পৃষ্ঠা:শিল্পীপ্ৰাণ উমেশ বৈশ্য.pdf/৬৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৫
উমেশ বৈশ্যৰ স্মৃতিচাৰণ


কৰা উদাত্ত আহ্বান। কবিতাবােৰৰ ভিতৰত যেন অম্বিকাগিৰীৰ কবিতাৰ ভাৱ সােমাই আছে তেনে অনুমান হয়। হয়তাে কালে সংহাৰ নকৰিলে দেশে আৰু এজন অম্বিকাগিৰী পালেহেঁতেন।

 কবিতা পুস্তিকাখনিৰ কবিতাসমূহৰ আটাইখিনি কথা কবিৰ ‘উছৰ্গা’ শিতানত নিজে এইদৰে উল্লেখ কৰিছে ‘দেশ প্রেমিকৰ দেশদ্রোহত, ক্ষমতালােভীৰ ষড়যন্ত্রত দেশ খাণ্ডৱ দাহ হােৱাৰ উপক্ৰম হৈছে। মাতৃভূমিৰ অস্তিত্ব প্রায় শেষ হওঁ হওঁ। এই বিপদকালত সমগ্র দেশবাসী ঐক্যবদ্ধ হৈ শত্রু নিধন যজ্ঞ নাপাতিলে দেশৰ আজি কল্যাণ নাই। এই যজ্ঞৰ মন্ত্ৰধ্বনিৰ চিন্তা কৰােতেই ভাবৰ উষ্মাত গীতি-কবিতা ৰূপত ৰূপায়িত হ’ল মােৰ এই ‘অশান্ত জন্মভূমি।’

 ‘অশান্ত জন্মভূমি’ক মই সেই সকলৰ হাতত তুলি দিলোঁ— যি সকলে আজি শান্ত জন্মভূমি কামনা কৰি জীৱন-মৰণৰ যুদ্ধত প্রবৃত্ত হৈছে। বিদেশীমুক্ত অসম এখন পাবলৈ বিদেশী বহিষ্কাৰ আন্দোলনৰ পাতনি মেলা ‘সদৌ অসম ছাত্ৰ সন্থা’ আৰু ‘সদৌ অসম গণ সংগ্রাম পৰিষদ’ প্ৰমুখ্যে আন্দোলনত হাত উজান দিয়া দেশপ্রাণ অসমীয়া ডেকালৈ কবি বৈশ্যৰ এই উছৰ্গা বুলি লেখাখিনিত স্পষ্ট হৈ পৰিছে। লগতে স্পষ্ট হৈছে কবিৰ নিকা দেশপ্রেম। পুস্তিকাখনিৰ শেষৰ পাঁচটা মাত্র শাৰীৰ এটা স্তৱকৰ ‘নিকা হ’ক এই মাটিখান’ শীর্ষক কবিতাটিতে কবিৰ অন্তৰৰ তীব্র আকাংক্ষা প্রকাশ পাইছে—

তলমল জীৱনৰ খৰতৰ স্ৰোতেৰে
তুলি যাওঁ উত্তাল বান,
মৰা সুতি, বিল, খাল আছে যত সমাজৰ
কৰি যাওঁ সকলাে সমান,
নিকা হ’ক এই মাটিখান।

 ইংৰাজী সাহিত্যৰ ৰােমাণ্টিক যুগৰ পঞ্চ কবিৰ এজন আছিল কবি শ্যেলী। পাৰ্ছি বাইছি শেলী ব্যক্তিগত জীৱনৰ আশা-আকাংক্ষা কিছুমান পূৰ কৰিব নােৱাৰা মানসিক সন্তাপত ভুগিছিল আৰু সেইবাবেই শ্যেলীৰ কবিতাত সমাজৰ কলুষ-কালিমা আঁতৰাই এখন সুন্দৰ সমাজ গঢ়াৰ ভাৱত বিদ্রোহী আছিল। কবি শ্যেলীয়ে মনৰ সেই ক্ষোভ বা বিদ্রোহ ৰূপকৰ সহায়ত প্রকাশ কৰিছিল। কবিৰ Ode to the West Wind কবিতাত সেই ভাব প্রকাশ পাইছে। West Wind - ‘পশ্চিমা বতাহ’ কবিৰ বাবে দুটা ৰূপত প্রকাশিত