পৃষ্ঠা:শিল্পীপ্ৰাণ উমেশ বৈশ্য.pdf/৩২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৩০
সোঁৱৰণীৰ অলেখ ভাষা শিল্পীপ্ৰাণ প্ৰয়াত উমেশ বৈশ্য


ৰাতিপুৱা

উমেশ বৈশ্য

কলীয়া এন্ধাৰ যাই ধীৰে ধীৰে
কাৰ্য্যৰ অৱসান লৈ,
লাহেকৈ সূৰুযে ভুমুকি মাৰেহি
দিব্য ৰূপে ভূষিত হৈ॥
শ্যামলী ধৰাৰ গছ লতিকাই
ভাবতে বিভোৰ হই;
আছে ঠিয় হই ধৰণী বুকুত
বিভূক প্ৰণামি ৰই॥
পাতৰে আঁৰতে চিৰিকতি গনে
নানান শুৱনি সুৰে,
হৰষিত মনে গীত গাই গাই
পুৱাৰ বাতৰি দিয়ে॥
সোণোৱালী বেলিৰ হেঙুলী পোহৰে
সলায় কতনো ৰূপ,
ক্ষন্তেকতে হয় ৰঙা, নীলা, কলা
হই উঠে অপৰূপ॥
চপৰা চাপৰি মেঘৰ মাজেৰে
মিচিকি হাঁহিটি মাৰি
লুকা ভাকু খেলি প্ৰভাতী সূৰুযে
আকাশ শুৱনি কৰে॥*

  • ১৯৫৪ চনত ষষ্ঠমান শ্ৰেণীত থাকোতে অতুলচন্দ্ৰ হাজৰিকা সম্পাদিত শিশু আলোচনী

‘দীপক’ত প্ৰকাশিত।