পৃষ্ঠা:শিল্পীপ্ৰাণ উমেশ বৈশ্য.pdf/২২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২২৫
উমেশ বৈশ্যৰ সৃষ্টি কৰ্মৰ মূল্যায়ন


জমিৰুদ্দিন ছাৰৰ সোঁৱৰণত’ শীৰ্ষক দুটি প্ৰবন্ধ আত্মজীৱনীমূলক হলেও ভাষিক সচেতনতা আৰু মেদহীনতাই দুয়োটা প্ৰবন্ধকে মানবিশিষ্ট কৰাত অৰিহণা আগবঢ়াইছে। সমসাময়িক সমাজৰ কেতবোৰ চিত্ৰ প্ৰবন্ধ দুটাত প্ৰকাশিত হৈছে।

 সংকলনখনৰ এটা উৎকৃষ্ট প্ৰবন্ধ ‘ভূপেন হাজৰিকাৰ সাংস্কৃতিক জীৱন

এটি পৰ্যালোচনা। এই প্ৰবন্ধটিত ভূপেন হাজৰিকাৰ প্ৰতিভাৰ বিশিষ্ট কেইটিমান

দিশৰ মূল্যায়নৰ আনুষংগিকভাৱে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণু ৰাভাৰ প্ৰসংগ অৱতাৰণা কৰি লেখকে আদৰ্শগত দিশত ভূপেন হাজৰিকা জ্যোতি-বিষ্ণুতকৈ কিয় অনগ্ৰসৰ হৈ ৰ'ল তাৰ প্ৰাঞ্জল ব্যাখ্যা আগবঢ়াইছে।

 ‘আমাৰ সাহিত্য-সংস্কৃতিৰ বৰ্তমান অৱস্থা’শীৰ্ষক প্ৰবন্ধটিৰ বক্তব্য প্ৰথম দুটা প্ৰবন্ধৰ সৈতে একধৰ্মী হলেও সংকটময় অৱস্থাৰ পৰা উঠি অহা অসমীয়া ভাষা-সংস্কৃতিৰ পুনৰুদ্ধাৰৰ বাবে লেখকৰ মনত সৃষ্টি হোৱা সংকল্পবোধ তাৎপৰ্যপূৰ্ণ। সাম্প্ৰতিক সময়ত ভাৰতীয় শিক্ষা ব্যৱস্থাৰ বিসংগতিয়ে প্ৰকৃত মানৱ সম্পদ গঢ়াত হেঙাৰৰ সৃষ্টি কৰিছে, এই কথা প্ৰয়াত বৈশ্যই উপলব্ধি কৰিছিল ১৯৭৩ চনতে। শিক্ষা ব্যৱস্থাই তেখেতৰ অন্তৰত সৃষ্টি কৰা সংশয় বৰ্তমান শিক্ষা জগত’শীৰ্ষক প্ৰবন্ধত বিশ্লেষণাত্মক দৃষ্টিকোণেৰে উত্থাপিত হৈছে।

 ‘অসমত সাহিত্য চৰ্চাৰ সমস্যা’শীৰ্ষক প্ৰবন্ধটিয়ে বাণিজ্যিক দৃষ্টিভংগীৰ পৃষ্ঠপোষকতাত গঢ়ি উঠা প্ৰকাশন গোষ্ঠীসমূহৰ স্বাৰ্থন্বেষী মনোভাব প্ৰকট কৰাৰ লগতে লেখকৰ ব্যক্তিগত কিছু অভিজ্ঞতাৰ অভিজ্ঞান উন্মুক্ত কৰিছে। অসমীয়া আলোচনীসমূহৰ নেতিবাচক কিছু কথা প্ৰবন্ধটিত উদ্ভাষিত হোৱাৰ লগতে সাহিত্যৰ ক্ষেত্ৰত এনে অৰাজকতাই যেন নবীন লেখকসকলৰ উৎকৰ্ষ সাধন পথৰ অন্তৰায় সেই বাৰ্তাও উজলি উঠিছে।

 ‘অন্তঃসাৰ শূন্য ও বৰ্তমান শিক্ষা জগত’শীৰ্ষক প্ৰবন্ধটিত শিক্ষা সম্পৰ্কীয় পূৰ্বৰ দুটি প্ৰবন্ধৰ দৰে শিক্ষানীতিৰ মেৰপাকত বিধ্বস্ত ছাত্ৰ-ছাত্ৰীৰ মানসিকতাৰ বিপৰ্যয় আৰু তাৰ অনুষংগৰূপে সমাজ জীৱনলৈ নামি অহা নৈৰাজ্যৰ আলোকপাত কৰা হৈছে। শিক্ষাখণ্ডৰ সংস্কাৰ কামনা কৰা লেখকৰ সচেতন মনৰ দৃঢ়তা তাৎপৰ্যপূৰ্ণ।

 অসমীয়া সাহিত্য ক্ষেত্ৰৰ প্ৰসিদ্ধ পুৰুষ অতুল চন্দ্ৰ হাজৰিকাৰ জীৱনৰ .