পৃষ্ঠা:শিল্পীপ্ৰাণ উমেশ বৈশ্য.pdf/৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৩
উমেশ বৈশ্যৰ স্মৃতিচাৰণ


‘গীতশ্রী’ৰ সােণালী দিনবােৰ, বৈশ্যদা
আৰু আমি....

পুলকেশ বৰুৱা
পাণবজাৰ, গুৱাহাটী

 আজিৰ পৰা প্ৰায় আঢ়ৈ কুৰি বছৰ আগৰ কথা। মই তেতিয়া নলবাৰী গর্ডন হাইস্কুলৰ পঞ্চম শ্রেণীৰ ছাত্র। বছৰেকীয়া পৰীক্ষাৰ আগত বােধহয় নৱেম্বৰ মাহৰ কোনােবা এটা দিন। আগন্তুক সৰস্বতী পূজা সন্দৰ্ভত ছাত্র একতা সভাৰ জৰিয়তে আহ্বান কৰা এখন সভা। সভাখনত প্রধান শিক্ষক প্রয়াত জয়দেৱ শৰ্মাৰ সভাপতিৰ আসনত আৰু অন্যান্য শিক্ষক মণ্ডলীৰ লগত আমি ছাত্র সকল। এজন ওপৰৰ শ্ৰেণীৰ ছাত্ৰই পূজাখন কেনে ধৰণে অনুষ্ঠিত হ’ব, পূজাৰ দিনাখন নিশা পাঠশালাৰ নটৰাজ নাট্যদল নে মুগকুছিৰ মিলন নাট্য সমিতিক আহ্বান কৰা হ’ব, পূজাৰ চান্দা বাৰ অনা (আজিৰ পয়সত্তৰ পইচা) নে এটকা হ’ব ইত্যাদি বিষয়ে সহজ-সৰলভাৱে বিতং ব্যাখ্যা দি আছে। সেইজনেই আছিল আমাৰ সেই সময়ৰ গর্ডন হাইস্কুলৰ ছাত্ৰ একতা সভাৰ সম্পাদক প্রয়াত উমেশ বৈশ্যদা। সেই সভাখনৰ দুই বছৰ পিছত অর্থাৎ ১৯৬০ চন মানৰ পৰাহে বৈশ্যদাক খুব ওচৰৰ পৰা পােৱা হ’লাে ‘গীতশ্রী’ৰ গানৰ মজিয়াত।

 নলবাৰী চহৰৰ পল্লা ৰ'ডত অৱস্থিত নলবাৰী ১নং প্রাথমিক বিদ্যালয়ত আবেলি গীতশ্রী সঙ্গীত বিদ্যালয়ৰ গানৰ শ্ৰেণী বহিছিল। প্রয়াত শিল্পী চৈয়দ জমিৰুদ্দিন আহমেদ ছাৰে আমাক সা-ৰে-গা-মা শিকাইছিল। সেই সময়ত এল-পি স্কুলখনৰ সন্মুখত থকা প্রয়াত সূর্য চৌধুৰী উকীলৰ চ'ৰাঘৰৰ পৰা আবেলি পৰত মই, সুনীল ভূষণ চৌধুৰী, কৃষ্ণ দাস আদিয়ে ৰাস্তাটো পাৰ কৰি হাৰমনিয়াম, তবলা আদি দাঙি আনাে। কিছু সময় পিছত সেই ৰাস্তাটোৰে পশ্চিম দিশৰ পৰা চাইকেলত উঠি জমিৰুদ্দিন ছাৰ আহি পাই আমাক গানৰ আৰু কৃষ্ণ, সুনীলক তবলাৰ তালিম দিছিল। কিছু সময় ছাৰে আমাক শিকাই