পৃষ্ঠা:শিল্পীপ্ৰাণ উমেশ বৈশ্য.pdf/১২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২৬
সোঁৱৰণীৰ অলেখ ভাষা শিল্পীপ্ৰাণ প্ৰয়াত উমেশ বৈশ্য

'৬৪ চনত স্নাতক আৰু '৬৭ চনত স্নাতকোত্তৰ ডিগ্ৰীও তেওঁ সুখ্যাতিৰে অৰ্জন কৰে। সঠিক পৰিকল্পনাৰ ধাৰাবাহিকতাই মানুহক যে দোপতদোপে উন্নতিৰ জখলাত উধাই লৈ যায় বৈশ্যই তাৰে এটি জ্বলন্ত উদাহৰণ। দৰিদ্ৰতাৰ হেতু ঘৰৰ পৰা পঢ়া-শুনাৰ খৰচ নোপোৱা সত্ত্বেও সুস্থিৰ চিন্তাৰ প্ৰবাহ আৰু অদম্য হেপাহৰ বাবে তেওঁ থমকি ৰ'ব লগা নহ’ল কোনো ঠাইত। লগে লগে তেতিয়াৰ শাস্ত্ৰীয় সংগীতৰ মহীৰূহ খ্যাতনামা আকাশবাণীৰ সঞ্চালক শিল্পী স্বৰ্গীয় বীৰেন ফুকনৰ ওচৰত উচ্চ মাৰ্গৰ সংগীত চৰ্চাও আৰম্ভ কৰিলে। শেহান্তৰত '৭৭ চনত লক্ষৌৰ সৰ্বভাৰতীয় সংগীতৰ ভাটখাণ্ডে মহাবিদ্যালয়ৰ পৰা খ্যাতি সহকাৰে সংগীতৰ (ভোকেল) উপাধি লয়। অসীম ধৈৰ্যৰ বাবে এনেকৈয়ে তেওঁৰ মনৰ হাবিয়াসবোৰ পূৰণ হয়। তেওঁৰ আদৰ্শ উঠি অহা প্ৰজন্মৰ বাবে অতীৱ পাথেয়।

 কৰ্ম জীৱনৰ খতিয়ানতো পোৱা যায় যে সময়ৰ আহ্বানত বিভিন্ন সময়ত নানা ঠাইত কেইবাখনো বিদ্যালয়ত তেওঁ অস্থায়ী ভাবে শিক্ষকতা চাকৰিকে কৰিছিল। তাৰ ভিতৰত '৬৩ চনৰ পৰা ক্ৰমে বানেকুছি, বিষ্ণুৰাম মেধি হাইস্কুল, পানীগাঁও মিলন, ডনবস্কো, আৰ্য্য বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয় আদিত তেওঁ অস্থায়ী ভাবে চাকৰি কৰিছিল। শেষত '৬৬ চনত বাণীকান্ত সোঁৱৰণী ছোৱালী হাইস্কুলত তেওঁ স্থায়ী সহকাৰী শিক্ষক পদৰ নিযুক্তি লাভ কৰে। ইতিমধ্যে শেষোক্ত বিদ্যালয়খন '৯১ চনত উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীত হোৱাত তেওঁ স্থায়ী বিষয় শিক্ষক হিচাবে নিযুক্তি লাভ কৰে আৰু বিভাগীয় নিয়মানুসৰি উক্ত বিদ্যালয়তে ৯৩ চনত উপাধ্যক্ষৰ পদত অধিষ্ঠিত হৈ '৯৫ চনৰ পহিলা এপ্ৰিলৰ পৰা অধ্যক্ষ আসনতো বহে। একাধিক বিষয়ত দক্ষতা থকা বৈশ্যদেৱে অকল বিদ্যালয়ৰ শিক্ষক হৈয়ে ক্ষান্ত নাথাকিল, ’৭৪ চনত গুৱাহাটীৰ মাধৱপুৰ স্থিত গন্ধৰ্ব সংগীত মহাবিদ্যালয়ত অংশকালীন সংগীত শিক্ষক হিচাবেও নিযুক্তি লাভ কৰে। অদম্য উৎসাহৰ বলতে পিছত গুৱাহাটীৰ কালাপাহাৰ স্থিত ‘অসম মিউজিক কলেজ’তো শিক্ষাদান কৰি তেওঁ প্ৰশংসা বুটলিবলৈ সক্ষম হয়। পৰৱৰ্তী কালত নিজ গৃহতে ‘জীৱনজ্যোতি সংগীতাশ্ৰম’ নামেৰে এখন সংগীত বিদ্যালয় স্থাপন কৰি নিজৰ গাঁওতো এটি স্মৃতি তেওঁ এৰি থৈ যাব নাপাহৰিলে।

 বৈশ্য ডাঙৰীয়া যে অকল শিক্ষক, গায়কেই আছিল তেনে নহয়, তেওঁ এজন নীৰৱ কবি, সাহিত্যিক, সমাজ সচেতন লোকো আছিল। তেওঁৰ ৰচনাশৈলীৰ পৰাই তেওঁৰ বহুমুখী প্ৰতিভাৰ উমান পোৱা যায়।