পৃষ্ঠা:শিল্পীপ্ৰাণ উমেশ বৈশ্য.pdf/২৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৫৯
উমেশ বৈশ্যৰ সৃষ্টি কৰ্মৰ মূল্যায়ন

 সৰ্বমুঠ ৪৭টা গীতৰ সন্নিবেশ কৰি প্ৰস্তুত কৰা প্ৰগতিৰ গানৰ গীতবোৰৰ শিৰোনামা গীতিকাৰজনে নকৰিলে। গীতবোৰৰ প্ৰত্যেকৰে একোটা শিৰোনামা বা নাম দিব পাৰিলে পাঠ্যভুক্তিৰ ক্ষেত্ৰত ফলদায়ক হ'ব বুলি ভাব হয়। ‘প্ৰগতিৰ গান’ নিঃসন্দেহে এখন দেশাত্মবোধক গীতৰ সংকলন। ইয়াত সন্নিবিষ্ট ৪৭টা গীতৰ ভিতৰত ক্ৰমিক নম্বৰ অনুসৰি ৪, ৬, ৭, ১০, ১৪, ১৭, ২২, ২৪, ২৭, ৩১, ৩৬, ৪৩, ৪৫ মুঠ ১৪টা গীতত গীতিকাৰজনে সুৰ সংযোগ কৰি থৈ গৈছে। কোনো সদাশয় সুৰশিল্পীয়ে বাকী গীতসমূহতো সুৰ সংযোগ কৰিলে দেশপ্ৰেমমূলক গীতৰ ই এখন পূৰ্ণাংগ গ্ৰন্থ হ’ব। হয়তো এনে ব্যৱস্থাই গ্ৰন্থখনি শিকাৰুসকলৰ বাবে উপযোগী কৰি তুলিব।●





(লেখক গুৱাহাটীৰ সাতগাওঁ হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক।)
(এই লেখাটোৰ ৰচনাকাল ২০১০ ইং)