পৃষ্ঠা:শিল্পীপ্ৰাণ উমেশ বৈশ্য.pdf/৩৯০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

মই ১৯৭১ চনত গুৱাহাটীত দাদাৰ লগত থাকি আৰ্য্য বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ত সপ্তম শ্ৰেণীৰ পৰা পঢ়িবলৈ লওঁ। এদিন গধূলি প্ৰায় ৫-৩০ বজাত তেওঁ মোক ক'লে—“বহু মানুহে পশুৰ দৰে জীয়াই থাকে, মানুহ হ'বলৈ মানুহৰ দৰে থাকিবলৈ শিক। ভাত-মাছ খাই জীয়াই থাকি দেখাত মাংসপেশীবোৰ বঢ়াই একো লাভ নাই। পঢ়া-শুনাৰ লগতে আৰু বহু কৰিবলগীয়া, শিকিবলগীয়া, জানিবলগীয়া বিষয় আছে।”

****

তেওঁ আমাৰ ভাই কেইজনৰ উন্নতিৰ হকে কি যে যত্ন কৰা নাই। শিক্ষাৰ ক্ষেত্ৰত, গান-বাজনাৰ ক্ষেত্ৰত, বিশেষভাৱে আমাৰ স্বৰ্গীয় পিতৃ বন্তিৰাম বৈশ্যই কৰিবলগীয়া সকলো দায়িত্ব তেৱেঁই পালন কৰিছিল৷ আমাৰ ঘৰ আছিল নলবাৰী জিলাৰ বালিলেছা গাঁৱত। আজি এনেহেন এখন গাঁৱৰ এটা দুখীয়া পৰিয়ালৰ পৰা গুৱাহাটীবাসী হৈ অলপ উন্নতিৰ পোহৰ দেখাৰ সপোন আমাক দাদাই দিনে-নিশাই দিছিল।