এক কল্পচিত্ৰ। ইয়াৰ পিছৰ চোৱা আছিল অংকটো সমাধান কৰাৰ আয়োজন।
দাদাই এইবাৰ নিজৰ উইঙ্ চাঙ্ কলমটো লৈ বগা কাগজখিলাত মুকুতাহেন
গোট গোট আখৰেৰে অংকটো কৰি পেলালে। পানীৰ দৰে স্বচ্ছ আছিল
অংকটোৰ সমাধান প্ৰণালী। ইপ্সিত লক্ষ্যৰ পিনে অংকটো লৈ যোৱাৰ যি
কৌশল, নিহিত সাধাৰণ বোধ, সাম্ভাব্য খুটিনাটিৰ সামগ্ৰিক বৰ্ণনা এনেদৰে
মোৰ নিচিনা শিশুৰ সমুখত দাঙি ধৰিলে যে মোৰ বাবে অংকটো পানীৰ দৰে
স্বচ্ছ হৈ পৰিল। এতিয়া এইবোৰ কথা মনত পেলাই ভাবিছো দাদাৰ শিক্ষা
পদ্ধতিৰ কলা-কৌশল আছিল অইনতকৈ সুকীয়া অথচ এজন সফল শিক্ষকৰ
বাবে সেয়া সাধাৰণ বৈশিষ্ট্য।
ইয়াৰ পিছতো তেখেত আমাৰ ঘৰলৈ বহুদিন আহিছিল দেউতাক লগ পাবলৈ। এনে আগমনৰ কোনো বিশেষ উদ্দেশ্য হয়তো নাছিল। একে মনৰ একে আদৰ্শৰ অইন এজনৰ ওচৰত নিজৰ মনৰ কথাবোৰ ব্যক্ত কৰি নাইবা দুয়ো দুয়োৰে সুখ-দুখৰ অংশীদাৰ হৈ নিজৰ মানসিক শক্তিক আৰু অধিক সুদৃঢ় কৰিবলৈয়ে যেন তেখেতে দেউতাৰ সান্নিধ্য বিচাৰি আহিছিল।
এবাৰ দাদাই আমাৰ ঘৰলৈ আহোতে আমাৰ ঘৰৰ ওচৰেৰে সম্বন্ধীয় বাইদেউ এজনীয়ে দাদাক দেখা পাই বৰ আচৰিত হ'ল। কাৰণ এয়াচোন তেওঁলোকৰ অতি শ্ৰদ্ধাৰ, এসময়ৰ অসমীয়া সাহিত্য পঢ়োৱা বৈশ্য ছাৰ! বাইদেউজনীয়ে সিদিনা দাদাৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিছিল। সেই বাইদেউজনীৰ মতে, নৱম শ্ৰেণীৰ তেওঁলোকৰ অসমীয়া সাহিত্যৰ শ্ৰেণীৰ সময়চোৱা দাদাই হেনো প্ৰাণৱন্ত কৰি তুলিছিল। কত যে বিচিত্ৰ নজনা কথাবোৰ জানিব পাৰিছিল তেওঁলোকে! সাহিত্যৰ পাঠ এটিত প্ৰসংগ ক্ৰমে আহি পৰা কোনো এখন ঠাইৰ বিষয়ে বা কোনো এজন বিখ্যাত ব্যক্তিৰ বিষয়ে তেখেতে ছাত্ৰ-ছাত্ৰীসকলৰ সমুখত এনেদৰে উপস্থাপন কৰিছিল যে তেওঁলোকৰ মন আৰু মগজুত সমানে আলোড়ন সৃষ্টি হৈছিল। তেখেতে আমাৰ ঘৰৰ ওচৰৰ মই পঢ়া পানীগাঁও মিলন হাইস্কুলত ছমাহ মান শিক্ষকতা কৰাৰ বিষয়ে জানিছিলো। পিছে ইমান কম সময়ৰ ভিতৰত সেই স্কুলৰ ছাত্ৰ-ছাত্ৰীসকলৰ মনৰ গভীৰত সাচ বহুৱাই যাব পৰা শিক্ষাদান কৰিব পৰা গুণ বোধহয় কম শিক্ষকৰহে আছে। হঠাৎ তেখেতে মিলন হাইস্কুল এৰি যোৱাত ছাত্ৰ-ছাত্ৰীসকলে হেনো কিছুদিন ধৰি এক অনামী দুখত ম্ৰিয়মান হৈ আছিল। বাইদেউজনীৰ মতে এনে এজন শিক্ষকৰ সান্নিধ্য পোৱাটো পৰম সৌভাগ্যৰ কথা।