পাইছিল, সেয়ে যেতিয়া মোৰ বাইদেউ তথা তেখেতৰ সহধৰ্মিনীয়ে বিয়াৰ
সোতৰ বছৰ পিছতো পঢ়িম বুলি কৈছিল বাইদেউক নিৰাশ নকৰি ১৯৯১
চনত উচ্চতৰ মাধ্যমিকত নাম লগাই দিছিল (বাইদেউৰ বিয়া হৈছিল ১৯৭৪
চনত)। তদুপৰি তাইক সময় দি প্ৰতিটো বিষয় বুজাত সহায় কৰি দিছিল।
যিটো সময়ত বাইদেৱে পঢ়াৰ কথাটো সকলোৰে কল্পনাৰ অগোচৰ আছিল
ঠিক সেই সময়ত ভিনদেৱে তাইক পঢ়াৰ ক্ষেত্ৰত সম্পূৰ্ণ সমৰ্থন কৰিছিল।
এই চেষ্টাৰ ফলতেই ১৯৯৬ চনত বাইদেৱে বি. বৰুৱা কলেজৰ পৰা বি.এ.
ডিগ্ৰীও লাভ কৰিছিল। আৰু তাৰ পিছতে প্ৰাগজ্যোতিষ মহাবিদ্যালয়ত এম.এ.ত
নাম ভৰ্তি কৰিছিল। এম.এ. প্ৰথম বৰ্ষত উত্তীৰ্ণ হৈছিলহে মাথোন, কিন্তু
ভিনদেউৰ অকাল মৃত্যুত বাইদেউৰ এম.এ. ডিগ্ৰী সম্পূৰ্ণ কৰাৰ আশা পূৰণ
নহ'ল।
মৃত্যুৰ মাত্ৰ কেইদিনমান আগলৈকে সাহিত্য চৰ্চা কৰা বহুমুখী প্ৰতিভাৰ এনেহেন ব্যক্তি এই ধৰাত আৰু এজন ওলাবনে? এনে এগৰাকী ব্যক্তিৰ মৃত্যুই সমাজ এখনৰ অপূৰণীয় ক্ষতি সাধন কৰে। তেখেতৰ স্থান কোনেও ল’ব নোৱাৰে আৰু তেখেতৰ সমকক্ষ এজন ব্যক্তিলৈ হয়তো আৰু বহু সময় অপেক্ষা কৰিব লাগিব।
আজি তেখেতৰ এই পূণ্য মৃত্যুতিথিত মই তথা মোৰ পৰিয়ালে সশ্ৰদ্ধ পুস্পাঞ্জলী আগবঢ়ালোঁ।
(লেখিকা প্ৰয়াত বৈশ্যৰ খুলশালী।) (এই লেখাটোৰ ৰচনাকাল ২০১০ ইং)