দক্ষতাৰে সমাজ জীৱনত স্ব-মহিমাৰে নিজৰ নাম যুগমীয়া কৰি ১৯৯৮ চনৰ
আগষ্ট মাহৰ ১ তাৰিখে বৈকুণ্ঠ ধামলৈ গতি কৰে। তেখেতে সাহিত্য কৰ্ম,
প্ৰশাসনিক দক্ষতা, নিষ্ঠা আৰু ত্যাগেৰে ধৰাৰ বুকুত এখন কালজয়ী আসন
অধিকাৰ কৰি থৈ গৈছে। কিন্তু এটা দুখ মোৰ জীৱনত সদায় থাকি যাব।
সেইটো হ'ল তেখেতৰ শেষ যাত্ৰাত মই দেখা নোপোৱাৰ দুখ। মৃত্যুৰ দুদিনমান
আগতে গৈ তেখেতৰ স্বাস্থ্যৰ খবৰ লৈ আহিছিলো। কিন্তু সিদিনা মই কিবা
এটা কামত নলবাৰীলৈ যাব লগা হোৱাত ৰাতি তাতে থাকি গ'লো। ঘৰলৈ
আহি যেতিয়া তিৰ মৃত্যুৰ বাতৰি পাইছিলো সঁচাকৈয়ে তেতিয়া মই
মৰ্মাহত হৈ পৰিছিলো। বাৰে বাৰে তেখেতৰ হাঁহি থকা মুখখনে মোক সোঁৱৰাই
দিছিল যে সেই মানুহজনক মই আৰু কেতিয়াও দেখা নাপাম।
তেখেতৰ মৃত্যু হোৱাৰ আজি প্ৰায় ১২ বছৰেই হ’ল। কিন্তু ঘটনাটো যেন সিদিনাহে ঘটিছে এনে ভাব হয়। এখেতৰ বন্ধু-বান্ধৱ আৰু পুত্ৰসকলে মিলি সোঁৱৰণী গ্ৰন্থ উলিয়াব খোজা বাবে বৰ ভাল লাগিছে। কাৰণ গুণী ব্যক্তিক এইদৰে স্বীকৃতি জনোৱাটো দৰকাৰ আৰু তেখেতৰ লিখনিৰ পাণ্ডুলিপি সমূহ ছপাবলৈ মনস্থ কৰা বাবে মই তেখেতৰ পৰিয়ালটোক ধন্যবাদ জনাইছোঁ। তেখেতৰ লিখনি মানুহৰ মাজত প্ৰচাৰ হ'লেহে তেখেতৰ কষ্টৰ সম্পূৰ্ণ সাৰ্থক হ’ব।
মই লিখক নহয়, কিন্তু প্ৰয়াত উমেশ বৈশ্যৰ লগত থকা সহৃদয়তাই মোক দুআষাৰ লিখাৰ বাবে বাধ্য কৰালে। এই সামান্য লিখনিৰে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনালো যাতে তেখেতৰ পূণ্যাত্মাই চিৰশান্তি লাভ কৰে।•
(লেখক নলবাৰীৰ বৰভাগ মহাবিদ্যালয়ৰ প্ৰাক্তন উপাধ্যক্ষ।)
(এই লেখাটোৰ ৰচনাকাল ২০১০ ইং)