পৃষ্ঠা:শিল্পীপ্ৰাণ উমেশ বৈশ্য.pdf/২৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৪৬
সোঁৱৰণীৰ অলেখ ভাষা শিল্পীপ্ৰাণ প্ৰয়াত উমেশ বৈশ্য


নহ'লে কেতিয়াও কোনোদিনে নহ'ব
নহ’ব বিপ্লৱ শেষ॥

 (১৮) বিজ্ঞানৰ পুত্ৰ সমাজৰ নতুন পুৰুষসকল প্ৰকৃতিৰ ৰহস্য ভেদ কৰি আগুৱাই গৈছে। নতুন পুৰুষসকল বিজ্ঞানৰ জয়গান গাই উল্লসিত হৈ পৰিছে। নতুন পুৰুষৰ এই অগ্ৰগতিত এদিন সমাজ উজ্বল হ'ব বুলি গীতিকাৰেও উল্লাস অনুভৱ কৰিছে— নতুন পুৰুষৰ পিতৃস্বৰূপ বিজ্ঞানীজনৰ উপকাৰ স্বীকাৰ কৰিছে—

নতুনৰ পিতৃ হে বিজ্ঞানী,
তোমাৰ মহান উপহাৰ
জিলিকিব চিৰদিন সমাজ দেহত
হৈ উজ্জ্বল কণ্ঠহাৰ,
তোমাৰ কিৰণেৰে আলোকিত হৈ
আমি তোমাৰেই জয়গীতি গাওঁ॥

 (১৯) শিল্পীসকলে সমাজৰ কালিমা আঁতৰাই সমাজৰ পথৰ আলোক হ’বলৈ লৌহ মনোবল গ্ৰহণ কৰিবলৈ সষ্টম হোৱাৰ সময়। গীতিকাৰজনৰ ভাষাত-

হোৱা শিল্পী পথৰ আলোক
মানৱ সমাজৰ
কৰা সঞ্চয় তাৰেই বাবে
লৌহ মনোবল॥

 (২০) পুৰণিক সাবটি নাথাকি আজিৰ অসমীয়াই বাহিৰৰ জগতখনত কি ঘটিছে চকু মেলি চাওক। লাচিত বীৰৰ দেশত আজি বীৰ লাচিতৰ সতি- সন্ততি নাই, আছে ধোদৰ সতি-সন্ততি— যিসকল কৰ্ম বিমুখ। কিন্তু ধোদেও আজি এলাহ সামৰি থৈ কৰ্মঠ হৈ উঠিব লাগিব—

এয়াতো শুৱাৰ সময় মুঠেই নহয়,
হিলদল ভাঙি তই আগবাঢ়ি যা
দীপ্ত শিখাৰে আলোকিত হৈ
দিগন্ত পাৰ হৈ যা
পৃথিৱী ভৰমি চা॥

 (২১) অসমীয়া জাতিৰ প্ৰগতি স্থবিৰ হৈ থকা সময়ত ভাল-বেয়া