সমললৈ যাওক

পৃষ্ঠা:শিল্পীপ্ৰাণ উমেশ বৈশ্য.pdf/৮১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮২
সোঁৱৰণীৰ অলেখ ভাষা শিল্পীপ্ৰাণ প্ৰয়াত উমেশ বৈশ্য


হিচাবে যোগদান কৰে। ইয়াৰ পাছত ১৯৯৩ চনত উপাধ্যক্ষ আৰু ১৯৯৫ চনৰ ১ এপ্ৰিলৰ পৰা মৃত্যুৰ সময়লৈকে অধ্যক্ষৰ পদ অলংকৃত কৰিছিল।

 ১৯৭৫ চনৰ শেষৰ ফালে মই নলবাৰীৰ বৰভাগ মহাবিদ্যালয়ত প্ৰবক্তা হিচাবে যোগদান কৰোঁ‌ আৰু তেতিয়াৰ পৰাই মই নলবাৰীত থাকিবলৈ লওঁ। সেইবাবে কিছু বছৰ তেখেতৰ লগত মোৰ যোগাযোগ কিছু কম হয়। যদিও মোৰ বিৰুবাৰীত নিজা ঘৰ আছিল, সেই সময়ছোৱাত মই কমকৈহে গুৱাহাটীলৈ আহিছিলো। তথাপিও আহিলে এবাৰ তেখেতৰ লগত দেখা-শুনা হৈছিল। ১৯৮৭ চনত মই মোৰ পৰিয়াল সহ বিৰুবাৰীত স্থায়ীভাৱে থাকিবলৈ লওঁ। তেতিয়াৰ পৰাই আকৌ তেখেতৰ লগত মোৰ সম্পৰ্ক আগতকৈও গাঢ় হয়। তেখেতৰ প্ৰথম ল’ৰা জীৱন আৰু দ্বিতীয় ল’ৰা শেখৰক অংক বিষয়টো শিকাবলৈ মোক অনুৰোধ কৰাত তেখেতৰ অনুৰোধ ৰক্ষা কৰি উচ্চতৰ মাধ্যমিক শ্ৰেণীলৈ শিকাই দিছিলো। এই ল'ৰাৰ সপৰ্কত তেখেত মোৰ ঘৰলৈ প্ৰায়ে আহি সিহঁতৰ পঢ়া-শুনাৰ বুজ লৈছিল। যদিও তেখেত এজন অসমীয়া বিষয়ৰ শিক্ষক আছিল তথাপি গণিতৰ প্ৰতিও ধাউতি আছিল অসীম। তেখেতৰ প্ৰত্যেক কথা শিকাৰ আগ্ৰহ আৰু জ্ঞান দেখি মই অভিভূত হৈ পৰিছিলো।

 আনৰ উপকাৰ কৰি ভালপোৱা, নিজৰ ঠাইখিনিৰ উন্নতিৰ বাবে চিন্তা কৰা আদি মনোভাবৰ বাবে তেখেত সকলোৰে প্ৰিয়পাত্ৰ হ’ব পাৰিছিল। সৰলতা আৰু সত্যবাদিতা আছিল তেখেতৰ অন্যতম গুণ। আমাৰ মাজত প্ৰায় সকলো কথাই আলোচনা হৈছিল আৰু দুয়োৰে মাজত বিশ্বাস আছিল অতি গভীৰ। এই ক্ষেত্ৰত এটা সাধাৰণ কথা উনুকিয়াব খোজো। তেতিয়া তেখেত বাণীকান্ত স্কুলৰ শিক্ষক। মোৰ বিয়া হোৱাই নাই। মোৰ এজন বন্ধুৱে তেখেতৰ স্কুলত কাম কৰা ছোৱালী এজনী চাবলৈ লৈ গ'ল। ছোৱালী চালোঁ। দেখাই শুনাই বেছ ভালেই। ইয়াৰ পিছত মই বৈশ্যৰ ঘৰলৈ গৈ ছোৱালীজনীৰ বিষয়ে সবিশেষ জানিবলৈ ইচ্ছা কৰিলোঁ। তেতিয়া তেখেতে মোক সুন্দৰভাৱে উত্তৰ দিলে যে ছোৱালী খুব ভাল, কিন্তু আপোনাৰ মতাদৰ্শৰ লগত নিমিলে। গতিকে আগ নবঢ়াই ভাল। এয়াই আছিল অতি সূক্ষ্মদৰ্শী আৰু মোৰ অতি বিশ্বাসী বন্ধু বৈশ্য। তেখেতৰ এক কথাতেই মই আৰু দ্বিতীয়বাৰ তালৈ নগ'লোঁ।

 মোৰ ঘৰৰ ওচৰত অলপ মাটি কিনিবলৈ প্ৰয়াত বৈশ্যক মই বৰ জোৰ দি ধৰিছিলো। তেতিয়া তেখেত বিৰুবাৰী পাহাৰৰ সমীপৱৰ্তী বৰ্তমানৰ ঘৰটোতে আছিল। কিন্তু বিশেষ অসুবিধাৰ বাবে সেই চেষ্টা ফলপ্ৰসু নহ'ল। তথাপি মাত্ৰ