পৃষ্ঠা:শিল্পীপ্ৰাণ উমেশ বৈশ্য.pdf/২৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৫৪
সোঁৱৰণীৰ অলেখ ভাষা শিল্পীপ্ৰাণ প্ৰয়াত উমেশ বৈশ্য


দীপ্ত শিখাৰে আলোকিত হৈ,
ভীৰু নাম দলিয়াই
 পুৰুষৰ চানেকিৰে
বিশ্বত ৰাখ নাম বীৰ অসমীয়া।

 (৩৮) বিহুৰ বতৰত মুখৰ হাঁহি, বিহুৰ সুৰৰ সলনি ৰণৰ সুৰহে বাজি উঠাৰ পৰিস্থিতি হোৱাত গীতিকাৰে বিহুৱাসকলক তাণ্ডৱ নৃত্যকে নাচি দেশৰ দুষ্কৃতিকাৰী সকলক ধ্বংস কৰিবলৈ আহ্বান জনাইছে। নাচনীহঁতক দুৰ্গতিনাশিনী দুৰ্গাদেৱীৰ ৰূপ লৈ মহিষাসুৰৰূপী দুষ্কৃতিকাৰীক নিধন কৰাৰ বাবে অসুৰমৰ্দিনী হৈ নাচিবলৈ আহ্বান জনাইছে। বৰলোকসকলে পশ্চিমীয়া সভ্যতাৰ বা লৈ চেনেহৰ বিহুটিক পাহৰি ‘নিজক পাহৰা' বুলি ধিক্কাৰ দিছে. দেশৰক্ষাৰ বাবে তেতিয়াও সময় থকা বুলি সঁচা অৰ্থত অসমীয়া হৈ দেশৰ হকে যুঁজি বিশ্বৰ দৰবাৰত বিহু কৃষ্টিৰ সুবাস বিলাই দেশক জিলিকাই তুলিবলৈ আহ্বান জনাইছে। (গীতিকাৰজনে এই গীতটিত পৃথিৱীবিখ্যাত হৈ পৰা, অসমৰ ছবছৰীয়া বিদেশী বিতাৰণৰ ছাত্ৰ আন্দোলনৰ সময়ত সৃষ্টি হোৱা অসমৰ বিহুৰ বতৰৰ প্ৰতিচ্ছৱি হয়তো অংকন কৰিব বিচাৰিছে।)–

আহ আহ আহ হেৰ অসমীয়া
এতিয়াও আহ আহ হেৰ অসমীয়া
বাহিৰে ভিতৰে হৈ অসমীয়া
জিলিকাই তোলো আমি
বিশ্বৰ দৰবাৰ
কৃষ্টিৰে বিলাই সুবাস।

 (৩৯) এসময়ত যাগ-যজ্ঞ, আধ্যাত্মিক-সাধনা, যোগ-সাধনা, জ্যোতিষ চৰ্চা, গণিত চৰ্চা, সংস্কৃত ভাষা চৰ্চা আদি বিষয়ত ভাৰতবৰ্ষ বিশ্বৰ আগশাৰীত আছিল। ভাৰতবৰ্ষৰ জ্ঞানৰ পোহৰে বিশ্ব উদ্ভাসিত কৰিছিল। কিন্তু কালৰ পৰিক্ৰমাত ভাৰতবৰ্ষৰ সেই জ্ঞানৰ গৌৰৱ আজি স্তিমিত হ’ল। জ্ঞানৰ পোহৰৰ সলনি আজিৰ ভাৰতবৰ্ষ অজ্ঞান অন্ধকাৰত ডুব গ’ল। যুগ যুগ ধৰি জ্ঞানী সন্তানসকলে ভাৰতমাতৃৰ শিৰত পিন্ধাই দিয়া ‘গৌৰৱ মুকুট’ এই ভাৰতৰ বুকুতে জন্ম কুলাংগাৰ সন্তান কিছুমানে খহাই পেলালে। এই জ্ঞানহীন কুলাংগাৰ সন্তান সকলে দেশমাতৃৰ বিশ্বজোৰা জ্ঞানৰ গৌৰৱ বন্তি নুমাই ভাৰতৰ বিশ্ববন্দিত