পৃষ্ঠা:শিল্পীপ্ৰাণ উমেশ বৈশ্য.pdf/১৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৪৬
সোঁৱৰণীৰ অলেখ ভাষা শিল্পীপ্ৰাণ প্ৰয়াত উমেশ বৈশ্য

‘প্ৰগতিৰ গান’ পঢ়িলো। ভাল পালো। ৰাইজে সাৱটি লব। ড° মামণি ৰয়ছম গোস্বামীয়ে উল্লেখ কৰিছিল এইবুলি- ‘প্ৰগতিৰ গান’ পঢ়ি ভাল পালোঁ। প্ৰয়াত বৈশ্যৰ ৰচনাৱলীসমূহে অপূৰ্ব। এম. কামালুদ্দিন আহমেদে লিখিছে- এগৰাকী সৎ, সহজ-সৰল, দেশপ্ৰেমিক ব্যক্তি প্ৰয়াত উমেশ বৈশ্যৰ গীতৰ সংকলন ‘প্ৰগতিৰ গানৰ বিষয়ে এটি আলোচনা লিখিবলৈ প্ৰণোদিত কৰিছে। নিঃসন্দেহে তেওঁৰ ব্যক্তিত্বই। এনেবোৰ ব্যক্তিৰ কথা মনলৈ আহিলেই আৰ্ণল্ড কথিত মাধুৰ্য আৰু দীপ্তিৰ কথা মনলৈ আহে। আৰু মনলৈ আহে ভাগৱতী বৈষ্ণৱ ধৰ্মৰ সৎসংগ মাহাত্মৰ কথা।

 আৰ্থিক দীনতা আৰু শাৰিৰীক অসুস্থতাত ভুগিও জীৱনৰ শেষ সময়লৈ তেখেতে কেৱল সাহিত্য আৰু সংগীত চৰ্চা কৰি গ'ল। তেখেতৰ ভালেমান প্ৰবন্ধ, গীত, কবিতা আদি অসমৰ বিভিন্ন আগশাৰীৰ বাতৰি কাকত, আলোচনী আদিত প্ৰকাশ পাইছিল। বহুতো পাঠ্যপুথি, দেশপ্ৰেমমূলক কবিতা পুথি, গ্ৰন্থ, কাব্য আদি প্ৰকাশ কৰি অসমীয়া সাহিত্য-সংস্কৃতিৰ ভঁড়াল চহকী কৰি থৈ যোৱা বৈশ্যৰ ভালেমান বহুমূলীয়া গ্ৰন্থ এতিয়াও অপ্ৰকাশিত হৈ আছে। প্ৰায় এশটাৰো অধিক গীত ৰচনা কৰি সুৰ দিয়া বৈশ্যৰ কেইবাটাও গীত আকাশবাণী গুৱাহাটী কেন্দ্ৰ আৰু গণ মাধ্যম যোগে প্ৰচাৰিত হৈছে।

 গুৱাহাটীৰ ৰিহাবাৰীস্থ বাণীকান্ত সোঁৱৰণী বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ হিচাবে কৰ্মৰত প্ৰয়াত বৈশ্যৰ জীৱনৰ যৱনিকা পৰে ১ আগষ্ট ১৯৯৮ চনত বিৰুবাৰীত। বৰ্তমান অৱস্থাত শিল্পী গৰাকীৰ ত্যাগ, সাধনা আৰু দূৰদৰ্শিতা আৰু দেশপ্ৰেমৰ প্ৰতি শ্ৰদ্ধা জনাই, বৰ্তমানেও এনেধৰণৰ গীতৰ প্ৰয়োজনীয়তাৰ অনুভৱ কৰি তেখেতৰ কৰ্মৰাজিক স্বীকৃতি দিয়াতো আমি আটায়ে বাঞ্ছা কৰো।*


(লেখক প্ৰয়াত উমেশ বৈশ্যৰ ছাত্ৰ বন্ধু তথা গুৱাহাটী মেডিকেল কলেজৰ মেডিচিন বিভাগৰ অৱসৰপ্ৰাপ্ত মূৰব্বী অধ্যাপক।)