পৃষ্ঠা:শিল্পীপ্ৰাণ উমেশ বৈশ্য.pdf/৩৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৪৩
সৃষ্টিৰ মাধুৰী : কৃষ্টিৰ হেঙুল

অচ্যুত চৌধুৰী, অধ্যক্ষ, আৰ্য্য বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়, গুৱাহাটী; ২০। বীৰেন্দ্র মােহন দাস, সদস্য, প্রাথমিক শিক্ষা উপদেষ্টা পৰিষদ।

 এই সকল অগ্রগণ্যব্যক্তি স্বাক্ষৰিত দৰখাস্তখন সেই সময়ৰ অসমৰ শিক্ষামন্ত্রী শ্রীবৃন্দাবন গােস্বামীদেৱৰ হাতত দিয়াৰ লগে লগে অপ্রত্যাশিত ভাবে ইয়াৰ বিপৰীত আন এটা বিৰােধী দল উপস্থিত হৈ একত্ৰীকৰণ নালাগে বুলি প্রতিবাদ কৰিলে। শিক্ষামন্ত্রী হতচকিত হৈ চিন্তিত হৈ পৰিল। তেখেতে মাথাে উক্ত প্রতিবাদলৈ একত্রীকৰণৰ প্রার্থনা লৈ যােৱা বিজ্ঞ পণ্ডিতসকলৰ সজাতি দলটোৰ দৃষ্টি আকর্ষণ কৰি নিৰুত্তৰ হৈ বহি ৰ'ল। এনেদৰে দুয়ােখন বিদ্যালয় একত্ৰীকৰণার্থে কৰা সকলাে প্রচেষ্টা ব্যর্থ হৈ গ'ল।

 ১৯৭৬ চনৰ পৰা ১৯৮৭ চনলৈ এই দীঘলীয়া কালছােৱাত দুয়ােখন বিদ্যালয়ৰ মাজৰ আভ্যন্তৰিক বুজাপৰা, মিলামিছা আদিত কিছু পৰিমাণে হ'লেও বিসঙ্গতি পৰিলক্ষিত হ’ল। ছাত্রী একতা সভাৰ পৰা এম.ই. শাখাৰ ছাত্ৰীসকলক বাদ দিয়া, উমৈহতীয়া আলােচনী 'বাণীদীপ’খন একপক্ষীয় ভাবে উচ্চ মাধ্যমিক শাখাই উলিওৱা আদিয়েই ইয়াৰ উদাহৰণ।

 ১৯৮৮ চনত আমাৰ মাজৰ পৰা শ্ৰীধর্মেশ্বৰ পাঠক কামৰূপ একাডেমী উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ বদলি হৈ যায়। তেখেতৰ ঠাইত সেই চনতে কামৰূপ একাডেমীৰ পৰা আমাৰ মাজলৈ আহে শ্ৰীমতী ৰুক্মিণী বৰা।

 ১৯৮৯ চনত চতুর্থ শ্রেণীৰ কৰ্মচাৰী হিচাপে বিদ্যালয়ত যােগদান কৰেহি শ্রীজগৎ ডেকাই।

 ৰিহাবাৰী নিবাসী পূৱ গুৱাহাটী সমষ্টিৰ এম.এল.এ. তথা সেই সময়ৰ পৰিবহন মন্ত্রী শ্ৰীচিত্তৰঞ্জন পাটোৱাৰী দেৱৰ চেষ্টাত ১৯৯১ চনৰ আগষ্ট মাহৰ ২৭ তাৰিখে বাণীকান্ত সোঁৱৰণী বালিকা উচ্চ মাধ্যমিক বিদ্যালয় উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীত হ’ল। নানা দুর্যোগ নিৰানন্দময় পৰিৱেশৰ মাজতাে ভৱিষ্যতৰ এক শুভ দিনৰ সম্ভাৱনা দেখি আমাৰ মন আনন্দত উদ্ভাসিত হ'ল।

 বিদ্যালয়খন পােনতে Science stream অতহে উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীত কৰা হৈছিল। কিন্তু বিদ্যালয়ত বিজ্ঞান শিক্ষাৰ কাৰণে প্রয়ােজনীয় ঘৰ আদি নথকা বাবে কর্তৃপক্ষৰ লগত যােগাযােগ কৰি ইয়াক Arts streamঅলৈ পৰিৱৰ্তন কৰি অনা হ'ল।

 ১৯৯১ চনত শ্ৰীযুতা ভুৱনেশ্বৰী দেৱী বিদ্যালয়ৰ অধ্যক্ষা পদত অধিষ্ঠিত হ’ল। ১৯৯১ চনতে ইংৰাজী বিষয় শিক্ষয়িত্ৰী শ্ৰীৰিণা শর্মা বৰঠাকুৰ, ৰাজনীতি