পৃষ্ঠা:শিল্পীপ্ৰাণ উমেশ বৈশ্য.pdf/১০৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৬
সোঁৱৰণীৰ অলেখ ভাষা শিল্পীপ্ৰাণ প্ৰয়াত উমেশ বৈশ্য



স্মৃতি তৰ্পণ ⵓ উমেশ চন্দ্ৰ বৈশ্য

ৰীণা শৰ্মা বৰঠাকুৰ
ৰিহাবাৰী, গুৱাহাটী

 গৰমৰ বন্ধ খোলাৰ প্ৰথম দিনা অৰ্থাৎ ১ আগষ্ট ১৯৯৮ চনৰ পুৱা ৰিহাবাৰীৰ বাণীকান্ত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ উমেশ চন্দ্ৰ বৈশ্যৰ অকাল মৃত্যুৰ বাতৰিয়ে তেওঁৰ পৰিয়াল-পৰিজন, আত্মীয়-কুটুম্বৰ উপৰি স্কুলৰ প্ৰত্যেক গৰাকী শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীৰ মন খন্তেকৰ বাবে হলেও স্তব্ধ কৰি দিছিল। এগৰাকী বিষয় শিক্ষয়িত্ৰী হিচাবে মই ব্যক্তিগতভাৱে তেওঁক সীমিত কেইটামান বছৰৰ বাবেহে লগ পাইছিলো যদিও তেওঁৰ ব্যক্তিত্বপূৰ্ণ সান্নিধ্যই মোক মুগ্ধ কৰিছিল। সেয়েহে আজি তেওঁৰ আদ্যশ্ৰাদ্ধৰ এই পবিত্ৰ দিনত তেওঁৰ গুণৰাজি স্মৰণ কৰি এই শ্ৰদ্ধাঞ্জলি নিবেদন কৰিলো।

 ১৯৩৯ চনৰ অক্টোবৰ মাহৰ ৩ তাৰিখত নলবাৰীৰ ওচৰৰ বালিলেছা গাঁৱত জন্মগ্ৰহণ কৰা উমেশ চন্দ্ৰ বৈশ্যই নলবাৰী গৰ্ডন হাইস্কুলৰ পৰা মেট্ৰিক, নলবাৰী কলেজৰ পৰা স্নাতক আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ১৯৬৭ চনত সুখ্যাতিৰে অসমীয়া বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। তাৰ পিছত শিক্ষকতাকে জীৱিকা উপাৰ্জনৰ পথ হিচাপে লৈ, শিক্ষাৰ বাবেই জীৱন উচৰ্গা কৰি বাণীকান্ত ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষৰ পদত অধিষ্ঠিত হৈছিল।

 স্কুলীয়া অৱস্থাৰ পৰাই তেওঁ কলম হাতত লৈছিল। হাতেলিখা অসমীয়া ছমহীয়া আলোচনী এখন একমাত্ৰ তেওঁৰ আশাশুধীয়া প্ৰচেষ্টাৰ বাবেই গঢ় লৈ উঠিছিল। তেওঁৰ প্ৰকাশিত গ্ৰন্থৰাজিৰ ভিতৰত ‘মিলন’ প্ৰেম বিষয়ক কবিতাৰ পুথি, ১৯৮০ চনৰ অসম আন্দোলনৰ পটভূমিত লিখা ‘অশান্ত জন্মভূমি’, ‘তই যুক্তি যুদ্ধ কৰ’, পঞ্চম শ্ৰেণীত চলিত অসমীয়া ব্যাকৰণ ‘ৰচনা মালিকা’, আদিয়েই প্ৰধান। আকস্মিক মৃত্যুৰ বাবে ‘হৃদয়ৰ তান’ আৰু ‘প্ৰগতিৰ গান’ নামৰ দুখন গীতৰ পুথি, হাইস্কুলীয়া ছাত্ৰৰ বাবে লিখা ইংৰাজী গ্ৰামাৰ আদিয়ে প্ৰকাশৰ সুযোগ নাপালে। তেওঁ সমাজ সংস্কাৰমূলক আৰু বৰ্তমান শিক্ষাৰ