পৃষ্ঠা:শিল্পীপ্ৰাণ উমেশ বৈশ্য.pdf/৩৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৬৮
সোঁৱৰণীৰ অলেখ ভাষা শিল্পীপ্ৰাণ প্ৰয়াত উমেশ বৈশ্য

 খেলিছে। পোনা দুটিলৈ মোৰ বৰকৈ মনত পৰিছে। মনত পৰিছে মাকন, প্ৰতুল, ৰেখাহঁতলৈ। সিহঁতক ভালকৈ যত্ন লব লাগে। আমি কৰিব নোৱাৰা কামবোৰ সিহঁতৰ হতুৱাই কৰাব লাগিব। উপযুক্ত মাতৃ হোৱাৰ যত্ন কৰা। সিহঁতক তুমিহে প্ৰকৃত শিক্ষা দিব পাৰিবা। মাকনেহে প্ৰতুলক প্ৰকৃত শিক্ষা দিব পাৰিব। আমি কেৱল সহায় হৈ থাকিম। মা বোধহয় গুৱাহাটীত। ৰমেন গুৱাহাটীলৈ যোৱা নাই ছাগে। তাক সোনকালে গুৱাহাটীলৈ পঠাবা। আজিলৈ সকলোকে চেনেহ, মৰম, শ্ৰদ্ধা দি সামৰিলোঁ। পিতা মোৰ সেৱা জনাবা। ইতি–

তোমাৰ–
 স্বামী উঃ বৈশ্য

 

(নাহেন্দ্ৰ পাদুনৰ প্ৰয়াত উমেশ বৈশ্যলৈ প্ৰাপ্তি স্বীকাৰৰ চিঠি)