১৯৯৩ চনত মই উচ্চতৰ মাধ্যমিক দ্বিতীয় বিভাগত উত্তীৰ্ণ হলো। দেউতাকে
ডাঙৰ ল'ৰাক ক'লে— ‘মাৰক আৰ্য্য বিদ্যাপীঠ কলেজতে বি.এ.ত এডমিচনটো
লগাই দে। ডাঙৰ ল'ৰা জাপ মাৰি উঠিল— মোৰ কলেজতে মা পঢ়িলে মই
নপঢ়ো। স্বাভাৱিক কথা ডেকা ল'ৰা, তেওঁ উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখাৰ
প্ৰথম বাৰ্ষিকৰ ছাত্ৰ; মাকৰ লগত একেখন কলেজত পঢ়িবলৈ লাজ পাবই।
সেয়ে বৈশ্যই মোক বি. বৰুৱা কলেজত নিজে নাম লগাই দিলে।
১৯৯৬ চনত মই অসমীয়া বিভাগত মেজৰ লৈ বি.এ. পাছ কৰোঁ আৰু পৰৱৰ্তী সময়ত তেওঁৰ চেষ্টাত প্ৰাগজ্যোতিষ কলেজত এম.এ. পঢ়িবলৈ লওঁ। এইয়া লিখিবলৈ লৈ ৰোমন্থন কৰিছোঁ মোৰ পঢ়াৰ ক্ষেত্ৰত কেনেদৰে তেখেতে সহায় আৰু সাহস যোগাইছিল। কঠিন পাঠ এটি কেনেদৰে পঢ়িলে মোৰ মনত থাকিব, বুজি পাম ইত্যাদি অতি কৌশলেৰে বিৰক্তি নলগাকৈ সহজ-সৰল- ৰসাল উদাহৰণেৰে বুজাইছিল; সেই কথা আজিও মোৰ ভাবি ভাল লাগে। তেখেত অসমীয়া বিভাগৰ বিষয় শিক্ষক যদিও ইংৰাজী, অঙ্ক আদি বিষয়তো তেখেতৰ দখল শলাগ ল'বলগীয়া।
প্ৰয়াত বৈশ্যই লিখা তত্ত্ব গধুৰ প্ৰৱন্ধ-পাতিও অতি ৰসাল, মৌলিক চিন্তাধাৰা, বুদ্ধিদীপ্ততাৰে মানুহৰ মনৰ গভীৰতালৈ ভেদ কৰিব পৰাকৈ লিখিছিল।
বহু গুণৰ অধিকাৰী প্ৰয়াত বৈশ্য এগৰাকী প্ৰচাৰ বিমুখ, নীৰৱ সাহিত্য সাধক, সংস্কৃতিবান ব্যক্তি আছিল। অন্যায়-অবিচাৰ, দুৰ্নীতি-দুস্কৃতিৰ প্ৰতি তেখেতৰ ঘৃণা আছিল অপৰিসীম। তেখেত আছিল সত্যনিষ্ঠ, স্পষ্টবাদী, এগৰাকী কৃতী শিক্ষক।
তেখেতে অসুস্থতাৰ কাৰণে জীৱনত বহু কষ্ট পাইছিল। কিন্তু তাৰ মাজতো তেখেতে দিয়া অৱদান বিশেষভাবে লেখত ল'বলগীয়া। তেখেতে অসুস্থতাৰ মাজতো নিজে লিখা গীতৰ সুৰ আৰু স্বৰলিপি কৰা দেখিছিলোঁ। কেতিয়াবা আকৌ টেবুলত নিলিখি থিয় হৈয়ে মহে কামোৰা ভৰিখনক আনখন ভৰিৰে খজুৱাই খজুৱাই একান্ত মনেৰে কিবা লিখি থকা দেখিছিলোঁ।
মোৰ আজিও মনত পৰে তেখেতে মেডিকেলত ৰোগশয্যাত। দুদিনৰ মুৰে মূৰে ডায়লেছিছ কৰি থাকিব লগা হৈছিল। এদিন ডাক্তৰে তেখেতৰ খৱৰ ল'বলৈ আহোঁতে ডাক্তৰৰ হাতত ধৰি কৈছিল ‘মোক আৰু পাঁচটা বছৰ জীয়াই ৰাখক। জীয়াই থকাৰ তাড়না। মই মনত দুখ পাইছিলো। আজিও সেই দৃশ্য মোৰ চকুৰ আগত ভাহি উঠে। হয়তো জীৱনত কৰিব লগা বহু কামেই