পৃষ্ঠা:শিল্পীপ্ৰাণ উমেশ বৈশ্য.pdf/১৭৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৭৬
সোঁৱৰণীৰ অলেখ ভাষা শিল্পীপ্ৰাণ প্ৰয়াত উমেশ বৈশ্য

ওচৰলৈ সহায় বা উপদেশ বিচাৰি অহা কোনো লোকে কেতিয়াও বিমুখ হৈ উভতি যাবলগীয়া হোৱা নাছিল। কোনো লেখকৰ কিতাপৰ নামকৰণৰ পৰা আৰম্ভ কৰি অভিমত লিখি দিয়ালৈ, কোনো চিত্ৰশিল্পীৰ চিত্ৰৰ নামকৰণ, কোনো সংগীত প্ৰতিযোগিতাৰ বিচাৰকৰ আসন, কোনো ন লেখক-লেখিকাৰ কবিতা/গীত/প্ৰৱন্ধ আদিত হাত ফুৰাই/সুৰ কৰি তেওঁলোকক উৎসাহিত কৰালৈকে, কোনো শিক্ষানুষ্ঠান সভা-সমিতি-সাংস্কৃতিক অনুষ্ঠানৰ সভাপতি/নিৰ্দিষ্ট বক্তা/বিশিষ্ট অতিথিৰ আসনৰ পৰা আৰম্ভ কৰি কোনো নিৰ্বাচনৰ প্ৰিজাইডিং বিষয়াৰ দায়িত্বলৈ সকলো কাম দেউতাই বৰ নিষ্ঠা আৰু সততাৰে পালন কৰিছিল।

 ওৰেটো জীৱন ধুমুহাৰ গতিৰে কাম কৰি যোৱা দেউতাই গুৱাহাটীলৈ উচ্চ শিক্ষাৰ বাবে অহাৰ পিছতেই এজন এজনকৈ চাৰিওজন কনিষ্ঠ ভাতৃকে গুৱাহাটীলৈ লৈ আহি লগত ৰাখে আৰু সিহঁতক স্কুল/কলেজ আদিত নামভৰ্তি কৰি দিয়া তথা সংগীত চৰ্চাৰ সুবিধাৰ সকলো দায়িত্ব বিনাচৰ্তে পালন কৰি সুপ্ৰতিষ্ঠিত কৰাৰ উপৰিও নিজৰ ভনী জোৱায়েক ফণী বৈশ্য তথা খুৰাকৰ পুত্ৰ খগেন বৈশ্যক গুৱাহাটীত দোকান কৰি দিয়ে। দেউতাৰ বিয়াৰ সময়ত মা মেট্ৰিক পৰীক্ষাৰ প্ৰাৰ্থীহে আছিল। বিয়াৰ পিছত মাক কলেজত নাম লগাই দিছিল যদিও নানা ব্যস্ততা তথা অসুবিধাৰ বাবে মায়ে পঢ়াশুনাখিনি আগবঢ়াই নিব নোৱাৰিলে। কিন্তু পৰিয়ালৰ সকলোকে উচ্চ শিক্ষিত কৰাৰ দেউতাৰ সপোন আৰু মাৰো উচ্চশিক্ষাৰ প্ৰতি থকা হেঁপাহ, একাগ্ৰতা আৰু ধৈৰ্যৰ গুণত বিয়াৰ ১৭ বছৰ পিছত ১৯৯১ চনত দেউতাই মাক পুনৰ H.S. 1st Year ত নাম ভৰ্তি কৰি দিয়ে। এইবাৰ মাৰ প্ৰত্যাহ্বান আৰু বেছি। চাৰিজন ল'ৰা, নিজৰ চাকৰি, অসুখীয়া দেউতা, ঘৰৰ সমস্ত কাম। এই সকলোবোৰ সুকলমে চম্ভালি মা আগুৱাই গ'ল আৰু ১৯৯৬ চনত B. Booroah College পৰা B.A. পৰীক্ষাত উত্তীৰ্ণ হ’ল। দেউতাই এইবাৰ মাক M.A.ত নাম লগাই দিলে। M.A.প্ৰথম বৰ্ষ উত্তীৰ্ণ হৈছিলহে মাথোন, কিন্তু ১৯৯৮ চনত দেউতাৰ অকাল মৃত্যু হোৱাত মাৰ শিক্ষা জীৱনত পুনৰ বাধা জন্মে। এইদৰে দেউতাই নিজৰ, গাঁৱৰ তথা গুৱাহাটীৰ অসংখ্য ছাত্ৰ-ছাত্ৰী, ব্যক্তিক নিজৰ বিৰুবাৰীৰ ঘৰলৈ মাতি আনি/ৰাখি শিক্ষাদান/সংগীত শিক্ষা প্ৰদান কৰি/আন দিশেৰে সহায় কৰি তেওঁলোকৰ জীৱন ধন্য কৰি গৈছে।

 প্ৰায় গোটেই জীৱনটোৱেই আনৰ মংগলৰ কাৰণে উচৰ্গা কৰা দেউতাই