰু আনকো শিকাইছিল। তাৰ মাজতে লিখা- মেলাৰ চৰ্চা কৰিছিল।
এইখিনিতে আকৌ উল্লেখ কৰিব লাগিব শ্ৰীযুত মানিক চন্দ্ৰ দত্তই আন এজন ভাতৃ বা বন্ধু প্ৰয়াত গৌৰী দত্তক গাঁৱৰ পৰা আনি বাণীকান্ত মেমোৰিয়েল ছোৱালী হাইস্কুলত শিক্ষকৰ চাকৰিত সোমোৱাই দিছিল। তেওঁলোক তিনিওজনে একেলগে বৰ্তমান ৰিহাবাৰীত থকা পুলিচ ৰিজাৰ্ভত এটুকুৰা ঠাইত এটি অস্থায়ী ঘৰ সাজি তাতেই থকা-মেলা কৰিছিল। পুনৰবাৰ উল্লেখ কৰা হ’ল যে শ্ৰীযুত মানিক দত্ত আৰু মোৰ ঘৰ একেখন গাঁৱৰ, তেখেত মাজে সময়ে গাঁৱলৈ গৈ মানুহৰ খবৰ-বতৰা লৈছিল আৰু মোকো গাঁৱৰ পৰা ১৯৬৮ চনত লৈ আহি আৰ্য্য বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষকৰ পদত সোমোৱাই দিয়ে। ইয়াৰ বাবে শ্ৰীযুত দত্তৰ ওচৰত মই কৃতজ্ঞ।
পুনশ্চঃ বৈশ্যৰ প্ৰসংগলৈ আহো। উমেশ বৈশ্য চিন্তাশীল আৰু অমায়িক লোক আছিল। যুক্তি সহকাৰে কথা-বতৰা পাতিছিল। নানা ব্যস্ততাৰ মাজত দিন পাৰ কৰিছিল, খোৱা, পিন্ধন-উৰণত ব্যতিক্ৰমী হ’বলৈ বাধ্য হৈছিল— মাজে সময়ে চাহ-ৰুটি খায়ো দিন অতিবাহিত কৰিব লগা হৈছিল। তাৰ মাজতে