টিউচন আদি কৰি ঘৰতো পিতাক ঘৰ চলোৱাত সহায় কৰিছিল। নলবাৰী
কলেজৰ পৰা স্নাতক উত্তীৰ্ণ হৈ গুৱাহাটী বিশ্ববিদ্যালয়ত পঢ়াৰ উদ্দেশ্যৰে
গুৱাহাটীলৈ ঢাপলি মেলে। সেই সময়ত তেওঁৰ বৰ কষ্ট হৈছিল। টিউচন
কৰিয়ে তেখেতে নিজে পঢ়াৰ উপৰিও ঘৰলৈও টকা পঠাব লগা হৈছিল।
এম.এ. পঢ়ি থকা সময়ত দাদাই ৰিহাবাৰী বাণীকান্ত বালিকা বিদ্যালয়ত শিক্ষকতা
আৰম্ভ কৰে আৰু বিৰুবাৰীত থাকিবলৈ লয়। অনুজ ভাতৃ ৰমেশ, অতুল,
ৰমেন আৰু ৰাতুলকো গাঁৱৰ পৰা গুৱাহাটীলৈ লৈ আহে আৰু সিহঁতৰ শিক্ষাৰ
ব্যৱস্থা কৰে। নিজে স্কুলত শিক্ষকতা কৰি, টিউচন কৰি ভায়েকহঁতকো ঘৰত
পটুৱাইছিল। দাদাই বহুত কষ্টৰে অৰ্জন কৰা ধন অনুজৰ নামত ব্যয় কৰি
ভাইহঁতক প্ৰকৃত মানুহৰ ৰূপ দি থৈ যায়।
১৯৭৪ চনৰ ব'হাগৰ ২০ তাৰিখে দাদাৰ সাংসাৰিক জীৱন আৰম্ভ হয়। পিতাই দাদাক এজনী সৰ্বগুণী, সুলক্ষণী ছোৱালী বিয়া কৰাই দিয়ে। সেইজনীয়েই মোৰ মাননীয় বৌ শ্ৰীযুতা ৰিণা বৈশ্য। দুয়োৰে সংসাৰৰ ফল চাৰিটি পুত্ৰ সন্তান। তেওঁলোকৰ পঢ়া-শুনা শেষ নৌহওঁতে দাদা স্বৰ্গগামী হয়। দাদাৰ মৃত্যুৰ পিছত দাদাৰ চৰণ শিৰত লৈ দাদাৰ মান-সম্মান আগত ৰাখি তেখেতৰ চাৰিওজন পুত্ৰই শিক্ষা-দীক্ষা লাভ কৰি কৰ্ম সংস্থাপনো লাভ কৰে।
এয়া দাদাৰে আশীৰ্বাদ। মই দাদাৰ ঘৰখনলৈ গৈ দাদা আজিও জীয়াই আছে যেন পাওঁ। কাৰণ দাদাৰ গুণ চাৰিওটি সন্তানৰ গাত দেখা পাওঁ। দাদাৰ দৰে গুণী-জ্ঞানী মানুহজনৰ আত্মাই যেন চিৰশান্তি লাভ কৰে তাৰ বাবে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালোঁ।
(লেখিকা প্ৰয়াত বৈশ্যৰ ভনী।) (এই লেখাটোৰ ৰচনাকাল ২০১০ ইং)