পৃষ্ঠা:শিল্পীপ্ৰাণ উমেশ বৈশ্য.pdf/২৬৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৭৩
উমেশ বৈশ্যৰ সৃষ্টি কৰ্মৰ মূল্যায়ন



গীতৰ সংকলন ‘প্ৰগতিৰ গান’

প্ৰদীপ কুমাৰ বৰ্মন

 গুৱাহাটীৰ ৰিহাবাৰীস্থ বাণীকান্ত সোঁৱৰণী বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ প্ৰয়াত উমেশ বৈশ্যৰ দেশপ্ৰেমমূলক গীতৰ সংকলন ‘প্ৰগতিৰ গান’-এ সঁচাকৈয়ে প্ৰগতিৰ স্পষ্ট প্ৰতিচ্ছবি অংকন কৰিছে। অসমীয়া সাহিত্যলৈ ১২খন গ্ৰন্থ উপহাৰ দিয়া বৈশ্যৰ সংকলনটিয়ে গীতি সাহিত্যত বিশেষ স্থান দখল কৰিব পাৰিব বুলি দৃঢ়তাৰে ক'ব পাৰি। সংকলনটিত মুঠ ৪৭টা গীত অন্তৰ্ভুক্ত কৰা হৈছে। দেশপ্ৰেমমূলক গীতৰ সংখ্যা বৰ্তমান কম যদিও বৈশ্যই সহজ-সৰল আৰু সাৱলীল ভাষা, গীতিময় ছন্দ সংযোজিত কৰি প্ৰগতিৰ গান ৰচনা কৰে যাৰ বাবে ই হৈ পৰিছে আদৰ্শৰ মূৰ্ত প্ৰতীক। দেশবাসীৰ অন্তৰত দেশপ্ৰেম আৰু মানৱপ্ৰেমৰ ভাব জাগ্ৰত কৰি তোলাত পুথিখনিয়ে যৎকিঞ্চিৎ পৰিমাণে হ'লেও অৰিহণা যোগাব। অসমীয়াক নিদ্ৰাৰ পৰা উঠি এলাহ আঁতৰাই জননীৰ মুখত প্ৰদীপ বিলাবলৈ গীতিকাৰে আহ্বান জনাইছে—

 “নিদ্ৰা এৰি উঠা অসমীয়া/এলাহ আঁতৰাই/জিলিকাই তোলা জননীৰ মুখ/ পোহৰ ছটিয়াই।/আঁকি দিয়া মলিন মুখত/হাঁহি মনোহৰা।”

 ছাত্ৰ-ছাত্ৰীসকলৰ পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত নহয় যদিও পুথিখন ছাত্ৰ-ছাত্ৰী সকলে নতুবা শিক্ষক-শিক্ষয়িত্ৰী আৰু অভিভাৱকসকলেও পঢ়ি গীতবোৰৰ গূঢ়াৰ্থ বুজি লোৱাটো সমীচিন হ’ব বুলি ভাবো। গীত পৰিবেশন কৰা শিল্পীসকলৰ বাবেও পুথিখন বিশেষ সহায়ক হ’ব। ৰীণা বৈশ্যই প্ৰকাশ কৰা পুথিখনৰ অৰ্থবহ আৰু দৃষ্টিনন্দন বেটুপাতটি অংকন কৰিছে প্যাৰীমোহন ডেকাই। পুথিখনৰ মূল্য ৬৫ টকা।•


‘দৈনিক অগ্ৰদূত’ (সোমবাৰ), ৩/৫/২০১০ত প্ৰকাশিত।