পৃষ্ঠা:শিল্পীপ্ৰাণ উমেশ বৈশ্য.pdf/৫৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬০
৫৯
সোঁৱৰণীৰ অলেখ ভাষা শিল্পীপ্ৰাণ প্ৰয়াত উমেশ বৈশ্য


এদিন বিশ্ববিদ্যালয়লৈ যােৱা বিড়ম্বনাৰ কথা কোৱা আজিও মােৰ স্পষ্ট মনত আছে। শ্ৰেণীত উপস্থিত থকাৰ প্ৰৱল ইচ্ছা কিন্তু সেই সময়ত দীঘলীপুখুৰীৰ পাৰৰ পৰা বিশ্ববিদ্যালয়লৈ যাতায়ত কৰা বিশ্ববিদ্যালয়ৰ বাছত দিবলগীয়া পঞ্চাশ পইচা ভাড়া লগত নাছিল। উপায়হীন হৈ নিজৰ জেপখালী অৱস্থাৰ কথা কৈ বিশ্ববিদ্যালয়ৰ বাছৰ কণ্ডাক্টৰজনক অনুৰােধ কৰিছিল বিনাভাড়াই তেখেতক নিবলৈ। ইতস্ততঃ কৰিছিল যদিও কণ্ডাক্টজনে তেখেতক বাছত লৈ গৈছিল। এয়া বৈশ্যৰ দৃঢ়তা, একাগ্ৰতা আৰু আর্থিকভাৱে দুৰ্বলতাৰ পৰিচয়। পৰিস্থিতি বিসংগতিপূর্ণ হলেও মানুহজন হাৰমনা স্বভাৱৰ নাছিল।

 বৈশ্য মােৰ আগৰ পৰিচিত ব্যক্তি নাছিল। ১৯৬৫-৬৬ চনত মই গুৱাহাটীৰ আৰ্য বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ সহকাৰী শিক্ষক হিচাপে যােগদান কৰিছিলাে। বৈশ্য আছিল বাণীকান্ত মেমােৰিয়েল গার্লচ হাইস্কুলৰ শিক্ষক। তেতিয়া বাণীকান্ত ছােৱালী হাইস্কুল নতুনকৈ আৰম্ভ হৈছিল। শ্রেণী পাঠদান আৰম্ভ কৰা হৈছিল আর্য বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয় গৃহত ৰাতিপুৱাৰ ভাগত। সেই সময়ত মই প্রয়াত বৈশ্যৰ সৈতে পৰিচয় হােৱাৰ সুযােগ পাইছিলাে।

 সেই সময়ত চাকৰিৰ দৰ্মহাৰে আমি নিজৰ খৰচ আৰু ঘৰত থকা মা- দেউতা, ভাই-ভনীৰ খৰচ যােগােৱা টান হােৱাৰ বাবে ঘৰে ঘৰে গৈ গৃহ শিক্ষকতা কৰিছিলাে। গৃহ শিক্ষকতা কৰি মাহৰ গােটেইকেইটা দিনৰ ভিতৰত ৬০/৭০ টকা মাননী পাইছিলাে। চাইকেল একোখন লৈ এঘৰৰ পৰা আন এঘৰলৈ যাওঁতে, কেতিয়াবা ঘৰলৈ ওভটোতে আমি প্রায়ে লগালগি হৈ সুখ- দুখৰ, আলৈ-আহুকালৰ, ব্যক্তিগত জীৱনৰ কথাও মুকলিভাৱে পাতিছিলাে। সেই সময়ত আমি কিছুমান শিক্ষকে গৃহ শিক্ষকতা কৰােতে অংক-ইংৰাজী আদি প্রায়বােৰ বিষয়কে শিকাইছিলাে। বৈশ্য আছিল তেতিয়াৰ দিনত আই এছ ছি, বি এ পাছ। এম এ পাঠ্যক্রম শেষ কৰিছিল যদিও তেতিয়াও পাছ কৰা নাছিল। আমি আর্য বিদ্যাপীঠ কলেজৰ নৈশ শাখাত বি এ পঢ়ি থকা কালতে বৈশ্যই এম এ ফাইনেল পৰীক্ষা দিছিল শিক্ষক-প্রাইভেট পৰীক্ষার্থী হিচাপে। সেই পৰীক্ষাত অসমীয়া কিবা ছন্দৰ উদাহৰণ দিবলগীয়া হােৱাত প্রখৰ বুদ্ধিৰ বৈশ্যই নিজে লিখা কবিতাৰপৰা সেই উদাহৰণ দিছিল। উদাহৰণটো পৰীক্ষকে সচৰাচৰ ক্ষেত্ৰত পােৱা, প্ৰায়ে সকলাে পৰীক্ষাৰ্থীয়ে দিয়া উদাহৰণ নােহােৱা বাবে শুদ্ধ উদাহৰণ বুলি বিবেচনা কৰিব নােৱাৰাৰ দোষত উত্তৰৰ উদাহৰণটো