উমেশ বৈশ্যৰ সোঁৱৰণত একাষাৰ
নলিনীধৰ ভট্টাচাৰ্য
ৰূপনগৰ, গুৱাহাটী
আৰ্য্য বিদ্যাপীঠ কলেজত শিক্ষকতা কৰি থকা কালত উমেশ বৈশ্যক মই প্ৰায়ে লগ পাইছিলোঁ। তেওঁৰ লগত সুখ-দুখৰ কথা পাতিছিলোঁ। বিশেষকৈ তেওঁৰ লেখা-মেলাৰ কথা, কেতিয়াবা সংগীত চৰ্চাৰ কথাও পাতিছিলোঁ। কেতিয়াবা গীতৰ সুৰ গুণ গুণাই ৰাস্তাইদি গৈ থকা অৱস্থাতো লগ পোৱা মনত আছে। বৰ আশাশুধীয়া ভাৱে তেওঁ মাৰ্গ-সংগীতৰ চৰ্চা কৰিছিল বুলি মই জানো। শিক্ষকতা আৰু সংগীতৰ চৰ্চা কৰিয়েই তেওঁ জীৱনটো কটাইছিল। আজি সমাজৰ যি পৰিৱৰ্তন আহিছে, সেই পৰিৱৰ্তনৰ আবৰ্ত তেওঁ নেদেখিলে। দেখা হ’লে তেওঁ কেতিয়াও মনত শান্তি নাপালেহেঁতেন। নিত্যান্ত সৰল সহজ মানৱতাবোধসম্পন্ন মানুহ আছিল তেওঁ। নিষ্ঠাৰে তেওঁ নিজৰ কৰ্তব্য সম্পন্ন কৰিছিল আৰু সংগীতৰ চৰ্চাৰে নিজৰ আত্মিক বিকাশ কৰি আনৰো হৃদয় জয় কৰিছিল। তেওঁ জীয়াই আছিল মাত্ৰ উনষাঠিটা বছৰ। এই কম সময়ৰ ভিতৰতে নিজৰ বৌদ্ধিক আৰু সামাজিক জীৱনত বহু পৰিমাণে সফল হৈছিল। মোতকৈ তেওঁ বয়সত সৰু আছিল যদিও শিক্ষাব্ৰতী, অধ্যয়নশীল, সংগীত সাধক, সমাজপ্ৰিয় এই সৰল মানুহজনক মই শ্ৰদ্ধা কৰিছিলোঁ। আজিও তেওঁলৈ মোৰ মনত পৰে। প্ৰচাৰ বিমুখ, নীৰৱ সাধক উমেশ বৈশ্য আমাৰ বাবে স্মৰণীয় হৈ থাকিব।
নলবাৰীৰ বালিলেছাৰ সন্তান উমেশ বৈশ্যই বালিলেছা মজলীয়া স্কুল (এম.ভি.), দেবীৰাম পাঠশালা, গৰ্ডন হাইস্কুল, নলবাৰী কলেজ আদিত পঢ়া- শুনা কৰি পিছত এম.এ. আৰু বি.টি. পৰীক্ষাত উত্তীৰ্ণ হয়। তাৰ পিছত বিভিন্ন ঠাইত শিক্ষকতা কৰি গুৱাহাটীত থিতাপি লয়হি। ইয়াত ডনবস্ক, আৰ্য্য বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক আদিত শিক্ষকতা কৰি শেষত বাণীকান্ত সোঁৱৰণী বালিকা উচ্চ মাধ্যমিক শিক্ষকতা আৰম্ভ কৰে। শেষত তেওঁ এই স্কুলৰ অধ্যক্ষও হৈছিল। তেওঁৰ বিদ্যাৰ্থী জীৱন আৰু চাকৰি জীৱনৰ তথ্যৰ পৰা আমি সহজেই