পৃষ্ঠা:শিল্পীপ্ৰাণ উমেশ বৈশ্য.pdf/২৮২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৮৬
সোঁৱৰণীৰ অলেখ ভাষা শিল্পীপ্ৰাণ প্ৰয়াত উমেশ বৈশ্য


ৰূপ, আমাৰ সংগীত কলাৰ বৰ্তমান অৱস্থাত এই সমস্যাসমূহ উল্লেখ কৰাৰ উপৰিও তেখেতে বাৰ বছৰ সংগীত চৰ্চ্চা, প্ৰসাৰ আৰু প্ৰচাৰৰ বাবে কৰা প্ৰয়াস “সুৰ বিচাৰি বাৰ বছৰ” পুথিখনত উল্লেখ কৰিছে। প্ৰয়াত বৈশ্যৰ সাহিত্যৰ প্ৰতি থকা সন্মান আৰু নিচাৰ বাবেই তেখেতে অতুল চন্দ্ৰ হাজৰিকাৰ কৰ্মময় জীৱনৰ আলোকপাত আৰু তেখেতৰ বিভিন্ন লিখনি যে অসমীয়া সাহিত্যলৈ এক গৌৰৱময় অৱদান সেয়া পৰ্যালোচনা কৰিছে আৰু সকলো সময়ৰ পঢ়ুৱৈৰ বাবে অতি প্ৰয়োজন বুলি বৈশ্যই উল্লেখ কৰিছে। শিশু সাহিত্যিক হিচাবেই হওঁক, নাট্যকাৰ, কবি, প্ৰবন্ধাকাৰ হিচাবেই হওঁক হাজৰিকাদেৱে অসমীয়া সাহিত্যক যে এক নতুন ৰূপ দিছিল সেয়া বৈশ্যই জনাবলৈ পাহৰা নাই।

 অন্যহাতে অসমীয়া সাহিত্যত প্ৰথম হাস্যৰসিক হিচাবে বিশদ বৰ্ণনা কৰাৰ উপৰিও অসমীয়া ভাষা গঠনত আৰু ৰক্ষাত সমগ্ৰ জীৱন উচৰ্গা কৰা লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ ৰচনাৱলীয়ে যে চিৰযুগমীয়া হৈ থাকিব সেয়া বৈশ্যৰ লিখনিত প্ৰকাশ পাইছে তেখেতৰ “বেজবৰুৱাৰ হাস্যৰস” প্ৰবন্ধত। ইয়াৰ উপৰিও “অসমত সাহিত্য চৰ্চা”ৰ দ্বাৰা বেজবৰুৱাদেৱৰ অৱদান, অতুল চন্দ্ৰ হাজৰিকাদেৱৰ অৱদান পৰোক্ষভাৱে অনুজসকলক অনুধাৱন কৰিবলৈ আহ্বান কৰিছে।

 সকলোৰে প্ৰিয় আৰু আদৰৰ ড° ভূপেন হাজৰিকাদেৱ বৈশ্যৰ অতি প্ৰিয়। ড° হাজৰিকাদেৱৰ সাংস্কৃতিক জীৱনৰ পৰ্যালোচনাৰ দ্বাৰা যুৱ সমাজক সংস্কৃতিৰ ভাৱনাৰে আৰু চৰ্চাৰে অসমীয়া জাতি তথা দেশক আগুৱাই নিবলৈ ভূপেন হাজৰিকাৰ সাংস্কৃতিক জীৱনঃ এটি পৰ্যালোচনা”ত আহ্বান জনাইছে। ড° ভূপেন হাজৰিকা অসমৰ সংগীত জগতত যে ভোটা তৰা, তেখেতৰ সংগীতে যে অসমক ওখ আসনত প্ৰতিষ্ঠা কৰিছে সেয়া তেখেতৰ লেখনিত ৮০। ৯০ দশকতে প্ৰকাশ কৰিছে। ড° হাজৰিকাদেৱৰ গীতৰ বিভিন্ন দিশক তেখেতে পৰ্যালোচনা কৰিছে আৰু ড° হাজৰিকাদেৱ অসমীয়া জাতিৰ গৌৰৱ তথা পথপ্ৰদৰ্শক বুলি অভিহিত কৰিছে।

 প্ৰয়াত বৈশ্য আছিল নীৰৱ সাধক। সমাজৰ সমস্যাসমুহে তেখেতক বিব্ৰত কৰি তুলিছিল। সেয়ে তেখেতে সেই সময়ৰ আলোচনী, বাতৰি কাকতত সমস্যাসমূহৰ পৰ্যালোচনা কৰি চৰকাৰ তথা ৰাইজৰ মাজত অৱগত কৰিছিল আৰু সেইবিলাক নিৰ্মূল কৰিবৰ বাবে বা সমাধান কৰিবৰ বাবে আহ্বান

জনাইছিল।