মহাপুৰুষ শ্ৰীশ্ৰীশঙ্কৰদেৱ-মাধৱদেৱ চৰিত

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
[  ]

মহাপুৰুষ

শ্ৰীশ্ৰীশঙ্কৰদেৱ-মাধৱদেৱ চৰিত


৺ দৈত্যাৰি ঠাকুৰ বিৰচিত

 (১৫৪২ শকাব্দা)


শ্ৰীৰাজমোহন নাথ, বি-ই, তত্ত্বভূষণ সম্পাদিত
(১৮৬৯ শকাব্দা)



প্ৰথম সংস্কৰণ




সৰ্ব-স্বত্ব সংৰক্ষিত

 

বেচ—তিন টকা

[  ] প্ৰকাশক—শ্ৰীঅৰুণকুমাৰ নাথ
 

প্ৰথম সংস্কৰণ

১৮৬৯ শকাব্দ

 

শ্ৰীহট্ট আনন্দ প্ৰেছৰ পৰা
শ্ৰীসাৰদাচৰণ দাসৰ দ্বাৰা
ছপা কৰা হল।

[  ]

 প্ৰায় দুকুৰি মান বছৰ আগতে তেজপুৰৰ ভক্তপ্ৰাণ ৺হৰিবিলাস গুপ্তই ৺দৈত্যাৰি ঠাকুৰ ৰচিত মহাপুৰুষ শঙ্কৰদেৱ-মাধৱদেৱৰ চৰিত্ৰ পুথি ছপাই প্ৰকাশ কৰিছিল। বৰ্তমানে সেই পুথি কিনিবলৈ পোৱা না যায়, কোনো ঠাইত কাৰোবাৰ হাতত যি দু এখন আছে সিও প্ৰায়েই অসম্পূৰ্ণ।— অথচ বৰ্ত্তমানে মহাপুৰুষ দুজনাৰ ধৰ্ম্ম, ধৰ্মগ্ৰন্থ আৰু সাহিত্য আলোচনাৰ লগে লগে তেৰা সকলৰ পৱিত্ৰ জীৱন চৰিত আলোচনা কৰাৰ প্ৰয়োজন সকলোৱেই বোধ কৰিছে।

 এই অভাৱ দূৰ কৰাৰ ইচ্ছা মনত লৈ আমি মহাপুৰুষ দুজনাৰ চৰিত্ৰ পুথি কেইখনমান সম্পাদন কৰিবলৈ আগ বাঢ়িছোঁ।

 ৺হৰিবিলাস গুপ্তই প্ৰকাশ কৰা কিতাপৰ মূল পাঠ আমাৰ প্ৰধান সম্বল। পুনীয়াৰ সত্ৰৰ ডেকা অধিকাৰ শ্ৰীযুত দত্তদেৱ গোস্বামী প্ৰভুৰ অনুগ্ৰহত যোৰহাট কাকজান ঢেকিয়াখোৱা গাৱঁৰ বৰ নাম ঘৰৰ থাপনাৰ পৰা অনা সাঁচিপতীয়া চৰিত্ৰপুথি খন আমাৰ দ্বিতীয় সম্বল। এই পুথিৰ পাঠৰ লগত গুপ্ত ডাঙৰীয়াৰ কিতাপৰ পাঠ পুঙ্খানুপুঙ্খ ভাৱেৰে মিলাই পাৰ্য্যমানে পাঠ শুদ্ধ কৰা হৈছে। তেজপুৰৰ শউলমাৰি গাৱঁৰ নামঘৰৰ থাপনাৰ পুথি আৰু যোৰহাটৰ আমাৰ এজন উকীল বন্ধুৱে কোনো মকৰ্দ্দমাৰ কাৰণে মাজুলীৰ কোনো এখন অতি প্ৰাচীন সত্ৰৰ পৰা অনা পুথিখনো কোনো কোনো বিষয়ত সন্দেহ স্থলত তুলনা মূলক ভাৱেৰে চোৱা হৈছে।

 মূল সাঁচিপতীয়া পুথিত অধ্যায় বিভাগ নাই। স্বৰ্গীয় গুপ্ত ডাঙৰীয়াই ছপা কৰা পুথিত পাঠকৰ সুবিধাৰ কাৰণে অধ্যায় ভাগ কৰা হৈছিল।⸺ আমিয়ো সেই আৰ্হি লৈ আমাৰ কিতাপত অধ্যায় বিভাগ কৰিছেোঁ, কিন্তু আমি বিষয় অনুসৰি ৺গুপ্ত ডাঙৰীয়াতকৈ বেলেগ ভাৱেৰে অধ্যায় বিভাগ কৰিছোঁ। পাঠৰ সুবিধাৰ কাৰণে প্ৰতি অধ্যায়ৰ ঘটনা বা

বিষয় বস্তু অনুসৰি অনুচ্ছেদৰ নামকৰণো কৰিছোঁ৷ [  ]

[২]

 প্ৰাচীন পুথিত পদৰ সংখ্যা আদিৰ পৰা অন্তলৈকে ধাৰাবাহিক ভাৱেৰে দিয়া আছে। কিন্তু প্ৰাচীন সংস্কৃত পুৰাণ, ভাগৱত, মহাভাৰত আদি গ্ৰন্থ সম্পাদন কৰোতে আধুনিক পণ্ডিত সকলে প্ৰতি অধ্যায়ত বেলেগ ভাৱেৰে পদ সংখ্যা দিয়ে। এই পদ্ধতিৰ এটা সুবিধা এই যে কোনো বিষয়ৰ উল্লেখ কৰিবলৈ হলে বিশেষ অধ্যায় আৰু সেই অধ্যায়ৰ পদ সংখ্যাৰ উল্লেখ কৰা সহজ আৰু সুবিধা জনক। আমি এই আৰ্হি লৈ মহাপুৰুষ দুজনাৰ চৰিত পুথিক পবিত্ৰ গ্ৰন্থ ভাবি প্ৰতি অধ্যায়ত নতুনকৈ বেলেগ পদ সংখ্যা দিছোঁ।

 পাদটীকাত দিয়া তুলনামুলক পাঠৰ কাৰণে আমি তলত লিখা পুথিৰ সহায় লৈছোঁ :-

 (১) শঙ্কৰ চৰিত-৺ৰামচৰণ ঠাকুৰ ৰচিত—শ্ৰীযুত হলিৰাম মহন্তই সম্পাদনা কৰা, ঢেকিয়া খোৱা নাম ঘৰৰ সাঁচিপতীয়া পুথি, কাকজানৰ শ্ৰীযুত পুণ্যেশ্বৰ ভূঞাৰ ঘৰত থকা সাঁচিপতীয়া পুথি।

 (২) শঙ্কৰদেৱ-৺ভূষণ দ্বিজ ৰচিত—৺দুৰ্সাধৰ বৰকটকী সম্পাদিত

 (৩) গুৰুচৰিত্ৰ—৺দ্বিজৰামানন্দ ৰচিত—৺হৰিবিলাস গুপ্ত সম্পাদিত। গণকপুখুৰীৰ শ্ৰীযুত যজ্ঞোধৰ গোস্বামীৰ নাম ঘৰৰ সাঁচিপতীয়া পুথি।

 (৪) শ্ৰীশ্ৰীবংশীগোপাল চৰিত-৺দ্বিজ ৰমানন্দ ৰচিত—আউনী আটি আৰু গড়মূৰ সত্ৰৰ পুথি।

 ৫) শ্ৰীশ্ৰীদেৱ দামোদৰ চৰিত্ৰ—৺নীলকণ্ঠ দাস ৰচিত-৺শৰচ্চন্দ্ৰ গোস্বামী সম্পাদিত; ৺কৃষ্ণমিশ্ৰ ৰচিত-দক্ষিণপাট সত্ৰৰ পুথি।

 (৬) শ্ৰীশঙ্কৰদেৱ-শ্ৰীমাধৱদেৱ,—৺লক্ষ্মীনাথ বেজবৰুৱা প্ৰণীত।

 পুথি সম্পাদন কৰা আৰু টীকা লিখাত যোৰহাট গবৰ্ণমেন্ট হাইস্কুলৰ শিক্ষক শ্ৰীমান্ বিশ্বনাৰায়ণ কাব্য-ব্যাকৰণ-মীমাংসা-শাস্ত্ৰী, কাব্যতীৰ্থ দেৱে দক্ষিণ হস্ত স্বৰূপ হৈ আমাক সদাই সহায় কৰিছে। তেওঁৰ সহায় ন হলে চৰকাৰী কামত ইমান ব্যস্ত থাকোতে কিতাপ সম্পাদন কৰা আমাৰ পক্ষে ইমান সোনকালে সম্ভৱপৰ ন হল হেঁতেন। [  ]

 কিতাপ নকল কৰাত আৰু প্ৰেছৰ কাৰণে পাণ্ডুলিপি লিখাত যোৰহাটৰ শ্ৰীমান্ নিবাৰণ চন্দ্ৰ শৰ্মা আৰু কাকজানৰ শ্ৰীমান্ চেনিৰাম ভূঞাই আমাক বৰ সহায় কৰিছে।

 অসম উপত্যকাত থকা সময়ত কিতাপ যুগুত হোৱা সত্ত্বেও অহোপুৰুষাৰ্থ কৰিও কোনো প্ৰেছৰ হতুৱাই কিতাপখন ছপাব পৰা নাই। কলিকতাত চেষ্টা কৰিও নিৰাশ হলো। ছিলটলৈ বদলী হোৱাৰ পিচত ইয়াৰ আনন্দ- প্ৰেছৰ স্বত্ত্বাধিকাৰী বন্ধুবৰ শ্ৰীযুত আশুতোষ দাস মহাশয়ে মহাপুৰুষৰ জীৱনচৰিতৰ কথা শুনিয়েই অইন সকলো কাম এৰি তৎক্ষণাৎ কিতাপ খন ছপাই দিবলৈ গাত লয়। প্ৰেছৰ মেনেজৰ শ্ৰীযুত সাৰদাচৰণ দাস আৰু প্ৰিন্টাৰ শ্ৰীযুত জলেশ চন্দ্ৰ শৰ্মাই যিমান আগ্ৰহ আৰু উৎসাহেৰে ছপাৰ কাম সমাধা কৰিছে—ই ভাবিলে আচৰিত হব লগীয়া হয়। আমি তেওঁলোকৰ সকলোৰে ওচৰত বৰ কৃতজ্ঞ।

 আমাৰ ইচ্ছা আছিল— অসমীয়াৰ ঘৰে ঘৰে ঠাই পোৱাৰ কাৰণে এই কিতাপখনৰ দাম অতি কমকৈ নিৰ্দ্ধাৰণ কৰা। প্ৰেছৰ গৰাকীয়ে ছপাৰ দাম আজিকালিৰ দৰতকৈ অলপ কমকৈ ধৰা স্বত্বেও কাগজৰ দামৰ কাৰণে খৰচ বেচি পৰিল। সেই কাৰণে অনিচ্ছা স্বত্ত্বেও দাম অলপ বেচি হৈ পৰিল। সহৃয় সকলে আমাৰ এই অনিচ্ছাকৃত ত্ৰুটি মাপ কৰে যেন।


১৮৬৯ শকাব্দ।
বহাগ
ছিলট, মনাৰায় টিলা

ৰাজমোহন নাথ
 
[  ]  গ্রন্থ,কৰ্ত্তা—নাৰায়ণপুৰৰ হোকৰাকুঞ্ছি গাৱঁৰ গয়পানী ভূঞাই

শঙ্কৰদেৱ মহাপুৰুষ ধূৱাহাটাত থাকোতে তেঁৰাৰ ওচৰত শৰণ লয়, আৰু পিচত ৰামদাস নামেৰে জনাজাত হয়। তেওঁ মাধৱদেৰ পুৰুষৰ ভনীয়েক উৰ্ব্বশীক বিয়া কৰাইছিল। ৰামদাস-উৰ্ব্বশীৰ পুত্ৰ ৰামচৰণ ঠাকুৰ মাধৱদেৱৰ প্রিয় আৰু প্রধান শিষ্য। মাধৱদেৱ পুৰুষ বেহাৰলৈ যাওতে ৰামচৰণ ঠাকুৰক সুন্দৰীদিয়া সত্ৰৰ অধিকাৰ পাতে। ৰামচৰণ ঠাকুৰৰ পুত্ৰ দৈত্যাৰি ঠাকুৰ ৰামচৰণৰ পিচত সুন্দৰী দিয়া সত্ৰৰ অধিকাৰ হয়। তেওঁৱেই এই চৰিত পৃথিৰ ৰচয়িতা।

 দৈত্যাৰি ঠাকুৰে ৰচনা কৰা কেইটামান বৰগীতো পােৱা যায়। 'নৃসিংহ যাত্রা’ নামৰ এখন অঙ্কীয়ানাট দৈত্যাৰি ঠাকুৰে ৰচনা কৰা বুলি প্রবাদ আছে। দ্বিজ ৰামানন্দৰ চৰিত পুথি মতে মাধৱদেৱে মালঞ্চ গাৱঁৰ লক্ষ্মণ চাড়ন্দাৰৰ ঘৰত নৃসিংহ যাত্ৰা ভাৱনা কৰিছিল আৰু নিজে ছো পিন্ধি নৃসিংহৰ ভাও লৈছিল। এই নাটখন আমি দেখা নাই।

 গ্রন্থ ৰচনাৰ তাৰিখ⸺দৈত্যাৰি ঠাকুৰে নিজৰ গ্ৰন্থত ৰচনাকাল সম্পর্কে কোনো উল্লেখ কৰা নাই; কিন্তু গ্রন্থৰ শেষত চতুৰ্ভুজ ঠাকুৰ বিষ্ণুপুৰ সত্ৰত বর্ত্তমান আছে বুলি লিখা আছে। শ্ৰীযুত ৰমাকান্ত মুক্তিয়াৰ কর্ত্তৃক সম্পাদিত “ আই কনকলতা চৰিত্র ” মতে ১৫৪১ শকৰ পুহ মাহ কৃষ্ণা চতুর্দ্দশীত পুৰুষােত্তম ঠাকুৰ স্বৰ্গী হােৱাত চতুৰ্ভূজ ঠাকুৰ ধৰ্ম্মৰ অধিকাৰী হয়, আৰু ১৫৪২ শকৰ পুহ মাহ, শুক্লাচতুর্থী, দিনৰ তৃতীয় পহৰত স্বৰ্গী হয়। গতিকে দৈতাৰি ঠাকুৰে ১৫৪২ শকৰ পুহ মাহৰ আগতেই চৰিত পুথি ৰচনা শেষ কৰিছে।

 গ্ৰন্থৰ উপাদান⸺দৈত্যাৰি ঠাকুৰে স্পষ্টকৈ লিখিছে যে, তেখেতে চৰিত পুথি লিখোতে কোনো আৰ্হি পােৱা নাই। প্রাচীন ভকত আৰু বিশেষকৈ বুঢ়ীৰ-পাে গোবিন্দ আতৈৰ পৰা মহাপুৰুষ দুজনাৰ চৰিত্ৰ সম্পৰ্কীয় [ ১০ ] তথ্য সংগ্ৰহ কৰি চৰিত পুথি ৰচনা কৰিছে। বুঢ়ীৰ-পো গোবিন্দ আতৈ মাধৱদেৱ পুৰুষ স্বৰ্গীয় হোৱাৰ পিচত বেহাৰৰ মধুপুৰ সত্ৰৰ অধিকাৰ হৈছিল।

 ৰামচৰণ ঠাকুৰে ৰচনা কৰা এখন চৰিত পুথি পোৱা যায়। শ্ৰীযুত হলিৰাম মহন্তই ‘শঙ্কৰ চৰিত’ নাম দি এই পুথিখন প্ৰকাশ কৰিছে। কিন্তু ৰামচৰণ ঠাকুৰে উল্লেখ কৰা ঘটনাৰ লগত দৈত্যাৰি ঠাকুৰৰ পুথিৰ অনেক ঘটনাৰ মুঠেই মিল নাই। পিতাই লিখা পুথিখন পুত্ৰই নো পোৱা, আৰু সেই পুথি সম্পৰ্কে একো উল্লেখ ন কৰা বৰ আচৰিত কথা।

 চতুৰ্ভুজ ঠাকুৰ বিষ্ণুপুৰ সত্ৰত থাকোতে জনিয়াৰ নাৰায়ণ ঠাকুৰৰ ভায়েক ৰামানন্দৰ আদেশত তেওঁলোকৰ পুৰোহিত ভূষণ দ্বিজই আন এখন চৰিত পুথি ৰচনা কৰে। এই পুথিৰ ঘটনাৰ লগতো দৈত্যাৰি ঠাকুৰৰ পুথিৰ অনেক অমিল। মহাপুৰুষ জনাৰ লগত নাৰায়ণ ঠাকুৰৰ ঘনিষ্ঠ সম্পৰ্ক আছিল; আৰু তেখেতৰ ভায়েক আৰু পুৰোহিতে তেখেতৰ পৰা অনেক কাহিনী জানা সম্ভৱপৰ আছিল, কিন্তু দৈত্যাৰি ঠাকুৰে তেখেত সকলৰ পৰা কোনো তথ্য সংগ্ৰহ কৰিছিল বুলি অনুমান ন হয়।

 দৈত্যাৰি ঠাকুৰে শঙ্কৰদেৱ মহাপুৰুষৰ জীৱনী সম্পৰ্কে অতি চমুকৈ আৰু মাধৱদেৱ পুৰুষৰ জীৱনী সম্পৰ্কে বহলকৈ আলোচনা কৰিছে। কিন্তু মাধৱদেৱ পুৰুষৰ বৈমাত্ৰেয় ককায়েকৰ নাম তেখেতে সংগ্ৰহ কৰিব পৰা নাই।

 দ্বিজ ৰামানন্দই শঙ্কৰদেৱ-মাধৱদেৱৰ এখন চৰিত পুথি ৰচনা কৰে। দ্বিজ ৰামানন্দ ভৱানীপুৰীয়া গোপাল আতাৰ শিষ্য ব্ৰাহ্মণকুলীয়া শ্ৰীৰাম আতাৰ পুত্ৰ আৰু আহতগুৰি সত্ৰৰ অধিকাৰ আছিল৷ এই চৰিত পুথিখন দৈত্যাৰিঠাকুৰে চৰিত পুথি ৰচনা কৰাৰ অলপ পিচতে আনুমাণিক ১৫৫০৷ ৬০ শক মানত ৰচনা কৰা হৈছিল বুলি অনুমান হয়। এই চৰিত

পুথিত ৰচয়িতাৰ সুক্ষ্ম তথ্যানুসন্ধিৎসাৰ অনেক প্ৰমাণ পোৱা যায়।

[ ১১ ]  শঙ্কৰদেৱৰ পূৰ্ব্বপুৰুষ—দৈত্যাৰিঠাকুৰে এই সম্পৰ্কে একো উল্লেখ কৰা নাই; ৰামচৰণ ঠাকুৰে এই সম্পৰ্কে বহলকৈ আলোচনা কৰিছে, দ্বিজ ৰামানন্দই বুৰঞ্জীমূলক আলোচনা কৰিছে। দ্বিজ ৰামানন্দৰ আলোচনাৰ পৰা বুজা যায় আনুমাণিক ১০৯৭ খৃষ্টাব্দত শঙ্কৰদেৱৰ পূৰ্ব্বপুৰুষ গুজৰাট অঞ্চলৰ পৰা কণৌজলৈ আহে, ১৩২৬ খৃষ্টাব্দত কণৌজ এৰি ১৩৩০ খৃষ্টাব্দত বঙ্গদেশ পায়হি, আৰু ১৩৫৫ খৃষ্টাব্দত (১২৭২ শক) কামৰূপলৈ আহে।

 শঙ্কৰদেৱৰ জন্ম তাৰিখ—দৈত্যাৰি ঠাকুৰে জন্ম মাহ, তাৰিখ উল্লেখ কৰা নাই, ৰামচৰণ ঠাকুৰে পাঁচ আহিন, শুক্লাদশমী, শুকুৰ বাৰ, ৰাতি চাৰিদণ্ড বুলি লিখছে। দ্বিজ ৰামানন্দই ফাগুণ মাহ, শুক্লা দ্বিতীয়া, অৰ্দ্ধৰাত্ৰি বুলি লিখিছে।

 দৈত্যাৰি ঠাকুৰে প্ৰয়াণৰ তাৰিখ ১৪৯০ শক, ভাদ, শুক্লা দ্বিতীয়া গধূলি লিখিছে; দ্বিজ ৰামানন্দই লিখিছে সাত ভাদ, শুক্লা দ্বিতীয়া, বৃহস্পতিবাৰ, বেলা এক প্ৰহৰ৷

 ৰামচৰণ ঠাকুৰে লিখিছে শঙ্কৰদেবৰ বয়স হৈছিল, ১১৮ বছৰ ছ’মাহ। এই হিচাব মতে জন্ম তাৰিখ হয়—১৩৭১ শক ৫৷ ৬ ফাল্গুন। জ্যোতিষৰ গণনামতে ১৩৭১ শকৰ পাঁচ আহিন কোনো হিচাবেই শুক্লাদশমী আছিল বুলি প্ৰমাণ পোৱা না যায়।

 মাধৱদেৱৰ জন্ম আৰু প্ৰয়াণৰ তাৰিখ :—দৈত্যাৰি ঠাকুৰে মাধৱদেৱৰ জন্মৰ মাহ, তিথি, তাৰিখ উল্লেখ কৰা নাই। দ্বিজ ৰামানন্দই লিখিছে—বহাগ মাহ, শুক্লা নৱমী, দিবা দ্বি প্ৰহৰত মাধৱদেৱৰ জন্ম হয়।

 দৈত্যাৰি ঠাকুৰৰ মতে শঙ্কৰদেৱৰ ২৮ বছৰ পিচত অৰ্থাৎ ১৫১৮ শক, ভাদ, কৃষ্ণা পঞ্চমীত মাধৱদেৱ স্বৰ্গী হয়। দ্বিজ ৰামানন্দই লিখিছে সেই দিনা ৰবিবাৰ আছিল।

 দৈত্যাৰি ঠাকুৰে লিখিছে মাধৱদেৱ বেহাৰলৈ যাওতে কুমাৰ গাছিত, ৰজাই দুৱাৰ মানা কৰি আছিল বুলি ৰাজ্যৰ সীমানা পাৰ হবলৈ অসুবিধা ভোগ কৰিছিল (৭০|১৮); দ্বিজ ৰামানন্দই এই কাৰণ সম্পৰ্কে লিখিছে— “ৰঘু নৃপতিৰ পুত্ৰ পলায়া আছয়। ৰজাৰ নিষেধ বৰ চকিত হৈছয়।” বুৰঞ্জীমতে ই ১৫১০|১১ শকৰ ঘটনা। দ্বিজ ৰামানন্দই আৰো লিখিছে [ ১২ ] যে—মাধৱদেৱ কোচ বেহাৰৰ লক্ষ্মীনাৰাণ ৰজাৰ সভালৈ গৈ নিজৰ পৰিচয় দিওতে কৈছে—

 “শুনিয়া মাধৱে বুলিলন্ত নৃপতিক। সত্তৰি বছৰ মোৰ পঞ্চম অধিক॥ কায়স্থ কুলত মোৰ জনম আছয়। শঙ্কৰ মোহৰ গুৰু জানিবা নিশ্চয়॥” মাধৱদেৱ ৭ বছৰ মান বেহাৰত আছিল। এই হিচাব মতে প্ৰয়াণৰ সময় মাধৱদেৱৰ বয়স ৮১|৮২ বছৰ মান হৈছিল। কিন্তু ৺লক্ষ্মীনাথ বেজবৰুৱাৰ মতে মাধৱদেৱ পুৰুষৰ বয়স ১০৭ বছৰ হৈছিল।

 ৰূপ সনাতন—ৰামচৰণ ঠাকুৰৰ শঙ্কৰ চৰিত মতে (৩য় খণ্ড ১৯১৯-১৯২৮ পদ) প্ৰথম বাৰ তীৰ্থ যাত্ৰাৰ সময়ত বৃন্দাবনৰ বাটত শঙ্কৰদেৱে ৰূপ-সনাতনক লগ পায়। ৰূপ সনাতন তেতিয়া সন্ন্যাসী, শঙ্কৰদেৱৰ পৰামৰ্শমতে শ্ৰীৰূপে তেওঁৰ পত্নীক লগত লৈ যায়। দৈত্যাৰিৰ মতে দ্বিতীয়বাৰ তীৰ্থ যাত্ৰাৰ সময়ত এক নগৰত ৰূপ সনাতনৰ ভাগিনৰ লগত শঙ্কৰদেৱৰ সাক্ষাৎ হয়।

 ভূষণ দ্বিজৰ মতে (১৪০ পিঠি) দ্বিতীয় বাৰ তীৰ্থ যাত্ৰাৰ সময়ত আলি নগৰত শঙ্কৰদেৱে বৃন্দাবনবাসী ৰূপ সনাতনৰ শিষ্য এজনৰ লগ পায়। দ্বিজ ৰামানন্দৰ গুৰু চৰিত্ৰমতে দ্বিতীয়বাৰ তীৰ্থ যাত্ৰাৰ সময়ত শঙ্কৰদেৱে বালিনগৰত শ্ৰীৰূপৰ শিষ্য এজনক লগ পায়, আৰু তেওঁৰ পৰা ৰূপ সনাতনৰ চৰিত কথা শুনে। সেই সময়ত শ্ৰীৰূপ বৈকুণ্ঠগামী।

 ললিত মাধৱ নাটৰ (শ্ৰীৰূপ গোস্বামী প্ৰণীত) পাতনিত শ্ৰীসত্যেন্দ্ৰ নাথ বসুৰ মতে ১৪৩৬ শকত শ্ৰীৰূপ সন্ন্যাসী হয়, আৰু ১৪৭০ শকৰ শ্ৰাৱণী শুক্লা দ্বাদশীত বৈকুণ্ঠগামী হয়। সনাতন ১৪৩৭ শকত সন্ন্যাসী হয়, আৰু ১৪৭৬ শকৰ আষাঢ় পূৰ্ণিমাত স্বৰ্গী হয়। আই কনকলতা চৰিত্ৰ মতে ৰূপ সনাতন ১৪৪০ শকত সন্ন্যাসী হয়।

 শক বিবেচনাত ৰামচৰণ ঠাকুৰৰ কথা বিশ্বাসযোগ্য ন হয়। প্ৰেম বিলাস গ্ৰন্থত শ্ৰীৰূপৰ স্ত্ৰী থকাৰ উল্লেখ আছে, আৰু শ্ৰীৰূপে তেওঁক এৰি সন্ন্যাসী হোৱাৰ কথাও আছে। শ্ৰীশ্ৰীভক্তমাল গ্ৰন্থত (১০ পিঠি) সনাতনৰ এজন বহিনাইৰ উল্লেখ আছে। গতিকে দ্বিতীয় বাৰ তীৰ্থযাত্ৰাৰ সময়ত (১৪৮৪ শকত) ৰূপ সনাতন দুয়োজন বৈকুণ্ঠগামী হোৱাৰ পিচত তেওঁলোকৰ ভাগিনৰ লগত শঙ্কৰদেৱৰ সাক্ষাৎ হোৱা কথাটো বেচি

যুক্তিযুক্ত।
[ ১৩ ]

বিষয়সূচী

পদসংখ্যা পিঠি

প্রথম অধ্যায়

প্রার্থনা-শঙ্কৰ-মাধৱ অৱতাৰ পুৰুষ-গ্রন্থ ৰচনাৰ

উদ্দেশ্য

দ্বিতীয় অধ্যায়

শ্ৰীশ্ৰীশঙ্কৰদেৱৰ পূৰ্বপুৰুষ সকল—দেবীদাসৰ লগত

পণ্ডিতৰ তর্ক-অদ্বৈতবাদীৰ প্ৰতি ব্যৱহাৰ

তৃতীয় অধ্যায়।

শ্ৰীশ্ৰীশঙ্কৰদেৱৰ জন্ম

চতুর্থ অধ্যায়

শ্ৰীশ্ৰীশঙ্কৰদেৱৰ বাল্যলীলাক্রীড়া কৌতুক—পাঠান্ত—পিঠত অৱহেলা—পাঠত মনোেযােগ।

পঞ্চম অধ্যায়

বােগ অভ্যাস

ষষ্ঠ অধ্যায়

বিবাহ

সপ্তম অধ্যায়

যৌৱন লীলা-লােহিত সন্তৰণ—জগন্নাথ ভ্রমণ

যাণ্ডমর্দন-ভাগৱত শাস্ত্রপ্রাপ্তি—ভাগৱত প্ৰচাৰ—কীৰ্ত্তন ৰচনা

অষ্টম অধ্যায়

আসামৰ দৌৰাত্ম আৰু গীতা—লাভ [ ১৪ ]

পদসংখ্যা পিঠি

নৱম অধ্যায়

শ্ৰীশ্ৰীমাধৱদেৱৰ পূৰ্বপুৰুষ—গগাবিন্দগিৰিৰ অসমলৈ আগমন—টেম্বুৱনিত বিবাহ-আসামৰ আক্ৰমণ

দশম অধ্যায়

হৰসিং বৰাৰ সদলাভ

একাদশ অধ্যায়

শ্রীশ্রীমাধৱদেৱৰ জন্ম—নামকৰণ—হৰসিং বৰাৰ জগৰ

দ্বাদশ অধ্যায়

পুখুৰীপাৰত বাস-কগপিতা। ত্রয়ােদশ অধ্যায় লেটেকুপুখুৰী ত্যাগ-বন্ধুৰ ঘৰত অনাদৰ-কেঁচা লাও ভক্ষণ—ধান দোৱাত মাধৱ-বন্ধুৰ ঘৰত অপমান

চতুর্দশ অধ্যায়।

বাঘৰি মজিৰ ঘৰত-পৰম আদৰ-কন্যজন্ম—কৃষিত মাধৱ-ঘাঘৰি মাজিৰ গৃহত্যাগ-টেম্বুরানিলৈ পুনৰাগমন-কন্যাৰ বিবাহ-বাণ্ডকালৈ গমন

পঞ্চদশ অধ্যায়

পিতৃসহ বাকা যাত্রাবাকাত পিতাপুত্র মিগন- মাধৱদেৱৰ শিক্ষা-পিতৃৰ মৃত্যু—অন্ত্যেষ্টিক্রিয়া

বােড়শ অধ্যায়

পুনৰ কামৰূপলৈ আগমন-মাতৃমিলন-মাধৱদেৱৰ বিবাহৰ আয়ােজন-গয় পানিৰ তীর্থভ্রমণ-টেঘুৱানি

ত্যাগ-গয়পাণি-শঙ্কৰ মিলন—শাস্ত্রালােচনা [ ১৫ ]

সপ্তদশ অধ্যায়

পাঠাবলিত আপত্তি-গয়পাণিৰামদাসপুনৰ বাও- কাত মাধৱ—পিতৃ সম্পত্তি ত্যাগ-টেসুৱনিৰ বাটত ৰক্তামাশয়ত মৃত প্ৰায় মাধৱ-ভ্ৰাতৃগৃহত শুশ্ৰুষা— দেশলৈ—পাঠা কিনাত আপত্তি

অষ্টাদশ অধ্যায়

শঙ্কৰ-মাধৰ সন্মিলন-শাস্ত্ৰ বিষয়ক একভাগৱতৰ শ্লোক-শিষ্যত্ব স্বীকাৰ-পূজাত নৈৱেদ্য-শঙ্কৱ দেৱৰ পাৰিবাৰিক অশান্তি।

উনবিংশ অধ্যায়

কীৰ্ত্তনলীলা-কংস বধ-প্ৰদ চৰিত্ৰ—প্ৰেমোন্মাদ- ব্যাস কলাইৰ গীতা ব্যাখ্যা

বিংশ অধ্যায়

ব্ৰাহ্মণৰ বিবাদ মীমাংসা-ভকতক অত্যাচাৰ-শ্ৰাদ্ধত কীৰ্ত্তন-ব্ৰহ্মানন্দ আচাৰ্যৰ সমিধান পাতকীতৰক হৰিনাম—নাম-নিক চণ্ডাল-পাতকীৰ দান-অগ্ৰাহ্য ব্ৰাহ্মণৰ পৰাভৱ-দৈৱশক্তিৰ পৰিচয়

একবিংশ অধ্যায়।

জগন্নাথ মূৰ্তি নিৰ্মাণ-খনিকৰ কোৰল। বাঢ়ৈ- ব্ৰাহ্মণৰ নিন্দা-প্ৰতিষ্ঠা কাৰ্যত ব্ৰাহ্মণৰ দান-মূৰ্তিত। প্ৰাণ প্ৰতিষ্ঠা—মূৰ্তিত নেতা বিশ্বাস

দ্বাবিংশ অধ্যায়।

কীৰ্ত্তনৰ প্ৰসাদ-গুপুত মিঠাই—জগন্নাথৰ কৃপা

প্ৰসাদ বিলোবাত-জগৰ [ ১৬ ]

এয়োৰিংশ অধ্যায়

মাধৱদেৱৰ জোৰোণৰ ক্য।

চতুৰ্বিংশ অধ্যায়

পুৰীৰ তিনি ভাইৰ বৃত্তান্ত-প্ৰসাদ পিচত পোৱাত খঙৰাম ৰাম গুৰুক অপমান-ৰাম ৰাম গুৰুৰ সভা। ত্যাগমাধৱদেৱৰ অনুনয়-বান্ধৱ-মাধৱ

পঞ্চবিংশ অধ্যায়

মাধৱদেৱ আৰু ৰামদাসৰ শিলাবৃষ্টিত কষ্ট।

ষড়বিংশ অধ্যায়।

আসামৰ দৌৰাত্ম-মাধৱদেৱ-হৰিজোৱাই বন্দী মাধৱদেৱৰ মুক্তি—হৰিজোৱাইৰ প্ৰাণদণ্ড

সপ্তবিংশ অধ্যায়

শ্ৰদ্ধ নিষেধৰ গোচৰ-ৰাজসভাত বিচাৰ-শ্ৰাদ্ধ কাক বেলে—ব্ৰাহ্মণ পৰাজয়

অষ্টাবিংশ অধ্যায়।

ধুৱাহাটাৰ পৰা বৰপেটালৈ যাত্ৰানৰনাৰায়ণৰ আসাম আক্ৰমণ—শঙ্কৰদেৱৰ পূৱাহাটা ত্যাগ—মাধৱদেৱৰ ভক্তপ্ৰীতি—মাধৱদেৱৰ গুৰুভক্তিবৰপেটাত বসবাস মাধৱদেৱৰ মাতৃবিয়োগ-মাধৱদেৱৱ একাদশীদোষ- চণ্ডালৰ মুখত হৰিনাম-গৰখীয়াৰ মুখত কৃষ্ণনাম- বেহাৰ গমন

উনত্ৰিংশ অধ্যায়

মাধৱদেৱৰ মনোবল-শঙ্কৰদেৱক ভক্তি কৰাৰ পন্থা [ ১৭ ]

ত্ৰিংশ অধ্যায়

মাধৱদেৱক অপমান কৰাবৰ চেষ্টা

একত্ৰিংশ অধ্যায়

মাধৱদেৱৰ একান্ত বিশ্বাস—শঙ্কৰদেৰৰ যুক্তিবাণী – দীতাস্বয়ম্বৰ নাট—পচা মাছ ভক্ষণ-মিথ্যাবাদীক ভৎসনাশাস্ত্ৰৰবিকৃত ব্যাখ্যা

দ্বাত্ৰিংশ অধ্যায়।

দ্বিতীয় বাৰ তীৰ্থ যাত্ৰাৰ সঙ্কল্প-আই, গোসানীৰ আপত্তি -মাধৱদেৱৰ প্ৰতিশ্ৰুতি

জয়স্ত্ৰিংশ অধ্যায়।

তীৰ্থৰ বাটত-মিথ্যাবাদীৰ শাস্তিগুৰুশিষ্যে অভেদাত্মা।

চতুস্ত্ৰিংশ অধ্যায়

মাধৱদেৱৰ শুশ্ৰষা—চৈতন্যৰ ওচৰত ৰামকৃষ্ণঅভে- মেঘৰ উপদ্ৰৱ-ক্ষত্ৰিয় পত্নীৰ ভক্তি

পঞ্চত্ৰিংশ অধ্যায়

তীৰ্থ দৰ্শন—কবীৰৰ ঠাইত-কবীৰৰ নাতিনীয়েকক অনুগ্ৰহ-গয়াতীৰ্থত-বৃন্দাবন যাত্ৰাত মাধৱৰ আপত্তি বৃন্দাবন গমন স্থগিত- ৰূপসনাতনৰ ভাগিন পোহাৰী বুটীৰ আটআনা-দানত প্ৰতিযোগিতা শ্ৰেষ্ঠদীন অধ্যায়।

পুত্ৰ শোকাতুৰাৰ সন্তাপ নিবাৰণ [ ১৮ ]

সপ্তত্ৰিংশ অধ্যায়

তীৰ্থৰ পৰা প্ৰত্যাগমন-খোৱা বস্তু সংগ্ৰহত চতুলি -বৰপেটালৈ পুৰাগমন

অষ্টৱিংশ অধ্যায়।

ব্যাস কলাই বিপ্ৰৰ দুৰৱস্থা—পুত্ৰশোক-শিৱপূজা- —ব্যাসকলাইক ত্যাগ-ৰাময়ৰ প্ৰতি ক্ৰোধ- ৰামৰায়ক ক্ষমা-ব্যাস-কলাৰ জগন্নাথ যাত্ৰা- জগন্নাথ-ব্যাসকলাইৰ মৃত্যু—পৰিণতি।

উনচত্বাৰিংশ অধ্যায়

ৰত্নাৱলী গ্ৰন্থপ্ৰাপ্তি

চত্বাৰিংশ অধ্যায়

ব্ৰাহ্মণৰ বিদ্বে-ব্ৰাহ্মণৰ নিন্দাসূচক কবিতা- শঙ্কৰদেৱব প্ৰত্যুত্তৰ-মাধৱদেৱৰ স্থিৰ বৃদ্ধি—পাষণ্ড। মৰ্দন দোষা—গ্ৰন্থকাৰৰ-নিবেদন

একচত্বাবিংশ অধ্যায়।

ৰাজৰোষ—শঙ্কৰদেৱক বন্দী কৰাৰ আদেশ—গোকুলচান্দ নাৰায়ণ ঠাকুৰ বন্দী-নিৰ্যাতন-কৃত আত্মসমৰ্পণ -তোটলৈ বিক্ৰী মুক্তি।

দ্বি-চত্বাৰিংশ অধ্যায়।

ৰাজ অনুগ্ৰহ-তাত্তি ঔচিৰ গোমস্তা-চৈতন্যপন্থী মথুদাস

ত্ৰিচত্বাবিংশ অধ্যায়।

নৰনাৰাণৰ নিগ্ৰহ-ব্ৰাহ্মণৰ গোচৰৰজাৰ আদেশ চিলাৰায়ৰ সতৰ্কতা-শঙ্কৰদেৱ বন্দী-চিলাৰায়ৰ ঘৰত [ ১৯ ] —বিফল-মনোৰথ নৰনাৰায়ণ—নৰনাৰায়ণৰ শঙ্কৰ প্ৰীতি

চতুশ্চত্বাবিংশ অধ্যায়

বাজানুগ্ৰহ-ৰাজভটিমা-ৰাজসভাত সমাদৰ -ব্ৰাহ্মণৰ পৰাজয়-ব্ৰাহ্মণৰ ক্ষন ভিক্ষা- পণ্ডিতৰ লগত তৰ্ক পণ্ডিতৰ পলায়ন

পঞ্চচত্বাৰিংশ অধ্যায়

বৰপেটা গমন—ভৱানী পুৰীয় গোপাল আতা- পুত্ৰকমল লোচনৰ দেহকান্তি—ৰাম নাম মাহাত্ম। ৰামনাম বিমুখ বনুৱ।

যটু চত্বাৰিংশ অধ্যায়

চিলাৰায়ৰ শাস্ত্ৰপ্ৰীতি-কমল লোচনৰ চেহাৰজন্ম- ৰহস্য ৰচনা

সপ্ত চত্বাবিংশ অধ্যায়

দেৱ-দামোদৰৰ বৃত্তান্তৰামদাসৰ লগত—শঙ্কৰদেৱৰ আগত শৰণ-কৃষিকৰ্ম্ম-কৃষিকৰ্ম্ম ত্যাগ

অষ্টচত্বাৰিংশ অধ্যায়

শঙ্কৰদেৱৰ বেহাৰ গমন-মাধৱে বন্ধ। অন্নভোজন- শঙ্কৰ-মাধৱ একাত্ম।

উনপঞ্চাশৎ অধ্যায়

শঙ্কৰদেৱৰ বৈকুণ্ঠ প্ৰয়াণ-ফোহাৰ অৰ-ৰামানন্দৰ প্ৰাৰ্থনা-পুত্ৰক উপদেশ দান—মাধৱ ভক্তিপন্থৰ অধিকাৰী—প্ৰয়াণ—অন্ত্যেষ্টি ক্ৰিয়া-দকাৰ্য

শ্ৰাদ্ধ [ ২০ ]

পঞ্চাশৎ অধ্যায়

মাধৱৰ ধৰ্ম প্ৰচাৰৰামানন্দৰ মৃত্যুৰামচৰণ ঠাকুৰৰ বিদ্যাভ্যাস-স্থানত্যাগ—হৰিচৰণ ঠাকুৰৰ বায়ুৰোগ- ৰামদাসৰ জোৱাই হৰিচৰণ-গৃহস্থ বামচৰণ—সুন্দৰী দিয়াত ৰামচৰণ-আলীয়া যদুমণি দেৱ-পাঠক ৰাম- ৰণ-বলিছলন পুথিমথুৰাদাসৰ শবণ।

একপঞ্চাশৎ অধ্যায়

শ্ৰীৰাম তৈৰ বৃত্তান্ত-লেটা বিঘিনি

দ্বিপঞ্চাশৎ অধ্যায়।

ভোৱৰা দামোদৰ আদিৰ বৃত্তান্ত—একান্ত বিশ্বাস

বৃদ্ধব্ৰাহ্মণৰ মিথ্যাচৰণ-কমল লোচনৰ মিথ্যাচৰণ

ত্ৰিপঞ্চাশৎ অধ্যায়।

দৈৱ আবিৰ্ভাৱ-যক্ষৰ সভা—যক্ষৰ কীৰ্ত্তন-ভীতি- বিষ্ণুৰ আবিৰ্ভাৱ

চতুঃপঞ্চাশৎ অধ্যায়

কলিৰ বুঢ়া আদিৰ বৃত্তান্ত—যমদূতৰ ভয়—গয়া ঠাকুৰৰ শৰণ-টকৰাৰ সজ আচৰণ

পঞ্চ-পঞ্চাশৎ অধ্যায়

ভত ৰাম আলধাৰা-মানস মূৰ্তি পূজা—মূৰ্ত্তিৰ অভিমান-দেৱতাতকৈ ভক্তশ্ৰেষ্ঠ-পূজাত বিঘিনি মূৰ্ত্তিক খৰম দান

ষটপঞ্চাশৎ অধ্যায়

গোবন যাত্ৰাবিপ্ৰৰ বিলাই-হৰিণাৰ মঙহ-কাতল।

মাছ-মাছভাগ [ ২১ ]

সপ্তপঞ্চাশৎ অধ্যায়

মাধৱদেৱৰ হাজো গমন—হয়গ্ৰীৱ সেৱা-বৰদলৈ কণ্ঠভূষণৰ আদৰ।

অষ্ট পঞ্চাশৎ অধ্যায়।

সুন্দৰীদিয়ালৈ প্ৰত্যাগমন—শূদ্ৰৰ সিদ্ধান-ভক্ত- গুৰুৰ প্ৰভেদ

উনষষ্টি অধ্যায়

ধৰ্ম প্ৰচাৰ-ক্ষেত্ৰি বিলাইত—জাবো কুঁচিত-অশুদ্ধ পুথিভনীপুৰ কালজাৰত সুন্দৰা দিয়ালৈ সোণৰ কড়িয়া-মোণ হেৰোৱাৰ প্ৰায়শ্চিত্ত।

যষ্টি অধ্যায়

উদাসীন আৰু গৃহী ভকত-ভাত ৰন্ধাত কষ্ট উদাসীন হোৱাত ৰামচৰণৰ আপত্তি-গৃহী ৰান্ধনিত আপত্তি—মত পৰিবৰ্তন—উদাসীন আৰু গৃহীৰ প্ৰভোব—অবিৰক্ত উদাসীন শূকৰ প্ৰায়—ভূলিঙ্গ পক্ষীৰ দৃষ্টান্ত-গৃহাশ্ৰম এৰিবলৈ বাধা-গড়ৰ যুঁজাৰু

একষষ্টি অধ্যায়

শিষ্য পৰীক্ষা-শিষ্য এজন মাথোন—অন্যায়কাৰী শিষ্য -শিষ্যৰ পাপে গুৰুক ছেৱে।

বিষষ্ঠি অধ্যায়

অসুৰাৰি ভট্টাচাৰ্যৰ বৃত্তান্ত-মাধৱদেৱৰ লগত পালাপ-ব্ৰহ্ম-পৰমব্ৰহ্ম ভোদ-মুগ্ধ ভট্টাচাৰ্য

ত্ৰিষ্টি অধ্যায়।

কামাখ্যা আ হাজোত-নীলাচল যাত্ৰা-তুলসী- মালাৰ মহাত্ম-দেবী দৰ্শনত আপত্তি-বৰদেউৰ [ ২২ ] কৰ্তৃক প্ৰশংসা পূজাৰীক দান—হাজোলৈ গমন— ৰামচৰণ, মথুৰাদাস--সুন্দৰী দিয়াত--দেৱ উচ্ছিষ্ট দুধ—মিত মাধৱ খেতিয়কৰ অধৰ্ম্মাচৰণতাঁতি অধৰ্ম্মাচৰণ

চতুঃষষ্টি অধ্যায়

সৰ্বদশী মাধৰ কলচোৰ-ভোজনৰ ব্যঞ্জন ক্ষুধা কণ্ঠ ভূষণৰ ঘৰত আলহী।

পঞ্চষষ্ট অধ্যায়

বৰপেটাত যাত্ৰা উৎসৱৰাজভয়ত অজ্ঞাত বাস— ব্ৰাহ্মণ ভকতক অত্যাচাৰ-পুনৰ বৰপেটাত ৰঙ্গিলী ঘৰ নিৰ্মাণ—ভীম যদুমণি-বামবিজয় যাত্ৰা -ৰাম সীতাৰ প্ৰতিমা—সৰু গুৰুৰ অহঙ্কাৰ-শঙ্কৰ দেৱৰ শ্ৰাদ্ধত দামোদৰৰ অনুপস্থিতি

ষট ষষ্টি অধ্যায়

বিতাড়িত ভক্তক আশ্ৰয়দান—দামোদৰ দেৱৰ লগত বিবাদ—শঙ্কৰদেৱক অমান্য-শ্ৰীধৰ স্বামী অমান্য-ৰত্নাকৰ গ্ৰন্থ অমান্যচিৰবিচ্ছেদ—ৰামচৰণৰ লগত তৰ্ক-ৰামচৰণক আশ্বাস।

সপ্তষষ্টি অধ্যায়।

শিষ্যক উপদেশ দান-হঠযোগীক নিন্দা-মুক্তিৰ উপায়-মনৰ অৱস্থাস্থান এৰিলে দুঃখ নেৰে- নিৰ্বিকল্প দামোদৰ-মৰণৰ আগজাননী-হৰিচৰণৰ খড়িমাটি—গুৰুপুত্ৰৰ প্ৰতি ভক্তি

অষ্টষষ্ট অধ্যায়

সৰ্বজ্ঞ মাধৱদেৱ-পকা কল—চেনিৰ শূণ্য ভাণ্ড

চেনি পাগত বিঘিনি [ ২৩ ]

উন সপ্ততি অধ্যায়

ৰঘুদেৱ ৰাজাৰ নিগ্ৰহ-ব্ৰাহ্মণৰ গোচৰ-ভকতৰ বৰ লুঠ-ভকত বন্দী—বলী মাধৱদেৱৰজাৰ আগতকাৰাগাৰত পাশা খেল-বাগীশ ভট্টাচাৰ্যৰ সতৰ্ক বাণী—মুক্ত মাধৱদেৱবৰপেটালৈ আগমন সুন্দৰী দিয়ালৈ গমন -সুন্দৰী দিয়া ত্যাগ-ৰজাৰ নিমন্ত্ৰণত হাজো যাত্ৰ।

সপ্ততিতম অধ্যায়

মাধৱদেৱৰ বেহাৰ গ ৰামচৰণক বিদায়-মনপুৰক বিদায়—গাৰ পৰী কাপোৰ দান—ভৃগু গুৰুৰ সদাশয়তা-ভেলা দুৱাৰত

এক সপ্ততিতম অধ্যায়

বেহাৰত অৱস্থান—মাধৰদেৱৰ ৰূপ-ৰাজপুৰুষ আৰু বিষয়া সকলৰ শৰণ গ্ৰহণ

দ্বিসপ্ততিতম অধ্যায়

নাম মালিকাৰ পদ ৰচনা—ঘোষাৰ পটল বিভাগ- শ্ৰীৰাম আতাৰ কামৰূপ প্ৰমণ-কথা-সাগৰ গোপালদেৱ

ত্ৰিসপ্ততিতম অধ্যায়।

মাধৱদেৱৰ উত্তৰাধিকাৰী-মথুৰাদাসক উপদেশ শঙ্কৰ-মাধৱৰ প্ৰতিনিধি-মনপুৰৰ প্ৰতি চেনেহ- ৰাজমাতাৰ কাপোৰ দানত বৈষম্য-ভকতক গাৰ কাপোৰ দান -এক-প্ৰীতি হবলৈ উপদেশ-জীৱন্মুক্ত কেন? উত্তৰাধিকাৰী কোন–উপযুক্ত উত্তৰাধি- কাৰী নাই—যোত মই আছে।—ণিয্যৰ

লক্ষণ। [ ২৪ ]

চতুঃসপ্ততিতম অধ্যায়।

'কীৰ্ত্তন পুথি সঞ্চলন—সঙ্কলষিত ৰামচৰণ-মাধৱদেৱৰ আগত সঙ্কলিত পুথি–সঙ্কলন অনুমোন

পঞ্চসপ্ততিতম অধ্যায়

বীকাৰ্ষীৰ ক্ৰোধ—পিতৃশ্ৰাদ্ধত অপমান-বঙ্গদেশী মাধৱ —মালাত মে নাই কিয়-মন্ত্ৰৰ বীজ নাম-জড় মহেশ-বিষ্ণু মোক্ষদাতা-মাধৱদেৱৰ থঙ-ৰজাৰ আগত গোচৰৰাজ সভাত বিচাৰ-ফলকামীৰ কালী আদি পূজা প্ৰশস্তবাজধৰ্ম্ম-বৈৱধৰ্ম্মৰাজ সম্মান- সম্মানত অনাসক্তি

যটুসপ্ততিতম অধ্যায়

মাধৱদেৱৰ বৈকুণ্ঠ প্ৰয়াণ-হস্তমুখ প্ৰক্ষালন-দেহ। অৱশ-কুদ্ৰশৌচ বন্ধশেষ প্ৰাণ—অন্ত্যেষ্টিক্ৰিয়া- শ্ৰাদ্ধ

সপ্তসপ্ততিতম অধ্যায়

শঙ্কৰু মাধৱ-অৱতাৰ

অষ্টসপ্ততিতম অধ্যায়

শঙ্কৰদেৱৰ বংশ

নবসপ্ততিতম অধ্যায়

গ্ৰন্থৰ উপাদান

অশীতিতম অধ্যায়

গ্ৰন্থকাৰৰ পৰিচয়-নিবেদন-গুৰুজনাৰ তিৰোধান [ ২৫ ]

তত্ত্ব-সূচী অধ্যায় পদ

অচ্যুত নাৰায়ণৰ পূজা ভাগৱতৰ মূল তত্ব।
অদ্বৈতবাদ—ব্ৰহ্ম জ্ঞানৰ অসাৰতা
অপমৃত্যু আৰু-দৈৱ মৃত্যুৰ পাৰ্থক্য
অবিৰক্ত উদাসীনতকৈ গৃহাশ্ৰমী ভক্ত শ্ৰেষ্ঠ
অভুক্ত বৈৰাগ্য-প্ৰমত্ত সিংহৰ 'নচিনা
অভেদ-গুৰু ভক্তে
শঙ্কৰ-ধাৰ
শীনাথে-জান কী নাথে
অৱতাৰ-শঙ্কৰদেৱ।
শঙ্কৰ-মাধৱ
মাধৱ ঈশ্বৰৰ অংশ
একাদশী তত
কৰ্ম্ম কাণ্ড-পাতকীৰ অধিকাৰ
কামাখ্যাৰ দেবী মূৰ্তি দৰ্শনত দোষ
কীৰ্ত্তন—বিভোৰ আৰু বাহ্যজ্ঞানহীন হোৱ।
প্ৰসঙ্গ—সকতাৰ্থতকৈ শ্ৰেষ্ঠ
গুৰু শাস্ত্ৰ-মন
জড়—মোহভ্ৰমযুক্ত
ভীৱন্মুক্ত।
তুলসী মালাৰ মাহাত্ম্য
দান-পাতকীৰ অগ্ৰাহ্য

[ ২৬ ]
অধ্যায় পদ

দেৱ মূৰ্তিত বিশ্বাস
দেৱ মূৰ্ত্তি—সিদ্ধি লাভ
-ফলকামীৰ মূর্তিপূজা বিধেয়
—মানস মূর্তি পূজা বিধেয়
—অইন দেৱপূজা অবিধেয়
—দেৱতাৰ ৰূপ চিন্তাৰ সময়
—দেৱতা তীর্থতকৈ হৰিভক্ত শ্রেষ্ঠ
নাম-ধৰ্ম্ম।
প্রসঙ্গ
—পাতকী তাৰক
-কীৰ্ত্তন
—নিন্দুক
-স্মৰণ-দ্বেষ্যভাৱে
—মন্ত্র
-মন্ত্ৰৰ বীজ
নৈৱেদ্যমনৰ ভাৱ অনুসৰি
প্রকৃতি-গুণ—সৃষ্টিৰ কাৰণ—তিনি গুণ।
প্রবৃত্তি-নিবৃত্তি মার্গ
প্রায়শ্চিত্ত—তিল কাঞ্চন
বলিৰ আযৌক্তিকতা
ব্ৰহ্ম-পূৰ্ণ-পৰম-নিৰাকাৰ
ভক্তৰ শ্ৰেষ্ঠত
মালাত মেক
শূদ্ৰৰ সিদ্ধান্ন দেৱতালৈ নিবেদন
হৰি-হৰ ভেদ

[ ২৭ ]

গ্ৰন্থ-সূচী

অধ্যায় পদ

কীৰ্ত্তন-ঘোষ।

গীতা


গগাবৰ্ধন যাত্ৰা
জন্ম ৰহস্য
দধি মখন।
নাম-ধোবা


নাম-মালিকা
পদ্ম পুৰাণ
বলি ছলন
ভাগৱত



- একাদশ
-দশম
-দ্বাদশ
ৰাকৰ

   

৭৩৩ ৰচনা); ১৯৫ (কংসবধ); ১৯১১ (প্ৰহলাদ চৰিত);
৫।১১ ( পাষণ্ড মৰ্দন ); ৭৪।৩, ৫, ১২ ( সঙ্কলন)
••• ৮৮; ১৯২১-২৬ .
২।২৭;
৬২/২; ৭৫।১•
৪৬ ১-১১
৬৫ ২৩
৭২ ৮ (পটল বিভাগ);
৭৩ ৪৯-৫০।(গুৰুৰ অৱস্থান)
৭২ ১,৬
৭৫ ১৭
৫• ৪৪
৭ ২০.২৩, ২৫,২৯-৩২;
১৮ ৭; ২২৭; s৬১৪,
৫৯৪, ৬২২; ৬৬৯;
৭৩১৪; ৭৫।১
৩১ ২৩; s৭৩; ৫২।৫
৫২ ৪-৫
৫২ ও
৫• ১৫, ২৬, ৪২;

[ ২৮ ]

.
ৰত্নাৱলী


ৰাম বিজয় নাট
ৰামায়ণ
ৰাস-ঝুমুৰা
সহস্র নাম (পার্ক্সীয়)
সীতা স্বয়ম্বৰ নাট

   

অধ্যায় পদ
৩৯ ৬, ১৩; ৫:১৫,
২৬,৪২; ৫৯১, ১৫
৬৫ ২৭
৫২ ৪
৬৫ ১৩
২০ ২৭; ৬২২; ৭৫১০

[ ২৯ ]


প্ৰথম অধ্যায়
প্ৰাৰ্থনা

জয় জয় দৈবকী নন্দন দামোদৰ।
ব্ৰহ্মা মহেশ্বৰৰ যাৰ চৰণ-কিঙ্কৰ॥
পৰম পতিত তৰে যাৰ সুমৰণে।
সদায়ে প্ৰণামো তাৰ অৰুণ চৰণে॥ ১॥
নমো নমো নাৰায়ণ জগত-কাৰণ॥
ভকত অভয়-দাতা সত্য সনাতন॥
কৃপা কৰা কৃপাময় অধমক মোক।
তোমাৰ ভক্তৰ সঙ্গ সদা মোৰ হোক॥ ২॥
শঙ্কৰ মাধৱ দুইৰো চৰিত্ৰ বৰ্ণন।
কৰো তব পদ-প্ৰসাদত নাৰায়ণ।
তোমাৰ চৰণ-কৃপা লেশ প্ৰসাদত।
প্ৰচাৰোক পদ মহাজনৰ সাক্ষাত॥ ৩॥

—শঙ্কৰ-মাধৱ-অবতাৰ-পুৰুষ—


জয়তি পৰম গুৰু শ্ৰীমন্ত শঙ্কৰ।
লোকৰ হিতাৰ্থে জন্ম অংশ কেশৱৰ॥
মাধৱ স্বৰূপে কৃষ্ণ-অংশে অৱতৰি।
গুৰুসেৱা ধৰ্ম্ম দেখাইলন্ত কৃপা কৰি॥৪॥
তাৰা দুইহন্তক নমস্কাৰ কৰি মনে।
বৰ্ণাইবো তেৰাৰ কথা পৰম যতনে॥

[ ৩০ ]

তোৰা দুই ভকতৰ যেন নৱনিধি।
তাসম্বাৰ স্মৰণে আৰম্ভ হৌক সিদ্ধি॥৫॥

—গ্ৰন্থ ৰচনাৰ উদ্দেশ্য—


মিনতি বচনে বোলো শুনা সৰ্ব্বজন।
কতো মহাজনে মোক বুলিলা বচন॥
দুয়ো মহা পুৰুষৰ কথা যত যত।
পদবন্ধে একস্থান কৰিয়ো সমস্ত॥ ৬॥
তাসম্বাৰ বাক্য পালি কৰো একস্থান।
ক্ষমিবা দোষণ বঢ়া টুটা যতমান॥
কতো পাই কত নপাই জানিব নিশ্চয়।
আৰো আগ পাছ কথা আত কিছু হয়॥ ৭॥
কহয় দৈত্যাৰি শিশুমতি আতিশয়।
জানি ইটো দোষ মৰষিয়ো সাধুচয়॥
ইদেশত পূৰ্ব্বকালে নাছিল ভকতি।
নানা ধৰ্ম্ম কৰ্ম্ম লোকে কৰিল সম্প্ৰতি॥ ৮॥
নানাদেৱ পূজয় কৰয় বলিদান।
হংস ছাগ পাৰ কাটে সহস্ৰ (১) প্ৰমাণ॥ *
তপ জপ যজ্ঞদান তীৰ্থস্নান কৰে।
ঘোৰ নৰকত পৰি পৰি সবে মৰে॥ ৯॥
উপজয় মৰয় সংসাৰে বাৰম্বাৰ।


[ ৩১ ]

নাহি সুখ নেৰাৱয় সংসাৰ নিকাৰ॥
তল গৈল লোক কলি পাপ-সাগৰত।
কৃপাময় কৃষ্ণে জানি গুণিলা মনত॥ ১০॥
সিটো লোক সমস্তক কৰিবে উদ্ধাৰ।
শঙ্কৰ মাধৱ ৰূপে ভৈলা অৱতাৰ॥
প্ৰথমতে শঙ্কৰ দেৱৰ কহো কথা।
মাধৱ দেৱৰ পাছে কহিবো ব্যৱস্থা॥ ১১॥


দ্বিতীয় অধ্যায়
শ্ৰীশ্ৰীশঙ্কৰদেৱৰ পূৰ্বপুৰুষ-সকল

লণ্ডাদেৱ নামে একজন অছিলন্ত। (১)
চণ্ডীবৰ নামে তান তনয় ভৈলন্ত॥
চণ্ডীবৰে ৰাজসেৱা বিস্তৰ কৰিলা।
দুৰ্ল্লভ-নাৰায়ণে দেবীদাস নাম দিলা॥১॥
দেবীদাসে বসাইলন্ত টম্বুৱানী বন্ধে।


[ ৩২ ]

বৰদোৱা নামে গ্ৰামে পৰম আনন্দে॥
কৰা সেৱা দুৰ্ল্লভ-নাৰায়ণ নৃপতিৰ।
দাতা ভোত্তা জ্ঞাতা ধীৰ গহীন গম্ভীৰ॥ ২॥
পৰম পণ্ডিত যত শাস্ত্ৰত নিপুণ।
দৰশিত সুন্দৰ কহিবো কত গুণ॥
ৰাজসভা আসিলা পণ্ডিত একজন।
পশ্চিমৰ পৰা বাদ কৰিবাক মন॥ ৩॥
লাগি গৈল কথা মাত দেবীদাস সমে।
দেবীদাসে জন্মস্থান পুছিলা প্ৰথমে॥
পোতনীয়া গ্ৰাম বুলি পণ্ডিতে কহিলা
তযু জন্মস্থান কৈয়ো পণ্ডিতে পুছিলা॥ ৪॥
গো-গৰীয়া গ্ৰাম দেবীদাসে কহিলন্ত।
শুনিয়া পণ্ডিতে উপহাস কৰিলন্ত॥
একে গৰু তাতে আৰু গৰীয়া অধম।
এহিবুলি হাসে তেহোঁ আনন্দ পৰম॥৫॥
দেবী দাসে বোলে যৈত পৰয় পোতনি।
তাকে শুদ্ধ কৰে গৰীয়াৰ লাদ আনি॥
এহিবুলি দেবীদাসে হৰিষে হাসন্ত।
উত্তৰ নাপায়া লাজ পণ্ডিত ভৈলন্ত॥৬॥
কূটবুদ্ধি কথা দেবীদাসে কহিলন্ত।
আছো শাস্ত্ৰবাদে এতেকতে জিনিলন্ত॥
হেনয় পণ্ডিত দেবীদাস আছিলন্ত।
ৰাজধৰ নামে তান তনয় ভৈলন্ত॥৭॥
দানী মানী গুণৱন্ত শান্ত শোভনয়।
ভৈল তিনিজন জানা তাহান তনয়॥

[ ৩৩ ]

সূৰ্য্যবৰ জয়ন্ত মাধৱ দলৈ নাম।
তিনিয়ো পণ্ডিত গুণৱন্ত অনুপাম॥৮॥
—অদ্বৈতবাদীৰ প্ৰতি ব্যৱহাৰ—
মাধৱ দলৈৰ নাতি নামে ৰতিকান্ত।
জানিবাহা তেন্তে ব্ৰহ্মজ্ঞানী আছিলন্ত॥
ব্ৰহ্মজ্ঞান এৰুৱাইব অনেক প্ৰকাৰে।
না পাৰিয়া ভিন্ন তাঙ্ক মানিলা শঙ্কৰে॥৯॥
বোলন্ত আঙ্গুলি তোৰ ছাতিৰ নালত।
পশিল, নোলাই আৰু ন কাটে যাৱত॥
হৰি-হৰি-দুৰ্ল্লভ ভাৰতবৰিষত।
জন্ম লভি হৰি ভক্তি তেজে বুদ্ধিহত॥১০॥
ব্ৰহ্মজ্ঞান নাল মহা গৰ্ত্তত পৰিল।
এহি বুলি খেদ দেৱ শঙ্কৰে কৰিল॥ (১)
জয়ন্তৰ পুত্ৰ শতানন্দ নাম ভৈল।
তাহান পুত্ৰৰ ৰামৰায় (২) নাম থৈল॥১১॥


[ ৩৪ ]

তৃতীয় অধ্যায়
শ্ৰীশ্ৰীশঙ্কৰদেৱৰ জন্ম

আছিলন্ত ৰামৰায় পৰম ভকত।
কৰিলা ভকতি ধৰি শঙ্কৰৰ মত॥
ৰামৰায়ৰ কথা যত কহিবো পাছত।
সূৰ্য্যবৰ পুত্ৰ ভৈলা কুসুম নামত॥১॥
সন্তজন–ৰঞ্জন ভঞ্জন-দুষ্টজন।
গৌৰবৰ্ণ শৰীৰ পৰম সুশোভন॥
তান গুণ গণি কিম্বা কহিবো সাক্ষাত।
শঙ্কৰ স্বৰূপে কৃষ্ণ অৱতাৰ যাত॥২॥
সমস্ত ঐশ্বৰ্য্য যুক্ত সুমধুৰ বাণী।
লক্ষ্মী সম ৰূপৱতী তাহান পতনী॥
তথাপি মনত তান সুখ নাহিকয়॥
সমস্ত সম্পদ যুক্ত নাহিকে তনয়॥৩॥
পুত্ৰকামে নানাবিধ কৰ্ম্ম আচৰন্ত।
পুত্ৰকামে হৰিবংশ শাস্ত্ৰক শুনন্ত॥
নানা ধৰ্ম্ম কৰন্ত পুত্ৰক আশা কৰি।
নপাইলন্ত পুত্ৰ তন্ত্ৰ মন্ত্ৰক আচৰি॥৪॥
পাছে জ্ঞাতি মিত্ৰ সমে সবে আলোচিল।
পুত্ৰ কামনায় মহেশক আৰাধিল॥

[ ৩৫ ]

তান ভকতি তুষ্ট ভৈলন্ত শঙ্কৰ।
স্বপ্নত দিলেক শম্ভু তাঙ্ক পুত্ৰ-বৰ॥৫॥
বৰ পায়া কুসুমৰ আনন্দ মনত।
কহিলন্ত ভাৰ্য্যাত স্বপ্নৰ কথা যত॥
মনত হৰিষ কৰি দুয়োজন ৰৈল।
এককালে তাহান ভাৰ্য্যাৰ গৰ্ভ ভৈল॥৬॥
অধিক সম্পত্তি সেহি দিন হন্তে হয়।
জানিয়া আনন্দ কুসুমৰ অতিশয়॥
গৰ্ভৰ প্ৰমাণ জানি মনত উল্লাস।
অনন্তৰে গৰ্ভ ভৈল পূৰ্ণ দশমাস॥৭॥
শুভক্ষণ শুভলগ্ন নক্ষত্ৰ মিলিল। (১)
সেহিবেলা কুসুমৰ পুত্ৰ উপজিল॥
দোভাগ ৰজনী অন্ধকাৰ তমোময়।
সূতিকাৰ গৃহগোট ভৈল জ্যোতিৰ্ম্ময়॥৮॥
মধুৰ গৰ্জ্জনে মেঘ সবে গৰজয়।
ঘোৰা সৰ চিঞঁৰি উঠিল অতিশয়॥
উপজিল পুত্ৰ কথা কুসুমে শুনিলা।
পৰম আনন্দে স্নান (২) সবস্ত্ৰে কৰিলা॥৯॥


[ ৩৬ ]

মনত হৰিষে দান দক্ষিণা কৰিল।
ব্ৰাহ্মণ দৈবজ্ঞ জ্ঞাতি মাতিয়া আনিল॥
শাস্ত্ৰ চাই দৈবজ্ঞে গণিত কৰিলন্ত।
শঙ্কৰৰ কথা কুসুমত কহিলন্ত॥১০॥
নাহি কোনো ৰিষ্ট শিশু মহা সুলক্ষণ (১)
জ্ঞানৱন্ত ধৈৰ্য্যৱন্ত হৈব শান্ত মন॥
পৰম পণ্ডিত হৈব পৰম মহন্ত।
আন যত গুণ শঙ্কৰৰ কহিলন্ত॥১১॥
শঙ্কৰৰ বৰত পুত্ৰক লভিলন্ত।
এতেকে শঙ্কৰৰ নামক থৈলন্ত॥
গুপ্ত নাম তাহানি থৈলন্ত গঙ্গাধৰ। (২)
পুত্ৰ দেখি মনত আনন্দ কুসুমৰ॥১২॥
যেন চন্দ্ৰকলা বাঢ়ি যান্ত নিতে নিত।
দেখি সমস্তৰে আতি আনন্দিত চিত্ত।
অনন্তৰে আৰো এক পুত্ৰ ভৈল জাত।
বনগঞাঁ গিৰি নাম জগতে প্ৰখাত॥১৩॥
তাত পাছে যেন ভৈল তাঙ্ক শুনিয়োক।
কতোদিনে কুসুম গৈলন্ত পৰলোক॥
দেখিলা ভাৰ্য্যায়ে তান মৰি গৈলা স্বামী। (৩)
মনত হৰিষে তেহো ভৈলা অনুগামী॥১৪॥


[ ৩৭ ]

গঙ্গাধৰ নাম হলে ধনিষ্ঠা নক্ষত্ৰ (২৩) আৰু মকৰ ৰাশি হয়। পাচত শঙ্কৰৰ দহোটা নাম হয়। যেনে-শঙ্কৰ, গঙ্গাধৰ, মহাপুৰুষ, ডেকাগিৰি, অধিকাৰী, সন্ত, মহন্ত, আতা, গোমোস্তা, আৰু জগন্নাথ॥

 শঙ্কৰদেৱৰ জন্ম তাৰিখ আৰু তিথি নক্ষত্ৰ সম্পৰ্কে পাতনিত আলোচনা। কৰা হৈছে॥

 (৩) ৰামচৰণ ঠাকুৰৰ শঙ্কৰ চৰিতত শঙ্কৰৰ জন্মৰ ১৫ দিনৰ দিনা মাতৃ সত্যসন্ধাৰ মৃত্যু হয় বুলি কোৱা হৈছে॥

সেহিদিনা শুক্ৰবাৰ পঞ্চদশ দিন।
সেহি বেলা ভৈলন্ত সতীৰ আয়ুক্ষীণ॥ ৫২৪॥
সেইদিনা বেলা চাৰি দণ্ড ভাটী দিলা।
তেবে সত্যসন্ধ্যা আই বৈকুণ্ঠ চলিলা॥ ৬০৬॥

 বনগঞাঁঃ— শঙ্কৰদেৱৰ ১৩ মাহ বয়সত কুসুমৰ আন এটি পুত্ৰ সন্তান হয়। সেই সময়ত কছাৰীৰ উপদ্ৰবত, ভূঞাসকল হাবিত পাই ফুৰিছিল। পলাই থকা অৱস্থাত, হাবিৰ মাজত জন্ম হোৱা হেতুকে, তেওৰ নাম, ‘বনগঞা’ ৰখা হল॥

এই সময়ত কুসুমৰ পুত্ৰ ভৈলা।
তাতে সে তাহান নাম বনগঞা থৈলা—ৰাচৰণ ১০২৫॥

 শঙ্কৰৰ ১৫ দিন বয়সত, সত্যাসন্ধ্যাৰ মৃত্যু হলে, বনগঞা, শঙ্কৰৰ বৈমাত্ৰেয় ভ্ৰাতৃ হব লাগিব। কিন্তু ৰামচৰণে এই কথা স্পষ্ট কৰি কোৱা নাই। আনকি, বনগঞাৰ মাক কোন, কুসুমে কোন সময়ত বিয়া কৰাইছিল, সত্যসন্ধ্যাৰ জীবিত কালত নে, মৃত্যুৰ পিচত, তাকো কোৱা নাই॥ সত্যসন্ধ্যাৰ মৃত্যু প্ৰসঙ্গত, এষাৰ কথা আছে,:— কুসুমে বুলিল চটো (পাঃ চণ্টো) ভাৰ্য্যাক শুনাই। পথ্য,খাই—শঙ্কৰক স্তন দিয়া যাই॥ ৬৮৩॥

 ইয়াৰ পৰা বুজা যায়, এই “চটো ভাৰ্য্যা” সৰু ঘৈনীয়েক। এওক [ ৩৮ ]  সত্যসন্ধ্যা জীয়াই থাকোতেই কুসুমে বিয়া কৰাইছিল॥

আগদিনা পথ্য খাইলা গোসানী চণ্ডৰী।
বহি বাই দুগ্ধ দুইৰো ধাৰাদণ্ডে ধৰি॥ ৬৮৫॥

 এই “চণ্ডৰী গোসানী” কোন, কুসুমৰ সৰু ভাৰ্য্যা হয়নে নহয়, ঠিক বুজা না যায়, চণ্ডী নামে কুসুমৰ বেটী এজনীহে আছিল বুলি পোৱা যায়। এই চণ্ডৰী অবশ্যে বেলেগ হব লাগিব। কাৰণ “গোসানী” বিশেষণ বেটীৰ বেলিকা ব্যৱহৃত নহয়। যদি চণ্ডৱী কুসুমৰ সৰু ভাৰ্য্যা হয়, তেন্তে তেৱেঁই বনগঞাৰ মাক॥

 ভূষণ দ্বিজৰ শঙ্কৰ চৰিতত, শঙ্কৰদেৱৰ বিবাহৰো বহুত দিন পিছতহে কুসুমৰ আৰু তাৰ কিছুদিন পিছত মাক সত্যসন্ধ্যাৰ মৃত্যু হৈছিল বুলি কোৱা হৈছে :-

(১)—“মাতৃৰো হৰিষ আতি   বুলিলা স্বামীক মাতি
  ভাল চাই কন্যাক যুৰিয়ো॥”॥৬৯॥
(২) “কুসুমৰ ভাৰ্য্যা সতী,   পুত্ৰৰ বহাৰী দেখি।
  মনে মহা কৰন্ত হৰিয।”—॥৭১॥
(৩)—এহিমতে হৰিষতে আছে কতোদিন।
অনন্তৰে কুসুমৰ আয়ু ভৈল ক্ষীণ॥
মৰিলন্ত কুসুম পাইলন্ত স্বৰ্গলোক।
শঙ্কৰে পিতৃক লাগি নকৰিলা শোক॥ ১১২॥
(৪) মনত হৰিষে যেবে শঙ্কৰ আছন্ত।
অনন্তৰে তান পাছে মাতৃ মৰিলন্ত॥—১১৯॥

 এই মতে বনগঞা শঙ্কৰদেৱৰ সহোদৰ ভায়েক।

বনগঞা নামে আছে কনিষ্ঠ সোদৰ।
জমাইৰ লগতে তাঙ্ক ৰাখিলা শঙ্কৰ॥ ১২৭॥

 দ্বিজ ৰামানন্দৰ গুৰুচৰিত্ৰত কিন্তু সম্পূৰ্ণ ওলোটাটোহে আছে। দ্বিজ ৰামানন্দৰ বৰ্ণনা এই পুথিৰ সৈতে মিলে। সেইমতে বনগঞা শঙ্কৰৰ সহোদৰ [ ৩৯ ] ভায়েক। বনগঞাৰ আচল নাম হলধৰ। বনৰ মাজত ওপজা বাবেহে বনগঞা বোলে। শঙ্কৰৰ সাতবছৰ আৰু বনগঞাৰ দুবছৰ হওঁতেই কুসুমৰ মৃত্যু হয়। মৃত্যুত, ভাৰ্য্যা সত্যসন্ধ্যা সতী যায়। শঙ্কৰদেৱ সৰু হৈ থকাৰ কাৰণে, পিতাৰ শ্ৰাদ্ধাদি, ৰামৰায়ৰ পিতৃ শতানন্দ দলৈৰ হতুৱাই কৰোৱা হয়।

৺লক্ষ্মীনাথ বেজবৰুৱাদেৱে বনগঞাৰ মাকৰ নাম অনুধৃতি বুলি লিখিছে। (শঙ্কৰদেৱ ১৩ পৃঃ) “আমি কিন্তু আমাৰ পিতৃদেৱতা ডাঙ্গৰীয়া ৺দীননাথ বেজবৰুৱাৰ মুখে শুনিছিলো যে শঙ্কৰৰ জন্মৰ তিনদিনৰ ভিতৰতে মাক ধুকায় আৰু বুঢ়ীমাক খেৰসুতীয়ে ডাঙৰ দীঘল কৰে॥”

 বহুকালৰ পিচতে সত্যসন্ধ্যাৰ গৰ্ভত সন্তান নোহোৱা (শঙ্কৰদেৱ ১৬ পৃ: বেজবৰুৱা) দেখি কুসুম্বৰে শ্ৰীপতিভূঞাৰ কন্যা অনুধৃতিক বিয়া কৰায়। অনুধৃতিৰ গৰ্ভত বনগঞা গিৰিৰ জন্ম হয়। (শ্ৰীশঙ্কৰদেৱ আৰু শ্ৰীমাধবদেৱ ১৫ পৃঃ-বেজবৰুৱা)



চতুৰ্থ অধ্যায়

শ্ৰীশ্ৰীশঙ্কৰদেৱৰ বাল্যলীলা

—ক্ৰীড়া-কৌতুক—


কুসুমৰ মাতৃ শঙ্কৰৰ বুঢ়ী আই।
তেহে তুলিলন্ত বৰ ভৈলা দুই ভাই॥
ফুৰন্ত উমলি শিশুগণ লৈয়া সঙ্গে।
নানা ক্ৰীড়া কৰি কতো ফুৰা মন ৰঙ্গে॥১॥
ফল ফুল কোটোৰ৷ খেলান্ত কতো বেলা।
ঘিলা খেৰি খেলা কতো কতো ভণ্টা খেলা॥

[ ৪০ ]

কতো ভাকুলুকা কতো লৱৰালৱৰি।
কত হৰিধ্বনি কৰি বজান্ত চাপৰি॥২॥
কতোবেলা শিশুগণে সমে হুয়া সাৰি।
বনে বনে বটা-চৰাই ফুৰন্ত বিচাৰি॥
আন শিশুগণে বটা গোটাক নপান্ত।
দুইচাৰি আনন্দতে শঙ্কৰে ধৰন্ত॥৩॥
বটা মেলি দিয়া পাছে গৃহক আসন্ত।
কতো শিশুগণ সমে শৃগাল খেদন্ত॥
কতোহো নদীত নামি সাতুৰি ফুৰন্ত।
জল ঝান্টি ক্ৰীড়া কতো কৌতুকে কৰন্ত॥ ৪॥
কোনে কতবেলি থাকে বুলি বুৰ দেন্ত।
সবাতো অধিক দেৱ শঙ্কৰ থাকন্ত॥
কোনোবেলা মহাৰঙ্গে শুশু বুৰ দেন্ত।
কতো কাক লাগ নেদি শঙ্কৰ থাকন্ত॥ ৫॥
হাত ভৰি এৰি চিত্তে ফুৰন্ত উঠিয়া।
কৌতুকে মাতন্ত কতো জালে বুড় দিয়া॥
এহিমতে নানা ক্ৰীড়া কৰিয়া জলত।
শিশুগণ সমে পাছে উঠন্ত পাৰত॥ ৬॥
দেন্ত লৰ গৃহক আনন্দে অতিশয়॥
লগৰীয়া[১] শিশুগণে লাগ নাপাৱয়॥
গৃহক আসিয়া পাছে ভোজন কৰন্ত।
সেহি সময়ত তাঙ্ক গোসানী বোলন্ত॥ ৭॥


[ ৪১ ]

—পাঠাৰম্ভ—


শুনৰে টামোন তই উমলি ফুৰস।
এতমান ভৈল আসি এভো নপঢ়স॥
হেনশুনি শঙ্কৰ পঢ়িবে নিতে যান্ত
‘ক’ ফালিকা পৰ্য্যন্তে ফলা সব পঢ়িলন্ত॥৮॥
পঢ়িলন্ত আনো যত পঢ়িবে লাগয়।
সন্ধি সংজ্ঞা সাধিবে লাগিলা মহাশয়॥
একদিনা উমলিবে মনে ইচ্ছা কৰি।
একটুক বস্ত্ৰ এক টকা হাতে ধৰি॥ ৯॥

—পাঠত অৱহেলা—


আৰ কৰি নিয়া তান গুৰুক দিলন্ত।
অনুমতি লৈয়া উমলিবাক গৈলন্ত॥
ফুৰন্ত উমলি শিশু সমে আনন্দত।
নানা ক্ৰীড়া কৰি আতি কৌতুকে মনত॥ ১০॥
নানা হাস পৰিহাসে খেলা খেলান্ত।
শুনা গৃহে যেন মত হুয়াছে বৃত্তান্ত॥
বস্ত্ৰ টকা নিয়া গুৰু গোসানীক দিলা।
শঙ্কৰদেৱৰ কথা সমস্তে কহিলা॥ ১১॥
কতো বেলি উমলিয়া স্নান কৰিলন্ত।
এইদিনা অসময়ত গৃহক গৈলন্ত॥
মাতন্ত গোসানী শঙ্কৰক ক্ৰোদ্ধ কৰি।
ফুৰস উমলি বোলে পঠনক এৰি॥ ১২॥
মোহোৰ ঘৰৰ টকা কাপোৰক নিয়া।

[ ৪২ ]

যাস উমলিবেক গুৰুক তই দিয়া॥
শঙ্কৰে বোলন্ত টকা বস্ত্ৰ কৈত পাইবো।
কোনে কৱৈ আসি তাৰ মান্যক কৰিবো॥ ১৩॥
হেন শুনি গোসানীয়ে হাসি তুলিলন্ত।
টকা বস্ত্ৰ শঙ্কৰৰ আগত দিলন্ত।
দেখৰে টামোন হেৰ টকা বস্ত্ৰখানি।
মোহোৰ হাতত গুৰু তাক দিলা আনি॥ ১৪॥
শুনিয়া শঙ্কৰে আৰু কিছু নুবুলিলা।
সলজ্জিত হৈয়া আতি মাথা চাপৰাইলা॥
সেহি দিন ধৰি উমলিবেক নযান্ত।
পৰম যতনে গুৰু গৃহত পঢ়ন্ত॥ ১৫॥

—পাঠত মনোযোগ—


বাৰকে দেখাই দিলে এতেক পাৰন্ত।
অতি অপ্ৰয়াসে গুৰু তাহাঙ্ক পঢ়ান্ত॥
পঢ়িলন্ত নিৰন্তৰে শাস্ত্ৰ সমস্তয়।
অপ্ৰমাদী পণ্ডিত ভৈলন্ত মহাশয়॥ ১৬॥
অবিৰতে সমস্ত শাস্ত্ৰক বিচাৰন্ত।
শাস্ত্ৰালাপ বিনে আন কৰ্ম্ম নাচৰন্ত॥
শাস্ত্ৰৰ তত্ত্বক জানি মনত হৰিষে।
পৰলোক হিত মাত্ৰ চিন্তে অহৰ্নিশে॥ ১৭॥
ধৰ্ম্মত সদায় ৰতি কৃপাময় মন।
শিশুহন্তে ধৰ্ম্ম মাত্ৰ কৰন্ত মনন॥
হৰিত ভকতি যদি পাইবা সাধুলোক।
ডাক চাৰি শঙ্কৰ মাধৱ বুলিয়োক॥ ১৮॥

[ ৪৩ ]

পঞ্চম অধ্যায়

যোগ অভ্যাস

শুনা সাধুজন  থিৰ কৰি মন
 আত অনন্তৰে তথা
মহা ৰুচিকৰ শঙ্কৰ দেৱৰ
 কহো আৰ যেন কথা॥১॥
এহিমতে শাস্ত্ৰ  বিচাৰি পাছত
 যোগ শাস্ত্ৰ পাইলা যাই।
পৰলোক হিত  সাধিবাক চিত্ত
 ধৰিলা যোগ উপায়॥২॥
পান অপান সমান উদান
 আদি কৰি বায়ু চয়।
বশ্য কৰিলন্ত চলাইবে পাৰন্ত
 যি বায়ু যৈত লাগয়॥৩॥
বায়ুক ক্ষেপিয়া  উশাস ধৰিয়া
 আসন ভিৰি হৰিষি।
থাকন্ত সদায়  সুনিশ্চল কায়
 দিন দুই চাৰি বসি॥৪।
জলে বুৰ দিয়া  থাকন্ত বসিয়া
 জলৰ ভিতৰে যাই।

[ ৪৪ ]

জল দূৰ কৰি   পৰ দুই চাৰি
  জলে নিভিজয় কাই॥৫॥
বস্ত্ৰো নিভিজয়   শুকানে থাকয়
  উঠন্ত পুনু জলৰ।
বাহু প্ৰদেশত   ঘৰসে বান্ধন্ত
  নবীন ডোৰে পাটৰ॥৬॥
বায়ুক ক্ষেপিয়া   বাহু উপন্দায়া
  বায়ুৰ লগান্ত মান।
নব পাট ডোৰ   চিণ্ডি জটৰাই
  পৰে কতো দূৰ মান॥৭॥
আনো নানা মত   কৰন্ত সতত
  বায়ু সমে ক্ৰীড়া অতি।
যোগ শাস্ত্ৰ মত   ধৰি যোগ যত
  আচৰন্ত দিনে ৰাতি॥৮॥
ধ্যান ধাৰণা   সমাধি আসন
  প্ৰাণায়াম আদি যত।
বিষয় বিৰতি   হৈয়া শুদ্ধমতি
  আচৰে শাস্ত্ৰ সতত॥৯॥
শৰীৰৰ ছয়   চক্ৰক চিন্তন্ত[২]
  মনক কৰি নিয়ম।
পাছে ভাগৱত   শাস্ত্ৰক পাইলন্ত
  সবাতো কৰি উত্তম॥১০॥


[ ৪৫ ]


ষষ্ঠ অধ্যায়
বিবাহ

ভাগৱত তত্ত্ব   জানিয়া পাছত
  এৰিলা যোগ অভ্যাস।
যেন মতে পাইলা   ভাগৱত শাস্ত্ৰ
  কৰিবো পাছে প্ৰকাশ॥১॥
কতোহো উৎসুকী,   কৰন্ত কৌতুকী
  নানামত ক্ৰীড়াচয়।
খনো গৃহাশ্ৰম   কৰাৱন্ত কৰ্ম্ম
  ভৃত্য হাতে যেন লয়॥২॥
ইষ্টগণ সঙ্গে   এক কাল ৰঙ্গে
  মনত মহা উৎসাহ।
ৰূপে বিতোপনী,   কন্যা একখানি
  কৰিলা তেঁহো বিবাহ॥ ৩॥
গৃহাশ্ৰমে থাকি   ধৰ্ম্ম আচৰন্ত
  শাস্ত্ৰৰ যেন বিহিত।
স্নান তৰ্পণ   সন্ধ্যা যে বন্দন
  আচৰন্ত কৰ্ম্ম নিত॥ ৪॥
দুখী দৰিদ্ৰক   প্ৰাৰ্থক জনক
  অন্ন বস্ত্ৰ দেন্ত মাতি।

[ ৪৬ ]

ইষ্ট বান্ধবক জ্ঞাতিক মিত্রক
 পােষন্ত পালন্ত আতি॥ ৫॥
দাসী দাস যত  সবাকো সতত
 মাতন্ত মধুৰ বাণী।
হেন নাহিকয়  তাহান বাক্যত
 দুখ পাই কোন প্রাণী ॥ ৬৷৷
আনাে লােক যত  সবাকো ৰঞ্জন্ত
 যাক যথােচিত ভাৱে।
সদয় হৃদয় যেন জলাশয়
 কৃপালু গুণ স্বভাৱে ॥ ৭॥
গুৰু গুণ গাণ  শুনা সাধুজন
 হুয়া সাৱধান মন।
কৰিয়া উৎসৱ শঙ্কৰ মাধৱ
 বুলিয়ােক সৰ্ব্বজন॥ ৮॥

[ ৪৭ ]

সপ্তম অধ্যায়

যৌবনলীলা

—লােহিত সন্তৰণ—

শুনা সাধুসব কথা আত অনন্তৰ।
যি মত চৰিত্ৰ আৰো শঙ্কৰ দেৱৰ॥
দেখিতে সুন্দৰ গৌৰবৰ্ণ কলেৱৰ।
কৰন্ত প্রকাশ আতি সূৰ্য্য সমসৰ॥ ১॥
ৰূপ দেখি কন্দর্পৰ দৰ্প হােৱে চুৰ।
সৰ্ব্বজন ৰঞ্জি থাকে বচন মধুৰ॥
গমন গম্ভীৰ নেত্র কমলৰ পাসি।
চন্দ্র সম বদন প্রকাশে অল্প হাসি॥২॥
সুবুদ্ধি সুথিৰ ধীৰ গম্ভীৰ সাগৰ।
প্রীতি বাঢ়ি যাই তান্তে সমস্ত লােকৰ॥
পাছে ৰাম-ৰাম গুৰু সমে ৰঙ্গ মনে।
লােহিতত স্নানিবাক যান্ত দুয়ােজনে॥ ৩॥
সান্তুৰিয়া দুয়াে লােহিত হন্ত পাৰ।।
সান্তুৰিলা শঙ্কৰদেৱ আৰো পুনৰ্ব্বাৰ॥
ৰামৰাম গুৰু নােৱাৰন্ত আসিবাক।
নৌকা লৈয়া শঙ্কৰে আনন্ত গৈয়া তাঙ্ক॥ ৪॥

[ ৪৮ ]

এহি নানা ক্ৰীড়া যুবা কালে কৰিলন্ত।
কোন জনে তাক সবে কহি পাৱে অন্ত॥
জ্ঞানৱন্ত ধৈৰ্য্যৱন্ত পৰম পণ্ডিত।
বুদ্ধি বৃহস্পত্যোধিক মহা অখণ্ডিত॥ ৫॥

—জগন্নাথ ভ্ৰমণ—


এককালে তেঁহো জগন্নাথ ক্ষেত্ৰে গৈলা।
বহুদিন তৈতে কৃষ্ণ চৰণ সেৱিলা॥
বহুদিন নাসিবাৰ দেখি বন্ধুগণে।
চিন্তাবিষ্ট হুয়া দুঃখ লভিলন্ত মনে॥ ৬॥
পাছে কতোদিন দেৱ শঙ্কৰ আসিলা।
দেখি তাঙ্ক সবান্ধৱে আনন্দ লভিলা॥[৩]
আসিলা শঙ্কৰবৰ শুনি বুঢ়ী আই।
দিলা বেগ খাটত পৰিলা ঝুটি খাই॥ ৭॥
লাগিয়া খাটৰ খুৰা ঘাৱ ভৈলা ভৰি।
কান্দিবে লাগিলা শঙ্কৰৰ গলে ধৰি॥
এতদিন বাপু তুমি কিসক নাসিলা।
সবাকে সম্বোধি দেৱ শঙ্কৰ ৰহিলা॥ ৮॥

—ষাণ্ড মৰ্দ্দন—


কতোদিন আছ যেবে শঙ্কৰ ঘৰত।
শুনা যেন কথা ভেলা তাহাৰ পাছত॥


[ ৪৯ ]

দিনেক শঙ্কৰদেৱ কৰিয়া ভোজন।
কৰি মুখ শুদ্ধি পথে কৰিলা গমন॥ ৯॥
খান চাৰি গুৱাপান বাম হাতে ধৰি।
চলন্ত পথত আতি লীলা গতি কৰি॥
সেহিবেলা যাও এক আগে উপগত।
দেখিয়া শঙ্কৰদেৱ গুণন্ত মনত॥ ১০॥
হঠাতে বাজিলোঁ পলাইবাক নপাৰিলোঁ।
দিবে দুখ ইটো মোক অৱশ্যে জানিলো॥
বাৰম্বাৰ ইটো মনুষ্যক মাৰিছয়।
শিঙ্গ পাতি শঙ্কৰক খেদিয়া আসয়॥ ১১॥
আছন্ত শঙ্কৱদেৱ ৰহি তাক চাই।
মনে গুণি আন একো নাপান্ত উপায়॥
গুৱাপান এৰি দুই হাতে দুই শিঙ্গে।
ধৰিয়া দিলন্ত দাবি আতি মন ৰঙ্গে॥ ১২॥
পাছক লাগিয়া হেম্পচিয়া তাক নেন্ত।
এৰাইবো কিমতে বুলি মনত গুণন্ত॥
দুইভিতি খাল পলাইবাক নাহি দিক।
বামপাশে খালত পেলাইলা চিতে তাক॥ ১৩॥
খালে পৰি ধৰফৰ কৰে আতিশয়।
ভয় হুয়া চাৰিয়ো চৰণ আছাৰয়॥
উঠি মলমূত্ৰ তেজি শঙ্কৰ দেৱক।
দেখিয়া পলাই আৰ নচাৱে পাছক॥ ১৪॥
খালে খালে লৱৰিয়া ভয়ত পলাই।

[ ৫০ ]

ৰঙ্গমনে শঙ্কৰে আছন্ত তাঙ্ক চাই॥
ষাণ্ড মৰ্দ্দি শঙ্কৰ গৃহক চলি গৈলা।
সমস্ত লোকৰ আগে এহি কথা কৈলা॥ ১৫॥
শুনি সবলোকে খলখলি হাসিলন্ত।
তাকে কহি অন্যো অন্যে কৌতুক কৰন্ত॥
শঙ্কৰদেৱক ডেকাগিৰিও বোলয়।
সেহি ষাণ্ড যাক আসি লাগাল পাৱয়॥ ১৬॥
ডেকাগিৰি আসে বুলি আটাস পাৰয়।
এতেক পলাই ষাণ্ড হুয়া মহাভয়॥
এহি ভৈল ঔষধ জানিবা দিশে পাশে।
ষাণ্ড লাগ পাইলে বোলে ডেকাগিৰি আসে॥ ১৭॥
যেন গোকুলত কৃষ্ণ অৰিষ্ট বধিলা।
শঙ্কৰ স্বৰূপে সেহি লীলা দৰশাইলা॥
আনন্দে শঙ্কৰদেৱ আছন্ত গৃহত।
শুনা যেন কথা ভৈল তাহাৰ পাছত॥ ১৮॥

—ভাগবত শাস্ত্ৰ প্ৰাপ্তি—


ভাগৱত শাস্ত্ৰ লৈয়া এক বিপ্ৰ জনে।
জগন্নাথ ক্ষেত্ৰ গৈলা পঢ়িবাক মনে॥
কোনদেশী বিপ্ৰ কেহো নপাৰে চিনিতে।[৪]
জগন্নাথ আগে বিপ্ৰ যান্ত প্ৰতিনিতে॥ ১৯॥
পাৰ্থনা কৰন্ত বিপ্ৰে কৃষ্ণৰ চৰণে।


[ ৫১ ]

একৰূপ ভাগৱত পঢ়িবাক মনে॥
সেহি সময়ত বিপ্ৰে দেখিলা স্বপন।
স্বপনত জগন্নাথে বুলিলা বচন॥ ২০॥
শুনা দ্বিজৰাজ তুমি কামৰূপে যায়ো।
শঙ্কৰক ভাগৱত শাস্ত্ৰক শুনায়ো॥
শঙ্কৰে শুনিলে মই শুনা হেন জানা।
শঙ্কৰকে মোকে তুমি এক কৰি মানা॥ ২১॥
শঙ্কৰৰে মোৰে কিছু নাহিকে অন্তৰ।
এহি জানি দ্বিজৰাজ চলিয়ো সত্বৰ॥
তান আগে ভাগৱত পঢ়িয়ো সকল।
শাস্ত্ৰ পঢ়িবাৰো হোৱে তেবেসে সাম্ফল॥ ২২॥
গাঙ্গমৌ গ্ৰামত শঙ্কৰ আছা গই।
তান পাশে যায়ো তুমি ভাগৱত লই॥
অনন্তৰে দ্বিজবৰে লভিলা চেতন।
স্বপ্ন দেখি ব্ৰাহ্মণৰ ৰঙ্গ ভৈলা মন॥ ২৩॥
সাগৰত স্নান পাছে কৰিলা ব্ৰাহ্মণ।
পাছে গৈয়া কৈলা জগন্নাথ দৰশন॥
নমস্কাৰ কৰি বিপ্ৰে কৰিলা বিদায়।
লৈয়া অনুমতি পাণ্ডা সমস্তৰ ঠাই॥ ২৪॥
বাসাক আসিয়া পাছে কৰিলা ভোজন।
ভাগৱত স্কন্ধে কৰি কৰিলা গমন॥
পথত চলন্ত বিপ্ৰ আনন্দ মনত।
অনন্তৰে টেম্বুৱানী ভৈলা উপগত॥ ২৫॥

[ ৫২ ]

শুনা সাধুজন যেন কথা ভৈলা পাছে।
গাঙ্গমৌ পাইবে দ্বিজ তিনি দিন আছে॥
সেহিবেলা বৰদোৱা এরিয়া শঙ্কৰ।
গৈলা গাঙ্গমৌ পাছে কেতে খাঁ [৫]
নগৰ॥ ২৬॥
সম্বন্ধত পেহা হোন্ত শঙ্কৰদেৱৰ।
তাহাঙ্ক দেখিবে গৈলা কেতেখাঁৰ ঘৰ॥
তিনদিন তহিতে শঙ্কৰদেৱ আছে।
শুনা আবে যেন কথা ভৈল তাত পাছে॥ ২৭॥
পুছি পুছি দ্বিজবৰ গাঙ্গমৌক পাইলা।
শঙ্কৰদেৱক গই দৰশন ভৈলা॥
পাইলা মহা প্ৰীতি আনন্দৰ নাহি পাৰ।
কৰিলা শঙ্কৰদেৱে দ্বিজক সতকাৰ॥ ২৮॥
কহিলন্ত দ্বিজ জগন্নাথৰ কথাক।
যিমতে পাঠাইলা ভাগৱত পঢ়িবাক।
শুনি দেৱ শঙ্কৰ ভৈলন্ত হৰিষিতে।
আৰম্ভিলা ভাগৱত শাস্ত্ৰক শুনিতে॥ ২৯॥


[ ৫৩ ]

শুনিলন্ত ভাগৱত আনন্দে পৰম।
জানিলন্ত ভাগৱত শাস্ত্ৰ নিৰূপম॥
কৃষ্ণদেৱ-নাম ধৰ্ম্ম একান্ত-শৰণ।
সাধুসঙ্গ আকে মাত্ৰ কৰে নিৰুপণ॥ ৩০॥
দেখি লন্ত ভাগৱত শাস্ত্ৰৰ মহত।
অনন্তৰে ভাগৱত ভৈলা সমাপত॥
ভাগৱত পাঠ সাঙ্গ ভৈল মাত্ৰকত।
তেজিলন্ত প্ৰাণ দ্বিজে সেহি সময়ত॥ ৩১॥

—ভাগৱত প্ৰচাৰ—


কৰাইলা শঙ্কৰদেৱে কাষ্ঠ সংস্কাৰ।
দিয়াইলন্ত জলপিণ্ড দ্বিজৰ আচাৰ॥
বিচাৰ কৰিয়া পাছে ভাগৱত গ্ৰন্থ।
কৰিলন্ত শঙ্কৰে প্ৰকাশ ভক্তি-পন্থ॥ ৩২॥

—কীৰ্ত্তন ৰচনা—


হৰিত ভকতি আবে কৰিবে প্ৰবন্ধ।
প্ৰথমতে কৰিলন্ত কীৰ্ত্তনৰ ছন্দ॥
অনন্তৰে কিছুলোকে ভকতি ধৰিল।
তেবে আনো নানাবিধ ছন্দ নিৰূপিল॥ ৩৩॥
কতো গীত পদ কতো ভট্টিমা চপয়।
কথা শ্লোক আদি কৰিলন্ত মহাশয়॥
নিজ কৃপাগুণে লোক তাৰিবাক মনে।
প্ৰচাৰিলা ভক্তিধৰ্ম্ম তাৰিবাক মনে॥ ৩৪॥

[ ৫৪ ]


অষ্টম অধ্যায়

আসামৰ দৌৰাত্ম্য আৰু গীতালাভ

জানি সভাসদ তান পদ হৃদি ধৰি।
আতপৰে কথা আৰৰ শুনা মন কৰি॥
এককালে আসামে মাৰিলে টেম্বুৱানী

[৬]
[ ৫৫ ]

আসামৰ ভয়ত পলাইল সবে প্ৰাণী॥ ১॥
শঙ্কৰো পলায়া গৈলা লোকৰ লগত।
কীৰ্ত্তন-ঘোষা পুথিখান ৰহিল ঘৰত॥ (২)
তাকে নিবে লাগি একেশ্বৰে আসিলন্ত।
আসামে বেৰিলে যেবে ঘৰে পশিলন্ত॥ ২॥
ছয় চাৰি মুনিষ দুৱাৰত আসি থিত।
হেন দেখি ভৈলন্ত শঙ্কৰ ভয়-ভীত॥
কিমতে পলাইবো মনে মনে আলোচিলা।
ভিতৰৰ পৰা বৰ বেগে লড় দিলা॥ ৩॥
হেম্পূচিয়া চিতে পেহ্লাইলন্ত দুয়োজন।
গছকিলা দিয়া দুইৰো বুকুত চৰণ॥
দেখে আউৰ সবে দিব্য পুৰুষ পলাই।
ৰহ ৰহ বুলিয়া পাছত খেদি যাই॥ ৪॥
নেচকুৰি মাজে মাজে পলান্ত লৱৰি।
আসামেও খেদি তাঙ্ক নেয় ভৰি ভৰি।
সুবৰ্ণৰ দলুৱা কৰ্ণত পিন্ধিছিল।
নেচকুৰি জেঙ্গ লাগি চিণ্ডিয়া পৰিল॥ ৫॥
বামহাতে কাণত আটিয়া ধৰিলন্ত।
লৌহিত্যত গৈয়া জাম্প দিয়া পৰিলন্ত॥


[ ৫৬ ]

আসামেও গৈ লোহিতৰ কাষ ৰৈয়া।
হানিবাক খোজয় হাতত জাঠি লৈয়া॥ ৬॥
সাতুৰি শঙ্কৰদেৱ কতো দুৰ যান্ত।
উঠি জাজি পুথিখান তাতে দেখিলন্ত॥
হাতে লৈয়া বোলন্ত ব্ৰাহ্মণ দেখা মই।
মাৰিবি কিসক মোক অকাৰণে তই॥ ৭॥
উলটি আসাম গৈল দ্বিজ হেন জানি। (৩)
আসিল শঙ্কৰদেৱ লৈয়া পুথিখানি॥
তীৰত উঠিয়া পাছে মেলি চাহিলন্ত।
গীতা শাস্ত্ৰ খান ইটো তেবে জানিলন্ত॥ ৮॥
পুথি নিয়া ৰাম-ৰাম গুৰু আগে দিলা।
যেখন শঙ্কৰদেৱে কাণত ধৰিলা॥
তেখনে কানত জোৰা তাহান লাগিল।
চিৰা কাণ বুলি কোনো সাক্ষ্য নাথাকিল॥ ৯॥
আপুনি কহিলা যেবে তেবেসে জানিল।
শুনি সমস্ত মনে বিস্ময় মিলিল॥
এহিমতে অনন্ত চৰিত্ৰ শঙ্কৰৰ।
সাৱশেষে কহিবে পাৰয় কোন নৰ॥ ১০॥
যেন জৰাসন্ধ ভয়ে পলাইলন্ত হৰি।
সেহি লীলা দেখাইলা শঙ্কৰ ৰূপ ধৰি॥
জানি শুনা সভাসদ কৰিয়া উৎসৱ।
পাপ দূৰ হৌক বোনা শঙ্কৰ মাধৱ॥ ১১॥


[ ৫৭ ]

নৱম অধ্যায়

শ্ৰীশ্ৰীমাধৱদেৱৰ পূৰ্ব্বপুৰুষ

আত অনন্তৰে   শুনা সবে নৰে
  মাধৱ দেৱৰ কথা।
বাণ্ডুকাৰ হন্তে   যিমত বৃত্তান্ত
  শুনিয়ো তাক সৰ্ব্বথা।

—গোবিন্দগিৰিৰ অসমলৈ আগমন

দীঘল পুৰীয়া   গিৰি ভূঞাঁ এক
  বাণ্ডুকা দেশত থিত। (১)
নিজ নাম তান   গোবিন্দ জানিবা
  সৰ্ব্বগুণে গুণান্বিত॥২॥
শাস্ত্ৰ পণ্ডিত  বৈৰক দণ্ডিত
  নাহিকে যাক উপাম।
কাণ লম্বা দেখি   আসামে দিলন্ত
 (২) * বৰ-কণা তান নাম॥৩॥


 (১) মাধৱ দেৱৰ পূৰ্ব্বপুৰুষ :-- একমতে—কৃষ্ণভূঞাঁ—বিষ্ণু—গোপাল—কৃপাল—জনাৰ্দ্দন—গোবিন্দগিৰি।

 অইনমতে—ব্ৰহ্মগিৰি—ধৰ্ম্মগিৰি—অনন্ত—ভৱ—বহু—গোবিন্দগিৰি।

 গোবিন্দগিৰিৰ অইন নাম—মহোদৰ, দীঘলপুৰীয়া, বৰকণা, লামকণা। (শ্ৰীশ্ৰীশঙ্কৰদেৱ-মাধৱদেৱ—বেজবৰুৱা ৬০ পিঠি)।

 বাণ্ডুকা—কোচবেহাৰৰ পছিম সীমনাত ৰংপুৰ জিলাৰ অন্তৰ্গত ধাৰলা

নৈৰ পাৰত। (২) পাঠান্তৰ- নামকণা। [ ৫৮ ]

নজানোহোঁ নাম   বৰ পুত্ৰ তান (৩)
  তাহাঙ্ক দেশত থইলা।
মৰিল পতনী   চলিয়া আপুনি
  টেম্বুৱানী বন্ধে গৈলা॥৪॥

—টেম্বুৱানিত বিবাহ—

ৰামৰায় কেতাই-   -খাঁ আদি যত
  সমস্তে ভূঞাঁ লগৰ।
বিহা কৰিলন্ত   তৈতে ৰহিলন্ত
  পাতিয়া এক নগৰ॥৫॥
কতো দিনে তাত   আনন্দে আছয়
  প্ৰজাক পালি নিশ্চয়।
অনেক বৰিষে   আনন্দে হৰিষে
  ভোগ ভুঞ্জি মনোময়॥৬॥
পাছে কতোদিন   তাহান পতনী
  প্ৰথম গৰ্ভ ধৰিলা।
পাঞ্চ মাস ভৈল   মধুপান দিল
  সুমঙ্গল আচৰিলা॥৭॥


 (৩) মাধৱদেৱৰ ককায়েকৰ নাম—দ্বিজ ৰামানন্দ আৰু ৰামচৰণ ঠাকুৰৰ মতে ৰূপচন্দ্ৰগিৰি; ভূষণ দ্বিজৰ মতে—দামোদৰ। দৈত্যাৰি ঠাকুৰে এৱ নামটো ন জনা বৰ আচৰিত যেন লাগে। দৈত্যাৰি মাধৱ দেৱৰ ভাগিন ৰামচৰণ ঠাকুৰৰ পুতেক। ৰূপচন্দ্ৰগিৰিৰ নাতিয়েক অনিৰুদ্ধদেৱ

মাধৱদেৱৰ পৰা শৰণলৈ ১৫২৪ শকত ৰৌতা অঞ্চলত আছিল। [ ৫৯ ]

—আসামৰ আক্ৰমণ—

সেহি সময়ত   টেম্বুৱানি গ্ৰাম
  আসামে মাৰিবে গৈলা।
পলাইল সমস্ত   ধনখানি যত
  সমস্তে লগত লৈলা॥৮॥ (৪)
পলান্ত দোলায়  আঠ দুলীয়াই
  দোলা বহে দুইহন্তৰ॥
কত দূৰ গৈয়া   আছন্ত ৰহিয়া
  পশিয়া বন ভিতৰ॥৯॥
মহা শান্ত মনে   পাছে দুয়োজনে
  নিদ্ৰা অচেতন ভৈলা।
আঠ দুলীয়াই   ধনখানি লইয়া
  আঠোজন পলাই গৈলা॥১০।৷
পাছে কত বেলি   নিন্দ্ৰাৰ জাগিল
  দেখন্ত দুলীয়া নাই।
ধনখানি যত   নাহিক সমস্ত
  ভৈলন্ত মৰা পৰাই॥১১॥
কিবা কৰিবন্ত   উপায় নপান্ত
  যাইবাক নপান্ত দিশ।
ক্ষুধা তৃষ্ণা ক্ৰিয়া   পড়িলে শৰীৰ
  কৰি আছা বিমৰিষ॥১২।৷


 (৪) আসামৰ আক্ৰমণ—বুৰঞ্জীমতে—কছাৰীৰ আক্ৰমণ। [ ৬০ ]

দশম অধ্যায়

হৰসিং বৰাৰ সঙ্গলাভ

কতোক্ষণে অনন্তৰে   ক্ষুধা তৃষ্ণা পীড়া কৰে
  সহিবে নপাৰে মহামতি।
ভাৰ্য্যাক বোলন্ত মাতি   স্নান কৰিবাক প্ৰতি
  যাওঁ মই নদীক সম্প্ৰতি॥১॥
ভাৰ্য্যায়ে দিলেক হাক   কোনেবা পাৱয় লাগ
  খানিতেক থাকিয়ো বনত।
আপুনিহি সৰ্ব্বজান   বেলি হোক অবসান
  দশোদিশে যাওক লোক যত॥২॥
ভাৰ্য্যাক বোলন্ত মাতি   থাকা তুমি মহাসতী
  মই স্নান কৰোগৈ নদীত।
নপাইবেক কেহোঁ লাগ   চাই যাইবো পাছ আগ
  ভৈলো মই তৃষায়ে পীড়িত॥৩॥
এহি বুলি মহা মতি   গৈলন্ত নদীক প্ৰতি
  স্নান কৰি দেৱক নমিল
তীৰে উঠি মন্ত্ৰ জপি   দেৱ পিতৃগণ তৰ্পি
  নদীত নামিয়া জল পিল॥৪॥
সুস্থ কলেবৰ ভৈলা   দেখিলন্ত সেহিবেলা
  নদী মাজে আসে নৌকা এক।

[ ৬১ ]

আগ পাছ চান্ত ঘনে   পলাইবে খোজন্ত মনে
  দেখি তাঙ্ক ডাকি মাতিলেক॥ ৫॥
বোলে অৰে কোন জন   বাৰ্ত্তা কহ এতিক্ষণ
  ভয় তই নকৰিবি মনে।
পলাইবাক নপাৰন্ত   মনে গুণি ৰহিলন্ত
  আসি লাগ পাইলা কতোক্ষণে॥৬॥
কৰিয়া শপথ তথা   পুছিলা তাহান্ত কথা
  কোন তুমি কহ স্বৰূপত।
দেখোঁ দিব্য পুৰুষেক   নাহি ভয় অণু এক
  লৈয়া যাওঁ চৰিয়ো নাৱত॥৭॥
তাৰ মন শুদ্ধ জানি   কেনে যাওঁ বোলে বাণী
  বস্তু আছে বনৰ ভিতৰ।
সিটো বোলে ভাৰ্য্যা তোৰ  মাতৃ সম-সৰ মোৰ
  ধন যদি স্বৰ্ণ ব্ৰাহ্মণৰ॥৮॥

—::—

একাদশ অধ্যায়

শ্ৰীশ্ৰীমাধৱদেৱৰ জন্ম

শুনি তাৱক্ষণে   মহাৰঙ্গ মনে
  পশিলন্ত বন গৈয়া৷

[ ৬২ ]

পুনৰপি ধীৰ   পাইলা নদী তীৰ
 ভাৰ্য্যাক লগত লৈয়া। ১॥
দেখি হৰসিঙ্গ   বৰা মহা ৰঙ্গ
 আসন ছাৰিয়া দিল।
আপুনি গোড়ত   গৈলা আসনত
 তাহাৰা দুইকো তুলিল॥২॥
হৰসিং বড়া   লৈয়া যাই ছড়া
 নামক নজানন্ত তাত।
যৈতে ৰাতি হয়   তহিতে ৰহয়
 ঠাই ঠাই কৰি আত॥৩॥
তাৰা দুইজন   কৰয় ভোজন
 আগে চাউল চৰু দিয়া।
পাছে আপুনিয়ো   কৰয় ভোজন
 সব লোক লগে লৈয়া॥৪॥
কেই দিন মান   পাইলা নিজ থান
 ঘৰত গৈয়া উঠিল।
সাদৰে নিলন্ত   তাৰা দুই হন্তক
 অভ্যন্তৰে ঠাই দিল॥৫॥
জীৱ জমাই বুলি   সম্বন্ধ ধৰিল
 ভৰণ পোষণ কৰে।
যতমানে তাৰ   আছে অধিকাৰ

[ ৬৩ ]

  হাকিম (১) তাৰ উপৰে॥৬॥
পাতিলা তাহাঙ্ক   আনন্দে আছন্ত
  কতোদিন মহাশয়।
কালেৰ প্ৰমাণে   পাছে সেহি খানে
  জন্মিলা তান তনয়॥৭॥

—নামকৰণ—

কৰিয়া গণতি   নাম থৈলা দুটি
  মাধৱ, ৰতনাকৰ৷(২)
প্ৰখ্যাত মাধৱ   নাম ভৈলা তান
  গুপুত ভৈল অপৰ॥৮॥
গৃহ শুদ্ধি আদি   সৎ কৰ্ম্ম যত
  কৰিলন্ত মহামতি।
কতিপয় মান   হৰিষে বৰিষ
  মহাসুখে আছা তৈতি॥৯॥

—হৰসিংবড়াৰ জগৰ—

পাছে এক কালে   জগৰ লাগিলে
  হৰসিংহ পলাই গৈলা।


 (১) হাকিম:— অতি আধুনিক শব্দ॥ (২) ৺লক্ষ্মীনাথ বেজবৰুৱা ৰচিত 'শ্ৰীশঙ্কৰদেৱ শ্ৰীমাধৱদেৱ’,(৬৩ পিঠি) মতে মাধৱদেৱৰ জন্ম হয়—১৪১১ শকৰ (১৪৮৯ খৃষ্টাব্দ) জেঠমাহ, কৃষ্ণপক্ষ, প্ৰতিপদ তিথি, ৰবিবাৰ ৰাতি দুপৰত। ৰত্নাকৰ জ্যোতিষ মতে নাম হলে জন্মনক্ষত্ৰ চিত্ৰাৰ তৃতীয় পাদ, ৰাশি তুলা, লগ্ন অধিপতি শুক্ৰ। দ্বিজ ৰামানন্দৰ মতে বহাগ মাহ,

শুক্লানৱমী, দিবা দুই প্ৰহৰত জন্ম। [ ৬৪ ]

লাম-কণা সমে যত লোক মানে
 সমস্তৰে আউল ভৈলা॥ ১০॥
পাছে কতোদিনে  জগৰ ভাগিলে
 পুনু ঘৰ পাইলে আসি।
লাম কণা আতা  বড়াৰ আগত
 বুলিলন্ত হাসি হাসি॥ ১১॥
তোমাৰ ঘৰৰ  বাহিৰত আছৈ
 ঠাই খানি দিয়া মোক।
শুনি তান বাণী  বড়া বলে জানি
 বাহিৰতে ৰহিয়োক॥ ১২॥

দ্বাদশ অধ্যায়

পুখুৰী-পাৰত বাস

বেৰৰ বাহিৰে তাৰ  কৰিলন্ত বাৰীঘৰ
 তহিতে ৰহিলা মহাশয়।
তাহান বচন লই  লোকৰ হাকিম হই।
 আছিলা বৎসৰ কতিপয়॥১॥
পাছে গুণিলন্ত মনে  আব সঙ্গে অকাৰণে
 দুখ মই ভুঞ্জিবো পাছত॥
এহিবুলি মহামতি  বড়াক বুলিলা প্ৰতি
 কাম মোৰ নাই ই কাৰ্য্যত॥২॥

[ ৬৫ ]

তোমাৰ প্ৰসাদে সুখে  আছিলাহোঁ কতো দিন
 আবে মই আন থানে যাওঁ।
থাকিবো তোমাৰ গ্ৰামে পুখুৰীৰ পাৰ থানে
 তোমাৰ আজ্ঞাক যদি পাওঁ॥৩॥
বড় বোলে ভৈলা ভাল  যায়োক পুখুৰীপাৰ
 তহিতে ৰহিয়ো বাসা কৰি।
যত দুঃখ পোঁৱা তুমি  তাক কি বুলিবোঁ আমি,
 ই কাম নলাগে আজি ধৰি॥৪॥
শুনি লাম-কণা গিৰি  লেটেকু পুকুৰী তীৰি
 এক গৃহস্থৰ ঠাই মাগি।
বড়াত বোলান কৈলা তিনি হস্তে চলি গৈলা
 পৰম আনন্দে তৈকে লাগি॥৫া
বাসাখানি কৰি তয়  ৰহিলন্ত মহাশয়
 আতিৰেক নাই ধন অৰ্থ।
ভৈলন্ত মাধৱদেৱ  কিছুমান বড় আসি
 খৰি পাত যোগাইবে সমৰ্থ।৬৷

-ৰুগ্ন পিতা-

সেহি সময়তে তান্ত  জিঞ্জিবাত ৰোগ ভৈল
 বেদনাতে মূৰ্চ্ছা যান্ত আতি।
অগ্নিত সেকিলে গাৱ  হোন্ত কিছু সুস্থ ভাৱ
 অগনি লাগয় দিন ৰাতি॥৭॥
অনন্ত মাধৱদেৱে  খৰি লুড়ি দুয়োবেলা
 ৰাতি দিনে অগ্নি নুগুছয়।

[ ৬৬ ]

দুই চাৰি টকা যেবে  আছিলেক কিছু মান।
 ন-পৰাতে ভৈল সবে ব্যয়॥৮॥
নানান ঔষধ দিল  ৰোগ পাছে নিবৰ্ত্তিল
 ভৈলা সুস্থ বেদনা এড়াই।
গুণন্ত তিনিয়োজনে  পাছে মহা দুঃখ মনে
 খাইবে খুন্টিবাক একো নায়॥৯॥
ইষ্ট কুটুম্ব নাই  প্ৰাৰ্থিবো গৈ তাৰ ঠাই
 আবে আমি কৰা কোন কাম।
মহা পাপচয় পোড়া  শঙ্কৰ মাধৱ বোলা
 দুঃখচয় হোক উপশাম॥১০॥

———



এয়োদশ অধ্যায়


—লেটেকুপুখুৰী ত্যাগ—



এহিমতে মনে গুণি কৰিলা নিশ্চয়।
চিৰকালি মিত্ৰ এক আমাৰ আছয়॥
তাহান থানক যাই বুজোঁ তান মন।
এহি বুলি পিতা পুত্ৰে কৰিলা গমন॥১॥

-বন্ধুৰ ঘৰত অনাদৰ-



গোধূলিকা বেলা গৈয়া পাইলা তান ঘৰ।
দেখি সিটো তাঙ্ক নকৰিলেক আদৰ॥

[ ৬৭ ]

নমাতে প্ৰসন্ন মুখে তান মুখ চাই।
বহিবাক লাগি ঢেকি শালে দিলা ঠাই॥২॥
কতোৰাতি গৈলে চৰু চাউল নিয়া দিলা।
অসন্তোষ মনে তাৰা ভোজন কৰিলা॥(১)
প্ৰভাততে উঠি দুয়ো কৰিলা গমন।
দুয়ো দুইক সম্ভাষি চলয় দুয়োজন॥৩॥
দুঃখকাল ভৈলে বাপু কাক শোধে কোনে।
এহিমতে কথা কহি চলে দুয়োজনে॥
দুই পৰ বেলি ভৈল ক্ষুধা ধৰিলেক।
পিতৃয়ে বোলন্ত বাপু নপাৰো যাইবাক॥৪॥
মাধৱে বোলন্ত স্নান নদীত কৰিয়ো॥৪॥
জলপান কৰি সুস্থ কলেবৰ হুয়ো॥
এহি বুলি পিতৃক যে নদী তীৰে থই।
লাও এক আনিলন্ত ছন্ন-গ্ৰামে গই॥৫॥

-কেঁচা লাউ ভক্ষণ-

কাটিবে কটাৰী দাৱ নাহি জানিলন্ত।
বাঁশৰ কৰ্ত্তনাখানি সাজি আনিলন্ত॥


(১) এহি জিজ্ঞাসিয়া পূৰ্ব্ববতে নাদৰিয়া।
মাড়লত দিয়া থান মনে আলোচিয়া॥
কিবা খোজে বুলি চিন্তা নুগুছে মনৰ।
দুইগল কৰি সি তা নামাতে বিস্তৰ॥৮৫॥
x x x x
অনাদৰ রূপে চাউল চরু দিল আনি।
অসন্তোষ মনে ভূঞ্জলন্ত তিনি প্ৰাণী॥৮৬॥

 দ্বিজৰামানন্দ-গুৰুচৰিত-১১শ অধ্যায়। [ ৬৮ ]

পাতখানি আনিলন্ত থৈবাক লাগিয়া।
কৰ্ত্তনে চুৰ্ছিলা লাও বাকলি গুছায়া॥৬॥
চুঞ্ছি চুঞ্ছি লাও বুক থৈলা পাত ভৰি।
বুঢ়া আতা আসিলা নদীত স্নান কৰি॥
মাধৱে বোলন্ত আতা লাও ভুঞ্জিয়োক।
কৈত পাইলা ইটো লাও বাপু কহিয়োক॥৭॥
মাধৱে বোলন্ত এৰা-ভিটা লগি গৈলোঁ।
এহি লাও গুটি মই বিচাৰি আনিলো॥
বুঢ়া আতা বুলিলন্ত আবে কি কৰিবোঁ।
চোবাইবে নপাৰোঁ লাও কিমতে ভুঞ্জিবো॥৮॥
শুনিয়া মাধৱদেৱে বুলিলন্ত ৰাণী।
ভুঞ্জিয়োক কৰ্ত্তনে চুঞ্ছিছোঁ লাওখানি॥
হাঁসি বুঢ়া আতা বোলে মাধৱক চাই।
মোতো কৰি বুদ্ধি তোৰ অধিক বোপাই॥৯॥
এহি বুলি মহাৰঙ্গে লাও ভুঞ্জিলন্ত।
ক্ষুধা তৃষা গুছি মহা সুস্থ যে ভৈলন্ত॥
বুকৰ ভিতৰ লাও চুঞ্ছিলা সমস্ত।
আছে লাও ডোখৰে পিঠি ভাগ যত॥১০॥
স্নান কৰি নদীত মাধৱে তাঙ্ক খাইলা।
অনন্তৰে পিতা পুত্ৰে নিজ থান পাইলা॥
তাসম্বাকে বাট চাই গোঁসানী আছন্ত।
কুটুম্বৰ স্থানে যাই বস্তু আনিবন্ত॥১১॥
দেখিলন্ত শুদা হাতে আসিলন্ত দুই।

[ ৬৯ ]

পুছন্ত দুইহাঙ্কো অদভূত হুই॥
কি ভৈল শুদা হাতে দুইহান্তো আসিলা।
সমস্তে বৃত্তান্ত তাৰা তাহান্ত কহিলা॥১২॥
শুনি দুঃখমনে তেহোঁ বুলিলন্ত বাক।
দুঃখকাল ভৈলে জানা কোনে শোধে কাক॥
সম্পদৰ বেলা কুটুম্বৰ সীমা নাই।
আপদৰ বেলা চিনো বোলন্তাও নাই॥১৩॥
এহিমতে সম্ভাষ কৰিয়া তিনিজন।
শাকে পাচে যেনে তেনে কৰিলা ভোজন॥
যেন দৈৱকীৰ গৰ্ভে থাকি দামোদৰ।
সূতিকা গৃহত বন্দী আছে নিৰন্তৰ॥১৪॥

—ধান দোৱাত মাধৱ—


নন্দৰ গৃহক লাগি উপজি পলাইলা।
মাধৱ স্বৰূপে সেহি লীলা দৰশাইলা॥
আত অনন্তৰে যেন ভৈল শুনিয়োক
হৰসিং বড় ভুঁই নিৰাইবাক লোক॥১৫॥
নিল মাতি লোকে বোলে বুঢ়া আতাঠেক।
মাতিয়া আনিয়ো গৈয়া ভুঁই নিৰায়োক॥
বড়া বোলে তাহাঙ্ক নলাগে মাতিবেক।
ভাল লোক কিসক বুলিবো নিৰাইবেক॥১৬॥
তাৰ ভাতিজাত লোকে লগাইলেক পাছে।
পুতেকে নিৰাইলে ভুঁই কিবা দোষ আছে॥
হৰসিঙ্গ বড়াৰ ভাতিজে হেন শুনি।

[ ৭০ ]

তেতিক্ষণে মাধৱদেৱক মাতি আনি॥১৭॥
বোলে ভূঁই নিৰায়োক লোকৰ লগত।
শুনিয়া মাধৱদেৱে গুণন্ত মনত॥
আজি যদি ভূঁই নিৰাওঁ লোকৰ লগতে।
সব দিনে কামক বুলিবে হেন মতে॥১৮॥
এহি বুলি ভূঁই নিৰাইবাক আসিলন্ত॥
ধানে বনে সবে চাপি কাটিয়া লৈ যান্ত॥
বড়াৰ ভাতিজে দেখি বোলে কি কৰিলা।
ধানে বনে সবে দেখোঁ চাপিয়া কাটিলা॥২৯॥
মাধৱ বোলন্ত মই নাজানো নিৰাইবে।
সিটো বোলে বাপু তুমি গৃহক যায়ো তেবে।
কোন কালে ভূঁই নিৰাই আছয় ছৱালি।
এহি বুলি লোক সমস্তক পাৰে গালি॥২০॥
দেখ অৰে পাপী সব ধানৰ বিলাই
মাধবদেৱক দিলা গৃহক পঠাই॥
কতোক্ষণে ঘৰ গৈয়া মাধৱ পাইলন্ত।
পিতৃৰ মাতৃৰ আগে কথা কহিলন্ত॥২১॥

—বন্ধুৰ ঘৰত অপমান—


হেন কথা শুনি বুঢ়া আতা বুঢ়ী আই।
বুলিলন্ত আমি আৰু নাথাকোঁ ইঠাই॥
কৈক লাগি যাইবো আৰু পাইবো কৈত ঠাই।
মনে গুণি বোলন্ত আছয় মোৰ ভাই॥২১॥
তাহান ঘৰক যাওঁ বুলিলন্ত তিনি।

[ ৭১ ]

অনন্তৰে তান ঘৰ পাইলা দুই দিনি॥
তিনিজনে গৃহস্থৰ বাৰী পশিলন্ত।
গৃহস্থয়ো সাদৰে তিনিকো অৰ্চ্চিলন্ত॥২৩॥
গৃহস্থক মাতিয়া প্ৰভাতে লৰিলন্ত।
দণ্ড ছয় বেলি মাত্ৰ আছন্তে পাইলন্ত॥
বসিবাক চোতালতে পিৰা খানি দিল।
গোসানীক মুকলি ঘৰক মাতি নিল॥২৪॥
অনাদৰ ৰূপে ভৰি ধুবে পানী দিল।
ভৰি ধুই বুঢ়া আতা পিৰাত বহিল॥
দণ্ড চাৰিমান তথা আছন্ত বসিয়া।
মাধৱ দেৱক দিলা কুঠাৰ আনিয়া॥২৫॥
তোমাকে লাগিবে বাপু চিৰিয়োক খৰি।
শুনিয়া মাধবদেৱে কুঠাৰক ধৰি॥
ফাল ফাল কৰি খৰি চিৰিয়া লৈ যান্ত।
থৈল মাত্ৰ তাৰা নিয়া সমস্তে চপান্ত॥২৬॥
সন্ধ্যা ভৈল দেখি খৰি ফালন এৰিল।
কুঠাৰক থৈয়া পুনু পিৰাত বসিল॥
বহুনিশা গৈল বহি চোতালে আছন্ত।
পিত পুত্ৰ দুয়ো কাণে কাণত কহন্ত॥২৭॥
লভিলে আদৰ কুটুম্বৰ মান্য পাইলো।
ভাই বুলি ইহাৰ ঘৰক লাগি আইলোঁ।
পাছে কতো নিশা যান্তে চৰু চাউল দিল।
মুকলি ঘৰত দেৱ মাধৱ ৰান্ধিল॥

[ ৭২ ]

চাউল অল্প ভৈল দুইজন আটে অন্ন॥
প্ৰথমতে বুঢ়া আতা কৰিলা ভোজন॥
মাধৱে বোলন্ত অন্ন ভুঞ্জিয়োক আই।
উপবাসে থাকোঁ আজি মোৰ ক্ষুধা নাই॥২৯॥
তই খোৱা ভাত বুলিলন্ত বুঢ়ী আই।
কিবা হেতু বাপু আজি মোৰ ক্ষুধা নাই॥
এহিমতে অন্যাঅন্যি কৰি দুয়োজন।
সেহি অন্নগুটি দুয়ো কৰিলা ভোজন॥৩০॥
মাধৱে বোলন্ত পিতৃ কহিয়ো বুজাই।
আৰ তান কুটুম্ব তোমাৰ আছে নাই॥
আথেব সাদৰ যত লাগে মানে পাইলোঁ।
এজনব ভাত দুই মাৱে পোৱে খাইলোঁ॥৩১॥


চতুৰ্দ্দশ অধ্যায়

—ঘাঘৰি মাজিৰ ঘৰত—


আৰ ঠাইত থাকিবাৰ নাহি প্ৰয়োজন।
আনমিত্ৰ আছে যদি কৰিয়ো গমন॥
শুনি বুঢ়া আতা বুলিলন্ত মাধৱক।
আছয় ঘাঘৰি মাজি নামে মিত্ৰ এক॥১॥
তাহান ঘৰত যাইবো বুজোঁ তান মন।
এহি বুলি তিনি হন্তে কৰে আলোচন॥

[ ৭৩ ]

ভাইক সম্বোধন কৰি মধুৰ বচনে।
প্ৰভাত সময়ে লৰি গৈল তিনিজনে॥২॥
লাসে লাসে চলন্ত হাণ্টিবে নপাৰন্ত।
ক্ষণে ক্ষণে যান্ত বহি বসি জিৰাৱন্ত।
পুনৰপি চলন্ত প্ৰয়াস বৰ পান্ত।
এহিমতে যান্তে তান পদূলি পাইলন্ত॥৩॥
স্ত্ৰী এক যান্তে তান হন্তে দেখিলন্ত।
মজি ঘৰে আছে বুলি আতা পুছিলন্ত।
তায়ো কহিলন্ত মাজি ঘৰতে আছন্ত।
আৰো বুলিলন্ত কয়ো আমাৰ বৃত্তান্ত॥ ৪॥
দীঘল পুৰীয়া গিৰি ভাৰ্য্যা পুত্ৰ সমে।
পদূলিতে ৰহিছন্ত তোমাৰ আশ্ৰমে॥
হেন শুনি স্ত্ৰী জন তেতিক্ষণে গৈল।
ঘাঘৰি মাৰি আগে সব কথা কৈল॥ ৫॥

—পৰম আদৰ—


শুনিয়া ঘাঘৰি মাজি বিস্ময় ভৈলন্ত।
আপতিয়ান মনে তেঁহে চাহিবে গৈলন্ত॥
দেখিলন্ত গৈয়া সিটো আসিয়া আছন্ত।
সাদৰ পূৰ্ব্বকে আতি মাতি আনিলন্ত॥ ৬॥
বসিবাক লাগি বৰ পিৰা দিলা আনি।
ধুৱাইলন্ত ভৰি দাবৰত লৈয়া পানী॥
বুঢ়ী আইক ভিতৰ ঘৰক নিয়াইলন্ত॥
ঘৰিণীক ভৰি ধুৱাইবাক বুলিলন্ত॥৭॥

[ ৭৪ ]

মাধৱদেৱক পিৰা পানী আনি দিলা।
কি ভোজন কৰি আছা বুলিয়া পুছিলা॥
তেহে কহিলন্ত আমি নতু কৰো স্নান।
শুনি আথবেথ কৰি বোলে তৈল আন॥ ৮॥
আপুনি দিলন্ত তৈল শৰীৰত তান।
কৰাইলন্ত তিনিকো জলত শীঘ্ৰে স্নান॥
দিলা লোটা এক তাঙ্ক স্নান কৰিবাক।
ভোগঝাৰি এক দিলা জল ভুঞ্জিবাক॥ ৯॥
কৰাই ভোজন চিড়া কলা দুগ্ধ দধি।
ভোজনৰ শেষে আনি দিল মুখশুদ্ধি॥
ভালবস্ত্ৰ তান শৰীৰত নেদেখিল।
তিনিও জনক দিব্য বস্ত্ৰ আনি দিল॥ ১৩॥
মহা মন সন্তোষে বহিল তিনিজন।
আপুনিয়ো গৈয়া পাছে কৰিলা ভোজন॥
কৰি মুখশুদ্ধি তান পাশে বসিলন্ত।
আনন্দিত মনে মৃদু বাক্য বুলিলন্ত॥ ১১॥
কিনো সুপ্ৰভাত আজি দেখিলোঁ তোমাক।
অপূৰ্ব্ব দৰ্শন বিধি কৰাইলে আমাক॥
কিকাৰণে কৈব হন্তে ঐক আসিলাহা।
আবে দেখোঁ কেন বেশ ধৰি ফুৰাঁহা॥ ১২॥
সমস্ত বৃত্তান্ত বুঢ়া আতা কহিলন্ত।
ঠাই ঠাই যেন যেন দুঃখ লভিলন্ত॥
শুনিয়া ঘাঘৰি মাজি অদভূত মনে।

[ ৭৫ ]

মাথা চপৰাই আছিলন্ত কতোক্ষণে॥ ১৩॥
ইমত বড়াৰ দেখোঁ ইমত বিলাই।
এতেকে কালত পৰে বড়া আন নাই॥
এহিমতে প্ৰিয় নানা আলাপ কৰিয়া।
দিবা ভাগ মানে দুয়ো আছন্ত বসিয়া॥ ১৪॥
গধূলি সময় ভৈল বোলন্ত ভাৰ্য্যাক।
পাছ ঘৰ আৱতায়ো আৰা ৰহিবাক॥
শুনিয়া ঘৰিণী তেতিক্ষণে আতাইলন্ত।
তাতে নিয়া বাসা তাৰা সবক দিলন্ত॥ ১৫॥
চাউল চৰু দিয়া পাছে কৰাইলা ভোজন।
অনন্তৰে তৈতে শুতিলন্ত তিনিজন॥
ৰজনী প্ৰভাত জানি পাছে উঠিলন্ত।
মাজি সমে বসি নানা কথা কহিলন্ত॥
ঘৰিণীয়ো গোসানীক সাদৰ কৰন্ত॥
মুৰে হাত ভৰি তৈল আপুনি দিলন্ত॥
নানাবিধ মধুৰ আলাপ কৰিলন্ত।
এহিমতে তিনিয়ো তহিতে ৰহিলন্ত॥ ১৭॥
ঘাঘৰি মাজিৰ আতিশয় ৰঙ্গ মন॥
মৎস্যে মাংসে দুয়োবেলা কৰান্ত ভোজন॥
দধি দুধ গুৱা পান দেন্ত অভ্যুদয়।
দিন চাৰি পাঁচ তথা আনন্দে আছয়॥১৮॥
একদিন বুঢ়া আতা ঘাঘৰি মাজিক।
বোলন্ত আমাক ঠাই দিয়োক খানিক॥

[ ৭৬ ]

একখানি ঘৰ দিয়া তাকে লাগি যাওঁ।
আপুনিয়ো দুঃখ ভিক্ষা কৰি মাগি খাওঁ॥ ১৯॥
বোলন্ত ঘাঘৰি মাজি ভাল বুলিলাঁহা।
তোমৰা আমাৰ দিন অনেক খাইলাহাঁ॥
আপুনিয়ো দুঃখ ভিক্ষা কৰি খোৱা যেবে।
মোৰ বৰ প্ৰতিষ্ঠা হোৱয় জানা তেবে॥ ২০॥
যতদিন থাকা মানে পুষিবোহোঁ আমি।
নাহি কোনো শঙ্কা মহা সুখে থাকা তুমি॥
এহি বুলি তাহাৰ৷ সবক ৰাখিলন্ত।
অন্ন বস্ত্ৰ দিয়া বহুদিন পুষিলন্ত॥ ২১॥
আঞ্জাখানি তাকো তাৰা কৰিবে নেদন্ত।
আপুনিয়ে তাৰা সবে কৰিয়া যোগান্ত॥
ঠাইখানি তাকো তাৰা আপুনি আতান্ত।
দেৱতো অধিক কৰি শুশ্ৰূষা কৰন্ত॥ ২২॥
মহাসুখে কতোদিন আছা তান ঠাই।
বোলন্ত ইহান সম উপকাৰী নাই॥

—কন্যা জন্ম—


হৰিষে আছন্ত তৈতে কতোদিন মানে।
কন্যা এক তান উপজিল সেহি থানে॥ ২৩॥
সৰ্ব্বগুণে গুণান্বিতা পৰমা সুন্দৰী।
নাম থৈলা উৰ্ব্বশী উৎসৱ আতি কৰি॥
একদিন মাজি, মাধৱক বোলা হাসি।
আমাৰ ঘৰত বাপু ৰহিলাহা আসি॥ ২৪॥

[ ৭৭ ]

থাকা মানে অন্নবস্ত্ৰ আমাৰেসে খাইবা।
যাইবাৰ বেলাত দেখোঁ শুদা হাতে যাইবা॥
এতেকে জীবিকা কিছু কৰিয়ো বোপাই।
সাতখান হাল মোৰ বাহাৱে সদাই॥ ২৫॥
যতখানা ভূঁই চাষ কৰে ঠাই ঠাই।
তাহান মাজত গৈয়া ভূমি ভাল চাই॥
আমাৰ ঘৰৰ পৰা কঠিয়াক নিয়ো।
এতখানি মোৰ বুলি ভূমি মাত্ৰ লৈয়ো॥ ২৬॥
এতেকে তোমাৰ আৰ নলাগে চাহিবে।
দাই মাত্ৰ আনিবা গৈ পকিলেসে তেবে॥
মূগ মাষ তিল ধান আদি কৰি যত।
তুমি মাত্ৰ বৈয়ো নিয়া ক্ষেত্ৰৰ মাজত॥ ২৭॥
মাষৰ বতৰ হুয়া আছে এহি বেলা।
আধ দোণ মাষ আনি তান আগে দিলা॥
এহি মাষ গুটি নিয়া বৈয়ো তুমি যাই।
মাজত বৈবাহা যত খানিক কুলাই॥ ২৮॥

—কৃষিত মাধৱ—


হেন শুনি মায লৈয়া মাধৰ গৈলন্ত।
একে ডোবলিতে সবে গুটিক বৈলন্ত॥
ঘন ভৈল কানে কানে গজিল কলাই।
সৰিয়হ গোট পৰিবাৰে সন্ধি নাই॥ ২৯॥
দলফল কৰে সাহাতোধিক আতি
একদিন মাজি মাধৱক বোলে মাতি॥

[ ৭৮ ]

আসিয়োক বোপাই ক্ষেত্ৰৰ ভিতি যাওঁ।
কতখানি মাষ বৈ অহা তাক চাওঁ॥ ৩০॥
এহি বুলি বুঢ়া আতা তান লগে যান্ত।
তিনিহন্তে গৈয়া পাছে মায দেখিলন্ত॥
অতিশয় ঘন ভৈল দুয়ো দেখিলন্ত।
কি কৰিলাহা বাপু বুলি হাসিলন্ত॥ ৩১॥
হৈবাৰো নোহয় মায গৈলেক পেলানি।
এহি বুলি গৃহক গৈলন্ত তিনি প্ৰাণী॥
আউৰ দিন মাধৱে মনত আলোচিলা।
পাল গৰু নিয়া সবে মাষ গৰকাইলা॥ ৩২॥
গৰুৱে গৰকি সবে পাঙ্ক তুলিলেক।
দেখে যত লোকে মানে সবে হাসিলেক॥
গৰুৰ গৰকা যেবে কিছু কিছু ৰৈল।
সবাহাতে অধিক কৰিয়া সেহি ভৈল॥ ৩৩॥
সকল গান্তিৰ মাষ তাকে সম নয়।
দেখিয়া সমস্ত লোক ভৈলন্ত বিস্ময়॥
অনন্তৰে হাসি যেবে মাষ যে পকিলা।
আপুনি মাধৱদেৱে তাহাঙ্ক তুলিলা॥ ৩৪॥
কয় পুৰা মান মাষ মাৰিয়া পাইলন্ত।
দেখিয়া ঘাঘৰি মাজি হাহি তুলিলন্ত॥
আকে বেচি যিবা দুই চাৰি পোন পোৱা॥
ধানৰ বতৰ ভৈলে ধান পুৰা বোঁৱা॥ ৩৫॥
যৈকে যোঁৱা তৈতে পতিলা যুৰিবেক।

[ ৭৯ ]

দশণ্ডা পাচণ্ডা তভো লগত হৈবেক॥
এহিমতে সমস্ত খেতিৰ সময়ত।
বেচিকিনি ৰাহি তাঙ্ক কৰ হাতত॥ ৩৬॥
দুই চাৰি পাইলো বুলি মাধৱে কহন্ত।
মোৰ বোপা বুলি মাজি আনন্দে হাসন্ত॥

—ঘাঘৰি মাজিৰ গৃহত্যাগ—


এহিমতে আছিয়া বৎসৰ কতিপয়।
তিনিহান্ত মনে মনে পৰামৰিশয়॥ ৩৭॥
নাহিকে গিয়াতি ঐত কেন হৌক ভাগে।
কন্যা খানি বৰ ভৈল বিহা দিবে লাগে॥
এহিমতে আলোচিল তিনি জনে বসি।
ঘাঘৰি মাজিৰ আগে বুলিলন্ত হাসি॥ ৩৮॥
দিয়োক বিদায় আমি আন থানে যাই।
নাহিকে আমাৰ জানা গিয়াতি ইঠাই॥
কন্যাখানি বিহা দিবে লাগে জানা আক।
বেটা খানি আকো লাগে বিহা কৰিবাক॥ ৩৯॥
তান বাক্য ঘাঘৰি মাজিয়ে শুনিলন্ত।
কৈক লাগি যাইবা বুলি হাসিয়া পুছন্ত॥
টেম্বনী বন্ধক যাইবো বুলিলন্ত বাক।
শুনিয়া মানুষ পাঞ্চি দিলন্ত থৈবাক॥ ৪০॥
বৎসৰেকো আঁটে হেন বস্ত্ৰক দিলন্ত।
ছমাসেকো কুলাই হেন চাউল পঠাইলন্ত॥
দুইহন্তো এৰান্তো দুইক মহা দুখ পাই।

[ ৮০ ]

গৈলন্ত হোকোৰা কুচি ৰামদাস ঠাই॥ ৪১॥
থাকিলা ঘাঘৰি মাজি তাহাঙ্ক নিৰিখি।
তেহোঁ যান্ত লোতকে চঞ্চল কৰি আখি॥
ঘৰিণীয়ো বুঢ়ী আইক নমস্কাৰ কৰি।
সকৰুণ ভাৱে আতি পঠাইলা সাদৰি॥ ৪২॥

—টেম্বুৱানিলৈ পুনৰাগমন—


এহিমতে তৈৰহন্তে চাৰিজন গৈলা।
টেম্বুৱানিবন্ধে গৈয়া উপস্থিত ভৈলা॥
হোঙ্কোৰাকুঞ্জিয়া গিৰি বেটা গয়পাণি।
মহাকুল শুদ্ধ বুঢ়া-আতা তাঙ্ক জানি॥ ৪৩॥

—কন্যাৰ বিবাহ—


আপনাৰ ঘৰক লাগি মতাই আনিলন্ত।
কন্যাখানি বিবাহ তাহান্তে দিয়াইলন্ত॥
দিলা দেৱ মাধৱে বিবাহ বিধিৱতে।
কতোদিন মহাসুখে আছন্ত তহিতে॥ ৪৪॥

—বাণ্ডুকালৈ গমন—


অনন্তৰে বাণ্ডুকাক যাইবে মন ভৈল।
জমাইৰ ঘৰত নিয়া বুঢ়ী আইক থৈল॥
মাৱে জীৱে তাৰা দুই তৈতে বহিলন্ত॥
পিতা পুত্ৰ তাৰা দুই বাণ্ডুকা গৈলন্ত॥ ৪৫॥
শুনিলাহা সাধু সভাসদ নিৰন্তৰ।
দুঃখ ৰূপ কথা যত মাধৱ দেৱৰ॥
ন কৰিবা কদাচিতো ইহাত সংশয়।

[ ৮১ ]

পৰম ঈশ্বৰ ৰাম-চন্দ্ৰ কৃপাময়॥৪৬॥
জগত জননী লক্ষ্মী সীতা অৱতাৰ।
তথাপি লভিলা দেখা নানান নিকাৰ॥
কিন্তু তাসম্বাৰ দুঃখ নাহি বাস্তৱত।
দেখাইলন্ত বিষয়ী লোকৰ দুঃখ যত॥ ৪৭॥
সেহিমতে শঙ্কৰ মাধৱ ৰূপ ধৰি।
দেখাইলন্ত বিষয়ীৰ দুঃখ দেৱ হৰি॥
তেসম্বে লভিল দুঃখ এৰা শঙ্কা ইটো।
ঈশ্বৰৰ দুঃখ আছে শুনি আছা কৈতো॥ ৪৮॥
তাৰা দুয়ো ঈশ্বৰ শুনিয়ো সব নৰ।
আতপৰে ধৰ্ম্ম নাই আমৰা সবৰ॥
গুৰুৰ চৰিত্ৰ গাইবো শুনিবা যতনে।
শঙ্কৰ মাধৱ ডাকি বোলা সৰ্ব্বজনে॥ ৪৯॥

পঞ্চদশ অধ্যায়

–পিতৃ সহ বাণ্ডুকা যাত্ৰা—

পাছে কতোদিনে  পাইলা দুয়োজনে
 বাণ্ডুকা দেশক যাই।
বৰ পুত্ৰ তান  আছে যিটো থান
 গৈলা দুয়ো সেহি ঠাই॥১॥

[ ৮২ ]

—বাণ্ডুকাত পিতা পুল্ৰ মিলন—

তেঁহে শুনিলন্ত  পিতৃ আসিলন্ত
 আনন্দৰ নাহি পাৰ।
আগবাঢ়ি গৈয়া সাদৰি আনিয়া
 কৰিলন্ত নমস্কাৰ॥ ২॥
অনেক বিনয় বচন বোলয়
 এতদিন কি কাৰণে।
নাসিলা ইঠাই  বাৰ্ত্তাও নপাই
  চিন্তা বৰ মোৰ মনে॥ ৩॥
শুনি তান বাণী  সমস্ত কাহিনী
 তান আগে কহিলন্ত।
যাইবাৰ হন্তে যত আদি অন্তে
 কহিলা সবে বৃত্তান্ত॥ ৪॥
শুনিয়ো বোপাই  এহে তবু ভাই
 কনিষ্ঠ পুল্ৰ আমাৰ।
বৰ ভাই জানি  মাধৱে তাহাঙ্ক
 কৰিলন্ত নমস্কাৰ॥ ৫॥
ভৈলন্ত একত্ৰ  তিনি পিতা পুল্ৰ
 অতিশয় ৰঙ্গ মন।
একত্ৰে বসিয়া  তিনিজনে গৈয়া
 হৰিষে কৰা ভোজন॥ ৬॥

—মাধৱদেৱৰ শিক্ষা—

কতোদিন মানে  আছে সেহিখানে
 বুঢ়া আতা আনন্দত।

[ ৮৩ ]

মাধৱদেৱক পঢ়াইলা সমস্ত
 কায়স্থিকা বৃত্তি যত॥৭
আনো শাস্ত্ৰ যত  পঢ়াইলা সমস্ত
 গদ্য পদ্য সংস্কৃত॥
ন্যায় তৰ্ক নিতি  শিকাইলা সম্প্ৰতি
 আনো যত কৰ্ম্ম নিত্য॥ ৮॥

—পিতৃৰ মৃত্যু—

কালৰ প্ৰমাণে  গৈলা সেহি থানে
 বুঢ়া আতা পৰলোক।
পাছে যেন মত  ভৈলেক বৃত্তান্ত
 কহোঁ তাঙ্ক শুনিয়োক॥৯॥
দুই ভাই মিলি মুখাগ্নিক দিয়া
 ত্ৰিদশাক কৰিলন্ত। (১)


 (১) দ্বিজ ৰামানন্দৰ গুৰুচৰিত্ৰ মতে- মাধৱদেৱৰ পিতৃৰ নাম বৰকণাগিৰি। কালক্ৰমত তেওঁ বিপত্নীক হোৱাত, পুল্ৰ ৰূপচন্দ্ৰ গিৰিলৈ বিয়া কৰালে। তাৰ পাছত বাণিজ্য কৰিবলৈ উজাই আহি, বৰদোৱাৰ এজন কায়স্থৰ কন্যা এজনী বিয়া কৰাই কিছুদিন বৰদোৱাত থাকে। তাৰ পাছত ভাৰ্য্যাৰ সৈতে গৈ বাণ্ডুকাত সাত বছৰ থাকি, পুনৰ বৰদোৱালৈ ঘূৰি আহে। ইতিমধ্যে বৰকণাগিৰিৰ ভাৰ্য্যা গৰ্ভৱতী হয় আৰু দেশত কছাৰীৰ উপদ্ৰব আৰম্ভ হয় বৰকণা গিৰিয়ে ভাৰ্য্যাৰে সৈতে, এজন পূৰণি বন্ধুৰ নাৱত উঠি আহি নাৰায়ণ পুৰত থাকে। তাতে মহাপুৰুষ মাধৱদেৱৰ জন্ম হয়। মাধৱদেৱৰ জন্মৰ পাছত, ভাগ্য বিপৰ্য্যয়ত উজনি অসমৰ হাবুঙ্ আদি ঠাইত ঘূৰি ফুৰোঁতে বৰকণাগিৰিৰ এটি কন্যা জন্ম হয়। ইয়াৰ পিচত তেওঁ সপৰিয়ালে নাৰায়ণপুৰলৈ আকৌ উলটি আহে, আৰু তাত কিছুদিন থকাৰ পিচত ফাগুণমাহত বৰকণাগিৰি স্বৰ্গী হয়।

[ ৮৪ ]

দক্ষিণা দিবাক নাহি ধন অৰ্থ
 পলাইবাক খুজিলন্ত॥১০॥
পাছে মনে গুণি  মাধৱে আপুনি
  বৰ ভাইক বুলিলন্ত।
কি আছে আনা  দিবাক দক্ষিণা
 শুনি তেঁহে কহিলন্ত॥১১॥

—অন্ত্যেষ্টি ক্ৰিয়া—

এহি মানে বিত  আছে বাপু মাত্ৰ
 আটয় ইটো কিসক।
ঘৰে ঘৰে গৈয়া  ঝগড়া ভাঙ্গিলা
 বুলি প্ৰিয় বচনক॥১২॥
যাক লাগৈ শিকা  তাঙ্ক দেন্ত আনা
 বিনয় অঞ্জলি ধৰি।
যাহাক অনেক  তাহাক পোনেক
 দেন্ত মৃদু ভাৱ কৰি॥১৩॥
সমস্ত ব্ৰাহ্মণ ভৈল তুষ্ট মন
 তান মহা মৃদু ভাৱে।
কৰিয়া আহ্‌লাদ  দিলা আশীৰ্ব্বাদ
 নাসিলা শুদ্ধিৰ ঠাৱে॥১৪॥
কৰিলন্ত শুদ্ধি  যি কিছু ব্ৰাহ্মণ
 আসিলা দক্ষিণা দিলা।
পাছে দুই ভাই  জ্ঞাতিক ভুঞ্জাই
 মৎস্য মাংস পৰশিলা॥১৫॥

[ ৮৫ ]

ষোড়শ অধ্যায়

—পুনৰ কামৰূপলৈ আগমন—

কতোদিন চয়  আছে দুই ভাই
 মহাৰঙ্গে একপ্ৰীতি।
দেখিবে মাতৃক  যাইবে টেম্বনিক
  মাধৱৰ ভৈল মতি॥ ১
দদা বৌক মাতি  লৈয়া অনুমতি
 চলিবাক সাজ ভৈল।
নৌকা এক লৈয়া গুৱাভৰা দিয়া
 শুভক্ষণে লৰি গৈল॥ ২॥

—মাতৃ মিলন—

পাছে কতোদিন  পাইলা টেম্বুৱানি
 গৃহত ভৈলা প্ৰৱেশ।
দেখি বুঢ়ী আই  গৃহৰ বজাই
 আনন্দ পাইলা অশেষ।৷ ৩।৷
বহিনী বৈনাই  মার পুল্ৰ তিনি
 চাৰি এক থান ভৈলা৷
আনন্দ অপাৰ আগে তা সম্বাৰ
 পিতৃৰ মৰণ কৈলা॥ ৪॥
শুনি তিনিজন  ভৈলা দুঃখ মন
 সবস্ত্ৰে স্নান কৰিলা।

[ ৮৬ ]

বুঢ়ী আই শঙ্খ  সিন্দুৰ তেজিয়া
 নিৰামিষ আচৰিলা॥ ৫॥

—মাধৱদেবৰ বিবাহৰ আয়োজন—

গুৱা বেচি কিছু  পাইলা টকা কড়ি
 ঘৰত ৰঙ্গে ৰহিলা।
পাছে কতোদিনি  কন্যা একখানি
 মাধৱে জোৰোণ দিলা॥ ৬॥

—গয়পাণিৰ তীৰ্থভ্ৰমণ—

সেহি সময়ত  গয়পাণি নাম।
 মাধৱৰ বহিনাই।
তীৰ্থ কৰিবাক  মনে চলি গৈলা
 লোকৰ সঙ্গ মিলাই॥৭॥
কতোদিন গৈয়া  পাইলা জগন্নাথ
 ক্ষেত্ৰক লোক সহিত।
দেখি জগন্নাথ  যৈত যিবা লাগৈ
 দিলা তাঙ্ক যথোচিত॥ ৮॥
জগন্নাথ আগে  প্ৰাৰ্থনা কৰন্ত
 সঙ্গক দিয়ো আমাক॥
স্বপ্ন দেখি এক  দৈবজ্ঞ কহিল
 তোমাক দেশ যাইবাক॥ ৯॥
দিলন্ত বিদায়  জগন্নাথে আজি
 মোক স্বপ্ন দেখাইলন্ত।

[ ৮৭ ]

শুনি হেন মত  বিস্ময় মনত
 বসিয়া পাছে গুণন্ত॥ ১০॥
দুতয় হাজাৰ লোক লোক সমে আইলোঁ।
 সমস্ত তীৰ্থ কৰিতে।
এখনে দেশক  বিদায় কৰন্ত
 কিনো ইটো বিপৰীতে॥ ১১॥
হেন গুণি মনে  কৰিয়া ভোজন
 সমস্ত লোক সহিতে॥
ৰামদাস বাই (১)  বসিলন্ত যাই
 কৈক যাইবো আলচিতে॥ ১২॥
কেহোঁ, বোলে ৰাম-  -সেতু যাওঁ কেহোঁ
 বোলে যাওঁ, বৃন্দাবন।
কেহোঁ বোলে কুৰু-  -ক্ষেত্ৰ, বাৰাণসী
 প্ৰয়াগ কৰোঁ গমন॥ ১৩॥
একমত কৰি  আসিলো তীৰ্থক
 যৈকে যাওঁ সবে যাইবো।
যাহাৰ খৰচা  ধুকাই সবে তাকো
 খৰচা দিয়া ফুৰাইবো॥১৪॥
হেনয় সন্মত এখানে লড়িল
 ভালেতো আজ্ঞা ঈশ্বৰে।
দিলন্ত আমাক {{gap|3em}দেশক যাইবাক
 এতেকে যাইবোহোঁ ঘৰে॥ ১৫॥




(১) গয়পাণিৰ অইন নাম - ৰামদাস।

[ ৮৮ ]

এহি বুলি তেহোঁ  গৃহক আসিলা
 তীৰ্থে যাইবো বুলি পাছে।
গৃহ কৰ্ম্ম যত কৰিয়া গৃহত
 কয় দিন মান আছে॥১৬॥

—টেম্বুৱানি ত্যাগ—

সেহি সময়ত টেম্বুৱানি বন্ধ।
 আসামে মাৰিয়া নিল।
ধূঞাহাট নাম (১)  আছে দিব্য স্থান
 তহিতে নিয়া ৰাখিল॥ ১৭॥
কৰি বাৰীঘৰ  লোক নিৰন্তৰ
 ধূঞাহাট থানে বৈলা।
ধূঞাহাট হন্তে  মাধৱো সিবেলা
 পুনু বাণ্ডুকাক গৈলা॥ ১৮॥

—গয়পাণি-শঙ্কৰ মিলন—

সেহি সময়ত শঙ্কৰদেৱক
 গয়পাণি লাগ পাইলা। (২)
কোঠেৰ তুমি বুলিয়া তাহান্ত
 শঙ্কৰ দেৱে পুছিলা॥ ১৯॥
তেহে কহিলন্ত  হোঙ্কোৰা-কুঞ্ছীয়া
 গিৰিৰ আমি তনয়।

[ ৮৯ ]

জানিলোঁ শঙ্কৰ  দেৱে বুলিলন্ত
 কহিয়োক মহাশয়॥ ২০॥
কিবা পঢ়ি আছা  তেহে বোলে অল্প
 নাহিকে পঢ়া বিস্তৰ।
এক গুটি শ্লোক  পঢ়িয়ো এতেকে
 জানিবো বোলে শঙ্কৰ॥ ২১॥

—শাস্ত্ৰালোচনা—

“তত্ৰৈব গঙ্গা যমুনা চ তত্ৰ গোদাৱৰী তত্ৰ সৰস্বতী চ।
সৰ্ব্বানি তীৰ্থানি বসন্তি তত্ৰ যত্ৰাচ্যুতোদাৰ কথা প্ৰসঙ্গঃ।

এহি গুটি শ্লোক  পঢ়িলন্ত তেহেঁ
 ইটো সৰ্ব্বশাস্ত্ৰ সাৰ।
আৰ বাৰ মাতা  বুলিলন্ত তাঙ্ক
 পঢ়া পঢ়া আৰ বাৰ॥ ২২॥
এহিমতে তিনি  বাৰ পঢ়াইলন্ত
 শঙ্কৰদেৱে এতেকে।
ৰাখিলন্ত শ্লোক  বুলিলন্ত তাঙ্ক
 বুজিয়ো আৰ অৰ্থকে॥ ২৩॥
তেহেঁ কহিলন্ত  নুবুজিয়ো অৰ্থ
 শুনিয়া শঙ্কৰে হাসি।
শ্লোকৰ সমন্ত  অৰ্থ বখানিয়া
 কহিলা তান্ত প্ৰকাশি॥ ২৪॥
কৃষ্ণৰ উদাৰ কথাৰ প্ৰসঙ্গ
 যথাত হোৱে নিশ্চয়।

[ ৯০ ]

গঙ্গা গোদাবৰী আদি যত তীৰ্থ।
 নিবাস তথা কয়॥ ২৫
হেন শুনি তেন্তে  বোলে কৈক যাই
 তীৰ্থক যাইবাৰ মন৷
তীৰ্থব আশাক  তেৰ্জি সেহি দিন।
 কৃষ্ণত লৈল শৰণ॥ ২৬॥
শুনা সাধু নৰ কৰিয়া কাতৰ।
 বোলো বাক্য অৱনতে।
শঙ্কৰদেৱৰ সঙ্গক মাধৱ
 – দেৱে, পাইলা যেন মতে॥ ২৭॥
তাতে গয়পাণি  আতৈৰ কথা
 তুলিলোঁ জানিবা তত্ত্ব।
ইটো মোৰ দোষ দেখি অসন্তোষ
 নকৰিবা সাধু যত॥ ২নু
যদি আগ পাছ  হোৱৈ কিছু কিছু
 ৰহে মাজে মাজে জানি।
নু দুষিবা মোক  ডাকি বুলিয়োক
 শঙ্কৰ মাধৱ বাণী॥ ২৯॥


[ ৯১ ]

সপ্তদশ অধ্যায়

—পাঠা বলিত আপত্তি—

সমস্ত তীৰ্থৰ আশা এৰি সেহিক্ষণে।
কৃষ্ণৰ অভয় পদে পশিলা শৰণে॥
শঙ্কৰদেৱক গুৰু কৰিয়া নিশ্চয়।
তানসঙ্গে আনন্দে ৰহিলা মহাশয়॥ ১॥

গয়পাণি ৰামদাস—

গয়পাণি নাম তান দূৰ কৰিলন্ত।
ৰামদাস নাম তান শঙ্কৰে দিলন্ত॥
তান কথা অহিতে ৰহোক এহিমানে।
মাধৱ দেবৰ কথা শুনা সাৱধানে॥ ২॥

—পুনৰ বাণ্ডু কাত মাধৱ—

আছন্ত মাধৱ কতোদিন বাণ্ডুকাত।
বৰ ভাই সমে দন্দ লাগিল তথাত॥
বিলাইতৰ ভাগৰ নিমিত্তে আতিশয়।
ভৈল ভাগ সবে যত পাইবাক লাগয়॥ ৩॥

—পিতৃ-সম্পত্তি ত্য়াগ—

ভাগ লৈয়া কতো দিন বিলাইত চৰ্চ্চিল।
সিজয় অধৰ্ম্ম বুলি মনত গুণিল॥
নাহিকে সত্যৰ লেশ অসত্যত পৰে।
এহি বুলি ভাগ এৰি দিলা অনন্তৰে॥ ৪॥

[ ৯২ ]

অনেক বিনয় ভাৱে বচন বুলিল।
যিবা অৰ্থ পাইছিলা তাৰো কিছু দিল॥
গুছিল বিবাদ ভাৱ ভৈল মিত্ৰৱতি।
বৌ খানি মাধৱক স্নেহ কৰে জাতি॥ ৫॥

—টেম্বুৱানিৰ বাটত—

কতো দিন পাছে মাতৃ দেখিবাক প্ৰতি।
টেম্পুৱানী যাইতে মাধৱৰ ভৈল মতি॥
সঙ্গে লৈয়া যাইবে লাগি নাৱ এক লৈলা।
গুৱা কিনি নাৱ ভৰা দিয়া লৰি গৈলা॥ ৬॥

—বক্তামাশয়ত মৃতপ্ৰায় মাধৱ—

দুই দিন পথ যাই নপৰা পৰিলা।
লগৰ মানুষে তাঙ্ক বালিতে এৰিলা॥
ঠিয় হইবে নপাৰন্ত আঠু কাঢ়ি যান্ত।
কাষ পাইল উঠিবাক তেহো নপাৰন্ত॥ ৭॥
গোৰখীয়া ফুৰন্তে মাতক লগাইলন্ত।
ওচৰ পাইলন্ত ভাঙ্ক মাতিৰে লইলন্ত॥
তাৰ শুনিলন্ত হাতে হাতে ধৰিলন্ত।
বলক দিলন্ত উপৰক তুলিলন্ত॥ ৮॥
বসিয়া আছন্ত তথা মনত গুণন্ত।
একজন আসিলন্ত তেখেঁ চিনিলন্ত॥
আমুকা কা’তৰ ভাই বুলি আছা চাই।
কি ভৈলা বিলাই গাৱে অৱস্থাও নাই॥ ৯॥

[ ৯৩ ]

বুলিলন্ত বোপাই কিসক ইটো ঠাই।
ইমত বিলাইত আছা লগ দেখোঁ নাই॥
তাৰ মুখ চাই তেহোঁ বুলিলা বুজাই।
জ্যেষ্ঠ ভাইৰ ঠাইত মোৰ বাৰ্ত্তা দিয়ে যাই॥ ১০॥
শুনি সিটো জনে চলি গৈলা তেতিক্ষণে।
বৰ ভাইৰ থানে কহিলন্ত দুঃখ মনে॥
তেহোঁ শুনিলন্ত তান ভাৰ্য্যা শুনিলন্ত।
নৌকা ধৰি দুয়োজনে তেখনে দিলন্ত॥ ১১॥

—ভ্ৰাতৃগৃহত শুশ্ৰুষা—


দুইজনে শীঘ্ৰে গৈলা দোলা বান্ধি লৈলা॥
পুনৰপি আসিলা গৃহত নিয়া থৈলা॥
বৌখানে দেখি বৰ খেদ কৰিলন্ত।
অনেক যতনে মাধৱক চাহিলন্ত॥১২॥
পুত্ৰতো অধিক মাধৱত স্নেহ তান।
মাধৱো মানন্ত তাঙ্ক মাতৃৰ সমান॥
অনন্তৰে কিছুদিনে সকাশ পাইলন্ত।
ভাই বৌ দুই স্থানতো বিদায় লৈলন্ত॥ ১৩॥

—দেশলৈ—


বেপাৰত আশে পুনু গুৱা কিনিলন্ত।
নাৱ ভৰা দিয়া টেম্বুৱানি লৰিলন্ত॥
কতো দিনে যান্তে পথে বাৰ্ত্তাক পাইলন্ত।
শীঘ্ৰে যায় তবু মাতৃ অসুস্থ অত্যন্ত॥ ১৪॥

[ ৯৪ ]

—মাতৃৰ নিমিত্তে পাঠা আগ—


দেখিবাক পোৱা কি নোপোৱা বুলিলন্ত।
হেনশুনি তেখনে দেবকি বুলিলন্ত॥
শুক্লা একজোৰ পাঠা দিবো মই যাই।
নপৰা সকাশ পাৱন্তোক মোৰ আই॥ ১৫॥
মাতৃক দেখিয়া মহা হৰিষ পাইলন্ত।
পাছে কতোদিনে মাতৃ সকাশ পাইলন্ত॥
দিন তিনি চাৰি নাথে গৃহত আছিলা।
গুৱা বেচিবাক লাগি বাহিৰাই গৈলা॥১৬॥

—পাঠা কিনত আপত্তি—


যাহান্তে বোলন্ত পাঠা দুই শুক্ল চাই।
দেবীক দিবাক কিনি আনা বহিনাই॥
পূজাক লাগিয়া অল্প দিন মাত্ৰ আছে।
তাহান বচন শুনি ৰামদাসে পাছে॥১৭॥
হাসিয়া বোলন্ত ভাল আসা গৈয়া তুমি।
দশটাও শুক্ল পাঠা থৈবো কিনি আমি॥
অনন্তৰে গুৱা বেচি আসিলা মাধৱ।
পাঠা কৈত পুছিলন্ত মনৰ উৎসৱ॥১৮॥
তেহেঁ কহিলন্ত পাঠা গৃহস্থৰ ঘৰ।
থৈয়া আছোঁ আমি এক কৰি মূল দৰ॥
এহিমতে নিতে নিতে মাধৱ পুছন্ত।
কিনি আছো বুলি তেহেঁ নিতে নিতে কন্ত॥১৯॥
একদিনা দুয়ো অন্ন ভুঞ্জিবাৰ বেলা।

[ ৯৫ ]

মাধৱ বোলন্ত পাঠা আনো যায়ো চলা॥
ৰামদাসে বোলন্ত কৰিবা পাঠা কিবা।
পৰলোকে সিটো কাটে যাক কাটে যিবা॥২০॥
শুনি তাঙ্ক খঙ কৰি মাধৱে মাতন্ত।
পাঠা নতু কিনস বুলিয়া পুছিলন্ত॥
তেহে বুলিলন্ত পাঠা কিনিবো কিসক।
কিবা কাৰ্য্য আছে সিটো বিনাশি ধৰ্ম্মক॥২১॥
কিকাৰণে পৰজীৱ হত কৰি বৃথা।
মাধৱে বোলন্ত কৈত পাইলা ইটো কথা॥
এতদিনে ইটো কথা নুশুনিলো আমি।
আবে কৈৰ পৰা আক তৰঙ্গাইলা তুমি॥২২॥
এৰিয়া ভাতৰ গ্ৰাস দুইৰো এহি বাদ।
দেখাই নানা শাস্ত্ৰ কৰা মাধৱে উচ্ছাদ॥
তেঁহে তান বাক্য উচ্ছাদিবে নপাৰন্ত॥
তথাপিতো আপোনাৰ কখ্যাক নেড়ন্ত॥২৩॥
ৰামদাসে বোলে কৰি মনত আনন্দ।
তুমি আমি অকাৰণে কৰো কেনে দন্ধ॥
ভাত খাই উঠা ঝাণ্টে তুমি আমি যাওঁ
যাত শুনি আছোঁ আহা তাহঙ্ক দেখাওঁ॥২৪॥
তাহান আগত মাতিবাক নপাৰিবা।
তোমাক নীৰৱ এক উত্তৰে কৰিবা॥
শুনিয়া মাধৱ বোলে তেন্তে উঠা যাওঁ।
কেমনে নীৰৱ মোক কৰে তাঙ্ক চাওঁ॥২৫॥

[ ৯৬ ]

এহি বুলি দুইজন যাইবাক খোজন্ত।
বেলি গৈল দেখি সিটো দিন ৰহিলন্ত॥
আউৰ দিন প্ৰভাতে দশ গুৱা লৈলা!
শঙ্কব দেবৰ ঠাই দুয়োজনে গৈলা॥২৬॥

⸻০⸻


অষ্টাদশ অধ্যায়

—শঙ্কৰ মাধব সম্মিলন—


আগছালি খনে বসি শঙ্কৰ আছন্ত।
প্ৰথমতে দুয়ো নমস্কাৰ কৰিলন্ত॥
একপাশ হুয়া দুয়োজন বসিলন্ত।
ৰামদাসে কথা শঙ্কৰত কহিলন্ত॥১॥
এহে পাঠা দুই কিনিবাক বুলিলন্ত।
নিকিনিলোঁ পাঠা মই কন্দল কৰন্ত।
তোমাঠেৰ বাক্য মই কহিলোহোঁ আন্ত।
কহিত শুনিলি আক বুলি নমানন্ত॥২॥
যৈত আক শুনিলোঁ দেখাওঁ আসা যাওঁ॥
আনিলোঁ তোমাৰ পাশে আপুনি বুজায়ো॥
হেন কথা শুনিয়া শঙ্কৰে হাসিলন্ত।
কোনঠেৰ এওঁ বুলি কথা পুছিলন্ত॥৩॥
দীঘল-পুৰীয়া গিৰি যাহাক বোলয়।

[ ৯৭ ]

ইহান মাধৱ নাম তাহান তনয়॥
এহি কহি ৰামদাস নমাতি ৰহিল।
জানিলোঁ বুলিয়া তাঙ্ক শঙ্কৰে মাতিল॥৪॥

—শাস্ত্ৰ বিষয়ক তৰ্ক-


পাছে দুয়োজনে কথা কহিবে লাগিলা।
উচ্চাউচ্চ দুইহান্তৰে সম্বাদ মিলিলা॥
দুইহন্তো তোলন্ত শাস্ত্ৰ দুইহন্তো খণ্ডন্ত।
দুয়ো কথা কন্ত দুয়ো দুইক নমানন্ত॥৫॥
মাধৱে শাস্ত্ৰক দেখাই প্ৰবৃত্তি কহন্ত।
নিবৃত্তি দেখাই তাক শঙ্কৰে খণ্ডন্ত॥
প্ৰভাতৰে পৰা তিনিপৰ বেলি গৈল।
দুইহান্তৰো কথা সাঙ্গ তথাপি নভৈল॥৬॥
দুইৰো কথা দুয়ো খণ্ডিবাক নপাৰন্ত।
অনন্তৰে শ্লোকেক শঙ্কৰ পঢ়িলন্ত॥৭॥

—ভাগৱতৰ শ্লোক—


যথা তৰোৰ্ম্মূল নিঃসেচনেন।
তৃপ্যন্তি তৎস্কন্ধভুজোপ শাখা॥
প্ৰাণোপহাৰাচ্চ যথেন্দ্ৰিয়াণাং।
তথাচ সৰ্ব্বাৰ্চনমচ্যুতে জ্যয়া॥
এহিশ্লোক গুটি পায়া মাধৱে মনত।
নিশ্চয় কৰিয়া এৰিলেক পূজা যত॥
মনে গুৰু মানি তেতিক্ষণে উঠিলন্ত।
শঙ্কৰদেৱক নমস্কাৰ কৰিলন্ত॥৮॥

[ ৯৮ ]

বোলন্ত শঙ্কৰদেৱে য্যইৰন্ত জানিলোঁ।
মাধৱে বোলন্ত গুৰু তোমাকে মানিলোঁ॥
শুনি দেৱ শঙ্কৰ ভৈলন্ত হৰিযিত।
আনন্দে শ্লোকৰ অৰ্থ লাগিলা কহিত॥৯॥
বৃক্ষৰ মূলত যেন আনি দিলে জল।
হোৱয় তৃপিতি জানা পাত পুষ্প ফল॥
ডালে ডালে সিঞ্চে যদি মূলত নেদয়।
যাকে দেয় তাহাৰো তৃপিতি নাহিকয়॥১০॥
ক্ষুধাতুৰ নৰে যদি অন্নক ভুঞ্জয়।
হোৱয় তৃপিতি তাৰ যত ইন্দ্ৰিচয়॥
ভোজন নকৰি পিন্ধে নানান ভূষণ।
নুহিকে তৃপিতি তাৰ যত ইন্দ্ৰিগণ॥১২॥
সেহিমতে অচ্যুতক যিজনে পূজয়।
সবে দেৱগণে অত তৃপিত হোৱয়॥
কৃষ্ণক নুপূজি যিটো পূজে দেৱগণ।
একোদেৱ তাত নুহিকয় তুষ্টমন॥১২॥
শঙ্কৰদেৱৰ মুখে শুনি কথাচয়॥
মাধৱৰ মনত আনন্দ অতিশয়॥
এহিমতে সিটো দিন গৃহক গৈলন্ত।
চাৰিজনে গৃহত আলোচ কৰিলন্ত॥১৩॥

—শিষ্যত্ব স্বীকাৰ—


নাৰাণ-পুৰীয়া সাতকঠি থান লৈলা।
প্ৰভাততে স্নান কৰি দুয়োজন গৈলা॥

[ ৯৯ ]

সাতকঠি থান দেৱ শঙ্কৰক দিয়া।
শঙ্কৰ দেৱক গুৰু মাধৱে মানিয়া॥১৪॥
কৃষ্ণৰ অভয় পদে লৈলন্ত শৰণ।
এহিমতে একথান ভৈলা দুয়োজন॥
হৰিষে মাধৱদেৱ গৈলন্ত গৃহক।
তাত পাছে যেন ভৈল তাক শুনিয়োক॥১৫॥

—পূজাত নৈৱেদ্য—


অনন্তৰে আসি ভৈল পূজাৰ সময়।
মিলাইয়া মাধৱদেৱ যত দ্ৰৱচয়॥
প্ৰভাত সময়ে তাঙ্ক কৃষ্ণত অৰ্পিয়া।
আগে কতো গুটি শঙ্কৰক দিলা নিয়া॥১৬॥
বোলন্ত শঙ্কৰে ইটো কিবস্তু আনিলা।
গোসাঞিক নৈবেদ্য দিলো মাধৱে কহিলা॥
তাৰে কতোগুটি আগে দিলে তোমাঠেক।
শঙ্কৰে বুলিলা হাসি মাধৱ-দেৱক॥১॥
যি জনৰ যিটো ইষ্টদেৱ বিদ্যমানে।
আজি তাসম্বক যিবা দ্ৰব্য দেয় মানে॥
সমস্তে পাৱয় দুৰ্গা শুনিয়া মাধৱ।
বুলিলন্ত পাছে মহা মনত উৎসৱে॥১৮॥
মনৰ ভাৱেসে অতৈ সৱাতো অধিক॥
সমস্তৰে বস্তুক দুৰ্গায়ে পাইবে কিক॥
যাৰ মনে নানা বিধ দেবাদি আছয়।
সিজনৰ বস্তু সৱ দুৰ্গায়ে পাৱয়॥১৯॥

[ ১০০ ]

কৃষ্ণ বিনে মনে যাৰ নেদেখৈ দেৱক।
দুৰ্গাই তাহাঁৰ দ্ৰৱ্য পাৱয় কিসক॥
শুনিয়া শঙ্কৰদেৱে পাইলা আনন্দক।
সাধু সাধু বুলি প্ৰশংসিলা মাধৱক॥২০৷
বোপা ৰামানন্দ আক ভাল কৰি থৈবা।
স্নান কৰি আইলে মই তাক আনি দিবা।
দেখা কেনে মাধৱ বুদ্ধি বিচক্ষণ।
কালি মাত্ৰ লৈলে আসি কৃষ্ণত শৰণ॥২১॥

—শঙ্কৰদেৱৰ পাৰিবাৰিক অশান্তি—


আজি নৈবেদ্য আনি দিলন্ত আমাক।
ঘৰতে নপাৰো স্ত্ৰীগোট বুজাইবাক॥
তিনিদিন মানক নৈবেদ্য নলাড়য়।
বাসি কৰি নৈবেদ্যক কি কাৰ্য্য সাধয়॥২২॥
বোলন্ত মাধৱদেৱ শঙ্কৰদেৱক।
এহিখানি বাপ নতু আন্তৰা কিসক॥
শুনিয়া শঙ্কৰদেৱে বুলিলন্ত বাক।
নকৰিলে বচন কৰিবো কিবা কাক॥২৩॥
হেনশুনি পুনৰপি মাধৱে বোলন্ত।
তোমৰা বুলিলে নকৰিবাক পাৰন্ত॥
বুলিলন্ত শঙ্কৰে মাধৱ নপতিয়া।
মই নোৱাৰিলোঁ তুমি পাবা যে গুছোৱা॥২৪॥
মাধৱে বোলন্ত পুনু মনৰ আহলাদে।
গুছাইবোহোঁ মই তযু চৰণ-প্ৰসাদে॥

[ ১০১ ]

শঙ্কৰে বোলন্ত মাধৱৰ মুখ চাই।
মাধৱো বুলিলা পাছে গোসনিক যাই॥২৫॥
অনেক যুগুতি যোগে বচন বুলিল।
শুনি তাই গোসানীয়ো মনত গুণিল॥
মাধৱৰ বচনে হৰিষ লভিলন্ত।
তেবে আৰ নৈবেদ্যক বাসি নকৰন্ত॥২৬॥
মাধৱক শঙ্কৰে প্ৰশংসা কৰিলন্ত।
বাসি নৈবেদ্যক মাধৱে যে গুছাইলন্ত॥
এহি বুলি শঙ্কৰ ৰহিলা মনৰঙ্গে।
ৰহিলা মাধৱদেৱ শঙ্কৰৰ সঙ্গে॥২৭॥

⸻০⸻

ঊনবিংশ অধ্যায়

—কীৰ্ত্তন লীলা—


দুই জনে এক থান ভৈল যি দিনত।
সেই দিন ধৰি দুইৰো আনন্দ মনত।
ভৈলন্ত ঈশ্বৰ দুই একথান যেবে।
নিতে নিতে আনন্দ বাঢ়িয়া যাই তেবে॥১॥
ৰাম-ৰাম গুৰু ৰামদাস ওজা দুই।
মাধৱে কীৰ্ত্তন কৰা ডাইনা পালি হুই॥
গগন মণ্ডল চোৱে কীৰ্ত্তনৰ ধ্বনি।

[ ১০২ ]

আনন্দ সাগৰে লোক মজে তাক শুনি॥২॥
স্বভাবে কীৰ্ত্তন-ঘোষা পৰম সুন্দৰ।
এখনো মিলায় শুনি আনন্দ লোকৰ॥
তাতে আৰো ঈশ্বৰে আপুনি তাল ধৰি।
গাৱন্ত মহিমা তাৰ কোনে কৈবে পাৰি॥৩॥
আগত শঙ্কৰদেৱ থাকন্ত সাক্ষাত।
মিলে জান আনন্দ অপৰিসীম তাত।
প্ৰেমানন্দ সাগৰত মজি থাকৈ লোক।
একদিন যেন ভেল তাক শুনিয়োক॥৪॥

-কংসবধ-


কংসবধ ঘোষা ৰাম-ৰাম গুৰু গান্ত।
সেহি সময়ত প্ৰেম উপজিল তান্ত॥
অম্বষ্ঠ (১) সহিতে কুবলয় হাতী মাবি॥
ভৈলা ৰঙ্গ শালাত প্ৰবেশ ৰাম হৰি॥৫॥
কান্ধত হস্তিৰ দান্ত শিশুগণ সঙ্গে।
ওহি পদ ৰাম-ৰাম গুৰু গান্ত ৰঙ্গে॥
সমস্তে লোকক প্ৰেমে পৰশি আছয়।
তান গাৱে চেতন গিয়ান নাহিকয়॥৬॥
প্ৰেমানন্দ সমুদ্ৰত মজিলা সমূলি॥
কান্ধত লৈলন্ত স্তম্ভ একগোটা তুলি।৷
স্বভাৱে বহিবে দুই মুনিষে পাৰয়।
আৰো গোড় পুতি ঘৰে লগায় আছয়॥৭॥
একঠেলা মাৰি তঙ্ক দুইহাতে ধৰি৷



(৭) অম্বষ্ঠ-কংসৰ হাতীৰ মাউত।

[ ১০৩ ]

কৌতুকে কান্ধত লৈয়া যান্ত লীলা কৰি॥
যেন হস্তী দন্ত কান্ধে লৈয়া ৰামহৰি।
ৰঙ্গশালা প্ৰবেশ ভৈলন্ত লীলা কৰি॥৮॥
সেহিমতে ৰাম-ৰাম গুৰু চলি যান্ত।
সব লোক ভয় যেন গাৱত পেহ্লান্ত॥
আথেবেথে মাধৱদেৱে গৈ ধৰিলন্ত।
কান্ধব নমায়া কতো দূৰত থৈলন্ত॥৯॥
এহিমতে কথা এক দিনা যেবে ভৈল।
শুনা আত পাছে আৰো যেন কথা ভৈল॥

-প্ৰহ্লাদ চৰিত্ৰ-


দিনেক শঙ্কৰদেৱ সভাত আছন্ত।
মহাৰঙ্গে ৰামদাসে কীৰ্ত্তন কৰন্ত॥১০॥
অমৃত বৰিষে যেন শুনিয়া লোকৰ।
প্ৰহ্লাদ চৰিত্ৰ পদ ঘোষা কীৰ্ত্তনৰ॥
আনন্দৰ সীমা নাই প্ৰেম উপজিল।
কীৰ্ত্তন সুখত মন সবৰো মজিল॥১১৷

-প্ৰেমোন্মাদ -


ঘনে ঘনে আনন্দে কৰয় হৰিধ্বনি।
মাজনিশা সভামাজে জ্বলন্তে অগণি॥
দপ দপ কৰি অগ্নি জ্বলন্ত আছয়।
ৰামদাস আতৈ প্ৰেমযুক্ত আতিশয়॥১২॥
শৰীৰত নাহি অনুসন্ধান তাহান।
মুখে গান্ত কীৰ্ত্তন কৰন্ত মনে ধ্যান॥

[ ১০৪ ]

যেন প্রহ্লাদক হস্তী দান্ত ভিড়িলেক।
জলে ডুবাইলেক যেন সর্প দংশিলেক ॥১৩৷৷
যেন মতে তাঙ্ক গাত খান্দি পুতিলেক।
আৰো যেন মতে বিষ পান কৰাইলেক॥
হাতে গলে বান্ধি অগণিত পেলাইলেক।
কীৰ্ত্তন কৰন্তে এহি প্ৰভাৱ প্রত্যেক ॥১৪৷৷
প্রেমে পৰশিছে নাহি গাৱত চেতন।
অগণিত গৈয়া পৰিলন্ত তেতিক্ষণ।
তাতে পৰি আনন্দেতে পদক বােলন্ত ।
সমস্ত সমাজে হৰি হৰি সুমৰন্ত ॥১৫॥
ধৰা ধৰা কৰন্ত শঙ্কৰদেৱে চাই।
মাধৱে মন্দিৰা থৈলা হাত খসাই॥
ভালেখানি ভৈল অগণিত পৰিলন্ত।
কতােক্ষণে মাধৱে ধৰিয়া তুলিলন্ত ॥১৬৷৷
সবলােকে বােলে মােট যাইবেক গাৱৰে।
গৃহক লাগিয়া পঠাই দিলা অনন্তৰে॥
প্রভাতে শঙ্কৰদেৱে মানুষ পঠাই।
ৰামদাসে কি কৰে চাই আসা যাই॥১৭॥
দেখিলন্ত গই চোতালত বসিছন্ত।
নাহি ঘাৱ ব্যথা গাৱে দেখিয়ো শ্ৰীমন্ত॥
এদিনতো অধিক জ্বলয় মহাভাগ।
কহিলেক গৈয়া দেৱ শঙ্কৰৰ আগ ॥১৮৷৷
নাহি কিছু ৰামদাস আনন্দে আছন্ত।

[ ১০৫ ]

শুনিয়া শঙ্কৰদেবে হৰি পাইলন্ত ॥
আনাে কতাে কতো লোক হৰিষে আসিলা i
পানী ফোঁহা গােটা নাহি বিস্ময় মানিলা ॥১৯॥
হৰি ভকতিৰ দেখা পৰম প্ৰভাৱ।
এতমান জুইত পৰি নুপুৰিলা গাৱ ॥
এহিবুলি লােক সব ঘৰাঘৰি গৈল
শুন আতপৰ তৈতে যেন কথা ভৈল ॥২০॥

—ব্যাসকলাইব গীতাব্যাখ্যা—

প্রভাতে কৰিয়া স্নান লোহিত্যৰ জলে।
বালিত বসিলা সবে কৌতূহল মনে ॥
শঙ্কৰ মাধৱ দুই তহিতে বসন্ত।
স্নান দান কৰি সবে গীতাক শুনন্ত ॥২১॥
ৰত্নাকৰ কন্দলী পঢ়ন্ত গীতাত্ৰয় ।
বিয়াস কলাই নামে জনেক আছয়॥
তাঙ্ক সম গুণী নাই জাতিত ব্রাহ্মণ।
শঙ্কৰদেৱত তহোঁ লৈলেক শৰণ ॥২২॥
দুই চাৰি শ্লোক গৈলে গীতাৰ নিশ্চয়।
থিয় হুয়া সিটো সবে সভাত কহয়॥
হে সভাসদ লােক থিৰ কৰি মন।
শুনা সাৱধানে ইটো কৃষ্ণৰ বচন ॥২৩॥
এহি বুলি সিটো সবে লােকক শুনাই
গীতাৰ অৰ্থক কহে সভাত বুজাই॥
উপৰক দুই হাত তুলি উচ্চ কৰি।

[ ১০৬ ]

বোলে ঘনে ঘনে সবে বোলা হৰি হৰি॥২৪॥
সবলোকে জোৰে জোৰে কৰে হবিৰাৱ।
সবাৰো মনত মহা আনন্দ উৎসৱ॥
কতোক্ষণে ভৈলে কবি গীতা সম্বৰণ।
হৰিষে কৰন্ত সবে গৃহক গমন॥২৫॥
এহিমতে গীতা প্ৰতি দিবসে শুনন্ত।
বিয়াসকলায়ো এহিমতে নিতে কন্ত॥
শুনা সাধুজন ইটো কথা মহোৎসৱ।
পাপ দূৰ হৌক বোলা শঙ্কৰ মাধৱ॥২৬॥

———


বিংশ অধ্যায়



-ব্ৰাহ্মণৰ বিবাদ মীমাংসা-


শুনিয়োক সাধুজন  আত অনন্তৰে যেন
 মিলন বিবাদ কহোঁ তাক॥
এহিমতে আছা তৈতে  শঙ্কৰে কৰন্ত ভক্তি
 বিপ্ৰগণে নসহিয়া তাঙ্ক॥১॥
আচাৰ্য কন্দলী, মিত্ৰ  উপাধ্যা, ভাৰতী আদি
 আনো বৰ বৰ বিপ্ৰ যত।
একথান হুয়া সবে  আলোচ কৰিয়া তেবে
  দ্বেষ ভাবে শঙ্কৰ দেৱক॥২॥

[ ১০৭ ]

--ভকতক অত্যাচাৰ-


নানান বিতণ্ডা হয়  কৰিব লাগিলা ভয়
 ভকতক বিগুতি মাতয়।
আজি কাৰ ঘৰে যাইবা  ফলাৰ কৰিতে পাইবা
 এহিবুলি হাসে বিপ্ৰচয়॥৩॥
মালাক লৱয় কাঢ়ি  কুকুৰৰ গলে আড়ি
 উপহাস কৰে বিপ্ৰগণ।
হৰি ভকতিত লোক  প্ৰবৰ্ত্তিবে দেখি আতি
  ব্ৰাহ্মণগণৰ দহে মন॥৪॥
ইটো সব কথা শুনি  শঙ্কৰে মনত গুণি
 নমাতিয়া থাকিলন্ত তথা।
শুনিয়োক সাধুসব  কহোঁ আতপৰে আৰো
 পাছে যেন মত ভৈল কথা॥৫॥

-শ্ৰাদ্ধত কীৰ্ত্তন-


বুঢ়াখাঁ নামে এক  জন ভুঞাঁ আছিলন্ত
 তেহেঁ পিতৃশ্ৰাদ্ধৰ দিনত।
ফলাৰ কৰিবে প্ৰতি  নিমন্ত্ৰণ কৰি মাতি
 আনিলন্ত ব্ৰাহ্মণ সমস্ত॥৬॥
আনো জ্ঞাতি মিত্ৰগণ   গায়ন বায়নগণ
 মাতি নিয়া অনেক উৎসৱ।
খুৱান্ত ধুৱান্ত আতি  গুৱাপান দিয়া মাতি
 কৰন্ত কীৰ্ত্তন হৰিৰৱ॥৭॥
বুঢ়াখাঁ মাতি তথা শঙ্কৰদেৱক নিশা
 গৈলন্ত শঙ্কৰদেৱ সাজি।

[ ১০৮ ]

মনত আলোচ গোলা আজি এৰি আসোঁ মালা।
 নুহি মালা লৈয়া আসো আজি॥৮॥

-ব্ৰহ্মানন্দ আচাৰ্য্য়ৰ সমাধান—


কাৰ্য্য় যেবে সাঙ্গ ভৈল  সভাও সম্পূৰ্ণ ভৈল
 বসিল সমস্তে সভাপাতি!
সেহি সময়ত তথা  শঙ্কৰে পুছিলা কথা
 ব্ৰহ্মানন্দ আচাৰ্য্যক মাতি॥৯॥
যি জন পাতকী নৰ  কৰ্ম্মে তাৰ অধিকাৰ
 কহিয়োক আতা আছে নাই।
কহিলন্ত ব্ৰহ্মানন্দে  পাতকীৰ কৰ্ম্মে নাই
 অধিকাৰ, শঙ্কৰক চাই॥১০॥
আছে প্ৰায়শ্চিত্ত আন  একতিল কাঞ্চন
 কৰিবাক লাগৈ সিজনৰ।
সিয়ো কৰ্ম্ম কৰিবাক  নপাৱে জানিবা আক
  হেন শুনি বুলিলা শঙ্কৰ॥১১॥
নিষ্ঠ কৰি কহিয়োক  পাপী কৰ্ম্ম কৰিবাক
 নপাৱয় সত্য স্বৰূপত।
ব্ৰহ্মানন্দাচাৰ্যে শুনি  বোলে কৰ্ম্মে অধিকাৰ
  নুহি সত্যে সত্যে পাপী যত॥১২॥

-পাতকীতাৰক হৰিনাম-


বোলন্ত শঙ্কৰে পুনু  কহিয়োক পাতকীক
 কোন কৰ্ম্মে কৰয় উদ্ধাৰ।
শুনি ব্ৰহ্মানন্দাচাৰ্য্যে  বোলা হৰি নামে মাত্ৰ
 কৰে পাপীজনক নিস্তাৰ॥১৩

[ ১০৯ ]

জাৰ নাম বিনে আৰ  নাহি ধৰ্ম্মে অধিকাৰ
 পাতকীৰ জানিবা নিশ্চয়।
শঙ্কৰে দঢ়াই পুনু  বোলা নিষ্ঠ নাই তেহোঁ
 বুলিলন্ত নিষ্ঠে নাহিকয়॥১৪॥
পুনু পুনু দঢ়াইলন্ত  শঙ্কৰে যে পুছিলন্ত
 তেঁহে পুনু পুনু দঢ়াই কৈল।
পাতকীজনৰ হৰি-  নামে অধিকাৰ মাত্ৰ
 শঙ্কুৰে পুছিবে পুনু লৈল॥১৫॥

—নাম নিন্দক চণ্ডাল—

কহিয়োক হেন হৰি- -নামক যিজনে নিন্দে
 কেমনে মানিব সিজনক।
কহিলন্ত ব্ৰহ্মানন্দে যিজনে নামক নিন্দে
 জানা সিটো হীন চণ্ডালক॥১৬॥
চুইবাকো নলাগৈ তাক  যোগ্য নুহি দেখিবাক
 শুনিয়া শঙ্কৰে বুলিলন্ত।
সবে ব্ৰাহ্মণক চাই  আতৈ সব হুই নুহি
 ব্ৰহ্মানন্দে যেন কহিলন্ত॥১৭॥
শুনিয়া ব্ৰাহ্মণ জাকে  সবেও বুলিলা বাক
 হুই ব্ৰহ্মানন্দে কৈলে যিটো।
শুনি শঙ্কৰ দেৱে পাছে  পুনু পুনু দঢ়াই দঢ়াই
 বোলা নিষ্ঠ কৰি কৈব ইটো॥১৮॥
চণ্ডালতোধিক সিটো  চুইবে নুহি যোগ্য যাতো
 শুনি বিপ্ৰগণে কহিলন্ত।

[ ১১০ ]

সত্যে সত্যে যিটো জনে  হৰিৰ নামক নিন্দৈ
 সেহি জন পাতকী অত্যন্ত॥১৯॥

—পাতকীৰ দান অগ্ৰাহ্য—

শুনিয়া শঙ্কৰদেৱে  সজ সজ বুলিলন্ত
 পুছিলন্তি ব্ৰাহ্মণ সবত।
পাতকী জনৰ বস্তু  ভোজন কৰিবে পাই
 নপাই কহিয়োক স্বৰূপত॥২০॥
ব্ৰাহ্মণ সকলে শুনি উত্তৰ দিলন্ত
 পাতকীৰ বস্তুক ভোজন।
কৰিবে নপাৱে জানা  ভুঞ্জিলে তাহাৰ মান
 পাতকী হোৱয় সিটোজন॥২১॥

—ব্ৰাহ্মণৰ পৰাভৱ—

শুনিয়া শঙ্কৰে বুঢ়া-  -খাঁক মাতি পুছিলন্ত
 তুমি কি পাতকী পূণ্যৱন্ত।
কহিয়োক হেন শুনি  তেহোঁ কৈলা মনে গুণি
 জানা মই পাতকী অত্যন্ত॥২২॥
মহাপাপ মিছা বাক প্ৰভাতৰে পৰা আক
 মাতো দিন গোটে সৰ্ব্বক্ষণ।
কায়বাক্য মনে যত  সিজে পাপ অবিৰত
 আনো অসংখ্যাত পাপগণ॥২৩॥
ব্ৰাহ্মণ সবক চাহি শঙ্কৰে বোলন্ত বাক
 আবে আতৈ সব কি কৰিবা।
বুঢ়া-খাঁ বোলে মই পাপী আৰ বস্তু সব

[ ১১১ ]

 ভোজন কৰিবা নকৰিবা॥২৪॥
শুনি বিপ্ৰসবে বোলে  কি কৰিবা এহিমতে
 পাৰম্পৰ্য্য প্ৰবৰ্ত্তি আছয়।
শঙ্কৰে বোলন্ত তেবে  ভকতৰ মালা কেনে
 কাঢ়ি লোৱা তুমি সমস্তয়॥২৫॥
পাপীৰ বস্তুক খোৱা  তোৰায় নামক নিন্দা
  তোৰাক চুইবাক নলাগয়।
এহিমতে আনো নানা  বুলিয়া শঙ্কৰদেৱে
 পুনৰপি বুলিলন্ত ত্ৰয়॥২৬॥
সহস্ৰক নাম, গীতা  ভাগৱত তিনি খান [৭]
 শাস্ত্ৰ যেবে খণ্ডিবাক পাৰা।
কাঢ়ি লৈবে নলাগয়  আপুনি মালাক তবে
 নিষ্ঠে বোলোঁ তেজিবো আমৰা॥২৮॥
যেবে তিনিখান শাস্ত্ৰ খণ্ডিবাক নপাৰয়
 তেবে মালা লোৱা কিবা জানি।
শুনিয়া ব্ৰাহ্মণ সবে  নমাতি ৰহিলা আৰ
 শঙ্কৰ দেবৰ শুনি বাণী॥২৮॥

-দৈৱশক্তিৰ পৰিচয়-

এহিমতে কথামাতে আছন্ত শঙ্কৰ দেৱ
 দেখাইলন্ত ঈশ্বৰ শকতি।
শুনা সভাসদ চয় কহোঁতক বুঢ়াখাঁ


[ ১১২ ]

 ভিতৰক চিৰা খাইবে প্ৰতি॥২৯॥
জ্ঞাতি বিপ্ৰ মাতি নিল  দুই চৰু ঘন দুগ্ধ
 দেখিয়া শঙ্কৰে বুলিলন্ত।
একচৰু দুগ্ধ আৰ লৈলন্ত ঈশ্বৰে জানা
 আউৰ চৰু দুগ্ধক নলৈলন্ত॥৩০॥
বুঢ়া-খাঁ বোলে কেনে  নলৈলা ঈশ্বৰে কোঁৱা
 কহিলন্ত শঙ্কৰে দুনাই।
এক গাছি কেশ আছে  দুধৰ তলত চোৱা
 হুই নুই দুধক গুছাই॥৩১॥
ঈশ্বৰে নলৈলা তাতে  দেখিলন্ত বুঢ়া খাঁ
 দুধ তলে চুলি গছ আছে।
কেমনে জানিলা আক  বুলিয়া ব্ৰাহ্মণ জাক
 আশ্চৰ্য্য মানিল মনে পাছে॥৩২॥
বোলয় শঙ্কৰ নুহি মনুষ্য, ঈশ্বৰ-অংশ
 অৱতাৰ জানিবা নিশ্চয়।
শুনা সাধু নিৰন্তৰ  এহিমতে শঙ্কৰৰ
 বহুবিধ চৰিত্ৰ আছয়॥৩৩॥
কোনজনে কহিবাক  নিঃশেষে পাৰয় তাক
 তথাপিতো মনে যেন লয়।
কহিব শুনিয়ো তাকে শঙ্কৰ মাধৱ ডাকি
 বুলিয়োক পাপ হৌক ক্ষয়॥৩৪॥

[ ১১৩ ]


একবিংশ অধ্যায়

—জগন্নাথ মূৰ্তি নিৰ্ম্মাণ—

এহিমতে হৰিভক্তি প্ৰকাশি শঙ্কৰ॥
আছন্ত আনন্দে আতি সমস্তে লোকৰ॥
একদিনা মাতি ৰাম-ৰায়ক আনিলা।
জগন্নাথ মূৰ্ত্তি সাজিবাক আলোচিলা॥১॥

—খনিকৰ কোৰলা বাঢ়ৈ—

কোৰলা বাঢ়ৈক মাতি বুলিলা শঙ্কৰ॥
সাজ জগন্নাথৰ প্ৰতিমা ৰুচিকৰ॥
শঙ্কৰ দেৱৰ বাক্যে কোৰলা বাঢ়ই।
প্ৰতিমা সাজিবে লৈলা তেতিক্ষণে গই॥২॥
আগে থাকি আপুনি শঙ্কৰে দেন্ত দৃষ্টি।
দেখন্তে প্ৰতিমা মনে মিলৈ মহা তুষ্টি॥
কৰিলা যুগুতি তাঙ্ক প্ৰতিষ্ঠা কৰিবে।
কৰয় আনন্দ তাক শুনি লোক সবে॥৩॥

—ব্ৰাহ্মণৰ নিন্দা—

ব্ৰাহ্মণ সকলে তাক বিপক্ষে আচৰি।
বোলে কেন জগন্নাথ মূৰ্ত্তি আছা কৰি॥
কাটিলেক কাঠখান বাঢ়ৈ দিয়া ভৰি।
কৰিবে প্ৰণাম তাক লোকে পৰি পৰি॥৪॥

[ ১১৪ ]

দেখা কেন উপায় শঙ্কৰে কৰিলন্ত।
লোক সব বৰাইবে প্ৰতিমা সাজিলন্ত॥
আবে জগন্নাথৰ প্ৰতিমা বুলি তাক।
গৈলে তাক অৱশ্যে লাগিব নমিবাক॥৫॥

—প্ৰতিষ্ঠা কাৰ্য্যত ব্ৰাহ্মণৰ আপত্তি—

নযাইবো আমৰা সব বুলি বিপ্ৰগণ।
এহিমতে অন্যো অন্যে কৰে আলোচন॥
লোক সব মতাই মহোৎসৱ কৰিবেক৷
ব্ৰাহ্মণ সজ্জনে গৈয়া তাক দেখিবেক॥৬॥
ঈশ্বৰৰ মূৰ্ত্তি বুলি প্ৰণাম কৰিব।
সবলোকে তেবে আক দেৱতা মানিব॥
আক লাগি উপায় লাগিছে কৰিবেক।
আমি সব নযাইব মাতিলে আমাসাক॥৭॥
লোকক কহিবো কৈত পাইবে জগন্নাথ।
কাঠখানি বাঢ়ৈ কাটি আছয় সাক্ষাত॥
এহি কথা শঙ্কৰদেৱে যে শুনিলন্ত।
মাতি ৰামৰায়ক তেখনে আনিলন্ত॥৮॥
কহিলন্ত ব্ৰাহ্মণ সবৰ কথা যত।
কৰিলা উপায় এক তেখনে মনত॥
লোভাবিষ্ট বিপ্ৰ সব পাইবে নাম শুনি।
মাতিলে মাত্ৰকে সবে আসিব আপুনি॥৯॥

—ব্ৰাহ্মণৰ দান—

এহিবুলি লোকত শুনায়া আলোচন্ত।

[ ১১৫ ]

কাক কিবা দিবা ৰামৰায়ত পুছন্ত॥
আচাৰ্য্য কন্দলী মিশ্ৰ উপাধ্যা ভাৰতী।
কাকো সোণতোলা আধতোলা কাকো প্ৰতি॥১০॥
কাকো একমাষা পাট ভূনি ফোটা দিব।
এহিমতে ব্ৰাহ্মণক সন্মান কৰিব॥
এহি কথা লোকে গৈয়া তাৰাত কহিল।
শুনি আতি যত বিপ্ৰগণ উল্লসিল॥১১॥
পাছে শুভক্ষণ চাই শঙ্কৰে দিনেক।
সমস্তে লোককে মাতি অনাইলা প্ৰত্যেক॥
ব্ৰাহ্মণ সবক মাতিলন্ত কৰি মান।
আসিল হৰিষ মনে যতেক ব্ৰাহ্মণ॥১২॥

—মূৰ্ত্তি প্ৰতিষ্ঠা—

ভৈল মহোৎসৱ প্ৰাণ-প্ৰতিষ্ঠা কৰিল।
যাক যিবা দিবে লাগে সমস্তকে দিল॥
ভৈলন্ত সন্তোষ বিপ্ৰ সব নিৰন্তৰ।
প্ৰীতি পূৰ্ব্বকে পাছে বুলিলা শঙ্কৰ॥১৩॥
শুনিয়োক আতৈ সব পুছোঁ এক কথা।
সমুচিত ৰূপে কথা কহিবা সৰ্ব্বথা॥
ঈশ্বৰৰ মূৰ্ত্তি ইটো হোৱে নুহিকয়।
আকে সেৱা কৰি গতি পাৱে নপাৱয়॥১৪॥
হেন শুনি কহিলন্ত বিপ্ৰ নিৰন্তৰে।
পূৰ্ব্বে আক কহি আছা আপুনি ঈশ্বৰে॥
যতেক মৃত্তিকাময় সবে শিলাময়।

[ ১১৬ ]

যত জলময় ইটো দেৱতীৰ্থ হয়॥১৫॥
কিন্তু শুদ্ধি কৰে চিৰকাল সেবি যেবে।
দৰশন মাত্ৰ শুদ্ধ কৰে সাধু সবে॥
দেৱতা তীৰ্থতো হন্তে শুদ্ধ হোৱে নৰ।
সাধু দেৱে তীৰ্থে জানা অনেক অন্তৰ॥১৬॥
পুছিল শঙ্কৰদেৱে পুনু তাসম্বাক।
কহিয়োক আতৈ সব সাধু, বুলি কাক॥
জানা যিটোজনে হৰি ভকতি কৰয়।
তাসম্বাকে সাধু বুলি কহে বিপ্ৰচয়॥১৭॥
পুছিলা শঙ্কৰদেৱে তাসম্বাত তেবে।
দেৱতা তীৰ্থতো শ্ৰেষ্ঠ কৈলা সাধুসবে॥
হেনয় সাধুক যিটো জনে নিন্দা কৰে।
কৈয়ো তাৰ হৈব কেন গতি অনন্তৰে॥১৮॥

—মূৰ্ত্তিত দেৱতা বিশ্বাস—

কৈলে বিপ্ৰসবে সিটো যাইবে অধোগতি।
পুছিলা শঙ্কৰে পুনু তাৰাত সম্প্ৰতি॥
প্ৰতিমাক সেৱা কৰি সিদ্ধিক লভয়।
ইটো যে প্ৰতিমা দেৱ হোৱয় নোহয়॥১৯॥
আঙ্ক সেৱা কৰি গতি হুইবে নুহিবেক।
কৈয়ো হেন শুনি বোলে ব্ৰাহ্মণ যতেক॥
হোৱে দেৱ এহেঁ কিয় দেৱ নুহিবেক।
কিবা হেতু আঙ্ক সেৱি শুদ্ধ নুহিবেক॥২০॥
ঈশ্বৰৰ মূৰ্ত্তি ইটো মহন্ত থাপিত।

[ ১১৭ ]

হেন শুনি শঙ্কৰ ভৈলন্ত হৰিষিত॥
উচ্চ কৰি সমজ্যাত হৰি বোলালন্ত।
সভা বিসৰ্জ্জিয়া পাছে গৃহক গৈলন্ত॥২১॥

দ্বাবিংশ অধ্যায়

—কীৰ্ত্তনৰ প্ৰসাৰ—

আৰো যেন কথা ভৈল তাক কহোঁ শুনা।
কৰান্ত কীৰ্ত্তন ৰামদাসে একদিনা॥
শঙ্কৰ মাধৱ আনো ভক্ত সব যত।
পৰম আনন্দে বসি আছা সমাজত॥১॥
ৰাম ৰাম গুৰুৱে কীৰ্ত্তন কৰিলন্ত
ৰামদাস মাধৱে প্ৰসাদ বিলাৱন্ত॥
ৰামদাসে সভা বিসৰ্জ্জিয়া পঠাইলন্ত।
সভাসদ লোক সবে গৃহক গৈলন্ত॥২॥

—গুপুত মিঠাই—

সমস্ত প্ৰসাদ ভকতক দিয়া গৈল।
এক চৰু মিঠাই মাত্ৰ পাসৰাত ৰৈল॥
তাৰা কেহোঁ নজানন্তে ৰহি আছা বুলি।
আন্ধাৰ ঘৰত থৈছা ওপৰত তুলি॥৩॥

[ ১১৮ ]

ৰাতি এক বিধবা স্বপন দেখিলন্ত।
প্ৰভাততে শঙ্কৰ দেৱত কহিলন্ত॥
দেখিলোঁ স্বপন আতা তোমাৰ আগত।
কহোঁ শুনিয়োক ৰামদাসৰ ঘৰত॥৪॥
এক চৰু মিঠাই আছে শিকিয়া ওপৰ।
ব্ৰাহ্মণৰ একগুটি ছৱাল ৰুচিৰ॥
হাতে সুবৰ্ণৰ লড়ু ডালি ধৰি হাসি।
সেহি মিঠাই চৰুৰ ওপৰে আছে বসি॥৫॥
পুছিলোহোঁ তুমি কৈৰ ঐত কিকাৰণে।
বসিয়া আছাহা কহিয়োক ৰঙ্গমনে॥
তেহোঁ কহিলন্ত মোকে সব বস্তু দিল।
এহি মিঠাই চৰু মাত্ৰ পাহৰি ৰহিল॥৬॥
আকে ৰাখি আছোঁ মই কহিলোঁ সাক্ষাত।
স্বপ্ন দেখি আতা মই কহিলো তোমাত।
শুনি দেৱ শঙ্কৰে বিস্ময় মানিলন্ত।
ততকালে মাতি ৰামদাসক নিলন্ত॥৭॥
বোলা এক চৰু মিঠাই ঘৰত তোমাৰ।
শিকিয়াৰ ওপৰত আছে জানা সাৰ॥
তেহে বোলে আতা নাই দিয়া গৈল কালি।
পঠাইলা শঙ্কৰদেৱে চোঁৱাগই বুলি॥৮॥
হেন শুনি তেহেঁ গেয়া দেখিলন্ত পাছে৷
আন্ধাৰ ঘৰৰ ওপৰত বহি আছে॥
পুনৰপি গৈয়া শঙ্কৰত কহিলন্ত।

[ ১১৯ ]

আনাগই বুলি পুনৰপি পঠাইলন্ত॥৯॥
পঠাইল ভকত বোলা সমস্তে আসোক।
সভাত আছিলা মানে কালি যত লোক॥
শুনিয়া সমস্ত লোক আইল ভাটি বেলা।
মিঠাই চৰু লৈয়া ৰাম দাসো পাছে গৈলা॥১০॥
কহিলা শঙ্কৰদেৱে স্বপ্নৰ কথাক।
বিধৱা ব্ৰাহ্মণী এক দেখিলন্ত আক॥
শুনিয়া সমস্ত লোকে বিস্ময় মানিলা।
বহুলোক বিলাইলে নাটিবন্ত জানিল॥১১০
বোলন্ত কৰিয়ো গুড়ি তেবেসে আটিব।
অল্প অল্প কৰি আক সমস্তক দিব॥
হেন শুনি তাক গুড়ি মাধৱে কৰিলা।
ৰাম ৰাম গুৰুক প্ৰথমে আনি দিলা॥১২॥
শঙ্কৰদেৱক দিবে যেন্তে উঠিলন্ত।
দুই হাত পাতি মহা সাদৰে লৈলন্ত॥
সমস্ত ভকতে উঠি উঠিয়া লৈলন্ত।
দিল মাত্ৰ তেখনে ভোজন কৰিলন্ত॥১৩॥

—জগন্নাথৰ কৃপা—

অনন্তৰে সব লোক ঘাৰাঘৰি গৈল।
শুনা পাছে আৰো একদিন যেন ভৈল॥
সমস্ত ভকত সমে বসিয়া শঙ্কৰ।
কহন্ত কৃষ্ণৰ কথা মহা মনোহৰ॥১৪॥
ৰামদাস মাত্ৰ সিটো নাহিকে সভাত।

[ ১২০ ]

দৱনাৰ গন্ধ সবে পাইলন্ত সাক্ষাত॥
মলমল কৰি প্ৰাণ দৱনাৰ বহে।
জগন্নাথ আসি আছা সব লোকে কহে॥১৫॥
দণ্ডচাৰি ছয় মানে সুগন্ধ আছিল।
অনন্তৰে সিটো মহা আনন্দ গুছিল॥
ভক্ত সবো আপোনাৰ ঘৰাঘৰি গৈলা।
ৰামদাস আসিলে শঙ্কৰে তাত কৈলা॥১৬॥
জগন্নাথ আসিছিলা আজি ৰামদাস।
দৱনাৰ গন্ধে মোহিলেক দিশপাশ॥
শুনি ৰামদাসে বহু খেদ কৰিলন্ত।
ইমত প্ৰসাদ মই নপাইলোঁ বোলন্ত॥১৭॥
আছে মোৰ দুৰ্ভাগ্য ঈশ্বৰে নেদিলন্ত।
এহিমতে বহু খেদ কৰি ৰহিলন্ত॥
আউৰ দিনা ভাটি বেলা ভৈল হৰি কথা।
সিয়ো দিন জগন্নাথ আসিলন্ত তথা॥১৮॥
সিদিনাতো কৰি দৱনাৰ গন্ধ চাৰ।
আমোদিত গন্ধ পাইল লোকে সমজ্যাৰ॥
বোলন্ত শঙ্কৰদেৱে মনৰ আহ্লাদে।
আজি পাই জানা ৰামদাসৰ প্ৰসাদে॥১৯॥
কালি ৰামদাস সমজ্যাত নাছিলন্ত।
সেহি হেতু জগন্নাথ আজি আসিলন্ত॥
শুনি ৰামদাসে শঙ্কৰক নমিলন্ত।
হৰি কথা থৈয়া সবে গৃহক গৈলন্ত॥২০॥

[ ১২১ ]

আৰো যেন কথা ভৈল কহোঁ তাক শুনা।
কৰাৱে কীৰ্ত্তন একগিৰি একদিনা॥
ৰাম-ৰাম গুৰু ৰামদাস যে মাধৱ।
তিনিয়ো গৈলন্ত বৰ হুই আছে উৎসৱ॥২১॥
সিদিনা শঙ্কৰদেৱ নাহিকন্ত তথা।
শুনা অনন্তৰে তৈতে ভৈল যেন কথা॥

—প্ৰসাদ বিলোৱাত জগৰ—

ৰামদাসে মাধৱে প্ৰসাদ বিহ্‌লাৱন্ত৷
ব্ৰাহ্মণ সবক আগে দুইহান্তো দিলন্ত॥২২॥
পাছে গৈয়া একখান ভৈলা তাৰা দুই।
বিহ্‌লান্ত প্ৰসাদ দুয়ো দুই ভিতি ষাই॥
বহুসভা বিচাৰিয়া দিবাক নপাৰন্ত।
একদিশি কৰিয়া সবাকো লই যান্ত॥২৩
সকল দিনৰ ইটো নিবন্ধ আছয়।
ব্ৰাহ্মণত বিনে আগ পাছ নবাছয়॥
সিও দিনা সেহিমতে বিলান্ত দুইজনে।
ৰামদাস বাম পাশে মাধৱে দক্ষিণে॥২৪॥
পুণ্ডৰীগিৰিৰ বেটা তাৰ তিনিভাই।
উপজিলা ক্ৰোধ আগে প্ৰসাদ নাপাই৷
গৰ্জ্জি ৰামদাসক উঠিল তিনিজনে।
দেখি ৰামদাসো কোপ কৰিলন্ত মনে॥২৫॥
চাউলৰ খুখুৰি থৈয়া সভাৰ মাজত।
দান্ত কামুৰিয়া বস্ত্ৰ বান্ধে ককালত॥

[ ১২২ ]

দেখিয়া মাধৱদেৱ গৈলা শীঘ্ৰ কৰি।
বুলিলন্ত কি কৰস হাতে তান ধৰি॥২৬॥
পাগল ভৈলা কি হেৰা মোৰ ভিতি চাউ।
মাৰোক তাৰায়ে তই প্ৰসাদ বিলাউ॥
মাৰিবে আমৰা যদি ক্ষমিবে পাৰিলো৷
তেবে আমি মহন্তৰ স্বভাৱে বহিলো॥২৭॥
যদিবা মাৰিলে তই ক্ষমা নকৰস।
তিনিও জনক তই অকলে পাৰস॥
আৰো তাতে সহায় ভৈলন্ত দেখ তই।
তোক কি মাৰন্তে চাহি থাকিবোহোঁ মই॥২৮॥
বিলাউ প্ৰসাদ ভয় নকৰিবি মনে।
হেন শুনি লাজিল তাহাৰ তিনিজনে॥
এহি কথা শঙ্কৰ দেৱত কহিলন্ত।
আনবেলা আগে দিবা তাবাকে বোলন্ত॥২৯॥
পুনৰপি কীৰ্ত্তন আৱৰ দিনা ভৈল।
সব লোকে কীৰ্ত্তন কৰিবে প্ৰতি গৈল॥
সিদিনা শঙ্কৰদেৱে গৈলন্ত আপুনি।
সেহি সভামধ্যক গৈলন্ত তৰা তিনি॥৩০॥
চক্ষুঠাৰে অনুমতি শঙ্কৰে দিলন্ত৷
ব্ৰাহ্মণক নেদি দিবে তাৰাক দিলন্ত॥
নলৱয় তাৰা বোলে দিয়া ব্ৰাহ্মণক।
বোলন্ত শঙ্কৰদেৱে লৈয়োক লৈয়োক॥৩১॥
আগে নপাই তোৰা কৰা অসন্তোষ৷

[ ১২৩ ]

লৈয়ো ব্ৰাহ্মণত আগে অতো কিবা দোষ॥
লাজ হুয়া তাৰা প্ৰসাদক নলৈলন্ত॥
সমাজৰ পৰা উঠি গৃহক গৈলন্ত॥৩২॥
ব্ৰাহ্মণক আগে দিয়া প্ৰসাদ বিলাইলা।
কৰি হৰিধ্বনি সবে ঘৰাঘৰি গৈলা॥
পৰম গুপুত কথা শুনা সাধুজন।
বুলিয়োক শঙ্কৰ মাধৱ ঘনে ঘন॥৩৩॥

ত্ৰয়োবিংশ অধ্যায়

—মাধৱদেৱৰ জোৰোণৰ কন্যা—

আত অনন্তৰে তথা মাধৱদেৱৰ কথা
 শুনিয়োক সাধু সব যত।
শঙ্কৰদেৱক লাগ যিদিনা মাধৱদেৱ
 পাইলা সেহি দিনায় মনত॥১॥
বিবাহ কৰিবে ইচ্ছা  এৰিয়া গুণন্ত পাছে
 কেনমতে এৰিবো কন্যাক।
বোলা যাওঁ তান ঠাই  বিহা দিবে বোলো যাই
 কন্যা লৈয়া যাওঁ বাণ্ডুকাক॥১॥
বাণ্ডুকা যাইবাৰ কথা  শুনিয়া কন্যাক বেথা
 বিহা মোক তাৰ নেদিবেক।

[ ১২৪ ]

অলঙ্কাৰ খুজি লৈবো  কন্যাক এৰিয়া দিবো
 এহিমত উপায় প্ৰত্যেক॥৩॥
হেন মনে আলোচিয়া  ভাৰ কিছু সংযোজিয়া
 জনা চাৰি পাঞ্চ সমন্বিত।
কন্যাৰ ঘৰক গৈলা  ভাৰ সব তৈতে থৈলা
 মনে তাৰা কৰিয়া ইঙ্গিত॥৪॥
ভাৰ সব নচপাৱে  অতি অনাদৰ ভাৱে
 কন্যা নেদিবেক আছে মন।
নকৰা আদৰ ভাৱ  বুলিলা মাধৱ দেৱ
 ভাৰ নচপাৱ কিকাৰণ॥৫॥
মাধৱ দেৱৰ বাক্য  শুনি তাৰা বুলিলেক
 এতদিন নাসিলা কিসক।
কতদিন থৈবো ৰাখি  তোমাক নাসিবে দেখি
 কন্যা দেও বুলিলো পৰক॥৬॥
মাধৱে বোলন্ত বাণী  বিহা কৰিবাক কোনে
 পাৰে কন্যা মোৰ জোৰোণৰ।
বাণ্ডুকাক লাগি যাইবো  আইকো কন্যাকো নিবো।
 বিহা দিয়া নকৰি ওজৰ॥৭॥
বাণ্ডুকা যাইবাৰ শুনি  তাৰা মনে মনে গুণি।
 বোলে কন্যা নপাৰো দিবাক।
নিয়ো বস্ত্ৰ অলঙ্কাৰ  যিবা দিয়া আছা তাৰ
 মোল কৰি বোলা দেওঁ তাক॥৮॥
বোলন্ত মাধৱদেৱে  যিবা লাগে দিয়া তাকে

[ ১২৫ ]

 কন্যা মই পাইবো বাণ্ডুকাত।
অলঙ্কাৰ দিয়া আনি  লৰি যাওঁ এহিক্ষণি।
 মনত আনন্দে অসংখ্যাত॥৯॥
আগে দেৱ মাধৱৰ  দিলা আনি অলঙ্কাৰ
 ভাৰৰ বস্তুৰ লেখা কৰি।
ন ৰাখিলা কড়া এক  দিলেক কৰিয়া’ ধিক
 আপুনিও মোল দৰ কৰি॥১০॥
বোলন্ত মাধৱদেৱে  বিধি মোৰ সুপ্ৰসন্ন
 আপুনিও নিদিলে কন্যাক।
আমি কন্যা এৰিলাতে  একো নেদিলেক হন্তে
 তেবে কিবা কৰিবো এৰাক॥১১॥
এহি বুলি মহামতি  বোলন্ত তাৰাক মাতি
 চপায়োক ইটো ভাৰ চয়৷
তোমাৰ ঘৰৰ কন্যা বিবাহ কৰিবে বৰ
 বাঞ্ছা নেদিলাহা মহাশয়॥১২॥
থাকিয়োক বুলি উঠি  লৰিলন্ত মন তুষ্টি
 তৈলা গৈয়া গৃহত প্ৰবেশ।
শঙ্কৰদেৱৰ সঙ্গে থাকন্ত পৰম বঙ্গে
 মনে তান আনন্দ অশেষ॥১৩॥


[ ১২৬ ]

চতুৰ্ব্বিংশ অধ্যায়


-পুণ্ডৰীৰ তিনি ভাইৰ বৃত্তান্ত-


কভু হৰিগুণ গান্ত  কীৰ্ত্তন কৰন্ত কভু
 কৃষ্ণ-কথা শুনা সৰ্ব্বক্ষণে।
শুনা সাধুজন চয় যেন কথা ভৈল তয়
 এক গিৰিহঁতে এক দিনে॥১॥

-প্ৰসাদ পিচত পোৱাত খঙ -


কৰাৱে কীৰ্ত্তন আতি  ভকত সবত মাতি
 নাহিকন্ত শঙ্কৰ সভাত।
পুণ্ডৰীৰ তিনি ভাই  বসিছে সভাত যাই
 আগে নপাই প্ৰসাদ সাক্ষাত॥২॥
উপজিল মহাক্ৰোধ  গুছিল সমস্ত বোধ
 বসিয়া আছিল সমাজত।
উঠিলা তিনিয়ো জন  কৰি মহাক্ৰোধ মন
 বস্ত্ৰক বান্ধিয়া কঙ্কালত॥ ৩॥

-ৰাম ৰাম গুৰুক অপমান-


ৰাম ৰাম গুৰুক চাই  পাৰিবে লাগিলা গালি
 ৰাম-ৰাম গুৰু তাক শুনি।
মনত কটাক্ষ নাই তাবাব মুখক চাই
 কৃতাঞ্জলি বোলে মৃদু বাণী॥৪॥
এৰা আবে ক্ৰোধ মন  কেনে কষ্ট এত মান
 তুষ্ট মোত হুয়োক প্ৰত্যেক।

[ ১২৭ ]

মোহোৰ কাৰণে কেনে  দুঃখ পোৱা অকাৰণে
 শুনি তাৰ বচন এতেক॥৫॥
পাৰয় নানান গালি  সুন্টিয়া সুন্টিয়া বুলি
 অশেষ মাতয় ক্ৰোধ কৰি।
তভো প্ৰিয়তৰ বাণী  আশেষ কাকুতি কৰি
 বুলিলন্ত কৃতাঞ্জলি ধৰি॥৬॥
সন্তোষ হৈয়োক এবে  ক্ষমা কৰিয়োক আবে
 মোৰ হেতু পোৱা কত দুঃখ।
নিন্দা শুনিয়া এতেক  নাই কষ্ট অণু এক
 আনন্দে উজল দেখি মুখ॥৭॥

—ৰামৰাম গুৰুৰ সভাত্যাগ—

মৰণ সমান লাজ  ভৈলা তাৰা তিনি ভাই
 সমাজতে লুকাই যে হেন।
পাছে ৰাম ৰাম গুৰু  মহামন দুঃখ কৰি
 উঠি লড়িলন্ত কতোক্ষণ।
ক্ষুদ্ৰ শৌচাহুইবে ছলে  গৃহস্থত লৈলা জল
 পাতখানি কৰিয়া নিশ্চয়।
গৈলন্ত বাটৰ ভিতি  পানী ঘটি পেলাই তৈতি
 গৃহক লৰিলা মহাশয়॥৯॥
যেতিক্ষণে পানী লইয়া  সমাজৰ বাজ হৈয়া
 ৰাম-ৰাম গুৰু লৰিলন্ত।
তেখনে মাধৱদেৱে মনত তৰ্কিলা এহেঁ
 দুঃখ কিছু মনে লভিলন্ত॥১০॥

[ ১২৮ ]

তাতেসে উঠিয়া যান্ত  চাওঁ গৈয়া কি কৰন্ত
 এহি বুলি মাধৱ গৈলন্ত।
আঁৰ হুয়া আছা চাই  দেখিলন্ত জল পেহলাই
 যান্ত গৈয়া ধৰিলা হাতত॥১১॥

—মাধৱদেৱৰ অনুনয়—

বুলিলন্ত কি কৰাহাঁ  কিবা হেতু কৈক যোৱা
 ঘজ্ঞচয় সিজিল প্ৰচুৰ।
দক্ষিণা দিবাক ডৰে  যেন পলাই যাহা ঘৰে
 মনৰ দুঃখক কৰা দূৰ॥১২॥
সমাজক আসিয়োক  কীৰ্ত্তনক কৰিয়োক
 আনন্দ কৰিয়ো অতিশয়।
মাধৱৰ বাণী শুনি ৰাম ৰাম গুৰু গুণী
 সমাজক গৈলা মহাশয়॥১৩॥
কৰিলা কীৰ্ত্তন যাই  অমৃত বৰিষে প্ৰায়
 সমস্তে শুনিয়া প্ৰশংসয়৷
বেলি অল্প মাত্ৰ আছে  কীৰ্ত্তন থৈলন্ত পাছে
 দশোদিশে গৈলা লোকচয়॥১৪॥
শঙ্কৰ দেৱৰ আগে  এহি কথা কৈলা গৈয়া
 বোলন্ত শঙ্কৰদেৱে বাক।
কীৰ্ত্তন কৰিবে আৰ  তুমি সব ন যাইবাহ।
 লোক যদি মাতয় তাৰাক॥১৫৷
তাৰাক নমাতে যেবে  কীৰ্ত্তন কৰিবা তেবে
 যাইবা তোৰা বুলিলোঁ নিশ্চয়।

[ ১২৯ ]

অৰা সব নযাই যেবে  কীৰ্ত্তন হোৱয় তেবে
 লোকে তাঠেক নমাতয়॥১৬॥
ছয় মাসতো আৰ  সভাক নযআই তাৰা।
 নপাৱয় গুটিকো প্ৰসাদ।
দিয়ন্তা নুহিকে জানা  শুনা আৰো এক দিনা
 হুয়া আছে যিমতে সম্বাদ॥১৭॥

-বান্ধৱ মাধৱ-

পাছ বেলা প্ৰতিদিনে  শঙ্কৰদেৱৰ থানে
 যান্ত দেৱ মাধৱ আপুনি।
নিদ্ৰায় চেতন পাই গৃহ হন্তে বাহিৰায়
 দেখন্ত চালিত প্ৰতিদিনি॥১৮॥
মাধৱ আছন্ত বসি  শঙ্কৰে পুছন্ত হাসি
 কেতিক্ষণ আসি আছা বুলি।
শুনিয়া মাধৱে উঠি  কথা কন্ত মহাতুষ্টি
 প্ৰণামি পাৱৰ লন্ত ধূলি॥১৯॥
শঙ্কৰদেৱৰ জীউ নামত ৰুক্মিণী তাঙ্ক
 বুলিলন্ত মাতিয়া শঙ্কৰে।
মাধৱ আসিলে আই আমাক জগাইবা যাই
 নকৰিয়া বিলম্ব সত্বৰে॥২০॥
হেন শুনি ৰুক্মিণী  কন্ত গৈয়া প্ৰতিদিনি
 মাধৱ আসিলে ততকালে।
মাধৱ বান্ধৱ আইলা  উঠিয়োক আতা আবে
 আসিয়োক বাজই সকালে॥২১॥

[ ১৩০ ]

শুনিয়া শঙ্কৰদেৱে  হাসি মাতিলন্ত তাঙ্কে
 মোৰ আই ভাল বুলিলাহা৷
মাধৱ বান্ধৱ হুই কেমনে জানিলি তই
 এহি বুলি বাজই গৈলাহা॥২২॥
মাধৱ সহিতে তথা  কহি নানা কৃষ্ণ কথা
 থাকন্ত শঙ্কৰ ৰঙ্গ মনে।
ইটো কথা অনুপাম  কহিয়োক অবিশ্ৰাম
 শঙ্কৰ মাধৱ বোলা ঘনে॥২৩॥

পঞ্চবিংশ অধ্যায়

মাধৱদেৱ আৰু ৰামদাসৰ শিলাবৃষ্টিত কষ্ট
আত অনন্তৰে সামাজিক লোক শুনা৷
যিমত বৃত্তান্ত ভৈল আৰো এক দিন॥
মাধৱদেৱৰ বহিনাই ৰামদাস।
ভূঁই নিৰাইবাক গৈলা মনত উল্লাস॥১॥
ভাটিবেলা মাধৱদেৱৰো মন ভৈল।
খেতি চাহিবাক বুলি পথাৰক গৈল॥
চাহিলন্ত খেতি চতুৰ্ভিতি ফুৰি ফুৰি।
নিৰাইবে লাগিলা— ভূঁই কাচিখান ধৰি॥২॥
কতোক্ষণে ভূই নিৰাৱন্ত দুয়োজন।
সেহিবেলা আসিলেক শিলা বৰিষণ॥

[ ১৩১ ]

ঘোৰ বাত বৃষ্টি ভৈল শিলা ভয়ঙ্কৰ।
দুয়োজন আসিবাক নপাৰিলা ঘৰ॥৩॥
আছে দুই গিৰিৰ সীমাত বট গাছি।
দামুৰিয়া বতাসে আৱজাই পেলাই আছি॥
তাৰ তলে দুয়োজনে পশিলন্ত গৈয়া।
উপৰত ভাঙ্গা যে পিঠিয়া খন দিয়া॥৪॥
তাতে থাকি ৰামনাম লন্ত দুয়োজনে।
মাত ৰামদাসৰ নুশুনি কতোক্ষণে॥
বোলন্ত মাধৱদেৱে কি কৰা তুমি।
তেঁহে কহিলন্ত বোলা ৰূপ চিন্তো আমি॥৫॥
খঙ্গি মাতিলন্ত তাঙ্ক মাধৱে নিশ্চয়।
ৰূপ চিন্তিবাৰ জানা এহিতো সময়॥
সুস্থ সময়ত ৰূপ চিন্তিব কৃষ্ণৰ।
সঙ্কট সময়ে নাম লৈবে মাধৱৰ॥৬॥
পৰম সঙ্কট বেলা মিলিছে এখন।
ৰূপ চিন্তা এৰি কৰা নামক কীৰ্ত্তন॥
পৰিল গোটেক শিলা সেহি সময়ত।
ৰামদাস আতৈৰ বুঢ়া আঙ্গুলি পৃষ্ঠত॥৭॥
মাধৱে বোলন্ত আবে প্ৰত্যয় কৰিয়ো।
নামৰূপ চিন্তনৰ মহিমা দেখিয়ো॥
শুনি ৰামদাসে নাম কৰন্ত কীৰ্ত্তন।
এহিমতে তহিতে আছন্ত দুয়োজন॥৮॥
মাধৱদেৱব মাতৃ, বহিনী গৃহত।

[ ১৩২ ]

মৰিলন্ত বুলি দুয়ো কান্দন্ত শোকত॥
ঘৰ ফুটি শিলা পৰি মানুষ মৰয়।
ইমত শিলাত আবে ভালে কি আছয়॥৯॥
এহিবুলি ক্ৰন্দন কৰন্ত দুয়োজনে।
কৰিলন্ত বিষাদ শঙ্কৰদেৱে মনে॥
প্ৰাণ মাধৱ ৰামদাস সমে দুই।
ইটো শিলাবৃষ্টিত ন জানো কিবা হুই॥১০॥
এহিমতে শঙ্কৰ কৰন্ত দুঃখ মন।
অনন্তৰে গুছি গৈল শিলা বৰিষণ॥
পশু পক্ষী গরু মৰিবাৰ অন্ত নাই।
ঘৰ ফুটি মানুষো মৰিলা ঠাই ঠাই॥১১॥
নল খাগৰা বতা নাহি দেখিবাক।
নাহি বাঁশ দশখান গাৱঁতো পাইবাক॥
বাঁশ মানে যত সবে ধূনাধূন ভৈল।
নল খাগড়া মানে সবে গুড়ি ভৈল॥১২॥
আগবাঢ়ি শঙ্কৰে এৰিলে বৰিষণ।
যান্তে দেখিলন্ত আসিলন্ত দুয়োজন॥
দেখি প্ৰাণ-মাধৱ আসিলা বুলিলন্ত॥
আথেবেথে শঙ্কৰে সাৱটি ধৰিলন্ত॥১৩॥
মনে হেন জানো আজি দুইকো হেৰুৱাইলো।
দেখি যেন দুইকো হেৰাইবাৰ নিধি পাইলো।
এহি বুলি গৈলা দেৱ শঙ্কৰ গৃহক।
দেখি দুইকো ভক্ত সবে পাইলা আনন্দক॥১৪॥

[ ১৩৩ ]

মাধৱদেৱৰ মাতৃ বহিনীয়ে দুই।
শোক এৰাই থাকিলন্ত ৰঙ্গমন হুই॥
ইটো কথা ধূঞাঁহাট থানত নিশ্চয়।
শুনিয়োক অৰো তাতে ভৈল যেন নয়॥১৫॥

⸻⸻

ষড়বিংশ অধ্যায়

—আসামৰ দৌৰাত্ম—

এককালে ভূঞাঁধৰা লাগিল দেশত।
আছিল যতেক ভুঞাঁ পলাইল সমস্ত॥ (১)


 (১) ভুঞাঁধৰা:— আহোম ৰজাই হাতী ধৰিবলৈ বুলি মানুষ গোটাইছিল। এই কথাকে ইয়াত ভূঞাঁধৰ বোলা হৈছে। হাতীধৰা সম্পৰ্কে চৰিত পুথি বিলাকৰ মত একে নহয়।

 (ক) ৰামচৰণ ঠাকুৰৰ দ্বাৰা লিখিত শঙ্কৰচৰিত (৪ৰ্থ খণ্ড ২২৮৬-৯০ পদ) মতে, আহোম ৰজাই হাতী ধৰিবৰ কাৰণে ভূঞাঁসকলক নিছিল। হাতী খেদোঁতে, ভূঞাঁসকলৰ ফালে হাতী পলাই যোৱাত; তেওঁলোকে ভয় কৰি ঘৰলৈ পলাই আহে। ৰজাই এই বাতৰি পাই ভূঞাঁসকলক ধৰি আনিবলৈ বৰাক পঠায়। এই বাতৰি পাই শঙ্কৰদেৱ পলাই যায়। বাটত, শঙ্কৰদেৱৰ জোঁৱায়েক হৰি আৰু মাধৱদেৱক ধৰি নিয়ে। পিছত মাধৱক এৰি দি হৰিক প্ৰাণদণ্ড দিয়ে!

 (খ) এই পুথিৰেই ৪ৰ্থ খণ্ডত (২৫০১-২ পদ) লিখা আছে যে, শঙ্কৰৰ জোৱায়েক হৰি এশলোকৰ ওপৰত শইকীয়া আছিল। ৰজাৰ [ ১৩৪ ] আদেশত হাতীধৰালৈ মানুহ নিদিয়া খঙ্গত ভূঞাঁসকলক ধৰি নিবলৈ সন্দিকৈক পঠাই দিয়ে। তেতিয়া শঙ্কৰদেৱ প্ৰমুখ্যে ভূঞাঁসকল পলাই যায়। শেষত, মাধৱ আৰু হৰিক ধৰি নি, মাধৱক মুক্তি আৰু হৰিক বধ কৰোৰা হয়।

(গ) ভূষণ দ্বিজৰ চৰিত পুথিৰ মতামতো ওপৰত (ক) উল্লেখ কৰা কাহিনীৰ লগত মিলে। (ঘ) ৰামানন্দৰ গুৰুচৰিত্ৰ মতে, ভূঞাঁৰ

ফালে হাতী পলাই যোৱাত ভূঞাঁসকল ঘৰলৈ গুছি আহিল। এই বাতৰি শুনি ৰজাই ভূঞাসকলক ধৰি নিবলৈ সন্দিকৈক পঠায়। তেওঁ অহা খবৰ শুনি ভূঞাঁ সকল পলাই যায়। সন্দিকৈয়ে মনু আদি কেইজনমান ভূঞাঁক বন্দী কৰে। শঙ্কৰদেৱেও গতি বিষম দেখি পলাই যায়। মাধৱদেৱে শঙ্কৰৰ ঘৰৰ গৃহস্থ বুলি সন্দিকৈৰ হাতত ধৰা দিয়ে। শেষত বিচাৰৰ ফলাফল স্বৰূপে, মনুৰ প্ৰাণদণ্ড হয়। কেৱল মাধৱ দেৱে ভিখাৰী বুলি ৰক্ষা পায়।

ৰামানন্দৰ মতে শঙ্কৰৰ জীয়েকৰ নাম হৰিপ্ৰিয়া আৰু জোৱাঁয়েকৰ নাম মনু। কিন্তু অন্যান্য পুথিত, ইয়াৰ ওলোটাটোহে আছে।
ভূঞাঁহাটাত শঙ্কৰদেৱ থাকোতো সকলো ভূঞাঁ আহি তাত আছিলহি। শঙ্কৰদেৱৰ জোঁৱায়েক মনু (হৰি নামতকৈ মনু নামেই- বেচি সঙ্গত) তেওঁ-

লোকৰ ওপৰত শইকীয়া আছিল। সেইবাবেই চৰিত পুথিবিলাকত তেওঁক ধৰি নিয়াৰ কথা লিখিছে। ইয়াৰ পৰা এইটো বুজা যায় যে ৰজাই হাতী ধৰিবলৈ মানুহ বিচৰাত ৰাজ আজ্ঞা নামানি মানুহ নপঠোৱাই মনুৰ প্ৰধান দোষ। সেই কাৰণে মনু আৰু তেওঁৰ শহুৰেক শঙ্কৰদেৱ উভয়কে ধৰি নিবলৈ সন্দিকৈয়ে যত্ন কৰিছিল। শঙ্কৰদেৱ পলাই যোৱাত,

মাধৱকে পাই ধৰি নিযে। হাতী পলাই যোৱা দোষত মানুহক প্ৰাণদণ্ড দিয়া বৰ অযুক্তিৰ কথা বুলি অনুমান হয়। [ ১৩৫ ]

—মাধৱদেৱ-হৰিজোঁৱাই বন্দী—


পলাইলা শঙ্কৰদেৱ জোৱাঁইক এৰিয়া।
মাধৱে সহিতে দুইকো আসামে ধৰিয়া॥১॥
নিলেক দুইহাঙ্কো নিয়া বন্দী কৰি থৈল।
শুনা তাতপাছে তৈত যেন কথা ভৈল॥
কাটিবে আসামে দুয়োজনে হেন শুনি।
দুইকো দুই বচন বোলন্ত মনে গুণি॥২॥
মোক আগে কাটে নাম সুমৰাইবা তুমি।
তোমাক কাটয় সুমৰাইবো আমি॥
শঙ্কৰৰ জমাইক বুলিলা সৰ্ব্বলোক।
নকাটিবে ক্ষতি কিছু আনিয়া দিয়োক॥৩
তেহে ক্ষতি দিবে লাগি ভৰসা কৰিল।
দুইচাৰি শত দিবে অনুমতি দিল॥
এহি কথা মাধৱদেৱে যে শুনিলন্ত।
কি কৰিবাক খোজা বুলি পুছিলন্ত॥৪॥
পৰম দুৰ্ল্লভ মৃত্যু মিলিল আমাৰ।
কিবা কাৰ্য্য আছে আক দূৰ কৰিবাৰ॥
অজ্ঞান স্বৰূপ মৃত্যু জ্ঞানৰূপ ভৈল।
তেঁহে শুনি মাধৱক প্ৰশংসা কৰিল॥৫॥
কিনো উপকাৰ বাপ কৰিলা আমাক।
কত ভাগ্যে পাই জ্ঞান মৃত্যু বৰিবাক॥
কতিপয় দিন বন্দী হুয়া আছে তথা।
অনন্তৰে আসামে পুছিলা দুইতো কথা॥৬॥

[ ১৩৬ ]

তোৰা দুইৰ কোন আছে কহিয়োক পাছে।
শঙ্কৰৰ জমাই বোলে মোৰ সব আছে॥
ভাই ভাৰ্য্যা নফৰ চাকৰ নিৰন্তৰ।
হাল গৰু গাই খেত ভূঁই বাৰীঘৰ॥৭

—মাধৱদেৱৰ মুক্তি—


বোলন্ত মাধৱদেৱে মোৰ কিছু নাই!
উদাসীন একেশ্বৰ দেখ সমুদায়।
হেন শুনি মাধৱদেৱক এৰি দিল।
মাধৱে তাহাঙ্ক স্নেহে লাগ ন ছাড়িল॥৮॥
চক্ষু ঠাৰে অসমো বোলয় পলা তই।
মাধৱে বোলন্ত খানিতেক থাকো মই॥
ইহাঙ্ক কাটিলে যেবে তেবে মই যাইবো।
কাটিবাৰ বেলা মই নাম সুমৰাইবো॥৯॥
এৰি দেস যদি একেলগে দুয়ো যাইবো।
যদি কাট একেলগে দুই হান্তে মৰিবো।
শুনি মাধৱক এৰি অসম গৈলেক।
তাঙ্ক নিয়া কাটিবাক বান্ধি পেলাইলেক॥১০॥

—হৰিজোঁৱাইৰ প্ৰাণদণ্ড—


তেঁহে বুলিলন্ত খানিতেক নকাটিবি।
হাত বাৱ দিলে মই তেখনে কাটিবি॥
মাধৱে কাণত ৰামনাম শুনাৱন্ত।
আপুনিয়ো উচ্চ কৰি ৰামনাম লন্ত॥১১॥
ৰামনাম লৈলে পুলকিত ভৈল গাৱ।

[ ১৩৭ ]

সেহি সময়ত তেঁহে দিলা হাতবাৱ॥
দেখিয়া অসমে ঘাৱ মাৰি কাটিলেক।
কটা মূৰে তিনিবাৰ ৰাম বুলিলেক॥১২॥
কান্দন্তে মাধৱদেৱ গৈলন্ত উলটি।
শঙ্কৰদেৱৰ আগে কহিলা প্ৰকটি॥
যেন মতে মাধৱদেৱক এৰি দিল
যেনমতে শঙ্কৰৰ জমাইক কাটিল॥১৩॥
যেনমতে তাঙ্ক নাম সুমৰাইলা তথা॥
যেনমতে ৰাম বুলিলে কটা মাথা॥
শুনিয়া শঙ্কৰদেৱে বিষাদ কৰিল।
মাধৱ যাইবাৰ দেখি হৰিষ মিলিল॥১৪॥

সপ্তবিংশ অধ্যায়

 —শ্ৰাদ্ধ নিযেধৰ গোচৰ—
অনন্তৰে যেন ভৈল তাক শুনিয়োক।
অসম ৰজাত লগাইলেক বিপ্ৰলোক॥
শূদ্ৰ এক গোটা নাম শঙ্কৰ আছয়।
শ্ৰাদ্ধ বিধি কৰিবাক লোকক নেদয়॥১॥
পাষণ্ড আচাৰে ৰাজ্য নষ্ট কৰিলেক।
নিৰন্তৰে লোকে ধৰ্ম্ম কৰ্ম্ম এৰিলেক॥

[ ১৩৮ ]

হেন শুনি ৰাজা শঙ্কৰক নিয়াইলেক।
দ্বিজগণ সমে তাৰ চাঙ্গ তুলিলেক॥২॥

 —ৰাজ সভাত বিচাৰ—
দুৱৰাক বোলে ৰাজা পুছ শঙ্কৰত।
ৰাজ্য নষ্ট কৰিলেক কহে দ্বিজ যত।
দুৱৰা আসিয়া পুছিলেক শঙ্কৰত।
বোলন্ত শঙ্কৰে পুছ ব্ৰাহ্মণ সবত॥৩॥
কেনমতে মোত হন্তে ৰাজ্য নষ্ট হয়।
শুনি দ্বিজ সবত গৈ দুৱৰা পুছয়॥
শুনিয়ো ব্ৰাহ্মণ সব কহিবাহা নিষ্ঠ।
কেন মতে শঙ্কৰে কৰিলে ৰাজ্য নষ্ট॥৪॥
দ্বিজ সবে বোলয় শঙ্কৰে দেয় হাক।
সমস্তে লোককে শ্ৰাদ্ধ বিধি কৰিবাক।
এহি কথা দ্বাৰী গৈয়া ৰাজাত কহিল।
শ্ৰাদ্ধ কাক বোলে বুলি ৰজাই পুছিল॥৫॥

 —শ্ৰাদ্ধ কাক বেলে—
দ্বাৰী বোলে মবাৰু বঢ়াই বস্তু যত।
গুৱা পান কল চাউল দধি দুগ্ধ বস্ত্ৰ॥
তাক সবে নিয়া পাছে ব্ৰাহ্মণ ভুঞ্জয়।
শ্ৰাদ্ধ বুলি ব্ৰাহ্মণ সকলে তাকে কয়॥৬॥
শুনিয়া আসাম ৰাজা ভৈলা কোপমন।
মৰাক বঢ়াৱা চাউল কৰয় ভোজন॥

[ ১৩৯ ]

কাউৰ ডকোৱা সম চুইবে নলাগয়।
শঙ্কৰে কৰিবে শ্ৰাদ্ধ ভালেতো নেদয়॥৭॥

-ব্ৰাহ্মণৰ পৰাজয়-

মৰাৰ চাউল খাইবাক নপাই শঙ্কৰক।
বোলে নষ্ট কৰিলন্ত সমস্ত ৰাজ্যক॥
খেদাৱো চাঙ্গৰ পৰা নমায়া এখন।
হেন শুনি আপুনি নামিলা বিপ্ৰগণ॥৮॥
লাজ হুয়া সমস্তে গৃহক লাগি গৈল।
শঙ্কৰ সহিতে আউৰ বিবাদ ন ভৈল॥
শঙ্কৰক আসাম ৰাজায়ে প্ৰশংসিল।
অনন্তৰে গৃহক লাগিয়া পঠাই দিল॥৯॥
এহিমতে শঙ্কৰৰ মহিমা অনন্ত।
কোনে কহি সাৱশেষে কৰিবেক অন্ত॥
তথাপিতো শুনা সবে কহোঁ কিছুমান।
আছস্ত শঙ্কৰদেৱ ধূৱাঁহাটা থান॥১০॥


অষ্টাবিংশ অধ্যায়

 ধুৱাঁহাটাৰ পৰা বৰপেটালৈ যাত্ৰা
নৰনাৰায়ণ নামে আছে এক ৰাজা।
পৰম পণ্ডিত ধৰ্ম্ম পন্থে পালে প্ৰজা॥
শুক্লধ্বজ নামে তান ভাই শোভনয়।

[ ১৪০ ]

ধূৱাহাটা হন্তে শুনে লোক সমস্তয়॥১॥

-নৰনাৰায়ণৰ আসাম আক্ৰমণ-

গীত কৱিতা গুণ শুনয় ৰাজাৰ!
তাৰে ৰাজ্য যাইবে মন সমস্তে প্ৰজাৰ।
সেহি সময়ত নৰনাৰায়ণ ৰজা।
মাৰিবে আসাম ৰাজ্য সাজি গৈলা প্ৰজা॥২॥(১)
আগ হুয়া লোক পাছে কৰি বাৰ্ত্তা দিলা।
আপোন ইচ্ছায়ে লোক সমস্তে আসিলা॥
যাৰ যত বিত্ত নাৱ ভৰায়া আনিলা।
শুনা সবে আৰো যেন বৃত্তান্ত মিলিলা॥৩॥

-শঙ্কৰদেৱৰ ধূৱাঁহাটা ত্যাগ-

যেখন শঙ্কৰদেৱ নাৱত চৰিলা৷
দুগুটি ভকতে বহু কাতৰ কৰিলা॥
আমাক নিয়োক আতা যাইবোঁ নাৱ বাই।
শঙ্কৰে বোলন্ত উঠিবাৰো ঠাই নাই॥৪॥
নধৰয় নাৱ বোপা পাছত আসিবা।
খানিতেক থাকা আসিবাক নাৱ পাবা॥
এহি বুলি লৰিয়া শঙ্কৰদেৱ গৈলা।
বিষাদিত মনে তাৰ দুয়োজন ৰৈলা॥৫॥
মাধৱদেৱ যে ভটিয়াই আসিবেক।
তিনি গিৰি মিলি কিনিলন্ত নাৱ এক॥

[ ১৪১ ]

তিনি ভাগ বস্তু জাত ভৰা তাত দিলা।
মাধৱ দেৱৰ ভাগ কিছু শূন্য ৰৈলা॥৬॥
আৰো একজনে বোলে আতা মোক নিয়ো।
যতখানি কড়ি আসে ভাগ কৰি লৈয়ো॥
মাধৱে বোলন্ত মোৰ সৰ্ব্বস্ব আছয়।
নপাৰিবো নিব বাপু বুলিলো নিশ্চয়॥৭॥

—মাধৱদেৱৰ-ভক্ত-প্ৰীতি-

এহি বুলি নাৱ ভৰা দিয়া লৰিলন্ত।
কতোক্ষণে লগ দুয়ো ভক্তক পাইলন্ত॥
দেখি তাৰা দুয়ো বোলে আমাক নিয়োক।
মাধৱে বোলন্ত আসা আসা উঠিয়োক॥৮॥
লগৰ সকলে বোলে ন লাগে ন লাগে।
মাধৱে বোলন্ত আসিয়োক মোৰ ভাগে॥
এহি বুলি মাধৱে নাৱক ৰাখিলন্ত।
পাছে দুয়ো ভকতক নাৱে তুলিলন্ত॥৯॥
উঠিবাক নাটে ঠাই মাধৱে দেখিয়া৷
তুলিলা ভক্তক জপা গোটেক পেলায়া॥
এহি কথা শঙ্কৰদেৱে যে শুনিলন্ত।
মাধৱক প্ৰশংসা বচন বুলিলন্ত॥১০॥
সাধু সাধু মাধৱ কৰিলা বৰ কৰ্ম্ম।
তুমি সে জানিলা বাপু ভকতৰ মৰ্ম্ম॥
আনো নানা মত বহু প্ৰশংসা কৰিলা।

[ ১৪২ ]

শুনা, আত পৰে যেন বৃত্তান্ত মিলিলা॥১১॥
এহিমতে ভটিয়াই নদীত আসন্ত।
যৈতে ৰাত্ৰি হোৱে সবে তহিতে ৰহন্ত॥
বাসা সাজি ঠাই আৱতাই নিত্যাগত।
শঙ্কৰক ভোজন কৰান্ত প্ৰথমত॥১২॥
শঙ্কৰদেৱৰ শয্যা পাৰিলন্ত যেবে।
প্ৰতিদিন মাধৱে ভোজন কৰা তেবে॥
দিনেক মাধৱদেৱ আগে গৈয়া ৰৈলা।
শঙ্কৰদেৱক লাগি বাসা সাজি থৈলা॥১৩॥
আখা পাতি ঠাই আৱতাই পুনৰ্ব্বাৰ।
বাসা সাজি ঠাই আৱতাই আপোনাৰ॥
তভো আজি শঙ্কৰদেৱ যে নপাইলন্ত।
দেখিয়া মাধৱ ভাত ৰান্ধিবে গৈলন্ত॥১৪॥

-মাধৱদেৱৰ গুৰুভক্তি-

হেন ভাত থকবক কৰি উতলয়।
আসিয়া শঙ্কৰদেৱ পাইলা সি সময়॥
ন ৰাখিয়া নাৱ নদী ভটিয়াই যান্ত।
দেখিয়া মাধৱদেৱে মাত লগাইলন্ত॥১৫॥
বাসা সাজি ঠাই আৱতাই আখা পাতি।
আছোঁ ৰহিয়োক আসি কৈক যাও ৰাতি॥
শঙ্কৰে বোলন্ত ঐত ঠাই ভাল নাই।
মাধৱে বোলন্ত আতা ভাল এহি ঠাই॥১৬
ভাল নুহি বুলি যে শঙ্কৰ ন ৰহিলা।

[ ১৪৩ ]

মাধৱক চাহি হাসি নদী ভাটি দিলা॥
শঙ্কৰ যাইবাৰ দেখি হোৱা ভাত এৰি৷
তেতিক্ষণে মাধৱদেৱ গৈলন্ত লৱৰি॥১৭॥
এক মেৰ ভাটি দিয়া শঙ্কৰ ৰহিলা।
তিলক্ষণ অন্তৰে মাধৱ আসি পাইলা।
মাধৱক দেখি দেৱ শঙ্কৰে পুছিলা।
এখনে মাধৱ আইলা ভাত কি কৰিলা॥১৮॥
মাধৱ বোলন্ত যৈত নৰহিলা তুমি।
তৈত কি ভোজন আৰ কৰিবোহোঁ আমি॥
শঙ্কৰে বোলন্ত তেবে অকাৰ্য্য কৰিলো।
কূট বুদ্ধি কৰি মই ভটিয়াই আইলো॥১৯॥
মই বোলো মাধৱে ভোজন কৰিবন্ত৷
পাছতেসে আমাৰ পাশক আসিবন্ত॥
এহু কৰি ভাত এৰি আসিবাহা যেবে।
আমিও তহিতে ৰহিলো হন্তে তেবে॥২০॥

-বৰপেটাত ৰস বাস-

আনো নানা বহুবিধ বচন বুলিলা।
পালন্দিত আসি দেৱ শঙ্কৰ ৰহিলা॥
হালধীয়া হন্তে আসি নাৰাণ ঠাকুৰ। (১)
তহিতে পাইলন্ত লাগ শঙ্কৰদেৱৰ॥২১॥
যেনমতে পাইলা মহা বাহুল্যক ভয়।
নুতুলিলোঁ তাক আত জানা সাধুচয়॥

[ ১৪৪ ]

বাৰাদি গ্ৰামত মাধৱ ৰহিলন্ত।
বুঢ়াদলৈ ঘৰে কতােদিন আছিলন্ত ॥২২৷৷
পালন্দিৰ পৰা বৰপেটা লাগি যাই।
লৈলন্ত শঙ্কৰে গৈয়া বাউসীত ঠাই॥
বৎসৰেক মাত্র পালন্দিত আছিলন্ত।
কৰি বাৰীঘৰ পাটবাউসীক গৈলন্ত ॥২৩॥

—মাধৱদেৱৰ মাতৃবিয়ােগ—

বাৰাদিৰ পৰা নিতে মাধৱ আসন্ত।
শঙ্কৰদেৱত কৃষ্ণ কথাক শুনন্ত॥
কতোদিন বাৰাদিত মাধৱ আছন্ত।
সেহিখানে মাধবৰ মাতৃ মৰিলন্ত ॥২৪॥
ৰামদাস সমে সৎকাৰ কৰিলন্ত।
ত্রিদশাক কৰি দান দক্ষিণা দিলন্ত॥
শুদ্ধি শ্রাদ্ধ কৰি ৰামদাস সমে দুই।
আছা বাৰাদিতে দুয়ো মৎস্য মাংস চুই ॥২৫॥

—মাধৱদেৱৰ একাদশী দোষ—

একদিন মাধৱৰ ভৈল উপবাস।
আউৰ দিন গৈলা দেৱ শঙ্কৰৰ পাশ॥
প্রভাতে কৰিয়া স্নান সাজি চাউল গুটি।
ভােজন কৰিয়া পান কৰি জল ফুটি ॥২৬॥
ভৈলন্ত প্রবেশ গৈয়া মাধৱ যেখনে ।
বুলিলা শঙ্কৰদেৱে হাসিয়া তেখনে॥
মাধৱ তােমাৰ মুখ দেখিয়ো চিকণ ?

[ ১৪৫ ]

কহিয়োক কি কৰি আছাহা ভোজন ॥২৭॥
মাধৱে বােলন্ত কালি উপবাস দিল।
প্রভাত সময়ে আজি ক্ষুধায়ে ধৰিল॥
স্নান কৰি ভােজন কৰিলাে চাউল গুটি।
আসিলোহোঁ ঐক পান কৰি জলমুটি ॥২৮॥
বােলন্ত শঙ্কৰদেৱে বাৰুটো কৰিলা।
একাদশী দিনে অন্ন প্রভাতে ভুঞ্জিলা॥
অগ্নি আছে জঠৰে উদৰে চৰু ভৈলা।
চাউল জল দিয়া অন্ন বসায়া আসিলা ॥২৯॥
খাৰ তেল আঞ্জা দিয়া কৰিয়াে ব্যঞ্জন।
একাদশী দিনে হৌক সম্পূর্ণ ভােজন॥
এহিবুলি শঙ্কৰদেৱে যে খঙ্গিলন্ত।
ন মাতি মাধৱদেৱে মৌনে ৰহিলন্ত ॥৩০॥(১)


 (১) একাদশীতে ভাতখােৱা কথাটোৱে আটাই বিলাক চৰিত পুথিতে আলােচ্য বিষয়ৰূপে ঠাই পাইছে।

 ভূষণ দি্বজই (১৩১ পৃ)

আত অনন্তৰে কথা শুনা সর্বজনে।
মাধৱক শঙ্কৰে খঙ্গিলা যিকাৰণে ॥৫১৭॥

বুলি মাধৱদেৱে একাদশীত ভাত খােৱাৰ কথা বর্ণনা কৰিছে।

উর্দ্ধক চাহিলোঁ বেলি ভৈল নৱঘটি।
ক্ষুধায়ে পীড়িলে যেন প্রাণ যায় ফুটি॥
শুখাই ওণ্ঠ কণ্ঠ মই ভৈলাে বৰ আউল।
পানী সমে গিলিলােহাে এক পােহা চাউল॥

 নাধৱৰ এই স্বীকাৰ উক্তি শুনি শঙ্কৰদেৱৰ বৰ খঙ উঠিল। আৰু মাধৱৰ মুখ নেচাওঁ বুলি পিঠি দি ৰহিল। অল্প পৰ পিচত খঙ মাৰ গলত, ব্রহ্মবৈবর্ত্তপুৰাণ, কূৰ্ম্মপূৰাণ আদিৰ প্রমাণ দি একাদশী ভোজনৰ পাপৰ কথা কয়। মন কৰিব লগীয়া যে ইয়াত শুক্লা কৃষ্ণা দুয়ােটা সমানে পালনীয় বুলি কোৱা হৈছে।-

যেন শুক্লা তেন কৃষ্ণা সমতুল্য হয়॥
ইহাক বিভেদ যিটো কৰয় সম্প্রতি।
মৰিয়া বিষ্ঠাৰ পলু হুইবেক সম্প্রতি॥

[ ১৪৬ ]

পাছে কতােদিনে বাৰাদিক এৰিলন্ত।
বৰপেটা কলবাৰী খেলক গৈলন্ত॥
ৰামদাস মাধৱদেৱৰ বহিনাই।
গণক পাৰাতে দুয়াে ৰহিলন্ত যাই ॥৩১॥

—চণ্ডালৰ মুখত হৰিনাম—

দিনেক শঙ্কৰদেৱ চড়িয়া নৌকাত।
যান্তে শুনিলন্ত সেহি সময়ে সাক্ষাত ।
চাণ্ডাল জনেক মাছ মাৰিয়া আসয়।
নাৱে চৰি কৃষ্ণ কৃষ্ণ ডাকিয়া বােলয় ॥৩২॥
নাৱ ৱাখি কাণ পাতি উনাৱন্ত তাক।
অনন্তৰে শঙ্কৰে বুলিলা হেন বাক॥
দ্বাদশ গুণীয়া বিপ্রাে আক নােহে সম। (১)


 (১) দ্বাদশ গুণীয়া বিপ্র কি সঠিক বুজা না যায়। ব্ৰাহ্মণৰ ন গুণ

 ৰামচৰণ ঠাকুৰেও একাদশীত ভাত-মাছ খােৱাৰ বিষয় বর্ণনা কৰিছে। কিন্তু মাধৱদেৱৰ সম্পৰ্কত নহয়। পাটবাউসীত কৰলা বাঢ়ৈ নামে এজন ভক্তই একাদশী ব্রত পালন কৰা জানি, ৰাঘবেন্দ্র নামে একজন সন্ন্যসীয়ে তেওঁক সেই ব্ৰতৰ মূল্য নাই বুলি কৈছে—গুৰুৱে একদশ স্কন্ধত লিখিছে—

গুৰুৱে লিখিছে তাতে নপাই একাদশীব্রতে
 নপাউ মােক যােগ আৰু যাগে।
খাইবৈ পুষ্ট হৈ  থাকি নামক লই
 কষ্টব্ৰত কৰিব নালাগে ।

 ৰাঘবেন্দ্ৰৰ কথাত বাঢ়ৈয়ে মাছ লৈ আহে। বাটত শঙ্কৰদেৱে লগ পাই এই কথাৰ কাৰণ শােধাত, তেও ৰাঘবেন্দ্ৰৰ উক্তি আৰ একাদশৰ কথা

কৈ দিয়ে। শঙ্কৰদেৱে আশ্চৰ্য্য মানি নিজে ৰচা একাদশৰ পদ মেলি চাই [ ১৪৭ ]

এহিজন পুৰুষ সবাতো উত্তম॥৩৩॥

-গৰখীয়াৰ মুখত কৃষ্ণনাম-

এহি বুলি চণ্ডাল গোটেক প্ৰশংসিলা।
অনন্তৰে চলিয়া শঙ্কৰদেৱ গৈলা॥
আৰো একদিন পথে কৰন্ত গমন।
গৰু চাৰিবাক লাগি আছে শিশুগণ॥৩৪॥
এগুটি ছৱালো বহু কৃষ্ণ বুলিলেক।
ৰহিলা শঙ্কৰদেৱ শুনিয়া এতেক॥
প্ৰেম পৰশিলে জুৰে লোতক নয়নে।
আনন্দতে বুলিলন্ত প্ৰশংসা বচনে॥৩৫॥
কিনো মহাভাগ্য আসি লোকৰ মিলিল।
বালকো বান্ধৱ কৃষ্ণ বুলিয়া জানিল॥


কথা সচা যেন দেখি খঙ্গৰ বেগত কটাৰীৰে তাক কাটিব খোজোতেই জানিবা মাধৱদেৱ আৰ নাৰায়ণ ঠাকুৰ আহি ওলালহি।-

নাৰায়ণে বোলে মাতি  পদ বাৰু হৈছে অতি
 গুছালে আৰু হব অধৰ্ম্ম।
অন্নগতা কলি প্ৰাণ  শক্তি নাই ব্ৰত ধ্যান।
 নামেই কলিৰ নাম ধৰ্ম্ম॥৩৫৪৫।

 ইয়াকে শুনি একাদশ না কাটলে। আকৌ এবাৰ বলোৰাম নামে এজন ভক্তই আগদিনা গধূলি উপবাসে থাকি পাছদিনা একাদশী ব্ৰত পালন কৰাৰ ফলত লালকাল হৈ পৰিল। প্ৰসাদৰ সময়ত শঙ্কৰদেৱে জানিব পাৰি জলপান খুৱাইহে সুস্থ কৰে। দৈত্যাৰিঠাকুৰে একাদশপদৰ বিকৃত ব্যাখ্যা কৰাৰ কাহিনী ৩১ অধ্যায় ২১-২৪ পদত এজন ব্ৰাহ্মণৰ সম্পৰ্কে উল্লেখ কৰিছে।

[ ১৪৮ ]


এহিবুলি ৰামকৃষ্ণ নাম উচ্চাৰিয়া।
গৈলন্ত শঙ্কৰদেৱ আনন্দ কৰিয়া॥

-ৰেহাৰ গমন


পাছে এককালে বেহাৰক চলি গৈলা।
চিলাৰায় দেৱানৰ থানে গৈয়া বৈলা॥
এক দৰজীক দিলা দোগলা সিবাক।
চাৰিবাহু দিয়া সিটো দোগলা সিলেক॥৩৭
শঙ্কৰদেৱক নমস্কাৰ কৰি দিল।
আপুনি শঙ্কৰদেৱে মেলিয়া চাহিল॥
দৰজীক বোলন্ত কৰিলি দেখোঁ কেন।
সিয়ো বোলে সিলোঁ দেখিলো মই যেন॥৩৮॥
শঙ্কৰে বোলন্ত দুই হাত দূৰ কৰ।
দুইহাত ৰাখি মাত্ৰ আনগৈ সত্বৰ।
ইকথা আনত আৰু ন কহিবি তই।
আস গৈয়া বস্ত্ৰ লইয়া কিছু দিবোঁ মই॥৩৯॥
হেন শুনি দৰজী গুছাইল দুই হাত।
দুই হাত ৰাখি দিল আনিয়া তথাত॥
দৰজীক শঙ্কৰদেৱে এক বস্ত্ৰ দিলা।
ন কহিবি বুলি তাক অনেক বুলিলা॥৪০॥

[ ১৪৯ ]

ঊনত্ৰিংশ অধ্যায়

—মাধৱদেৱৰ মনোবল—

কতোদিন মন বেহাৰত আছিলন্ত
পুনৰপি বৰপেটা লাগি আসিলন্ত॥
কতোদিনে আছা বৰপেটাত হৰিষে।
থাকন্ত মাধৱদেৱ সঙ্গে অহনিশে॥১॥
আনো ভক্ত সব যত থাকন্ত সতত।
কৃষ্ণ কথা শুনি সদা আনন্দ মনত॥
দিনেক শঙ্কৰদেৱ ভক্ত সমে বসি।
আছন্তে বোলন্ত দেৱ মাধৱক হাসি॥২॥
মোৰ আগে মাধৱ কহিয়ো নিষ্ঠ বাক।
মই যিবা কৰো তুমি কৰিবাহা তাক॥
মাধৱে বোলন্ত বাক্য সমস্তে কৰিম।
একগুটি বাক্য মাত্ৰ বাপ ন কৰিম॥৩॥
হাসি তুলি শঙ্কৰে বোলন্ত যাক আমি।
বোলও মাধৱ তাক ন কৰিবা তুমি॥
পুনৰপি মাধৱে বোলন্ত মনে গুণি।
মোহৰ মনৰ কথা জানিছা আপুনি॥৪॥

—মাধৱক বিয়া কৰিবলৈ আদেশ—

শঙ্কৰে বোলন্ত বিহা কৰিছো মাধৱ।
আমাৰ মনত তেবে মিলয় উৎসৱ॥

[ ১৫০ ]

শুনিয়া মাধৱদেৱে বোলে অৱনত।
আক নুবুলিবা বাপ ধৰোঁ চৰণত॥৫॥
তোমাঠেৰ সঙ্গ আমি যি কালে লভিলেোঁ॥
সেহিকালে জোৰোণৰ কন্যা এৰি আইলোঁ॥ (১)
তোমাঠেৰ পদ সেৱা কৰিবে ইচ্ছায়।
এতেক বিবাহ কৰিবাক বাঞ্ছা নায়॥
বিবাহ কৰিবে নুবুলিবাহা আমাক।
ন কৰিবো এহি মানে মাত্ৰ তযু বাক॥
মাধৱদেৱব হেন মত বাক্য শুনি।
বোলন্ত শঙ্কৰদেৱ পুনু মনে গুণি॥৭॥
বিষ্ণুপ্ৰিয়া নামে বেটী আমাৰ আছয়। (২)
তাকে তেবে বিবাহ কৰিয়ো মহাশয়॥
হেন শুনি মাধৱে বোলন্ত পুনৰপি।
শঙ্কৰদেৱৰ পাৱে মাথা গোট থাপি॥৮॥
কাবৌ কৰোঁ নুবুলিব বিহা কৰিবাক।
আকে লাগি গুৰু মানি নাহিকে তোমাক॥


(১)-এয়োবিংশ অধ্যায়ত এই বিষয়ে বৰ্ণনা আছে।
(২)-ৰামচৰণ ঠাকুৰৰ শঙ্কৰচৰিত (২২৪৪) আৰু ভূষণ দ্বিজৰ (৫০০ পি)মতে শঙ্কৰ

দেৱৰ কন্যাৰ নাম আছিল “ৰুক্মিণী”। দৈত্যাৰিঠাকুৰ ২৪|২০ ৰুক্মিণীনাম দিয়া হৈছে।

 ৺বেজবৰুৱা কৃত “শঙ্কৰ মাধৱ”-৯৪ পিঠিত চাওক। মাধৱদেৱ সম্পৰ্কত শঙ্কৰদেৱৰ ভাগিন আছিল। মোমায়েকৰ কন্যাক বিয়া কৰাৰ প্ৰস্তাৱ অশোভনীয় যেন দেখি।

[ ১৫১ ]

যাক আশে গুৰু মানি আসিছো তোমাঠেক।
তাক মাত্ৰ শিক্ষা আতা লাগয় দিবাক॥৯॥
অনাদি জনম ভোগ কৰো বিষয়ক।
তাকে এইবাৰ কহিয়োক উপায়ক॥
হেন শুনি শঙ্কৰ হৰিষ মনে লৈলা।
মাধবদেৱক পুনু বুলিবাক গৈলা॥১০॥
অভুক্ত বৈৰাগ্য তুমি কৰিলা কিসক।
তুমি যেন মহামত্ত প্ৰমত্ত সিংহক॥
বোলন্ত মাধৱদেৱে হৰিষে মনত।
তোমাঠেৰ পদ সেৱা বল প্ৰসাদত॥১১॥
আত হন্তে বাদ পৰিবাৰ শঙ্কা নাই।
তযু পাৱে স্থান মাত্ৰ দিবাহা সদায়॥
মাধৱৰ বাণী শুনি শঙ্কৰ দেৱৰ।
মনত আনন্দ মহা ভৈল বহুতৰ॥১২॥
সজ সজ বুলি আৰ ন মাতি ৰহিল।
শুনা আতপৰে যেন সম্বাদ মিলিল॥

—শঙ্কৰদেৱক ভক্তি কৰাৰ পন্থা-


জন্তিৰ মাধৱ (৩) আৰ নাৰায়ণ ঠাকুৰ।
শঙ্কৰৰ লগে যান্ত পাছ কতোদূৰ॥১৩॥
দুয়ো চাই অন্যো অন্যে কথা কহিলন্ত॥
দুইহান্তৰো কথা দুইহান্তে নমানন্ত॥



(৩)—নাৰায়ণ ঠাকুৰে জন্তিৰ মাধৱক শঙ্কৰদেৱৰ ওচৰলৈ লৈ আহে! আৰু
তেৰাৰ ঠাইত শৰণ লোৱায়। ( ভূষণ দ্বিজ-১৫৮ পৃঃ)

[ ১৫২ ]

শঙ্কৰক যিটো দ্বেষ ভাবে সুমৰয়।
সিয়ােজনে মােক্ষ পাৱে নাৰাণে কহয় ॥১৪৷৷
জন্তিৰ মাধৱে বােলে যাইবে আধােগতি।
এহিমতে কথা দুয়াে কহি যান্ত আতি॥
উচ্চ উচ্চ কথা দুইৰো পৰিচ্ছেদ নাই।
শঙ্কৰদেৱত দুয়ো পুছিলন্ত যাই॥১৫॥
দুইহানৰো কথাক শঙ্কৰেদেৱে শুনিলন্ত।
হাসিয়া শঙ্কৰদেৱে দুইকো বুলিলন্ত॥
জন্তিৰ মাধৱে যিটো কৈলা ইটো নুই।
নাৰায়ণে কৈলা যিটো ইটো কথা হুই॥১৬॥
ইকথা আনত নকহিবা দুয়ােজনে।
হেন শুনি দুইহান্তৰে ৰঙ্গ ভৈল মনে॥
শঙ্কৰদেৱৰ সঙ্গে গৈলা তাৰা দুই।
বোলা শঙ্কৰ মাধৱ পাপে লাগােক জুই॥১৭॥

⸻⸻

ত্রিংশ অধ্যায়

—মাধৱদেৱক অপমান কৰাৰ চেষ্টা—

ঝুমুৰি॥

শুনিয়ােক সাধু নৰ,
বুঢ়াদলৈ একদিনে,

   

কথা আত অনন্তৰ॥
কীৰ্ত্তন কৰাইবে মনে ॥১॥

[ ১৫৩ ]

আগদিনা বুলিলেক,
প্রভাতে মাধৱদেৱ,
বোলা যাওঁ বাৰাদিক,
কহিলা মাধৱে পাছে,
কৰাইব কীৰ্ত্তন আতি,
বুলিলন্ত বিদ্যমান,
শঙ্কৰক সেৱা কৰি,
পাইলা গৈয়া বাৰাদিত,
হৰি কথা সাঙ্গ ভৈল,
পাছে দেৱ মাধৱক,
জন চাৰি ভক্ত সমে,
বুঢ়াদলৈৰ ভাই,
কৰিবাক মনে দন্দ,
মাতে নানা অহঙ্কাৰ,
বােলে আজি যাইবি কই,
মােহােৰ ভাতৃক তই,
নাহি কিছু মন কষ্ট,
নেদন্ত উত্তৰ তাক,
আনো উপদ্রব যত,
তথাপিতো কিছু বাক,
মহন্তৰ ধৰ্ম্ম জানি,
অনন্তৰে সিটো প্রাণী,
অত তিৰস্কাৰ শুনি,

   

মাধৱক আসিবেক॥
শঙ্কৰক কৰি সেৱ॥২॥
শঙ্কৰে বােলন্ত কিক।
বুঢ়াদলৈ মাতি আছে ॥৩৷৷
দিলা যাইবে অনুমতি।
হুইবা আজি সাৱধান ॥৪৷৷
মাধৱ গৈলন্ত লৰি।৷
শুনা পাছে ভৈল যিত ॥৫৷৷
লােক ঘৰাঘৰি গৈল৷৷
বুঢ়াদলৈ পঠাইলেক ॥৬৷৷
চলি যান্ত ৰঙ্গমনে।।
পথত লাগক পাই॥৭॥
বুলিল বিস্তৰ মন্দ৷৷
কতো বেলে ধৰ মাৰ॥৮৷৷
আছন্ত মাধৱ ৰই৷৷
আজি কেন কৰাে মই॥৯৷৷
বােলায় কৰিলি নষ্ট৷৷
নােবােলন্ত একোবাক ॥১০৷৷
কহিলেক কৈবোঁ কত।
নুবুলিলা চাই তাক ॥১১৷৷
নুবুলিলা একো বাণী।
মনত বােলন্ত গুণি ॥১২৷৷
নুবুলিল ৰুষ্ট বাণী।

[ ১৫৪ ]

হেন বিমৰিষ কৰি,
মাধৱৰ চৰণতে,
বােলয় কাতৰ আতি,
কৰিলােহোঁ মহাপাপ,
নুহিকা মানুষ তুমি,
ইশ্বৰৰ অংশ তুমি,
ক্ষমিয়ােক মােৰ দোষ,
এহিবুলি আগে পৰি,
কৰন্ত কাতৰ অতি,
চৰণক এৰা তুমি,
কৰি আছা কিবা মােক,
হেন শুনি সিটো জনে,
উঠি নমস্কাৰ কৰি ,
মাধৱাে ঘৰক গৈল,
যেতিক্ষণে মাধৱক,
তেখনে ভকত গৈল,
শুনি দেৱ শঙ্কৰৰ,
হাঁ প্রাণ মাধৱক,
ময়াে আজি দেখি যাওঁ,
হেন সে কৰিবাে তাক,
এহিবুলি লড়িলেক,
আসিল মাধৱ প্রাণ,
বাৰাদিত কিবা ভৈল,

   

গলত কাপােৰ ধৰি ॥১৩॥
পৰি আছে দণ্ডৱতে॥
কাকূতি কৰয় মাতি ॥১৪॥
ক্ষমা কৰিয়োক বাপ॥
নিশ্চয় জানিলো আমি ॥১৫॥
অপৰাধ কৈলাে আমি॥
হুয়ােক বাপ সন্তোষ ॥১৬॥
দুহাতে চৰণ ধৰি৷৷
মাধৱে বােলন্ত মতি ॥১৭॥
সকল ক্ষমিলো আমি॥
নাহি ভয় উঠিয়োক ॥১৮॥
অতিশয় ভয় মনে॥
গৈল মাধৱক এৰি ॥১৯॥
শুনা পাছে যেন ভৈল॥
সিটো হাসি ধৰিলেক ॥২০॥
শঙ্কৰদেৱত কৈল॥
ভৈল ক্রোধ গুৰুত্তৰ ॥২১॥
নেই চণ্ড নগৰুক॥
কি কৰে গৈয়া চাওঁ ॥২হ॥
নপাৰিৱ বহিবাক॥
মাধৱক দেখিলেক ॥২৩৷৷
কহিয়ােক বিদ্যমান॥
মাধৱাে সমস্তে কৈল ॥২৪৷৷

[ ১৫৫ ]
কৰিলা মাধৱ সেৱ,   বুলিলা শঙ্কৰদেৱ॥
বোলা হৈবা সাৱধান,   পাইলা তাৰ পৰমাণ॥২৫॥
মাধৱে শুনি হাসিলন্ত,   কি আশ্চৰ্য্য বুলিলন্ত॥
তোমাঠেৰ চৰণত,   শুনা সাধু সব যত॥২৬॥
সুমৰিলো কিছুমান,   ক্ষমিয়োক মহাজন।৷
শঙ্কৰ মাধৱ হৰি,   বুলি যায়ো ভৱতৰি॥২৬॥

একত্ৰিংশ অধ্যায়

—মাধৱদেৱৰ একান্ত বিশ্বাস—

একদিনা শঙ্কৰ মাধৱ দুয়োজন।
কোনখানে যান্ত লগে লই ভক্তগণ॥
গোটেক মহিষ ৰহি আছয় পথত।
সহিতে শঙ্কৰদেৱ সমস্ত ভকত॥১॥
তাক এড়াইবাক পাথাৰে লড়িলন্ত।
মৈষক সম্মুখে দেৱ মাধৱ চলন্ত।৷
কোনো ভক্তে মাধৱক বুলিলা বচন।
জীয়া যমগোটা আছে যাস কিকাৰণ॥২॥
মাধৱে বোলন্ত—ইটো কি কৰিবেক।
কালে মৃত্যু ধৰে যেবে তেবে মৰিবেক॥
খঙ্গিলা শঙ্কৰদেৱে ইটো কথা শুনি।৷
আনে নজানয় আক এহেঁ মাত্ৰ জানি॥৷৩৷

[ ১৫৬ ]

—শঙ্কৰদেৱৰ যুক্তিবাণী—

সৰ্প ব্যাঘ্ৰাদিয়ো যদি খেদিয়া মাৰয়।
কাল মৃত্যু আদি তাক কহিবে পাৰয়॥
নুহি সৰ্প ব্যাঘ্ৰ আসি খেদি যাই যিটো।
মৰিলো জানিবা তাক আত্মঘাতী সিটো॥৪॥
হেন শুনি উলটিয়া মাধৱ আসিলা।
শঙ্কৰ যিমতে যান্ত সেহিমতে গৈলা॥
আৰো এক কথা কহোঁ শুনা সাধু যত।
আছন্ত শঙ্কৰদেৱ, গৈয়া বেহাৰত॥৫॥

—সীতাস্বয়ম্বৰ নাট—

শঙ্কৰদেৱৰ মুখে শুনি কৃষ্ণ কথা।
দেৱানো শৰণ লৈলা শঙ্কৰত তথা।৷
দেৱানৰ বাণী শুনি সীতা স্বয়ম্বৰ।
ৰামায়ণ অঙ্ক (১) কৰি দিলন্ত শঙ্কৰ॥৬॥


(১) দ্বিজ ৰামানন্দই গুৰুচৰিতত (২৭,৮২) লিখিছে :—

“ৰামৰ বিবাহ কথা সীতা স্বয়ম্বৰ।
অঙ্কক লিখিলা তৈতে শ্ৰীমন্ত শঙ্কৰ॥
শুক্লধ্বজ নৃপতিকো অঙ্কে নিবন্ধিলা।
অঙ্কতে শ্লোকক কৰি অঙ্ক সমাপিলা॥

 দৈত্যাৰি ঠাকুৰৰ মতে, এই নাট শঙ্কৰদেৱ ২য় বাৰ তীৰ্থযাত্ৰাৰ আগতে লিখে। কিন্তু দ্বিজ ৰামানন্দৰ মতে, ২য় বাৰ তীৰ্থযাত্ৰাৰ পৰা উলটি আহিহে লিখিছিল। সীতা স্বয়ম্বৰ নাটৰ অন্তত লিখা শ্লোকৰ মতে নটৰচনাৰ সময় ১৪৯০ শক। গতিকে দ্বিজ ৰামানন্দৰ কথাত যুক্তিসঙ্গত। এই শকতে শঙ্কৰদেৱে বৈকুণ্ঠ প্ৰয়াণ কৰে। দৈত্যাৰিঠাকুৰে কথা অগা-পিছা কৰিছে।

[ ১৫৭ ]

বৰপেটা আসিবাক নাৱ ভৰা দিয়া।
চলিলা শঙ্কৰদেৱ নাৱত চৰিয়া॥
আৰো এক নাৱতে ঠাকুৰ ৰামানন্দে।
চলি যান্ত দিনা তিন চাৰি যে আনন্দে॥৭॥

—পচা মাছ ভক্ষণ—

অনন্তৰে ব্ৰহ্মপুল্ৰ নদী পাইলা আসি।
দেখিলন্ত মৎস্য একগোটা যায় ভাসি॥
ৰামানন্দ ঠাকুৰে আনিবে মন গৈলা।
বৰ কু’য়া দেখি পুনু উলটি আসিলা॥৮॥
পাছত শঙ্কৰদেৱ আসিয়া পাইলন্ত।
লগৰ লোকক মৎস্য লৈবে বুলিলন্ত।৷
কু’য়া দেখি লোকে বোলে নলাগে নলাগে।
লৈয়ে মাছ শঙ্কৰে বোলন্ত খঙ্গি ৰাগে॥৯॥
শুনি তাৰ মৎস্য লৈয়া নাৱ বাই যাই।
ৰামানন্দে পুছন্ত মৎস্যৰ গন্ধ পাই॥
—ওঁহ-কি গন্ধাই বুলি মনে জানিলন্ত।
সেহি কু’য়া-মাছ পাই আতা আনিলন্ত॥১০॥
ৰামানন্দে বোলে আতা আনিলাহা কিক।
সহিবে নপাৰি গন্ধে ফুটে যেন নাক।৷
শঙ্কৰে বোলন্ত মৎস্য নপাই এৰিবাক।
ভাল নুহি তাত বাপু আনিলো ইহাক॥১১॥
ভাল চাই এখন বালিত ৰহিলন্ত।
ঠাই আৱতাই খৰি পাত আনিলন্ত॥

[ ১৫৮ ]

তলত দাবৰ পাতি মৎস্য তুলি ধৰি।
জলক চেপিলা দুই হাতে টান কৰি॥১২॥
মৎস্যেৰ যতেক সত ধাৰে বহি পৰে।
মুখে মুখে দুয়ো গোটা ভৰিল দাবৱে॥
হাড় চাল মাত্ৰ ৰৈল তাক পেলালন্ত।
আখা পাতি মৎস্যেৰ সতক পাগিলন্ত॥১৩॥
ভৈল সবে গোট পাছে থলে নমাইলন্ত।
জুৰাইলে মৰিচ গুড়ি লোণ সানিলন্ত॥
তৰা পাত আনি সবে মচা বান্ধিলন্ত।
ভাত বসাই তাক জোড় জুণ্ডি পুড়িলন্ত॥১৪॥
অনন্তৰে ভাত ভৈলে মৎস্য বান্টি লৈয়া।
ভোজন কৰন্ত দেৱ শঙ্কৰে হাসিয়া॥
ৰামানন্দ ঠাকুৰক বুলিলন্ত চাই।
ভাল হুই মুই মৎস্য কহিয়ো বোপাই॥১৫॥
শুনি ৰামানন্দে বুলিলন্ত বিদ্যমানে।
এহ্ণ মাছ এহু হৈবে আক কোনে জানে।৷
ইটো মাছ জীয়াতো অধিক স্বাদ বোলে।
পাৰয় তকালি খায়া ভকত সকলে॥১৬॥
বঞ্চিলা ৰজনী তৈতে, প্ৰভাত জানিয়া।
লৰি গৈলা, দিন তিনি চাৰি মান গৈয়া॥
বৰপেটা পায়া ৰৈলা শঙ্কৰ গৃহত।
তাতে পাছে ৰাম-ৰাম গুৰুৰ থানত॥১৭॥

—মিথ্যাবাদীক ভৰ্ৎসনা—

ভাগৱত শুনন্ত শঙ্কদেৱে তথ।

[ ১৫৯ ]

আত অনন্তৰে আৰো শুনা যেন কথা॥
এক দিনা গোবিন্দ গুৰুৱে ভৰি দিল।
নাৱৰ কটিত জৰি তেখনে ছিড়িল॥১৮॥
তেখনে ভৈলন্ত বিপ্ৰ তথাৰ অন্তৰ।
কোনে নাৱ চৰিলেক পুছিলা শঙ্কৰ।৷
শুনিয়া সমস্ত লোক জানো বুলিল!
পুছিলা শঙ্কৰে মিছা ব্ৰাহ্মণে মাতিল॥১৯॥
শঙ্কৰে বোলন্ত মই আপুনি দেখিলো।
তোমাক কি কৰে। কেনে মিছা যে মাতিল।
আৰ কিবা সঞ্জাত কৰিবে লোক তাত।
দূৰ গুছ পাপিষ্ঠ মাতিল মিছা মোত॥২৩॥

—শাস্ত্ৰৰ বিকৃত ব্যাখ্যা—

এহি বুলি বিপ্ৰক শঙ্কৰে খঙ্গিলন্ত।
ভক্তৰ বচনে পাছে ক্ৰোধ এৰিলন্ত।৷
একাদশী দিনা সেহি ব্ৰাহ্মণে নিশ্চয়।
মাছ কিনি লৈয়া যাস্ত প্ৰভাত সময়॥২১॥
চাৰি ল কুৰিয়া দেখি পুছিলা শঙ্কৰ।
একাদশী মাছ কি কৰিবা দ্বিজবৰ।৷
তেহে বোলে তোমাঠেৰ পদে কহি আছা।
নপাৱৈ আমাক একাদশী উপবাস॥২২৷৷ (১)

[ ১৬০ ]

গুণন্ত শঙ্কৰদেৱে শুনি হেন ঠান।
ক্ৰোধে বোলো একাদশ পুথিখান আন।৷
ইটো পদ দূৰ কৰোঁ মাধৱে শুনিয়া।
শঙ্কৰদেৱক বোলা মনত শুনিয়া॥২৩৷।
কিয় পদ দূৰ কৰিবন্ত কহিয়োক।
যাৰ যেন মতি সিটো তেমনে বুজক।৷
নুবুজয় পদে পদ দূৰ কৰিবন্ত।
মাধৱৰ বাণী শুনি পদ ৰাখিলন্ত॥২৪॥ [৮]

দ্বাত্ৰিংশ অধ্যায়

দ্বিতীয়বাৰ তীৰ্থযাত্ৰাৰ সঙ্কল্প

আনে বু’জে লাগে আন বুজিবে বোলন্ত।
শুনা আৰো একদিন যেন কৰিলন্ত।৷
ৰামৰাম গুৰু আদি যত ভক্ত জাক।
আলোচিল সবে বৃন্দাবন যাইবাক॥১॥

—আইগোসানীৰ আপত্তি—

এহি কথা শঙ্কৰৰ পত্নী শুনিলন্ত।
মাধৱদেৱক তেবে মাতি বুলিলন্ত।৷
বোলে বাপু মাধৱ- গোসাঞি বৃন্দাবন।
যাইবে খোজে যেবে মোৰ মিলিব মৰণ॥২॥


[ ১৬১ ]

মাধৱে বোলন্ত আই যাইবাক খোজন্ত।
ৰামৰায় প্ৰমুখ্যে আলচ কৰিলন্ত॥
শুনি আই গোসানী বোলন্ত মাধৱক।
কি মতে বৰ্ত্তিবো মই বাপু কহিয়োক॥৩॥
যদিবা গোসাই যান্ত বাপু বৃন্দাবন।
গৃহক আসিবে পুনু নুহিবেক মন।৷
তিনিগুটি পুল্ৰ মোৰ হুইবে অনাথিতি।
মোহোৰ মৰণ বাপু মিলিবে সম্প্ৰতি॥৪॥

—মাধৱদেৱৰ প্ৰতিশ্ৰুতি—

শুনা বাপু গোসাইক ন ৰাখা তুমি যেবে।
তিনিগুটি পুত্ৰ সমে বধ লাগে তেবে॥
মাধৱে বোলন্ত আই চিন্তা নকৰিৰ।
শঙ্কৰদেৱক মই উপায়ে ৰাখিব॥৫॥
এখন নুবুলি কিছু তান লগে যাইবো।
ইটো কথা আই তুমি কতো ন কহিবা।
তোমাৰ চৰণে মোক আশীৰ্ব্বাদ দিবা॥৬॥
এহি বুলি মাধৱ ৰহিলা একপাশ।
গোসানী বোলন্ত বাপু তোমাতেহে আশ।
শৰীৰ স্বৱশে থাকি মোৰ জীৱ যাই।
মাধৱে বোলন্ত ন কৰিবা চিন্তা আই॥৭॥
শুনি আই গোসানী সন্তোষ মনে ৰৈলা।
শুনা আৰো আতপৰে যেন কথা ভৈলা।৷
শুনা সাধুজন দোষ নধৰিবা মোক।
ডাক ছাড়ি শঙ্কৰ মাধৱ বুলিয়োক॥৮॥


[ ১৬২ ]

ত্ৰয়স্ত্ৰিংশ অধ্যায়

—তীৰ্থৰ বাটত—

শুনা সাধুনৰ আত অনন্তৰ
 যেন ভৈল কহোঁ তাঙ্ক।
যিটো যিটো সবে  বৃন্দাবন যাইবে
 শঙ্কৰে বোলন্ত বাক॥১॥
কৈয়ো কিছুমান  কাহাত কিমান
 খৰছা আছে প্ৰত্যেক।
যাত নাই আসি  এখনে কহিয়ো
 আমাৰে সিটো খাইবেক॥২॥
শুনি ভক্তচয় সমস্তে কহয়।
 যিমান যাত আছয়।
কেহোঁ কুৰি ত্ৰিশ  পঞ্চাশ চল্লিশ
 শতেকো কেহোঁ কহয়॥৩॥
কেহোঁ বোলে মোত  একো নাহিকয়
 শঙ্কৰে বোলন্ত তাঙ্ক।
শুনিয়ো মাধৱ জানিবা মনত
 পুষি নিবে লাগে আক॥৪॥

—মিথ্যাবাদীৰ শাস্তি—

কহিয়ো উদাৰ (১)  কি আছে তোমাৰ
 শঙ্কৰদেৱে পুছিল।

[ ১৬৩ ]

আতা মোৰ ঠাই  কড়া একো নাই
 উদাৰে কথা কহিল॥৫॥
যাৰ নাই মানে  তাহাক আপুনে
 শঙ্কৰে লগে লৈলন্ত।
কৰিয়া যুগুন্তি  লোক সমন্বিতি
 শঙ্কৰ লগে গেলন্ত॥৬॥
মাধৱে সহিত  মনে হৰিষিত
 কৃষ্ণৰ চৰিত কই।
গোদাৰি এৰাই  বাহিৰ বিলাত
 অনন্তৰে পাইলা গই॥৭॥
পাছে সেহি থানে একগুটি টকা
 উদাৰেও ভঙ্গাইলন্ত।
দিন তিন মান ৰোজ নিবে তন
 নেদেখিয়া পুছিলন্ত॥৮॥
বোলন্ত উদাৰ নেদেখোঁ তোমাৰ
 ৰোজ নিবে কি কাৰণ।
এক গুটি টকা  ভঙ্গাই আছোঁ আতা
 উদাবে বোলা বচন॥৯॥
উদাৰৰ বাণী শঙ্কৰেয়ো শুনি
 ক্ৰোধ দৃষ্টি কৰি চাইলা।
বোলা মোৰ ঠাই একড়াও নাই
 আবে টকা কৈত পাইলা॥১৩॥
উদাৰে বোলন্ত একগুটি টকা

[ ১৬৪ ]

 আছিল আতা আমাব
শঙ্কৰে বোলন্ত পূৰ্ব্বে কিয় মিছা
 মাতিলা তেবে উদাৰ॥১১॥
নামেসে উদাৰ বোলন্ত তোমাৰ
 উদাৰ চিত্ত নোহয়।
মহা পাপ মিছা  নমাতিলা সাঞ্চা।
 কিবা হেতু কহিলায়॥১২॥
মুখ চাইবে যোগ্য  নুহিকে ইহাৰ
 অল্প কবি হাসিলন্ত।
কৰি ক্ৰোধ দৃষ্টি উদাৰক পিঠি
 শঙ্কৰদেৱে দিলন্ত॥১৩।৷
সম্মুখে শঙ্কৰ  মুখ উদাৰৰ
 মাস দিনো ন চাইলন্ত।
ৰাম-ৰাম গুৰু বাক্যে মাধৱৰ
 পাছে ক্ৰোধ এৰিলন্ত॥১৪৷।
ভক্ত আগে মিছা  বাক্য মহাপাপ
 শঙ্কৱ দেৱে কহিলা।
সেহি দিন হন্তে অৰ্থক অনৰ্থ
 উদাৰে মনে কৰিলা॥১৫॥
মনত হৰিষ শঙ্কৰদেৱক
 নমস্কাৰ কৰিলন্ত।
মাধৱ শঙ্কৰ আনো ভকতৰ
 হৰিষ মনে ভৈলন্ত॥১৬॥

[ ১৬৫ ]

—গুৰু শিষ্যে অভেদাত্মা—

আৰো একদিন ভৈল কথা যেন
 তাক সবে শুনিয়োক।
শঙ্কৰে বোলন্ত মাধৱদেৱক
 জাৰে পীড়া কৰে মোক॥১৭॥
একেলগে বাপু  শুয়ো একে জাপে
 তেবে নাহি পীড়িবেক
লগে শুইবেক শুনিয়া এতেক
 মাধৱদেৱে প্ৰত্যেক॥১৮॥
কেনমতে মই তোমাঠেৰ লগে
 শুইবে,—বাপ নপাৰিবো।
লাগিবে তোমাৰ  গাৱে হাত ভৰি
 তেবে বাপ তল যাইবো॥১৯॥
শঙ্কৰে বোলন্ত  নাই আত দোষ
 শুয়োক মাধৱ তুমি।
যদি দোষ হয় মৰষিবো মই
 মাধৱে বোলন্ত—আমি॥২০॥
নপাৰিবো শুইবে, ক্ষমিয়োক আবে
 আৰ নুবুলিবা বাপ।
তোমাঠেৰ বাক্য  নকৰিলো জানা
 হুইবে মেতে মহাপাপ॥২১॥
শঙ্কৰে বোলন্ত কিসকই বোল
 বুলিলা মাধৱ তুমি।

[ ১৬৬ ]

তেবেসে পাপক ভয় কৰিবাহা
 যদি ভিন্ন তুমি আমি॥২২॥
তোমাৰ আমাৰ নাহি ভিনপৰ
 আসা একেলগে শুয়ো৷
দিন চাৰি পাঞ্চ  মান এহি মতে
 অন্য অন্য কৰে দুয়ো॥২৩॥
মাধৱ নোশোন্ত শঙ্কৰে নেড়ন্ত
 শুয়োক মোৰ লগত।
শঙ্কৰৰ বাণী বাধিবে নপাৰি
 মাধৱদেৱে পাছত॥২৪।৷
একেলগে পাৰা দুইখানি শয্যা
 আগ পাছ কৰি তথা৷
শোৱন্ত লগত শঙ্কৰদেৱৰ
 বুকু সমে দিয়া মাথা॥২৫৷।
শঙ্কৰ শোৱন্ত মাধৱ দিয়ন্ত
 বস্ত্ৰ জাপি তান গাৱে।
আপোনাৰ বস্ত্ৰ একজাপ কৰি
 শোৱন্ত গৈয়া মাধৱে॥২৬॥
শঙ্কৰদেৱৰ জাপৰ উপৰে
 একখান হাত দিয়া৷
জাপে আপোনাৰ  উপৰে তাহাৰ
 দিয়া শোন্ত সাৱটিয়া॥২৭॥

[ ১৬৭ ]

এহিমতে প্রতি   দিনে শোন্ত লগে
  শঙ্কৰৰ ৰঙ্গমন।।
পাপ দূৰ হোক   শঙ্কৰ মাধৱ
  বুলিয়োক সৰ্ব্বজন ॥২৮॥

⸺⸺

চতুস্ত্রিংশ অধ্যায়

—মাধৱদেৱৰ শুশ্রষা—

এহিমতে শঙ্কৰ মাধৱ চলি যান্ত।
যৈতে ৰাতি হােৱে গৈয়া তহিতে ৰহন্ত॥
বস্ত্ৰ সলাই গৈয়া বস্তু কিনিয়া আনন্ত॥১॥
স্নান কৰি শঙ্কৰক ভােজন কৰান্ত।
তৈল লৈয়া তান দুই চৰণ জান্তন্ত ॥
শঙ্কৰদেৱৰ নিন্দ্ৰা আসিলেক যেবে।
আদা খাৰ শঙ্কৰৰ পাৱে দিয়া তেবে ॥২॥
লাস কৰি নমাই থৈয়া দুখানি চৰণ।
তেবেসে আপূনি গৈয়া কৰন্ত ভোজন॥
এহি মতে সেৱা নিতে মাধৱে কৰন্ত।
আনলােকে ফাতফোত ঘুঘুৰি পাৰন্ত ॥৩॥

—চৈতন্যৰ ওচৰত—

প্রভাতে উঠিয়া নিতে গমন কৰন্ত।
কৃষ্ণ-চৈতন্যৰ (১) গৈয়া থানক পাইলন্ত॥


(১) (ক) দ্বিজৰামানন্দৰ গুৰুচৰিত্ৰ মতে শঙ্কৰদেৱে প্ৰথমবাৰ তীৰ্থলৈ [ ১৬৮ ] যাওঁতেই ৰথযাত্ৰাৰ সময়ত জগন্নাথক্ষেত্ৰত চৈতন্যদেৱক লগ পায়।

“দূৰহন্তে দেখাদেখি ভৈল দুয়ােজন।
দুইহন্তে কাকো নকৰিলা সম্ভাষণ ।’’

 (খ) ভূষণ দ্বিজ ৰচিত শ্ৰীক্ষশঙ্কৰদেৱ মতে (দুর্গাধৰ বৰকটকী) শঙ্কৰদেৱৰ দ্বিতীয়বাৰ তীৰ্থৰত্ৰাৰ সময়ত জগন্নাথ ক্ষেত্ৰত—

“চৈতন্য গোঁসাই তথা ভৈলা দৰিশন।
দুইকো দুয়াে চাহিলা নাহিকে সম্ভাষণ ।”

 (গ) ৰামচৰণ ঠাকুৰৰ শঙ্কৰ চৰিত মতে (৫ম খণ্ড) শঙ্কৰদেৱ ২য় বাৰ তীৰ্থলৈ যাওঁতে জগন্নাথ ক্ষেত্ৰত, চৈতন্য গোঁসাইক লগ পায়।

 (ঘ) দ্বিজ ৰামানন্দ ৰচিত বংশী-গোপাল চৰিত মতে জগন্নাথ ক্ষেত্ৰত ৰথযাত্ৰাৰ সময়ত চৈতন্যদেৱৰ লগত শঙ্কৰদেৱৰ সাক্ষাৎ হয়। দৈত্যাৰিঠাকুৰৰ বিবৰণ মতে দ্বিতীয় বাৰ তীর্থ যাত্ৰাৰ সময়ত শান্তিপুৰত চৈতন্যদেৱৰ লগত সাক্ষাৎ হয়।

 চৈতন্যদেবৰ জন্ম ১৪০৭ শক ১৯ ফাল্গুন শুক্রবাৰ (১৪৮৬ খৃষ্টাব্দ ১৮ ফেব্রুয়াৰী) সন্ন্যাস গ্রহণ ১৪৩১ শক, মাঘ মাহ (১৫১০ খৃষ্টাব্দ), মৃত্যু—১৪৫৫ শক, আষাঢ় মাহ (১৫৩৩ খৃষ্টাব্দ, জুলাই)। সন্ন্যাস গ্ৰহণৰ আগতে গয়াৰা পৰা আহি তেৰ মাহ কাল নবদ্বীপত সদাই কীৰ্ত্তনত মতলীয়া হৈ আছিল। সন্ন্যাস গ্ৰহণৰ পিচত ১৫১০ খৃষ্টাব্দৰ ৭ ফাল্গুণৰ পৰা ১২ ফাল্গুণলৈকে শান্তিপুৰত আছিল। আকৌ ১৫১৪ খৃষ্টাব্দৰ কাতিৰ পৰা জেঠলৈকে আঠ মাহমান নবদ্বীপত আছিল। তাৰ পিচত ১৫১৬ খৃষ্টাব্দৰ পৰা মৃত্যুৰ সময়লৈকে জগন্নাথ ক্ষেত্ৰত আছিল।

 শঙ্কৰদেৱ ১৫৪৬ খৃষ্টাব্দত উজনি অসমৰ পৰা বৰপেটালৈ আহে আৰু ১৫৬২ খৃষ্টাব্দমানত দ্বিতীয়বাৰ তীৰ্থলৈ যায়। গতিকে সেই সময়ত চৈতন্যদেৱ জীয়াই নাছিল। গতিকে প্রথমবাৰ তীর্থযাত্ৰাৰ সময়ত চৈতন্যদেৱৰ লগত জগন্নাথ ক্ষেত্ৰতেই শঙ্কৰ দেৱৰ সাক্ষাৎ হোৱা সম্ভব। এই হিচাব মতে শঙ্কৰদেৱ প্ৰথমবাৰ তীর্থযাত্ৰাৰ সময়ত ১৪৩৮ শকৰ পিচত আৰু

১৪৮৬ শকৰ আগত ক্ষেত্ৰলৈ গৈছিল। [ ১৬৯ ]

পথত চলন্তে শিক্ষা দিলন্ত লোকক।
নকৰিবা কেহো নমস্কাৰ চৈতন্যক॥৪॥
যিটোজনে নমস্কাৰ কৰৈ চৈতন্যক।
উলটায়া তেহোঁ প্ৰণামন্ত সিজনক॥
মনে নমস্কাৰ মাত্ৰ কৰিবা এতেকে।
এহিবুলি শিখাইলন্ত লোক সমস্তকে॥৫॥
কৃষ্ণ চৈতন্য চন্দ্ৰ আছন্ত যথাত।
ভৈলন্ত শঙ্কৰ সূৰ্য্য প্ৰবেশ তথাত॥
কৃষ্ণ চৈতন্য আছা মঠৰ ভিতৰ।
ব্ৰহ্মচাৰী কহিলন্ত আসিছা শঙ্কৰ॥৬॥
শঙ্কৰৰ নাম শুনি কৃষ্ণ চৈতন্যৰ।
মিলিল আনন্দ বাজ ভৈলন্ত মঠৰ॥
দুৱাৰ মুখত ৰহি আছিলন্ত চাই।
দুয়ো নয়নৰ নীৰ ধাৰে বহি যাই॥৭॥
শঙ্কৰৰো নয়নৰ নীৰ বহে ধাৰে।
পথাহন্তে নিৰিখিয়া আছন্ত সাদৰে॥
কতোক্ষণে দুইকো দুয়ো চাই প্ৰেম মনে।
পশিলা মঠত গৈয়া শ্ৰীকৃষ্ণ-চৈতন্যে॥৮॥
নমাতিলা দুইকো দুয়ো নিদিলা উওৰ।
পৰম হৰিষ মনে চলিল শঙ্কৰ॥
অনন্তৰে যেন কথা ভৈল শুনিয়োক।
ৰাম ৰায় বুলিলন্ত দাদা কহিয়োক॥৯॥

—ৰামকৃষ্ণ অভেদ-


ৰামৰ চৰিত্ৰ শ্ৰদ্ধা মনে শুনিবাক।

[ ১৭০ ]

শুনিয়া শঙ্কৰদেৱ লৈলা কহিবাক॥
ৰামৰ চৰিত্ৰ কইতে প্ৰেম উপজিল।
ৰামৰ চৰিত্ৰ কতো দূৰ কহি নিল॥১০॥
কৃষ্ণ চৰিত্ৰত মন মজিছে একান্ত।
কৃষ্ণৰ চৰিত্ৰ কহিবাক লাগিলন্ত॥
কৃষ্ণ চৰিত্ৰ কহি কতো দূৰ গৈল।
ৰামৰ চৰিত্ৰ ৰৈল মনতো ন ভৈল॥১১॥
ৰামৰায় কতোক্ষণে বুলিলন্ত তেবে।
কৃষ্ণৰ চৰিত্ৰ দেখো দাদা কোৱা এবে॥
শুধিলো শ্ৰদ্ধায়ে ৰামচৰিত শুনিত।
শুনিয়া শঙ্কৰদেৱে লাগিলা বুজিত॥১২॥
কৃষ্ণৰ চৰিত্ৰে মোৰ আলোৰিল চিত্ত।
কৃষ্ণ চৰিত্ৰত মন মজি থাকে নিত॥
এতেকে তেজিয়া ৰাম চৰিত্ৰ এৰিয়া।
কৃষ্ণৰ চৰিত্ৰক আইলা নজানোহোঁ হিয়া॥১৩॥
ৰাম ৰাম গুৰু আদি কেহোঁ নজানিল।
ৰামৰ চৰিত্ৰ কোন সময়ে ৰহিল॥
কোন সময়ত কৃষ্ণ চৰিত্ৰ পড়িল।
আপুনি শঙ্কৰদেৱ আক নজানিল॥১৪৮॥
যাতো কৃষ্ণ চৰিত্ৰৰ প্ৰেম ৰসে আতি।
আনন্দতে আকুল কৰিলে তান মতি॥
একদিনা যান্তে দেৱে বৰ মেঘ দিল।
শঙ্কৰদেৱক দেৱ মাধৱে বুলিল॥১৫॥

[ ১৭১ ]

-মেঘৰ উপদ্ৰৱ-


আসে বৰিষণ আতা বৰ মেঘ দিলা।
মাধৱৰ বাণী শুনি শঙ্কৰে চাহিলা।
মাধৱদেৱক হাসি বুলিলা বচন।
দেউক দেৱে মেঘ আজি নুহি বৰিষণ॥১৬॥
চলিযান্ত শঙ্কৰ মাধৱ দুয়োজন।
কতোক্ষণে গুছিল সমস্তৃে মেঘগণ॥
একদিন আৰো লোক সমে চলি যান্ত।
মেঘখানি দিলেক শঙ্কৰে দেখিলন্ত॥১৭॥
দোণ গোট মান ঠাই জুৰিয়া আছয়।
মাধৱ দেৱক দেৱ শঙ্কৰে বোলয়॥
দেখিয়োক মাধৱ কুঠিত মেঘ খানি।
ভিজাইবেক আমাক বুলিলো নিষ্ঠ বাণী॥১৮॥
কৈত দেখা মেঘ আতা মাধৱে বোলন্ত।
হেৰ নে দেখাহা বুলি শঙ্কৰে দেখান্ত॥
বোলন্ত মাধৱে এহি মেঘ কি কৰিব।
শঙ্কৰে বোলন্ত আৰ প্ৰভাৱ দেখিব॥১৯॥
এতেকে বোলন্ত ভৈল ডলাখান মান।
দেখিয়া শঙ্কৰদেৱে বোলা বিদ্যমান॥
প্ৰভাৱক মেঘৰ মাধৱ বুজিয়োক।
মাধৱে বোলন্ত বৃষ্টি নাই চলিয়োক॥২০॥
এতেকে বোলন্ত ধান দোণ ভূঞি মান॥
বোলন্ত শঙ্কৰে দেখা মাধৱ প্ৰমাণ॥

[ ১৭২ ]

মাধৱে বোলন্ত হৌক চলি যায়ো তুমি।
আনে বৃষ্টি যদিবা উপায় পাইবো আমি॥২১॥
আৰো কতোক্ষণে পাছে দেখন্ত শঙ্কৰে।
ধান পূৰা সম ভূমি জুৰিল উপৰে॥
বোলন্ত মাধৱে কেন মেঘ দেখিয়োক।
ৰহিবাক লাগি মাত্ৰ ঠাই চাহিয়োক॥২২॥
মাধৱে বোলন্ত মেঘে জুৰিয়া আসয়।
বৰষিবে হেন ইটো জানিলে নিশ্চয়॥
হাসিয়া শঙ্কৰে বোলা বৰষিবে নিকি।
অল্প মেঘে মাধৱ কৰিবে ইটো কি॥২৩॥
মাধৱে বোলন্ত আতা আত চিন্তা কেন।
আনিব তোমাৰ বোলে মেঘে বৰিষণ॥
বিনা মেঘো বোলে যদি তথাপি হৈবেক।
কনিয়াইবে লৈলে মেঘ বোলন্ত এতেক॥২৪॥
কতোহোঁ দূৰত এক নগৰ আছয়।
তৈতে গৈয়া ৰহিবে সমস্ত লৱৰয়॥
মহাবেগে লৱৰন্ত মাধৱ শঙ্কৰ।
আধা ভিজা হুয়া সবে পশিল নগৰ॥২৫॥
আগৰ যতেক অল্প মাত্ৰসে ভিজিল।
মধ্যৰ যতেক আধা ভিজা হুই চাপিল॥
পাছৰ যতেক তাৰা সমুলি ভিজিল।
এক ক্ষত্ৰিয়ৰ গৈয়া ঘৰত সোমাল॥২৬॥

[ ১৭৩ ]

—ক্ষত্ৰিয় পত্নীৰ ভক্তি—

মৰদ নাহিকে ঘৰে স্ত্ৰী গোট আছে।
ঘৰ গোট আজৰাই দিলা তায়ো পাছে॥
সমস্ত চাপিলা সেহি ঘৰৰ ভিতৰ।
স্তিৰি গোটে আছা থিয়ে আৱজি শঙ্কৰ॥২৭॥
তলক নিৰিখি হাতে মালা গছ ধৰি।
ৰামকৃষ্ণ নাম মুখে উচ্চাৰণ কৰি।
ক্ষত্ৰিয়ৰ স্ত্ৰী গোট আগতে আছয়।
থিয় হুয়া শঙ্কৰ দেৱক নিৰীক্ষয়॥২৮॥
মস্তকৰ পৰা তান চৰণ পৰ্য্যন্ত।
পদহন্তে মস্তকক লাগি নিৰীক্ষন্ত॥
এহিমতে পুনু পুনু শঙ্কৰ দেৱক।
দণ্ডচাৰি পাঞ্চ মান চাহি আছিলেক॥২৯॥
সমস্ত লোকৰ মনে আশঙ্কা মিলিল।
শঙ্কবৰ ৰূপ দেখি কামে পৰশিল॥
তাতে সে আনৰ ভিতি চক্ষু ন টলয়।
এক দৃষ্টি কৰি শঙ্কৰক নিৰীক্ষয়॥৩০॥
মদন-মোহন ৰূপ শঙ্কৰ দেৱৰ।
ইটো স্ত্ৰী হাজাৰতো কৰিয়া সুন্দৰ॥
আৰো নগৰীয়া স্ত্ৰী পসাৰী নিশ্চয়।
এহি মতে লোকে মনে পৰামৰিসয়॥৩১॥
দণ্ড ছয় বৰিষি এৰিল বৰিষণ।
শঙ্কৰদেৱৰ চলিবাক ভৈল মন॥

[ ১৭৪ ]

সেহি বেলা স্ত্ৰী গোটে শঙ্কৰদেৱৰ॥
চৰণত ধৰি বোলে বিনয় বিস্তৰ॥৩২॥
কিনে অভাগ্য আজি স্বামীৰ আমাৰ।
আছে পাপ নেদেখিলে চৰণ তোমাৰ॥
যদি আজি ঘৰত আছিল হন্তে স্বামী।
তেবে আজি তোমাক ৰাখিল হন্তে আমি॥৩৩॥
কিন্তু খালি ঘৰ নুহি ৰাখিত উচিত।
নপাইলো পাতকী তযু চৰণ অৰ্চ্চিত॥
গোকুলৰ কানু যিটো তুমি সেহিজন।
মোৰ ভাগ্যে গৃহে আসি ভৈলা উপসন॥৩৪॥
পাঞ্চ টাকা এটুক কাপৰ দিলেক।
চৰণত ধৰি বোলে বিনয় অনেক॥
এহি চৰণত মন ৰহোক আমাৰ।
স্বামীৰ ৰহোক মন চৰণে তোমাৰ॥৩৫॥
এহি মতে আশীৰ্বাদ করিয়োক মোক।
হেন শুনি বিস্ময় ভৈলেক সৰ্ব্বলোক॥
কিনো বিচক্ষণ এইৰ বুদ্ধি বিপৰীত।
কিমতে ঈশ্বৰ বুলি কৰিলে নিশ্চিত॥৩৬॥
এহি বুলি তাইক বাৰম্বাৰ প্ৰশংসিল।
কতো দূৰ লাগি এহি কথাক কহিল॥
দেখা সাধুজন সব থিৰ কৰি মনে৷
শঙ্কৰ দেৱৰ মহিমাক কোনে জানে॥৩৭॥
পৰম অজ্ঞানী স্ত্ৰীয়ো যাৰ সকাশত৷

[ ১৭৫ ]

তেখনে ঈশ্বৰ বুলি জানিলা মনত।
জানি হৰি ভক্তি ইচ্ছা কৰে যিটো লোক।
ডাক ছাড়ি শঙ্কৰ মাধৱ বুলিয়োক॥৩৮॥

পঞ্চত্ৰিৎশ অধ্যায়

—তীৰ্থদৰ্শন—

আত অনন্তৰ শুনা সাধু নৰ
 শঙ্কৰ মাধৱ দুই।
চলন্তে পথত কৃষ্ণ লীলা যত
 সুমৰি আনন্দ হুই॥১॥
প্ৰেমৰ ভৰত সমস্ত লোকত
 কৃষ্ণৰ চৰিত্ৰ কই।
চলন্ত শঙ্কৰ পাইলা অনন্তৰ
 কবীৰৰ থান গই॥২॥

—কবীৰৰ ঠাইত—

স্ত্ৰী এক দেখিল তাহাঙ্ক পুছিল
 কবীৰৰ কোন আছে।
তাসম্বাৰ বাণী শুনি অনুমাণি
 তায়ো বুলিলন্ত পাছে॥৩॥
আৰা সব বিষ্ণু ভকত এতেকে
 কবীৰক পুছিলন্ত।

[ ১৭৬ ]

কবীৰৰ জীৱ নাতিনী আসিয়া (১)
 এহি বুলি কহিলন্ত॥৪॥


(১) কবীৰৰ জন্ম সম্পৰ্কে এটা আখ্যান আছে। সাধু ৰামানন্দৰ ওচৰলৈ এদিন এজন ব্ৰাহ্মণ তেওৰ বিধবা ভনীয়েকৰ সৈতে যায়। সাধুৱে তেওক বিধবা বুলি না জানি, পুত্ৰৱতী হবলৈ আশীৰ্ব্বাদ দিয়ে। সাধুৰ আশীৰ্ব্বাদৰ ফলত, তেও এটি পুত্ৰ লাভ কৰে। জন্মৰ পিছত লৰাটি, কোনেও নজনাকৈ এটা পুখুৰীত, পদুম পাতত ভৰাই উটাই দিয়া হয়। এই সন্তানটিয়েই কবীৰ। ঘটনাক্ৰমে নিৰু নামৰ এজন মুছলমান তাতীয়ে পাই নি ঘৈনীয়েক নিমাৰ হাতত দিয়ে। তেওলোকৰ ঘৰতে কবীৰ ডাঙ্গৰ হৈ কাশীধামত ৰামানন্দৰ শিষ্য হৈ থাকে। তাৰ পৰা ত্ৰিশ বছৰ বয়সত এজন সন্যাসীৰ আশ্ৰত বাস লয়। আৰু তাৰ পৰা ঘূৰি আহোতে উক্ত সন্ন্যাসীৰ লোই নামৰ বিশ বছৰীয় পালিতা কন্যা এজনী লৈ আহে। মছলমানৰ মতে, তেও কবীৰৰ ভাৰ্য্যা আৰু হিন্দু মতে, শিষ্যা আছিল। প্ৰবাদ মতে কবীৰৰ কমাল আৰু কমলী নামে এহাল লৰাছোৱালী আছিল। এওলোক দুয়ো পালিত পুত্ৰকন্যা বুলি বহুতে কয়।

 কমাল উদৰ হৈ কবীৰৰ মতৰ বিৰুদ্ধী হৈ জালালপুৰ নামে ঠাইত দাদুপন্থাৰ প্ৰৱৰ্ত্তক হয়। “ডোবা” বংশ কবীৰকা যব উপজা পুত্ৰ কমাল’

 বিশ বছৰ বয়সত কমালীৰ হৰদেৱ নামে ব্ৰাহ্মণৰ লগত বিবাহ সম্পন্ন হয়। বৰ্ত্তমান চৰিত পুথিত উল্লিখিত কবীৰৰ নাতিনী, কমালীৰ জীয়েক হোৱা সম্ভব।

 ১৩৯৮ খৃষ্টাব্দৰ জেঠমাহত সোমবাৰে কবীৰৰ জন্ম হয় আৰু ১৫১৮ চনত গোৰখপুৰৰ ওচৰত মাগহৰ নামে ঠাইত মৃত্যু হয়। কাশীৰ ৰজা বীৰ*** কাশীত কবীৰৰ স্মৃতি ৰক্ষাৰ্থে এটি সমাধি মঠ সজাই দিয়ে, আৰু *** ৰজা বিজলিখানে মাগহৰত অন্য এটা সমাধি মঠ নিৰ্ম্মাণ কৰে।

[ ১৭৭ ]

তোৰা সব কোন্‌—  —দেশী, কিকাৰণে
 কোন আছে কবীৰৰ।
বুলিয়া পুছিলা  তাৰায়ে কহিলা
 পুছিলোহো দেখিবাৰ॥৫॥
তাঞো বিচক্ষণ তাৰাৰ বচন
 মহা মৃদুতৰ শুনি।
আৰা সব মহা-  -বৈষ্ণব বুলিয়া
 জানিলা মনত গুণি॥ ৬॥

—কবীৰৰ নাতিনীয়েকক অনুগ্ৰহ—


স্বামীৰ শিৰৰ পাগ গছ আনি
 মাটিত পাৰিয়া দিল।
ইহাতে চৰণ মুছিয়োক সবে
 কাৰুণ্য কৰি বুলিল॥ ৭॥


 দ্বিজ ৰামানন্দই শঙ্কৰদেৱ প্ৰমুখ্যে বৈষ্ণব সকলে কবীৰৰ নাতিনীয়েকক লাগ পোৱা কথা লিখিছে। শঙ্কৰদেৱে সশিষ্যে ফল্গুৰ পৰা আহোতে তিন দিনৰ মূৰত বালি নামে এখন নগৰ পায়, আৰু তাৰ পৰা পূব মুৱাকৈ আহি বাটত কবীৰৰ মঠত উপস্থিত হৈ দেখে যে কবীৰৰ নাতিনীয়েকে সূতা লেতিয়াই আছে আৰু মুখেৰে ৰাম নাম লৈ আছে। তাৰ পৰা আহি শঙ্কৰ কৰতোৱা পায়হি।

 ৰামচৰণ ঠাকুৰে শঙ্কৰচৰিতত (৩২২০-৫৬) প্ৰায় একে কথাকে বৰ্ণাইছে। তেও কবীৰৰ নাতিনীয়েকক ‘তোৰচি’, আৰু ‘বালি’ নুবুলি ‘আলি’ বা ‘আনি’ নগৰ বুলিছে। ৩২৬২ পদত কবীৰৰ নাতিনীয়েকৰ নাম নিত্যজটা বুলি লিখা হৈছে। ভূষণ দ্বিজই এই প্ৰসঙ্গ এৰি দিছে।

দৈত্যাৰি ঠাকুৰে কথা অগাপিছা কৰিছে।
[ ১৭৮ ]

আমাৰ খছম দুৰ্ভাগী পৰম।
 তোৰাক নপাইলে লাগ॥
এহি পাগ মাথে  লৈলে পাইবে ধুলা
 মিলিবে তাহাৰো ভাগ॥৮॥
কাৰুণ্য বচন শুনিয়া তাহান
 শঙ্কৰে বোলে চাহিয়া।
প্ৰথমে পাগৰ  উপৰত ভৰি
 ৰাম-ৰাম গুৰু দিয়া॥৯॥
বোলন্ত গুৰুৱে  দিয়ো তোমৰায়ে
 কিয় পাৱ দিবো আমি।
অন্যাঅন্য় কৰি  দুইহন্তো বোলন্ত
 আগে পাৱ দিয়া তুমি॥১০॥
শঙ্কৰে বোলন্ত ৰাম-ৰাম গুৰু
 পাগত পাৱ নেদিল।
সকৰুণ মনে শঙ্কৰে চৰণে
 সিটো পাগ পৰশিল॥ ১১॥
কবীৰ নাতিনী,  গুৱা পান আনি
 তাৰা সকলক দিল।
অনেক সাদৰি আই জানু পাৰি
 প্ৰেম মনে প্ৰণামিল॥ ১২॥
যিমতে পাগৰ ধূলা নপড়য়
 ভাজ কৰি চপাই নিল।
তাৰা সবো তাঙ্ক মধুৰ বচনে

[ ১৭৯ ]

আশ্বাস কৰি চলিল॥ ১৩॥

—গয়া তীৰ্থত—

অনন্তৰে গৈয়া  পাইলা তীৰ্থ গয়া
 সব লোক হৰষিতে।
তীৰ্থৰ যতেক কৰ্ম্ম দান আদি
 আচৰিলা বিধিৱতে॥১৪॥

—বৃন্দাবন যাত্ৰাত মাধৱৰ আপত্তি—

পাছে বৃন্দাবন যাইবে ভৈল মন
 শঙ্কৰ দেৱৰ জানি।
ৰাম-ৰাম গুৰু  ৰামৰায় আদি
 উল্লসিল সবে প্ৰাণী॥ ১৫॥
মনত উৎসুক কৰন্ত কৌতুক
 আমি যাইবো বৃন্দাবন।
আই গোসানীৰ বচন সুমৰি
 মাধৱৰ নাই মন॥ ১৬॥
বোলন্ত শঙ্কৰ মাধৱ তোমাৰ
 উৎসুক নেদেখো মনে।
নিৰন্তৰে লোক  কৰয় কৌতুক
 চলি যাইবে বৃন্দাবনে॥১৭॥
বোলন্ত মাধৱে ন পাৰিবো আতা
 মই যাইবে বৃন্দাবন।
শুনিয়ে যিমত  নেদেখি সিমত
 কুচিত কৰিব মন॥১৮॥

[ ১৮০ ]

কৃষ্ণ লগৰ বিনোদ সকল
 কৃষ্ণৰ লগতে গৈল।
আবে সেহি কেলি  বিনোদ কৌতুক
 তোমাৰ সঙ্গত ভৈল॥ ১৯॥
তোৰা সব যায়ো  বৃন্দাবন চায়ে।
 আমি চলি যাইবো ঘৰ॥
মাধৱৰ বাণী শুনি অনুমাণি
 বুলিলা পাছে শঙ্কৰ॥ ২০॥
মাধৱ চলিয়ো বৃন্দাবন যায়ো
 তথাত ভকত চয়।
আছে তাসস্বাক  দেখি গৈয়া হৌক
 আমাৰো ভাগ্য উদয়॥ ২১॥
তাৰা সব কেনে— মতে প্ৰবৰ্ত্তয়
 তাহাকো গৈয়া দেখিয়ো।
আমি যিটো ধৰ্ম্ম  কহো হুই নুই
 তাহাৰো প্ৰমাণ লৈয়ো॥ ২২॥
শঙ্কৰ দেৱৰ বচন শুনিয়া
 মাধবে পাইলন্ত ছল।
তোমাৰ বাক্যত প্ৰত্যয় ন ভৈল
 সিজিল কাৰ্য্য সকল॥ ২৩॥
আনত শুধিয়া  প্ৰত্যয় কৰোক
  ন যাইবো ন যাইবো আমি॥
তবু চৰণত  বিশ্বাস ৰহোক
 তুমি মোৰ প্ৰভু স্বামী॥ ২৪।

[ ১৮১ ]

চিত্ত মাধৱৰ বুজিয়া শঙ্কৰ
 বোলা যাওঁ বৃন্দাবন।
শুনি ৰামৰায় মাধৱক চাই
 বুলিলা পাছে বচন॥২৫॥
দদাৰ বচন মাধৱ এখন
 কিসক বাধিয় তুমি।
বৃন্দাবন থান। দেখি বিদ্যমান
 আসিয়োক যাওঁ আমি॥২৬॥

—বৃন্দাবন গমন স্থগিত—

মাধৱে বোলন্ত ভাল বুলিলাহা
 বৃন্দাবন থানে যাইবো।
শঙ্কৰৰ বাক্যে সংশয় নুগুছে
 আনত প্ৰত্যয় লৈবো॥২৭॥
মাধৱৰ বাণী ৰামৰায় শুনি
 নপাইলে খুজি উত্তৰ।
ন যাই বৃন্দাবনে   গৃহ যাইবে মনে
 চলিলা ফিৰি শঙ্কৰ॥২৮॥
একদিন এক নগৰে ৰহিলা
 গৃহস্থে নেদয় ঠাই।
কিছু দিয়ো আঙ্ক  তেবে দিবে থান
 শঙ্কৰে দিলা উপায়॥২৯॥
পাছে কিছু পাই  দিলা সিটো ঠাই
 তাতে বহিলন্ত গৈয়া।
গৃহস্থৰ ঘৰে আৰো জনা চাৰি
 আগে আছা তাৰা ৰৈয়া॥৩০॥

[ ১৮২ ]

—ৰূপ সনাতনৰ ভাগিন—

ঢাকিয়া কাপোৰে তাহাৰ ভিতৰে
 তাৰা সব শুতি আছে ।
কৰিয়া ভোজন কৰিলা শয়ন
 শঙ্কৰ দেৱে যে পাছে ॥৩১৷
প্রভাতে চেতন পায়া দুয়ােজন
 শয্যাৰ পৰা উঠিল।
কাপােৰ গুছাই  দুইকো দুয়াে চাই
 আনন্দ দুয়ো লভিলা॥৩২॥
মাতি তাসম্বক  পুছিল কথাক
 শঙ্কৰ দেৱে সাম্প্রত৷
কোন দেশী তােৰা  যাইবে কৈক কোঁৱা
 কহিল তাৰা পাছত ॥৩৩॥
হন্তে বৃন্দাবনে  ৰূপ সনাতনে (১)
 পঠাইলন্ত অমাসাক ।
শঙ্কৰে কি মতে  ভগৱত ধৰ্ম্ম
 প্রবৰ্ত্তান্ত গৈয়া তাক ॥৩৪৷৷
জিজ্ঞাসা কৰিয়ো  পৰিচয় হুয়ো


 ১। (ক) দ্বিজ ৰামানন্দৰ গুৰুচৰিত (২২ অধ্যায়) মতে শঙ্কৰদেৱে ২য় বাৰ তীর্থ যাত্রা কৰি ঘৰলৈ উলটি আহোতে বাটত বালিনগৰ নামে ঠাইত এজন সন্ন্যাসীক লগ পায়। পিছত জানিব পাৰিলে যে তেওঁ ৰূপ গােস্বামীৰ শিষ্য। তেতিয়া শঙ্কৰদেৱৰ ৰূপ সনাতনৰ বিষয়ে জানিবলৈ কৌতুহল হোৱাত—

“সন্ন্যাসী বােলন্ত নাম ৰূপ সনাতন।
বৃন্দাবনে আছিলন্ত জানে সৰ্ব্বজন॥
তানে শিষ্য ৰূপ, মোৰ গুৰু সেহিজন।”

 এই বুলি সন্ন্যাসীয়ে ৰূপ সনাতনৰ সকলো পৰিচয় দিয়ে।

 (খ) ৰামচৰণ ঠাকুৰ শঙ্কৰচৰিত (৩য় খণ্ড) মতে শঙ্কৰদেব ১ম বাৰ [ ১৮৩ ]

 আমাৰ কথা জনায়ো।
শঙ্কৰৰ কথা  আমাৰ আগত,
 আসিয়া তাক কহিয়ো॥৩৫।
হেন কথা শুনি  শঙ্কৰদেৱৰ
 আনন্দৰ নাহি পাৰ।
মহা অনুৰাগে  তাসম্বাৰ লাগে
 কৈলা কথা আপোনাৰ॥৩৬॥
যি মতে পাইলন্ত  ভাগৱত শাস্ত্ৰ
 যেন মতে প্ৰৱৰ্তন্ত।
আদি অন্ত যত  সমস্ত কথাক
 তাসম্বত কহিলন্ত॥৩৭৷
শুনি তাসম্বাৰ  আনন্দ অপাৰ
 ভাল ভৈল বুলিলন্ত।
আমি ৰূপসনা— —তনৰ ভাগিন (২)
 বুলি তেবে কহিলন্ত॥৩৮ (৩)


তীৰ্থ যাত্ৰালৈ যাওঁতেই জগন্নাথৰ পৰা বৃন্দাবনৰ বাটত ৰূপ সনাতনক লগ পাৰ। তেওঁলোক দুয়ো শঙ্কৰক লগ পাই ঘৰ দুৱাৰ এৰি শঙ্কৰদেৱৰ লগত বৃন্দাবনলৈ যায়। ৰূপৰ ভাৰ্য্যাও শঙ্কৰৰ অনুমতি ক্ৰমে লগতে যায়॥

 (গ) ভূষণ দ্বিজৰ গুৰুচৰিত্ৰ (১৪০ পৃঃ) মতে শঙ্কৰদেৱে ২য় বাৰ তীৰ্থলৈ যাওঁতে বাটত আলি নামে নগৰত সন্ন্যাসী এজনৰ লগ পায়। কথাবতৰাত জানিব পাৰিলে যে, তেওঁ ৰূপ সনাতনৰ অনুগামী।

 (২) ৰূপ সনাতন আৰু বল্লভ এই তিনি ভাই, পিতা কুমাৰদেৱ পিতামহ মুকুন্দদেব। কুমাৰদেৱৰ কোনো ছোৱালী আছিল বুলি অইন কোনো ঠাইত উল্লেখ নাই।

 (৩) পুথিত এই পদ নাই। [ ১৮৪ ]

শঙ্কৰে বোলন্ত  ইমত বেশক
 ধৰিলা তোৰা কিসক।
তেবেসে ভ্ৰমিবে  পাৰিয়া বুলিয়া
 তাৰা সবে কহিলেক॥৩৯॥
ৰঙ্গা বস্ত্ৰ দণ্ড কমণ্ডলু দেখি
 লোকেও কৰে সৎকাৰ।
ইমত বেশক নধৰিলে পুনু
 নি মিলে জানা আহাৰ॥৪০॥
এহিসে কাৰণে ইমত বেশক
 আমি সবে ধৰিছয়।
কিন্তু আত পুনু বিশ্বাস নাহিক
 জানিবা আক নিশ্চয়॥৪১॥
পাছে দুইতো দুই  কৰিয়া বিদায়
 দুয়োজন লৰি গৈল।
আৰো কতোদিনে  বৈলা একথানে
 শুনা তৈত যেন ভৈল॥৪২॥

—পোহাৰী বুঢ়ীৰ আঠ আনা—

একেশ্বৰে এক-  -বুঢ়ী আছে তৈত
 পসাৰ খানি দিয়য়।
মাধৱে বেসাতি কিনিবাক গৈলা
 ভেলা তাৰ ভাগ্যোদয়॥৪৩॥
কৈৰ পৰা তোৰা  আসি আছা বাপু
 বুলিয়া বুঢ়ী পুছিলা।

[ ১৮৫ ]

শঙ্কৰদেৱৰ কথা নিৰন্তৰ
 মাধৱে তান্ত কহিলা॥৪৪॥
তৈৰ পৰা চাই শঙ্কৰদেৱক
 আঠু পাৰি প্ৰণমিলা।
ইহাৰে বেসাতি  কিনা আজি বুলি
 আধটকী গোট দিলা॥৪৫॥
মাধৱে ভঙ্গায়া বেসাতি কিনিয়া
 মনত আনন্দে গৈলা
ৰামৰাম গুৰু আদি ভক্ত সবে
 শঙ্কৰদেৱে ভুঞ্জিলা॥৪৬॥
ভোজনৰ অন্তে শঙ্কৰে পুছন্ত
 কড়িখিনি লেখি লোৱা।
ন লাগে আজিৰ  লেখা কৰিবাক
 বেসাতি গৈ আছে পোৱা॥৪৭॥
এক বুঢ়ী শুনি  তোমাঠেৰ কথা
 আধ টকী গোট দিলা।
তাহাকে ভঙ্গায়া  বেসাতি কৰিয়া
 ভোজন আদি কৰিলা॥৪৮॥

—দানত প্ৰতিযোগিতা—

শঙ্কৰে বোলন্ত  কোটি কোটি যজ্ঞ
 কৰিলা বুঢ়ী নিশ্চয়।
এহি শুনি ৰাম- —ৰাম গুৰু আদি।
 ভকত যত আছয়॥৪৯॥

[ ১৮৬ ]

গাৱে গাৱে এক আধটকী কৰি
 প্ৰতি দিনে দিনে দিল।
লেখা কৰিবাৰ নেদেখি শঙ্কৰ
 প্ৰত্যেক দিনে পুছিল॥৫০॥
মাধৱে কহন্ত ভকতে দিয়ন্ত
 শঙ্কৰে পুনু পুছন্ত।
কোন ভক্তে দেন্ত  নাম ধৰি কোৱ
 মাধৱদেৱ কহন্ত॥৫১॥

—শ্ৰেষ্ঠদান—

আজি ৰামৰাম গুৰুৱে দিলন্ত
 কালি ৰামৰায় দিলা।
সি আধটকীক  কেহোঁ সম নুহি
 শঙ্কৰে হাসি বুলিলা॥৫২॥
দেখাদেখি তেসে  দিয়া তুমি সবে
 তেঁ পুনু দিল শ্ৰদ্ধায়।
এতেক তাঁহাৰ সম নুহি পুনু
 বুজিবাহা অভিপ্ৰায়॥৫৩॥
শুনা সাধু নৰ পাপ অৰণ্যৰ
 ইটো কথা হুতাশন।
নাশৈ মন্দ বুদ্ধি  হোৱৈ চিত্ত শুদ্ধি
 মহা পুণ্য সঞ্চয়ন॥৫৪॥
দুৰ্গতি তাৰণ মুকুতি-কাৰণ।
 মহাসুখ বিবৰ্দ্ধন।

[ ১৮৭ ]

গুৰু গুণগণ কথাৰ স্মৰণ
 ভক্তিৰ মূল কাৰণ॥৫৫॥
গুৰুৰ চৰণ কৈলে সুমৰণ
 নাশয় সংসাৰ বন্ধ।
বুলিয়ো সত্বৰ মাধৱ শঙ্কৰ
 লভিবা পৰমানন্দ॥৫৬॥

ষট্‌ত্ৰিংশ অধ্যায়

—পুত্ৰ শোকাতুৰাৰ সন্তাপ নিবাৰণ—

এহি মতে আহি পাইলা বাহিৰ বিলাত।
কিনিবাক চাউল পাতি ন পাইলা তথাত॥
পৰি উপবাস আজি বোলে সবে লোক।
চাউল কিনিবাক নপাই আবে কেন হৌক॥১॥
মাধৱে বোলন্ত হাঁহি কড়ি দিয়া মোক।
মই চাউল আনো জনা চাৰি আসিয়োক॥
এহি বুলি জনা চাৰি লগত লৈলন্ত।
চাউল কিনিবাক লাগি গ্ৰামক গৈলন্ত॥২॥
কান্দে বুঢ়ী একজনী পুত্ৰক লাগিয়া।
খাটিবে পুতেক গৈল বাৰ্ত্তাক নপায়া॥
কিবা ভৈল পুত্ৰ বুলি বিস্তৰ কান্দিল।
শুনিলা অনেক লোক যুদ্ধত মৰিল॥৩॥

[ ১৮৮ ]

সেহি বেলা গৈয়া দেৱ মাধৱ পাইলন্ত।
কিয় কান্দা হৰিৰ জী বুলি পুছিলন্ত॥
তাঞোঁ বোলে বাপু বেটা খাটিবে গৈলেক।
বোলে লোক অনেক যুদ্ধত পৰিলেক॥৪॥
নজানোহোঁ মোহে ৰ ৰাপুৰ কিবা ভৈল।
এহি বুলি বুঢ়ী পুনু কান্দিবাক লৈল॥
মাধৱে বোলন্ত বুঢ়ী ন কান্দিবি তই।
তোৰ পুতেৰক বুঢ়ী দেখি আছো মই॥৫॥
বুঢ়ী বোলে বাপু জানো মিছায়ে কহিলা।
মোহোৰ পুল্ৰক তুমি সঞ্চায়ে দেখিলা॥
চেপেটা মৰদ গোট কলীয়া নিশ্চয়।
বছৰ পঞ্চিশ মান হৈবাক পাৰয়॥৬॥
আগ দান্ত চলা ভাবি গোঁফ নগজয়।
এই পুল্ৰক গুটি তোৰ হোৱয় নোহয়॥
বুঢ়ী বোলে হয় বাপু এছু পুল্ৰক মোৰ।
নিষ্ঠ কৰি কহ বাপু বালাই লঞো তোৰ॥৭॥
মাধৱে বোলন্ত বুঢ়ী চিন্তা নকৰিবি।
অল্পতে আসিব তোৰ পুতে জানিবি॥
নাহিকে মৰণ বুঢ়ী পুতেৰৰ তোৰ।
জানিব বচন বুঢ়ী নিষ্ঠ কৰি মোৰ॥৮॥
হেন শুনি ক্ৰন্দন এড়িল বুঢ়ী বেটী।
তাপ দূৰ ভৈল যেন অমৃতৰ বৃষ্টি॥
এক কাজ বুঢ়ী তুই আমাৰ কৰিয়ো।

[ ১৮৯ ]

চাউল দুই দোণ মান কিনি আনি দিয়ো॥৯॥
বুঢ়ী বোলে চাউল বাপু কিনিবে ন লাগে।
দোণ দুই আড়াই চাউল দিল আনি আগে॥
সেৰ খেন লোণ তেল টেকেলা খানেক।
মুগু ডালি আধ দোণ মানক দিলেক॥১০॥
মাধৱে বোলন্ত দৰ দেহ মঞি দেও কড়ি।
ন লাগয় কড়ি বাপু বুলিলেক বুঢ়ী।
পুল্ৰৰ বাৰ্ত্তাক মোত কহিলাহা তুমি।
তোমাক কি দিবোঁ বাপু নিমাখিতি আমি॥ ১১॥
হেন শুনি সবে সাজ মাধৱে লৈলন্ত।
শঙ্কৰদেৱৰ পাশে সবে ও গৈলন্ত॥
দেখিয়া শঙ্কৰদেৱে হাসি বোলে বাণী।
মাধৱে সকল সাজ ঠেকাইলন্ত আনি॥ ১২॥
কহিলা মাধৱে কথা শঙ্কৰদেৱতে।
চাউল আদি বস্তু সব পাইল যেন মতে॥
শুনিয়া শঙ্কৰে হাসি পাছে তুলিলন্ত।
ৰামৰাম গুৰু আদি সমস্তে হাসন্ত॥ ১৩॥
শঙ্কৰে বোলন্ত মিছা মাধৱে মাতিলা।
ভুৰুকাই সবে সাজ বুঢ়ীৰ আনিলা॥
মাধৱে বোলন্ত আতা মিছা ন মাতিলো।
গুণি চোৱা সবে কথা স্বৰূপ কহিলো॥ ১৪॥
ঈশ্বৰৰ অংশ জীৱ নাইতো মৰণ॥
যাৱে ভক্ত নুহি তাৰে কলীয়া বৰণ॥

[ ১৯০ ]

ব্ৰহ্মাৰ মনুৰ অহ্নি পঁচিশ বৎসৰ।
চেপেটা ভৈলেক ভোগ শুদ্ধ নৰকৰ॥ ১৫॥
আগদান্ত উছলা নৰ শৰীৰ ধৰিল।
ডাৰি গোঁফ নগজে নুহি জ্ঞানশীল॥
কোনো বা জনমে লাগ পায়া আছো তাক।
কোনখানি মই কহিলাহো মিছা বাক॥ ১৬॥
মৰে মহা তাপত পুল্ৰৰ শোকে পুৰি।
তাপ দূৰ ভৈল সুস্থ-মন ভেল বুঢ়ী॥
ভক্তে সমে তোমৰা ভুঞ্জিবা মুঠি এক।
এতেকতে সুবাসনা লগ ধৰিবাক॥ ১৭॥
সকল প্ৰকাৰে তাইৰ হিতকে চিন্তিলো।
কেন মতে মই মিছা বোলন্ত মাতিলো॥
ভাল ভাল বুলিয়া শঙ্কৰে প্ৰশংসিলা।
সমস্ত ভকত সবে ভোজন কৰিলা॥ ১৮॥
ৰজনী প্ৰভাত জানি পাছে লৰি গৈল।
শুনা আৰো এক দিনা যেন কথা ভৈল॥
চিলাৰায় দেৱানৰ বিলাত পাইলন্ত।
নদী তীৰে বাথান থানত ৰহিলন্ত॥ ১৯॥

সপ্তত্ৰিংশ অধ্যায়

—তীৰ্থৰ পৰা প্ৰত্যাগমন—

ঝুমুৰি


সিয়োদিনা সেহিমত, | চাউল আদি বস্তু যত॥
কিনিবাক নপাৱন্ত, বহি সবে আলোচন্ত॥১॥

[ ১৯১ ]
  চাউল বস্তু নাহি পাৱে৷
মাধৱক চাহিলন্ত,   শঙ্কৰদেৱে বুলিলন্ত॥২॥
মাধৱ চলিয়ো তুমি,   উপবাসে ৰৈলো আমি।
আজি যেন তেন মতে,   ভোজন কৰোৱা পথে॥ ৩॥

-খোৱা বস্তু সংগ্ৰহত চতুৰালি-

মাধৱে বোলন্ত যাইবো,   এখনে সকলো পাইবো
তযু পদ প্ৰসাদত,   কি দুৰ্ল্লভ সংসাৰত॥৪॥
জন চাৰি লগে লৈল,   ৰঙ্গ মনে চলি গৈল॥
মনত আলোচি যান্ত,   যেনে তেনে বুলিলন্ত॥ ৫॥
আজি এক বুদ্ধি কৰো,   ঠাকুৰিয়াক গৈয়া ধৰো।
এহি বুলি যান্ত ধাই,   একজন পথে পাই॥৬॥
ইখন কাহাৰ গ্ৰাম,   ঠাকুৰিয়াৰ কিবা নাম।
এহি বুলি পুছিলন্ত,   সিও সবে কহিলন্ত॥ ৭॥
লগে যেতি জন যান্ত,   পথত শিখায়া নেন্ত।
দাপিবো দুপিবো আমি,   কিছু নুবুলিবা তুমি॥৮॥
এহি বুলি চলি যাই,   একজন লাগ পাই॥
বোলা আৰে শোনা দে,   ঠাকুৰিয়াক দেখাই দে॥৯॥
সিয়ো তাসম্বাক নিল,   ঠাকুৰিয়াক দেখাই দিল।
ঠাকুৰিয়াক দেখি আগে,   মাতিবে লাগিল ৰাগে॥১০॥
বান্ধ বান্ধ কৰা চাই,   শুনি মাত বোল নাই॥
কৰে কাউবাউ আতি,   কহিলন্ত কথা মাতি॥১১॥
দেৱানৰ শ্বশুৰ দুই, (১)   আছন্ত পথত ৰই॥
[ ১৯২ ]

নাহি তান বাসা ঘৰ,
শুনি ঠাকুৰিয়া গই,
ডাক দি লােকক নিল,
যােগাইলেক সিধা পাতি,
মাধৱক চাহিলন্ত,
আজি মাধৱ কি কৰিলা,
শুনি সবে হাসিলন্ত,
সুখে তৈতে আছিলন্ত,
সুমৰিয়া ৰাম হৰি,

   

সিধা পাতি জোত কৰ ॥১২॥
ভুঞ্জা পাতি সাজি লই।
বাসা ঘৰ সাজি দিল ॥১৩৷৷
দিলন্ত বিদায় মাতি॥
শঙ্কৰে হাসি বুলিলন্ত ॥১৪॥
মাধৱে সমস্ত কৈলা॥
ভােজনক কৰিলন্ত ॥১৫॥
প্রভাততে লড়িলন্ত৷৷
যান্ত মহা ৰঙ্গ কৰি ॥১৬৷৷

—বৰপেটালৈ পুনৰাগমন—

পাছে বৰপেটা থান,
দেখি আই গােসানীৰ,
নমস্কাৰ কৰি যাই,
তযু আশীর্ব্বাদে গই,
বােলা আই মাধৱক,
পাপৰ ভাণ্ডাৰ পোড়া,

   

আসি পাইলা বিদ্যমান॥
তেবে মন ভৈলা থিৰ ॥১৭৷৷
মাধৱে বােলন্ত আই
আসিলাে আতাক লই ॥১৮৷৷
সুখে বাপু থাকিয়োক।
শঙ্কৰ মাধৱ বােলা॥১৯৷৷

অষ্টত্রিংশ অধ্যায়

—ব্যাসকলাই বিপ্রৰ দুৰৱস্থা—

গৃহক শঙ্কৰদেৱ আসিলন্ত যেবে ।
সকল লােকৰ ৰঙ্গ-মন ভৈল তেবে৷৷
ভকত সবৰ মহা আনন্দ মনত।
কহন্ত শঙ্কৰদেৱে কৃষ্ণ কথা কত ॥১॥

[ ১৯৩ ]

সাক্ষাতে অমৃত যেন বৰিষে সদায়।
শুনি ভক্ত সব আনন্দে পাৰ নায়॥
আৰো এক কথা কহাে তাক শুনিয়ােক।
যেখন আসাম ৰাজ্য হন্তে আসিলেক ॥২॥

—পুত্রশােক—

ব্যাসকলাই বিপ্র লগতে আসয় ।
নপৰা পৰিল এক তাহান তনয়॥
নানান ঔষধ দিল তথাপি মৰিল।
আৰো এক পুত্র পথে নপৰা পৰিল॥৩॥
তাকে নানা বহুবিধ ঔষধ দিলেক।
নপাইল সকাশ সিটো পুত্ৰ মৰিলেক॥
এহিমতে তিনি পুত্র তাহান মৰিল।
তিনিয়াে পুত্ৰৰ লাগি সন্তাপ কৰিল ॥৪৷৷
পাছে আসি পাইলা যেবে কামৰূপ থান।
নপৰা পৰিল আৰো একপুত্র তান॥
সবে ইষ্ট কুটুম্বে আলচ কৰিলেক।
চাপৰাত গৈয়া বৰ দেৱ পূজিবেক ॥৫॥

—শিৱপূজা—

এহি কথা বিয়াস কলাইত কহিলেক।
দিলে অনুমতি মহেশক পূজিবেক॥ (১)


 (১) ৰামৰেণ ঠাকুৰৰ শঙ্কৰ চৰিতত ব্যাসকলায়ে দূর্গাপূজা কৰা কথা

আছে। [ ১৯৪ ]

পাছে তাৰ বন্ধুগণে চাপৰাক গই।
মহেশ্বৰ মূৰ্ত্তিক পূজিল শুদ্ধ হুই॥৬॥
পুত্ৰক জীবাৰ হেতু হৰক পূজিল।
তথাপিতো সিটো পুত্ৰ তাহান মৰিল॥
কতোদিন অনন্তৰে বিয়াস কলাই।
শঙ্কৰদেৱৰ থানে গৈলেক দুনাই॥৭॥

 —ব্যাসকলাইক ত্যাগ—

বিয়াসকলাই আসে দেখিয়া শঙ্কৰ।
মহাপাপী বুলি মুখ কৰিল পাঞ্জৰ॥
সংসাৰত নাহি পাপী ইহাক উপাম।
দেখিলে ইহাক বুলিবেক ৰাম॥৮॥
নেদিলন্ত ঠাই জানি বিয়াসকলাই।
পাছে সিটো চলি গৈল ৰামৰায়ৰ ঠাই॥
বোলে ষাঠি টকা দিবো ৰামৰায় তোক।
আতাক বুলিয়া মোক ঠাই দিয়ায়োক॥৯॥
শুনি ৰামৰায় শঙ্কৰৰ পাশে যাই।
বোলে দদা বিয়াস-কলাইক দিয়া ঠাই॥
ষাঠি টকা দিবে খোজে শুনিয়া শঙ্কৰ।
খঙ্গি ৰামৰায়ক যে দিলন্ত উত্তৰ॥১০॥

 —ৰামৰায়ৰ প্ৰতি ক্ৰোধ—

দূৰ গুছ পাপিষ্ট বোলস আসি আকো।
বুজিলোহোঁ ভেটি কিছু সহিলেক তোকো॥
কৃষ্ণক ভজিয়া আন দেৱক পূজয়।

[ ১৯৫ ]

আছো তাক মাতিবে চাহিবে নলাগয়॥১১॥
হেন পাতকীক তই কৰিলি আলাপ।
এতেক সিজিল তোত মহা ঘোৰ পাপ॥
এহি মতে ৰামৰায়ক বৰ খঙ্গিলন্ত।
ডৰে ৰামৰায় তৰতৰিয়া কাম্পন্ত॥১২॥
আন আৰ একো মাতিবাক ন পাৰিল।
মাসেকো শঙ্কৰদেৱে তাঙ্ক নমাতিল॥
এক মাস ৰামৰায় খঙ্গতে আছিল।
বসিবাক ভকতৰ সঙ্গতো নেদিল॥১৩॥
বুলিলা ভকত সবে অন্তৰে মাসেক।
মৰষিয়ো দোষ ৰামৰায়ৰ যতেক॥
একমাস দুঃখ ভুঞ্জি আছন্ত মনত।
দিয়া ঠাই ইহাঙ্ক মৰষি দোষ যত॥১৪॥
শুনিয়া শঙ্কৰদেৱ বুলিলন্ত বাক।
বিয়াস-কলাইৰ সঙ্গী জানিবা ইহাক॥
চাইবে যোগ্য নুহি ইটো আছো দিব ঠাই।
শঙ্কৰদেবক ভক্তে বুলিলা দুনাই॥১৫॥
আগ পাছ নুগুণিয়া হঠাতে বুলিল।
খঙ্গিবাক দেখি পাছ মনত গুণিল॥
কৰি কাবৌ কাতৰ মাগয় দোষ চয়।
এতেকে ইহান দোষ ক্ষমিব লাগয়॥১৬॥

 —ৰামৰামক ক্ষমা—

শুনি দেৱ শঙ্কৰে বুলিলা পাছে বাক।
বিয়াস কলাইৰ টকা সহিছে আমাক॥

[ ১৯৬ ]

সেই ষাঠি টকা দুনা কৰি দেই যেবে।
দিবো ৰামৰায়ক ঠাই জানিবাহাঁ তেবে॥১৭॥
শুনি ৰামাৰায় কৌতুকৰ নাহি অন্ত।
দুনা কৰি ষাঠি টকা তেখনে দিলন্ত॥
শঙ্কৰদেৱক নমস্কাৰ কৰিলন্ত।
আনন্দিত মনে ৰাম-ৰায় ৰহিলন্ত॥১৮॥
ৰামৰম গুৰুক শঙ্কৰদেৱে পাছে।
দিলা দুই টকা আনো যত ভক্ত আছে।
কাকো এক আধ কৰি সমস্তকে দিলা।
পাঞ্চগুটি টকা তাৰ আপুনি ৰাখিলা॥১৯॥

—ব্যাসকলাইৰ জগন্নাথ যাত্ৰা—

কৰিলা কীৰ্ত্তন আজি টক'ক ভঙ্গাই।
সাতোদিন অহোৰাত্ৰ পৰিচ্ছেদ নাই॥
বিয়াস কলাই ঠাই নপাই শঙ্কৰত।
জগন্নাথ ক্ষেত্ৰ গৈলা আনন্দে মনত॥২০॥
তিনি প্ৰহৰৰ পথ আছয় পাইবাক।
কৰিলেক মানা আসিয়া পাণ্ডা তাক॥
বোলে অৰে পৰা তই নপাৰ যাইবাক।
জগন্নাথে মানা কৰি আছন্ত তোমাক॥২১॥

—ৰুষ্ট জগন্নাথ—

সিটো জগন্নাথৰ আজ্ঞাক ভাঙ্গি গৈল।
শুনিয়োক পাছে তৈত যেন কথা ভৈল॥

[ ১৯৭ ]

ভিতৰক যাইতে জগন্নাথ দেখিবাৰ।
একো নেদেখয় দেখে ঘোৰ অন্ধকাৰ॥২২॥
বাজই আসন্তে সিটো সমস্তে দেখয়।
জগন্নাথ দৰ্শনক নপাই দুৰাশয়।
বোলে ব্ৰহ্মবধ দিয়া জগন্নাথত।
মৰিবো শুনিয়া জগন্নাথে হেন মত॥২৩॥
পাণ্ডাৰ আগত পাছে কহিলা বচন।
কিসক আমাত বধ দেই অকাৰণ॥
মোক এৰি যাহাক পূজিল দূৰাশয়।
মোত নাই বধ, বধ তাহাতে লাগায়॥২৪॥

—ব্যাসকলাইৰ মৃত্যু—

বিয়াসকলাইত পাণ্ডা কহিল এতেক।
শুনি কান্দি সিটো তৈতে ৰহিলেক॥
কতদিন আছি পুনু গৃহক চলিল।
তিনদিন পথ আসি তহিতে মৰিল॥২৫॥
যিপথে মৰিল জানা বিয়াস কলাই।
সিপথে আজিও জানা যাতিৰী নযায়।
জগন্নাথে মানা কৰিলন্ত সমস্তত।
মোৰ থানে ইপথে নাসিব লোক যত॥২৬॥

—পৰিণতি—

তাৰ পৰা সিপিথে ন যায় একো নৰ।
নাহি আৰ মহাপাপী আন আত পৰ॥

[ ১৯৮ ]

হৰিক ভজিয়া আন দেৱক পূজয়।
বিয়াসকলাইতে লৈবা ইহাৰ নিৰ্ণয়॥২৭॥
আপুনি পূজি মনে অনুমতি দিল।
বিয়াস কলাইৰ কেন অবস্থা মিলিল॥২৮৷ (১)


 (১) অইন কোনো চৰিতলিখককে ব্যাসকলাইৰ ইমান দুৰৱস্থাৰ কথা লিখা নাই।

 ব্যাসকলাইৰ বিসঙ্গতি সম্পৰ্কে দ্বিজ ৰামানন্দই লিখিছে যে, ব্যাসকলাইৱ হৃদয়ানন্দ নামে এটি লৰা শঙ্কৰদেবৰ ভক্ত হৈ আছিল। তেওঁৰ সুললিত গীত মাত আদিয়ে শঙ্কৰদেৱক সন্তোষিত কৰিছিল। দৈব দুৰ্বিপাকত হৃদয়ানন্দৰ শৰীৰত বৰ খহুৱে ( বসন্ত) দেখা দিলে। কোন প্ৰকাৰে তেওঁ আৰোগ্য নোহোৱা দেখি, এজন ব্ৰাহ্মণৰ পৰামৰ্শ মতে, বগা ছাগলি বলি দি কামাখ্যা পূজা কৰিবলৈ মন কৰে। তাকে শুনি শঙ্কৰে ৰামৰায়ক পঠিয়াই সেই কাৰ্য্য ন কৰিবলৈ কয়। কিন্তু ব্যাসকলায়ে শঙ্কৰদেৱৰ উপদেশ নামানি, বলি দি দুৰ্গাপূজা কৰে। কিন্তু ইমানতো, তেওঁৰ পুতেকৰ প্ৰাণ ৰক্ষা নপৰিল—দুদিনৰ পিছত হৃদয়ানন্দৰ মৃত্যু হয়। দুগাপূজা কৰাৰ শাস্তি স্বৰূপে, শঙ্কৰদেৱে, তেওঁক বহিস্কাৰ কৰিলে। ব্যাসকলায়ে দোষ মাৰ্জনাৰ অৰ্থে ৰাম ৰায়ৰ হাতত দুকুৰি টকা দিলে কিন্তু তাৰ পৰাও শঙ্কৰদেৱে তেওঁক সম্বৰণ নকৰিলে। মনৰ বেজাৰত অৱশেষত ব্যাসকলাই জগন্নাথলৈ গল। কিন্তু জগন্নাথৰ দ্বাৰা স্বপ্নাদিষ্ট হৈ পাণ্ডাবিলাকে ব্যাসকলাইক সোমাবলৈ নিদিলে। শেষত ব্যাসকলায়ে নগৰৰ পৰাত কিছুদিন থকাৰ পিছত প্ৰাণ এৰে। প্ৰবাদ আছে যে কাউৰী শগুণ আদিয়েও ঈশ্বৰৰ ভকত নহয় বুলি জানি, তেওঁৰ শৱটো

নাখালে।
[ ১৯৯ ]

ঊনচত্বাৰিংশ অধ্যায়

—ৰত্নাৱলী গ্ৰন্থ প্ৰাপ্তি—

ইসব প্ৰসঙ্গ এহি মানে আবে থওঁ॥
তাৰ পাছে যেন ভৈল শুনা তাক কওঁ॥১॥
নামে কণ্ঠভূষণ ব্ৰাহ্মণ একজন।
মাগুৰীত থাকন্ত পৰম শুদ্ধ মন॥
বাৰম্বাৰ শঙ্কৰৰ থানক আসন্ত।
মাস দিন মানে মহা আনন্দে থাকন্ত॥২॥
ৰামৰাম গুৰুৰ জমাই তেন্তে হোন্ত।
শাস্ত্ৰত পণ্ডিত শান্ত সদাচাৰ সন্ত॥
শঙ্কৰ সহিতে কৃষ্ণ কথাক চৰ্চ্চিয়া।
মহাসুখে থাকা প্ৰেমানন্দত মজিয়া॥৩॥
গুৰু নৰনাৰায়ণ ৰাজাৰ হোৱন্ত। (১)
যেতিক্ষণে বেহাৰক আসন্ত যাৱন্ত॥
টেঙ্গা জৰা গুৱাপান বাৰী হন্তে লই।
শঙ্কৰদেৱক প্ৰতিবাৰে দিয়া গই॥৪॥
দুইচাৰি দিন মান ৰহি থাকা তথা।
আত অনন্তৰে আৰো শুনা পাছ কথা॥
এক বাৰ বাৰাণসী হন্তে আসিলন্ত॥
শঙ্কৰদেৱৰ গৈয়া স্থানে ৰহিলন্ত॥৫॥


 (১) কণ্ঠভূষণৰ ঘৰ মাগুৰি গ্ৰামত; ৰাম-ৰাম গুৰুৰ জোৱাঁই; নৰ-

নাৰায়ণৰ সভাৰ ৰাজগুৰু ( ভূষণ দ্বিজ-৭৪৫) দৈত্যাৰি ৬৪ অধ্যায়। [ ২০০ ]

দিন দশ মান বহি আছিলা তহিতি।
শঙ্কৰ মাধৱ সমে পৰম পীৰিতি॥
ৰত্নাৱলী গ্ৰন্থ বাৰাণসী হন্তে আনি।
শঙ্কৰদেৱক দিয়া বুলিলন্ত ৰাণী॥৬॥
বিষ্ণুপুৰী নামে এক সন্ন্যাসী আছিল। (২)


 (২) বিষ্ণুপুৰী :-ৰামচৰণ-ঠাকুৰে ( শঙ্কৰচৰিত ৩২৯২—৩৩০৬ পদ) লিখিছে—বিষ্ণুপুৰীয়ে প্ৰথম জীবনত স্ত্ৰীক এৰি নৱগুণ পুৰি পেলাই সন্ন্যাসী হৈ যায়, কিন্তু পিচত সংযম ৰক্ষা কৰা টান পাই আকৌ ঘৰলৈ গৈ স্ত্ৰীৰ লগত সহবাস কৰিবলৈ বিচৰাত ঘৈনীয়ে তেওঁক ভৰ্ৎসনা কৰে। মনৰ দুঃখত সন্ন্যাসীয়ে জুইত পৰি প্ৰাণ ত্যাগ কৰিবলৈ যাওঁতে শ্ৰীকৃষ্ণই তেওঁৰ আগত প্ৰকটিত হৈ আত্মহত্যা কৰিবলৈ হাক দিয়ে আৰু ভাগৱত শাস্ত্ৰ অভ্যাস কৰি কাম-ক্ৰোধ-লোভ-মোহৰ হাত সাৰিবলৈ উপদেশ দিয়ে। তেতিয়াৰ পৰা বিষ্ণুপুৰীয়ে ভাগৱত চৰ্চ্চা কৰিবলৈ ধৰে।

 শ্ৰীশ্ৰীভক্তমাল গ্ৰন্থমতে ( ১৮৪ পিঠি) বিষ্ণুপুৰী কাশীত বাস কৰিছিল আৰু ভাগৱত সমুদ্ৰ মন্থনকৰি ভক্তিৰত্ন সমূহ একে ঠাই কৰি ভক্তিৰত্নমালা ৰচনা কৰে। জগন্নাথ ক্ষেত্ৰলৈ কেতিয়াও না যায় দেখি জগন্নাথে ভক্তৰ যোগে দি তেওঁক মাতি পঠালে আৰু নিজৰ ডিঙ্গিৰ পৰা ফুলৰ হাৰ দি পঠালে। বিষ্ণুপুৰীয়ে উত্তৰ কৰিলে—গয়া-কাশী-মথুৰা আদি তীৰ্থ ঠাইলৈ গৈ কি হব, মই নাম ৰত্নমালা সদাই পিন্ধি আছো। জগন্নাথক দেখিলে নো কি। হব তেওঁৰ ভৰি দুখন পৰ্য্যন্ত ব্ৰজবাসীৰ ওচৰত বন্ধা আছে। যি হক্ যেতিয়া মাতিছে, তেওঁৰ অক্ষয় ৰূপ ৰাশি এবাৰ চাবলৈ যাম। জগন্নাথ ক্ষেত্ৰলৈ গৈ তেওঁ নিজ ৰচিত ৰত্নাৱলী গ্ৰন্থ জগন্নাথ চৰণত দি সেৱা কৰে।

 মধ্বাচাৰ্য্য (১১৬০—১২১৬ শক) দ্বৈতবাদ প্ৰৱৰ্ত্তক। মধ্বাচাৰ্য্যি সম্প্ৰদায়ৰ গুৰুপৰম্পৰা মতে মধ্বাচাৰ্য্য-পদ্মনাভ—নৰহৰি-দ্বিজমাধব-- অক্ষোভ্য-জয়তীৰ্থ-জ্ঞানসিন্ধু—মহানিধি-বিদ্যানিধি-ৰাজেন্দ্ৰ-পয়ধৰ্ম্ম

--বিষ্ণুপুৰী। [ ২০১ ]

ইটো গ্ৰন্থখান বাপু তেঁহে বিৰচিল॥ (৩)
বাৰাণসী হন্তে কিনি (৪) আনিলোহোঁ আমি।
ভাল হুই নুই বাপু চাহিয়োক তুমি॥৭॥
শুনিয়া শঙ্কৰদেৱে হেলা কৰিলন্ত।



(৩) ৰত্নাৱলী—বিষ্ণুপুৰীয়ে ৰত্নাৱলীৰ লগত কান্তিমালা বুলি আন এখন

গ্ৰন্থ ৰচনা কৰিছিল।

 গ্ৰন্থ ৰচনাৰ তাৰিখ :—

“মহাযজ্ঞ শৰ ঘ্ৰাণ শশাঙ্ক গুণিতে শাকে।
ফাল্গুণে কৃষ্ণ পক্ষস্য দ্বিতীয়ায়ং সুমঙ্গলে॥
বাৰাণস্যাং মহেশস্য সান্নিধ্যে হৰিমন্দিৰে।
ভক্তিৰত্নাৱলী সিদ্ধ সহিতা কান্তি-মালয়া॥”

১২৫৫ শক বা ১৩৩৪ খৃষ্টাব্দ।

 (৪) ৰামচৰণঠাকুৰৰ মতে ( ৩৫১৭—৩০ ) বিষ্ণুপুৰীৰ শিষ্য ব্ৰহ্মানন্দই গুৰুৰ লিখিত ভবিষ্যদ্বাণী অনুসৰি বকাৰদি দেশজাত শকাৰাদি নামৰ শূদ্ৰকুলজাত শ্ৰীহৰিৰ অৱতাৰ শঙ্কৰদেৱলৈ ৰত্নাৱলী গ্ৰন্থখন কণ্ঠভূষণৰ হাতত দি পঠায়। ভূষণ দ্বিজৰ মতে (৫৮--২৫৯৬ পদ) ব্ৰহ্মানন্দই কামৰূপৰ ভাগৱত প্ৰচাৰক মহাপুৰুষলৈ ভক্তিৰ চিন স্বৰূপ ৰত্নাৱলী গ্ৰন্থখন পঠাই দিয়ে। দ্বিজ ৰামানন্দৰ মতে (২৭ অধ্যায়) বিষ্ণুপুৰী সম্প্ৰদায়ৰ শিষ্য ৰামভট্ট পণ্ডিতে কামৰূপ দেশত প্ৰচাৰৰ কাৰণে ৰত্নাৱলী গ্ৰন্থখন শঙ্কৰদেৱলৈ পঠাই দিয়ে। দৈত্যাৰি ঠাকুৰে কয় কণ্ঠভূষণে কাশীৰ পৰা গ্ৰন্থখন কিনি আনিছিল।

 আই কনকলতা চৰিত্ৰ (৫৪ পিঠ) ত বিষ্ণুপুৰীৰ অইন ৰকম পৰিচয় দিয়া হৈছে—শঙ্কৰাচাৰ্য্য শ্ৰীধৰস্বামী-ভাস্কৰাচাৰ্য্য—নৃসিংহ— পৰমানন্দ—ৰত্নভাৰতী --মহাভাৰতী—পুৰুষোত্তম—বিষ্ণুপুৰী—ব্ৰহ্মানন্দ জগদীশ মিশ্ৰ।

—শ্ৰীশ্ৰীভক্তমালগ্ৰন্থত (১৭২—৭৪ পিঠি) লিখা হৈছে পৰমানন্দপুৰীৰ শিষ্য নৃসিংহ আৰু নৃসিংহৰ শিষ্য শ্ৰীধৰস্বামী। তেওঁ—শাঙ্কৰ বিৰুদ্ধ গৌণ লক্ষণাব্যাখ্যান। দূৰিয়া স্থাপিলা শুদ্ধমত বিলক্ষণ’ )। শ্ৰীধৰ স্বামীৰ পুত্ৰ

প্ৰখ্যাত কবি ভট্টি।
[ ২০২ ]

সন্ন্যাসীৰ কৃত জ্ঞান-কৰ্ম্ম কহিলন্ত।
কিবা কাম ইহাত বা আছয় আমাৰ।
পুনু কণ্ঠভূষণে বোলন্ত বাৰম্বাৰ॥৮॥
তোমৰা চাহন্তে ভাল বোলন্ত জানিলো॥
তেবে ভাল, নুহি আক আনিয়ো নানিলো॥
তান হাত এড়াইবাক শঙ্কৰে নপাই।
লভিলা হৰিষ সিটো গ্ৰন্থখান পাই॥
বোলন্ত গোটেক দিব্য পুৰুষ সুন্দৰ।
শিৰগোটা নাহি যেন আছে কলেৱৰ॥
ইটো গ্ৰন্থখান জানিবাহা সেহি প্ৰায়।
আন ভাল সকলে শৰণ গোটা নায়॥১০॥
যদি এক শৰণ ৰাখিয়া থাকে জান।
জগততো নাহি ইটো গ্ৰন্থক সমান॥
আছয় শৰণ কণ্ঠভূষণে পাইছন্ত।
এহি হেতু মাধৱে যে চাহিয়া বোলন্ত॥১১॥
সমস্তৰে শেষত শৰণ বান্ধিছন্ত।
পাছে এক শৰণ শঙ্কৰে দেখিলন্ত॥
কিনো মহা দিব্য গ্ৰন্থ মানিয়া মনত॥
উঠিলন্ত গ্ৰন্থখান ধৰিয়া শিৰত॥১২॥
নাচন্ত হৰিষে আতি মনে মহা ৰঙ্গ।
বোলন্ত জানিবা বিষ্ণুপুৰী মোৰ সঙ্গ॥
দেখি কণ্ঠভূষণ পৰম ৰঙ্গ ভৈলা।
ৰত্নাৱলী গ্ৰন্থ থৈয়া গৃহে চলি গৈলা॥১৩॥

[ ২০৩ ]

ঝুনা


ও হৰি এহে নমো, নমো নাৰায়ণ
জগত কাৰণ মাধৱ মুকুন্দ ৰাম॥১৪॥

চত্বাৰিংশ অধ্যায়

—ব্ৰাহ্মণৰ বিদ্বেষ—

শুনিয়োক সাধূসব নিৰন্তৰ।
ভৈলেক যেন আত অনন্তৰ॥
শঙ্কৰদেৱক বিদ্বেষ মনে।
একত্ৰ হুয়া সবে বিপ্ৰগণে॥১॥

—ব্ৰাহ্মণৰ নিন্দাসূচক কবিতা—

আলোচ কৰি একমত ভৈল।
ভক্তক বিতণ্ডা কৰিবে লৈল॥
বেোলন্ত উপালম্ভ নানা মত
বিগুতে কি বোলন্ত ভকত॥২॥
শঙ্কৰদেৱক অসহ মনে৷
কৰিল কবিতা ব্ৰাহ্মণগণে॥
অজাতি সুৰীৰো ঘৰত মিলয়
সুপক্ক দশ নৈয়া কল গিলয়॥৩॥
একাদশী দিনা ভুঞ্জয় ভাত।
মূৰত নলয়ৈ তুলসী পাত॥

[ ২০৪ ]

গুপুত কৰিয়া ধৰ্ম্ম কৰ্ম্মক।
পাষণ্ড কৰিলে সবে লোকক॥৪॥
নষ্ট কৰিলেক সবে জগত।
বুলিল কতো আনো নানা মত॥
ততেক আৰো আত নুতুলিলো।
বিস্তৰ পদ ভয়ে সংহৰিলো॥৫॥

-শঙ্কৰদেৱৰ প্ৰত্যুত্তৰ-

শঙ্কৰদেৱত কহে ভকতে।
ব্ৰাহ্মণে কৰিলে কবিতা যতে॥
শুনিয়া শঙ্কৰদেৱে ক্ৰোধিল।
ব্ৰাহ্মণ সবৰো কবিতা কৰিল॥৬॥
নানান শাস্ত্ৰৰো তত্ব উদ্ধাৰি।
বিবাদ খণ্ডিবে যেবে নপাৰি॥
ব্ৰাহ্মণ সব ছুইবে যোগ্য নয়।
দেখাইলা কৰিয়া কবিতা চয়॥৭॥

—মাধৱদেৱৰ স্থিৰবুদ্ধি-

পাছত মাধৱদেৱে দেখিলা।
শঙ্কৰদেৱক নমি বুলিলা॥
ব্ৰাহ্মণে বোলোক ষি লাগয়৷
আমাৰ বুলিবে যোগ্য নোহয়॥
আপুনি তোমৰা জানিয়া সবে।
কিসক বিস্মৰণ ভৈলা এবে॥

[ ২০৫ ]

শুনিয়া শঙ্কৰ হৰিষ ভৈলা।
মাধৱদেৱক বুলিবে লৈলা॥৯॥
মাধৱ সাধু সাধু ভযু মত।
ব্ৰাহ্মণ কবিৰ কবিতা যত॥
কৰিছিলা সবে তাক গুছাইলা।
শঙ্কৰে পাছে মনে গুণি পাইলা॥১০॥

—পাষণ্ড মৰ্দ্দন ঘোষ।—

কৰিলা পাষণ্ড মৰ্দ্দন নাম।
কীৰ্ত্তন ঘোষা আতি অনুপাম॥
আগম পুৰাণ সংহিতা যত।
সহস্ৰ নাম গীতা ভাগৱত॥১১॥
সমস্ত শাস্ত্ৰৰ তত্ত্ব উদ্ধাৰি।
বুলিলা অভক্তক নিন্দা কৰি।
হৰি নাম এৰি মুকুতি চাই।
মিছাত পণ্ডিত ফুৰে বোলায়॥১২॥
বিষ্ণু, বৈষ্ণৱক নিন্দে যি নৰ॥
কিসক পঢ়য় শাস্ত্ৰ পামৰ॥
ভকতক দ্বেষ কৰে সম্প্ৰতি।
আপুনি পাপী যাইব অধোগতি॥১৩॥

—গ্ৰন্থকাৰৰ নিবেদন—

শুন সাধুজন কৰযোৰে বোলো বাক।
আগ পাছ দোষ ক্ষমা কৰিবা আমাক॥

[ ২০৬ ]

যদি কিছু লবে আত নুদুষিবা মোক।
নানান প্ৰকাৰে জানা চৰ্চ্চে সাধুলোক॥১৪॥
মহন্তৰ মুখে আমি শুনিছো যিমতে।
ন ধৰিবা দোষ আমি– লিখিলো সি মত॥
যদি কিছু কথা ৰহে আতো নু দুষিবা।
ভাল মতে তোৰ শধে আপুনি চৰ্চ্চিবা॥২৫॥
কতো মহাজন সবে বুলিলন্ত মোক।
দুয়ো মহা পুৰুষৰ কথা লিখিয়োক॥
কোনো মহাজনে বোলে মনৰ আনন্দে।
পঢ়িবাক ভাল হোক লিখা পদবন্ধে॥১৬॥
তাসম্বাৰ বাক্য পালি পদ বন্ধ কৰো।
আত দোষ ন ধৰিকা কৰষোৰ কৰো।
আপোনাৰ হিত চিন্তি সাধু নিৰন্তৰ।
ঘনে ঘনে ডাকি বোলা মাধৱ শঙ্কৰ॥১৭॥

একচত্বাৰিংশ অধ্যায়

—ৰাজ-ৰোষ—

শুনা সাধুজন  থিৰ কৰি মন
 তাত পাছে যেন ভৈলা॥
বেহাৰৰ হান্তে নৰনাৰায়ণ
 বৰ নগৰক গৈলা॥১॥

[ ২০৭ ]

তহিতে ব্ৰাহ্মণ  সমস্তে ৰাজাক
 কহিলেক—ৰাজ্য নষ্ট।
কৰিল শঙ্কৰ শুনিয়া ৰাজাৰ
 মনে ভৈল বৰ কষ্ট॥২॥

—শঙ্কৰদেৱক বন্দী কৰাৰ আদেশ—

শঙ্কৰদেৱক  ধৰিয়া নিবেক
 গৰমৌলি পাঞ্চি দিল।
বাৰ্ত্তা পাই আগে নেদিলন্ত লাগ
 দুইজন ধৰি নিল ॥৩॥
নৃপতিৰ আগ কৰিলেক নিয়া
 ৰাজা বোলে আৰা কোন।
কৈল গৰমৌলি   শঙ্কৰ পলাইলি
 ধৰিলো শিষ্য দুইজন ॥৪॥

—গোকুলচান্দ নাৰায়ণ ঠাকুৰ বন্দী—

বোলয় গোকুল— —চান্দ নাৰায়ণ
 আৰা দুইহান্তৰ নাম।
শঙ্কৰৰ শিষ্য আৰা দুইজন
 দুয়ো শঙ্কৰৰ সম॥৫॥
তাৰা দুইহন্ততে  পুছিলা নৃপতি
 শঙ্কৰৰ কথা যত।
যেন মনে লয় দুয়ো মহাশয়।
 কহিলা তাক সমস্ত ॥৬॥

[ ২০৮ ]

—নিৰ্য্যাতন-

বোলন্ত নৃপতি  দুৰ্গাক নমিয়ো
 তাৰা বোলে নপাৰিবো।
কৃষ্ণত শৰণ পশি আবে কেন
আনক মাথা দোৱাইবো॥৭॥
শুনিয়া নৃপতি মাৰিবাক প্ৰতি
 পাঞ্চিল গৰমৌলিক।
মাৰে দুই মাৰ  কাঠা চেঙ্গি আৰ
 গড়কা আতি অধিক॥৮॥
বাঁশ গড়কাতে ভাঙ্গিলেক হাত
 নাৰায়ণ ঠাকুৰৰে।
গোকুল চান্দক মাৰয় সততে
 কণ্ঠায়ে আঠাৰে জোৰে॥৯॥
মাৰে যিবালোকে   বোলন্ত তাঁহাকে
 গাৱে নাহি তোৰ বল।
পাৰা মানে আটে  সমস্তে কাণ্ঠাকে
 পাইবাক লাগয় ফল॥১০॥

—কৃষ্ণত আত্মসমৰ্পণ—

কেন নৰ তনু  পায়া আমি পুনু
 কৃষ্ণত ভক্তি নকৰে।
এতেকে সমস্তে ইন্দ্ৰিয় গণকে
 মাৰক যিমান পাৰে॥১১॥

[ ২০৯ ]

কৃষ্ণ কথা কেনে নুশুনয় কানে
 মুখে নলৱয় নাম।
মনে হৰি পদ নিচিন্তে সতত
 নকৰে শিৰে প্ৰণাম॥১২॥
চক্ষুৱে ভক্তক নচাইলে কিসক
 আলিঙ্গন ভকতক।
নকৰিলা গাৱে  তাৰ ফল পাৱে
 পাৰ মানে যাৰ আক॥১৩॥
শুনি জমাদাৰে  আটে যত পাৰে
 আঠাৰ জোৰে কণ্ঠাক।
তভো নাহি দুঃখ হৰষিত মুখ
 হৰি বুলি দেন্ত ডাক॥১৪॥
ৰাম নাম গান্ত কৌতুক কৰস্ত
 কতোহোঁ গীত গাৱন্ত।
প্ৰেম উপজয় গাৱ শিহৰয়
 কান্দন্ত কতো হাসন্ত॥১৫॥
কতো বাগৰম্ভ উঠিয়া হাসন্ত
 ফুৰন্ত কতো বাগৰে।
আষ্ট দশ জোৰে  কণ্ঠা জুণ্ঠ কৰি
 শোলকি আপুনি পৰে॥১৬॥

—ভোটলৈ বিক্ৰী—

দেখি সমস্তয় লোকৰ বিস্ময়
 পাছে গৰমৌলি নিয়া

[ ২১০ ]

তাৰা দুইহান্তক  দিলন্ত ভোটক
 ৰাজাৰ আজ্ঞাক লৈয়া॥১৭॥
ভাৱ তাসম্বাৰ দেখিয়া ভোটৰ
 মনত শঙ্কা মিলিল।
আৰা সব দেৱ মানুষ বুলিয়া
 ভোটেৱো দুইকো নেনিল॥১৮॥
ৰিপু দুৱাৰত ৰাখিছিল কত
 দিন তাৰা দুইজন।
শশী, হৰি, গৰ—  —মৌলি দুয়ো বৰ।
 বুদ্ধি দুইৰো বিচক্ষণ॥১৯॥
তাসম্বাতে দেখি  জানিলেক দুয়ো
 হৰি ভকতিৰ বল॥
তাসম্বাৰ মুখে শুনিলেক সুখে।
 কৃষ্ণৰ কথা সকল॥২০॥
ভকতৰ সঙ্গ   কৰিল নিৰ্ম্মল
 তাৰা দুই হান্তৰ মন।
শঙ্কৰ দেৱক গুৰু মানি দুয়ো
 কৃষ্ণৰ লৈলা শৰণ॥২১॥
পাছে দুই হান্তকো  তাৰ দুয়ো নিয়া
 ৰাজাৰ আগ কৰিল।
কহিল ৰাজত  আৰা দুই হান্তক
ভোটেৱো দেখা নেনিল॥২২॥
এতেকে আৰাক  দুঃখ দিবে আৰ
 যোগ্য নুহি নৃপবৰ।

[ ২১১ ]

আদি অন্ত যত সমস্তে কথাক
 কহিলেক দুই হান্তৰ॥২৩॥
ৰাজাই শুনিয়া  বিস্ময় মানিয়া
 প্ৰশংসি বোল বচন।
সাৰ্থক শঙ্কৰ গুৰু ধন্য ধন্য
 শিষ্য আৰো দুইজন॥২৪॥

—মুক্তি—

মই তাসম্বাৰ ৰজা নোহোঁ আৰ
 এৰি দিলা বুলি এহি।
ৰাজা আপোনাৰ আপুনি আৰাৰ
 অধিকাৰ আন নুহি॥২৫॥
পাছে তৰা দুই আনন্দিত হুই
 আসিলন্ত নিজ ঘৰ।
সত্বৰ গমনে গৈল দুয়োজনে
 যথাত আছা শঙ্কৰ॥২৬॥
যত আদি অন্ত সবে কহিলন্ত
 যেন যেন দুঃখ ভৈল।
শঙ্কৰ মাধৱ দুয়ো দুইহন্তক
 আশ্বাসি বুলিবে লৈল॥২৭॥
হৰি হৰি কিনো  বৰ দুঃখ পাইলা।
 ভুঞ্জিলা মহা নিকাৰ।
আমাৰ মনত তোৰা সকলক
 নেদেখিবো আমি আৰ॥২৮॥

[ ২১২ ]

দ্বিচাত্বাৰিংশ অধ্যায়

—বাজ অনুগ্ৰহ—

আনো নানা মত কৰিয়া সাদৰ
 ৰহিলন্ত সবে তথা৷
শুনা সাধুজন আৰো ভৈল যেন
 আত অনন্তৰে কথা॥২১॥
কতোদিন ঘৰে  আছিলা শঙ্কৰে
 বেহাৰক লাগি গই৷
আসিলন্ত যাই চিলাৰায় ঠাই
 কাৰখানাৰ দলৈ হুই॥২২॥

-আন্তিকুঁচিৰ গোমস্তা-

তান্তি কুঁঞ্চিত কেন্দুৰ গুৰিত
 পাতিলন্ত কাৰখানা।
পাটবাউসীৰ পৰাই শঙ্কৰে
 তৈকে যান্ত প্ৰতিদিন॥৩॥
কাৰ্খনা চৰ্চ্চন্ত  যাত ছিদ্ৰ পান্ত
 তাক ধৰি দণ্ডলন্ত।
খেনে তৈতে বসি পৰম হৰিষি
 কৃষ্ণৰ কথা কহন্ত॥৫॥

-চৈতন্যপন্থী মথুৰাদাস-

তান্তিৰ উপৰি বীৰ আছিলন্ত
 গোপাল নামে অনেক।

[ ২১৩ ]

খাটন্ত লগতে শঙ্কৰদেৱকে
 ন পাৰিলা চিনিবেক॥৪॥
বঙ্গদেশী মত ষোল নাম লৈল
 বঙ্গদেশী ভক্ত থানে।
গোপাল গুছাই নাম মথুৰাদাস
 দিলন্ত পাছত তানে॥৬॥
সেহিতো মথুৰা—  —দাস পাছে তেহেঁ
 মাধৱৰ প্ৰসাদত।
শঙ্কৰদেৱক ঈশ্বৰ বুলিয়া
 জানিলা তেবে মনত॥৭॥
এহিমতে কাৰ—  —খানাক চৰ্চ্চিয়া।
 আছন্ত দেৱ শঙ্কৰ।
বৰপেটা থানে লোক সমস্তৰ
 আনন্দ বঢ়াই বিস্তৰ॥৮॥
কৃষ্ণ গুণ গান কৰন্ত কীৰ্ত্তন
 আনন্দৰ নাহি পাৰ।
গাৱয় বাৱয় নটুৱা নাচয়
 সঘনে হৰি জোকাৰ॥৯॥
ভকতি মিলন্ত ভাৱনা কৰন্ত
 কৃষ্ণৰ গুণ চৰিত
তাৰ মহাধ্বনি  শুনি যিবা মানে
 সবেয়ো হোৱে পবিত্ৰ॥১০॥

[ ২১৪ ]

প্ৰেমৰ ভৰত কতোহোঁ ভকত
 মাটিত পৰি বাগৰে।
কতো হাত তুলি  হৰি হৰি বুলি
 আনন্দ কৰয় বৰে॥১১॥
এহি মতে বৰ —  —পেটাত শঙ্কৰ
 ৰহিলা আনন্দ হুই।
বুলিয়ো সত্বৰ মাধৱ শঙ্কৰ
 পাপত লাগোক জুই॥১২॥

ত্ৰি-চত্বাৰিংশ অধ্যায়

—নৰনাৰায়ণৰ নিগ্ৰহ—

অনন্তৰে যেন ভৈল তাক শুনিয়োক।
ৰাজাৰ আগত খল দিল বিপ্ৰলোক॥
সমস্তে ৰাজ্যক নষ্ট কৰিল শঙ্কৰ॥
শূদ্ৰ হুয়া নমস্কাৰ লৱে ব্ৰাহ্মণৰ॥১॥

—ব্ৰাহ্মণৰ গোচৰ—

ব্ৰাহ্মণৰ স্ত্ৰীয়ো সেৱা কৰে শঙ্কৰক।
ঘৰে ঘৰে দিয়া ফুৰাৱয় পাদোদক॥
পিতৃৰ গৃহত পুত্ৰ ন কৰে ভোজন।
বোলে নতু লস তই হৰিত শৰণ॥২॥
কেৱৰ্ত্ত কলিতা কোঁচ ব্ৰাহ্মণ সমস্ত।

[ ২১৫ ]

একে লগে খাই দুধ চিৰাকল যত॥
অন্ন ৰান্ধি জগন্নাথ প্ৰসাদ কৰয়।
ইগাৱেঁ সি গাৱেঁ তাক দিয়া ফুৰাৱয়॥৩॥
ব্ৰাহ্মণৰো গুৰু হৈয়া দেন্ত উপদেশ৷
শয্যা দান আদি যত লৱয় নিশেষ॥
হেন শুনি নৃপতিৰ ভৈল ক্ৰোধ মন।
মহাক্ৰোধ কৰি ৰাজা বোলয় বচন॥৪॥

-ৰাজাৰ আদেশ-

হেনয় অনীতি যিটো ৰাজে প্ৰবৰ্ত্তয়।
ছত্ৰ ভঙ্গ ৰাজাৰ প্ৰজাৰ দুঃখ হয়॥
চাৰি গৰমৌলি যাই আন শঙ্কৰক।
অনাচাৰ কৰি নষ্ট কৰিল ৰাজ্যক॥৫॥
কৰিবো বিচাৰ এহ্ণ হুই নিষ্ঠ যেবে।
চাইবো ডবা শঙ্কৰৰ চালে তেৰে॥
নিষ্ঠ কৰি বোলো মাংস হেঙ্গালে খুৱাবোঁ৷
শঙ্কৰৰ হাড়ে নিষ্ঠে অগণি পুৱাইবোঁ॥৬॥
যদি মই নৰনাৰায়ণ ৰাজা হওঁ।
তেবে শঙ্কৰক নিশঙ্কৰ কৰিবাওঁ।
এহি কথা চিলাৰায় দেৱানে শুনিয়া।
টেকাই মাজিক চাহি বুলিলা মাতিয়া॥৭॥

-চিলাৰায়ৰ সতৰ্কতা-

এক শত টকাৰ টোপলি দিবো তোক।
ঝাণ্ট কৰি শঙ্কৰক আনি দেহ মোক॥

[ ২১৬ ]

লোকক দেখায়া লঘু লাঞ্ছনা কৰিবি।
মিছায় নাৱৰ গোৰে বান্ধিয়া আনিবি॥৮॥
ঘৰ দুৱাৰ আগ্ৰহিয়া ৰাখিয়া যে দিবি।
দাসী দাস যত ৰামৰায়ত গতাইবি॥
এহি বুলি টেকাই মাজিক দেৱানে পাঞ্চিলা।
ৰাতি দিন কৰি বৰপেটাক আসিলা॥৯॥

—শঙ্কৰদেৱ বন্দী—

মনে মনে গৈয়া ঘৰ আগ্ৰহ কৰিল।
শঙ্কৰদেৱক পুৱা সময়ে ধৰিল॥
গোসানীক ঘৰ হন্তে বাহিৰ কৰিল।
চৌবেড়া পেলাই সৰ্ব্বস্বক বিচাৰিল॥১০॥
বান্দী গোৰক্ষক সবে গতাই গতাই দিল।
ৰামৰায়ক টেকাই দাবিয়া বুলিল॥
শঙ্কৰক এক বান্দী নফৰক থই।
দেৱানে সৰ্ব্বস্ব লৈব মোৰতো দোষ নাই ॥১১॥
এহি বুলি সাজ যত কিৰিয়া কৰিলা।
শঙ্কৰক নিয়া নাৱ গোড়ত তুলিলা॥
বৰ পিৰা কমলি পাৰিয়া তাতে দিল॥
টেকাই মাজি নাৱ মেলি বৈঠাক ধৰিল॥১২॥
তোলা বৈঠা ধৰি জল উল্লাল কৰিল।
একোজনে নাৱ মনিবাক নপাৰিল।
ৰোল মাত্ৰ শুনে কেহোঁ নাৱক নেদেখে
বৈঠাৰ চাটিত মাথো জলময় দেখে॥১৩॥

[ ২১৭ ]

একমোৰ নদী ভাটী ভৈল মাত্ৰকত।
শঙ্কৰক তুলিলন্ত নাৱ আসনত॥
ৰাজাৰ আদেশে গড়মৌলি আসিবেক।
শঙ্কৰক নপাই দুঃখ ঘৰত দিবেক॥১৪॥
এহিসে কাৰণে ছল কৰিল এতেক।
গড়মৌলি আসিবেক কিবা কৰিবেক॥
বৰমটা টেকাই মাজি নাৱ বায়া গেল।
ডেৰ পৰ ৰাতি যান্তে ফুলবাৰী পাইল॥১৫॥

—চিলাৰায়ৰ ঘৰত—

আনিলেক শঙ্কৰক দেৱানে শুনিল।
গৃহ হন্তে আথে বেথে বাজাই আসিল॥
আসিলাহা বাপু বুলি আলিঙ্গি ধৰিল।
সাদৰ কৰিয়া অভ্যন্তৰ লাগি নিল॥১৬॥
তহিতে শঙ্কৰদেৱ হৰিষে ৰহিল।
দেৱনে টেকাইক এক শত টকা দিল॥

—বিফল মনোৰথ নৰনাৰায়ণ—

অনন্তৰে গড়মৌলি ৰজাৰ আসিল।
শঙ্কৰক চিলাৰায় নিবাৰ জামিল॥১৭॥
এহি বুলি গড়মৌলি বিচাৰি নপাইল॥
ফিৰি আসি গৈয়া নৰনাৰায়ণত কহিল॥
শঙ্কৰৰ ঘৰবাৰী চিলাৰায়ে আগ্ৰহিল॥
শুনি নৰনাৰায়ণৰ আগ্ৰহ মিলিল॥১৮॥
শঙ্কৰক নাৱৰ গোড়ত বান্ধিলেক।

[ ২১৮ ]

হেন শুনি ৰাজা হাসি হাসি বুলিলেক॥
সবে মিছা! মই আনিবাৰ শুনি ননু।
লােকক দেখায়া কৰিবাক পাৰে পুনু॥১৯॥
শঙ্কৰক ননু, জানাে কিয় এনে কৰিবেক।
আন কিছু নাই মােক মাত্র ভাণ্ডিলেক॥
তভাে শঙ্কৰক লগ পাইবাক লাগয়।
কৰিবো ইহান, লগে আলাপ নিশ্চয়॥২৩৷৷
শুনাে বৰ বিদগ্ধ পণ্ডিত আতিশয় !
পুছোঁ কেন মতে হৰি ভকতি কৰয়॥
শুনো শঙ্কৰৰ গীত কবিতা বিস্তৰ!
কিমত কবিতা চয় দেখাে শঙ্কৰৰ॥২১৷৷

-নৰনাৰায়ণৰ শঙ্কৰ প্রীতি—

এহি বুলি চিলাৰায় দেৱানৰ ঠাই ।।
দুইজন গৰমৌলি দিলন্ত পঠাই॥
শঙ্কৰক পঠাই ননু দেউক মােৰ ঠাই।
কৰিবো আলাপ আন একো ভয় নাই॥২২৷৷
দুই গৰমৌলি যাই কৈলা দেৱানত।
দেৱানো কহিলা এহি কথা শঙ্কৰত ৷৷
শুনিয়া শঙ্কৰদেৱে আনন্দিত মন।।
দেৱানক চাহি তেহোঁ বুলিলা বচন ॥২৩৷৷
অন্যায় নকৰি ৰাজা বুজোক মাত্ৰক ।
নাহি শঙ্কা লাগে দায় ধৰােক যতেক।
পণ্ডিত সবক মই নকৰোঁ ইঙ্গিত।

[ ২১৯ ]

যত লাগে মানে বাদ কৰােক পণ্ডিত ॥২৪৷৷
দেৱানো বােলয় যদি পণ্ডিত সবক !
জিনিব পৰা যদি দেখায়া শাস্ত্ৰক ।৷
ৰাজাক লাগিয়া ভয় নকৰিবা কিছু।
ৰাজাই অন্যায় কৰে তাক লাগি আছোঁ।৷২৫।৷
পণ্ডিত সবক লাগি মােৰ বুদ্ধি নাই।
এহি বুলি শঙ্কৰক দিলন্ত পঠাই ৷৷
গৰমৌলি গৈয়া পুনু কহিলা ৰাজাত।
শঙ্কৰক অনি আছোঁ ইন্দ্ৰ দুৱাৰত॥২৬৷৷
শুনি ৰাজা বােলে আন আন মোৰ আগে।
ইন্দ্ৰ দুৱাৰত কেনে ৰাখিবাক লাগে ॥২৭৷৷

চতুশ্চত্বাৰিংশ অধ্যায়।

-ৰাজানুগ্রহ-

হেন শুনি ৰাজাৰ আগত পাছে নিল !
দেখি আঠুপাৰি দেৱ শঙ্কৰ বসিল।৷
সিংহাসনে বসি ৰাজা শঙ্কৰক দেখি।
পৰম বিস্ময় হুয়া ছন্ত নিৰিখি॥১॥
শঙ্কৰক তেজে নৃপতিক ধৰষিল।
উঠিয়া চৌৰাত আসি ৰাজায়ে বুলিল।৷
একগল মানে মাটি ৰজাৰ চৌৰাত।

[ ২২০ ]

সাত খটী উঠিবাক লাগে তাত ॥২॥
ৰন্ত একেবাৰ একো খট খটী উঠি।
কৰন্ত ৰাজাক বর্ণাই স্তব এক গুটি।৷
একো খটখটী উঠি ৰন্ত একোবাৰ।
আসিয়াে শঙ্কৰ ৰাজা মাতে পুনৰ্ব্বাৰ ৷৷৩৷৷
আঠু ঘষাই সাতো খটখটীত উঠিল।
ৰাজাক বর্ণাই এক ভটিমা মাতিল॥
শুনিয়া ৰাজাৰ মনে হৰিশ মিলিল
শঙ্কৰত কথা তেবে আপুনি পুছিল ॥৪॥
কোন দেশে কোন গ্রামে জনম তােমাৰ
কহিলা শঙ্কৰদেৱে কথা আপােনোৰ।

—ৰাজভটিমা—

ৰাজাৰ আগত “মধু দানৱ দাৰণ।
দেৱবৰং” ইটো স্ত্ৰোত কৈলা নিৰূপণ ॥৫॥
শুনিয়া বিস্ময় ভৈলা নৰনাৰায়ণে।
শঙ্কৰদেৱক চাহি বুলিলেক মনে।৷
মানুষৰ শকতি নুহিকে শঙ্কৰৰ।
ঈশ্বৰৰ শক্তি ইটো জানা সাৰোত্তৰ ৷৷৬৷৷

-ৰাজ সভাত সমাদৰ—

বসিবে কমলি দেউক শঙ্কৰক আনি।
শুনি বুঢ়া পৰমানন্দে লুকাইলন্ত জানি।৷
মনে বোলা কমলিক বিচাৰিয়া নেউক।
দ্বিজগণে শঙ্কৰৰ মহিমা দেখোক ॥৭৷৷

[ ২২১ ]

আন আন কমলি বােলয় বাৰম্বাৰ'।
বােলে পুনু নেদেখি কমলি আনিবাৰ।
দলিচা এখন আনি শঙ্কৰক দেউক।
মটিত আছয় উঠি তাহাতে বহােক ॥৮৷৷
হেন শুনি গৰমৌলি দিলা নি দলিচা।
দলিচাত ন বসি মাটিত বসি আছা ৷৷
বৈস বৈস কৰে ৰাজা তভো নবসন্ত।
এৰাইতে নপাৰি লুণ্ডি সণ্ডি কৰিলন্ত ॥৯৷৷
আগত থৈলন্ত আঠু দুই লগাই তাত।
বসিবাক নেদেখিয়া ৰাজায়ে পাছত ৷৷
বােলে দলিচাত ন বসিবেক শঙ্কৰ।
কমলি আনিয়া দেউক কৰিয়া সত্বৰ ॥১৩৷৷
এক গৰমৌলি গৈলা কমলি আনিত।
বিলম্ব দেখিয়া ৰাজা কৰে উচ্চ পিত।৷
আৰ গৰমৌলি গৈয়া আটাস পাৰয়।
ৰাজা খঙ্গে আইস ৰে কমলি ধৰা কয় ॥১১৷৷
শুনিয়া পৰমানন্দ বুঢ়া নমাতন্ত।
আৰ হুয়া ব্ৰাহ্মণৰ পাছত আছন্ত।৷
গৰমৌলি উপৰি গৰমৗলি যায়।
কোথায় কমলি বুলি ফুৰে গেড়িয়াই ॥১১৷৷
পাছে এক গৰমৌলি লগ পাইলা যাই।
পুথিৰ ভাৰৰ আঁৰে আছন্ত লুকাই।৷
গালি পাৰি কমলি আজুৰি আনিলেক।

[ ২২২ ]

তাৰ হাত হন্তে আৰ গোটেক নিলেক ॥১৩৷৷
তাৰ হাত হন্তে আৰ গােট কাঢ়ি লৈল ।
তাৰ হাত হন্তে আৰ গোট লৈয়া গেল।৷
এহি মতে কমলিক ধৰা ধৰি কৰে।
দেখিয়া ব্রাহ্মণ সব দেখি মূৰ্চ্ছে মৰে ॥১৪৷৷
গৰমৌলি পাছৰ পৰা কমলি দিলা নিয়া।
বসিলা শঙ্কৰ গুৰু কমলিক পায়া ৷৷
ৰাজা বিনা আনে কমলিত দলিচাত।
বসিবে নপায়ে একো জানা সি চৌৰাত ॥১৪৷৷
লাগ পায়া শঙ্কৰক আনন্দ ৰাজাৰ ।
শঙ্কৰৰো ভৈল আতি আনন্দ অপাৰ ৷।
ৰাজা বােলে কিবা বণ্টা দিবো শঙ্কৰক।
শঙ্কৰে বােলন্ত বণ্টা আছে যােগ্য মােক ॥১৬৷৷
যিটো খল গুলা দিয়া আছে বিপ্রলােক।
সবে বণ্টা হুই যদি তাঙ্ক বুজিয়ােক।৷
যিবা খল গুলা দিয়া ব্রাহ্মণে আছয়
সবে সত্য হুই অল্প কৰাইবে পাৰয় ॥১৭৷৷
ৰাজা বােলে মনত আছিল মােৰ দুঃখ।
তেখনে গুছিল সবে দেখি তযু মুখ ৷৷
আজি যায়ো বাসা কালি প্রভাতে আসিবা।
বুজিবো ব্রাহ্মণ সবে কহি আছা যিবা ৷৷১৮৷৷
এহি বুলি ৰাজা গুৱা চন্দন দিয়াইল।
সুগন্ধি পুষ্পৰ মালা অনেক পিন্ধাইল ৷৷

[ ২২৩ ]

লগৰো ভক্তক মালা বিস্তৰ দিয়াইল।
শঙ্কৰদেৱক পুষ্পে ভূযিয়া পঠাইল ॥১৯৷৷
দেৱানেয়ো তিলে তিলে বার্ত্তাক লৱয়।
শঙ্কৰক কিবা বােল ৰাজায়ে বােলয়।৷
গৈলন্ত শঙ্কৰদেৱ আপােন বাসাক।
দেৱানে পুছিলা তান্ত সমস্তে কথাক ॥২০৷৷
ৰাজা সবে যেন যেন আলাপ কৰিল ।
দেৱানত সবে কথা শঙ্কৰে কহিল ॥
যেন মতে ৰাজা শঙ্কৰক সাদৰিল।
"শুনি দেৱানৰ মনে হৰিষ মিলিল ॥২১৷৷

—ব্ৰাহ্মণৰ পৰাজয়-

আউৰ দিন শঙ্কৰদেৱ গৈলা।
চন্দন চৌৰাত আসি ৰাজাও বসিলা।৷
ব্রাহ্মণ সবক তৈকে লাগি অনাইলেক।
শঙ্কৰ সহিতে ৰাজা বাদ কৰাইলেক ॥২২৷৷
যত খল দিয়াছিল সবে মিছা ভৈল।
অন্যো অন্যে সবে বাদ কৰাইবাক লৈল।৷
ব্রাহ্মণ সকলে শ্লোক গোটেক পঢ়ন্ত।
সৰসৰি দহটাও শঙ্কৰে তােলন্ত ৷৷২৩৷৷
দেখি বিচূৰুতি ভৈল সকলে ব্রাহ্মণ।
থক্ বক্ কৰে মুখে নাসয় বচন ৷৷
নাপাৰিলা বাদে শঙ্কৰক বিপ্রগণে।

[ ২২৪ ]

দেখিয়া হৰিষ ভৈল নৃপতিৰ মনে ॥২৪৷৷
পাছে নৰনাৰায়ণ ৰাজা বুলিলেক।
আঠ গােটা শ্লোক মই কৰিছোঁ প্রত্যেক ৷৷
প্রতি প্রতি শ্লোক জোৰা আঠ আঠ হয়।
আঠো জোৰা জুৰিবাক কেহোঁ নপাৰয় ॥২৫৷৷
দুই তিনি চাৰি জোৰা জোৰয় মাত্রকে।
সেহি আঠ শ্লোক তুমি জুৰিয়াে প্রত্যেকে ৷৷
শঙ্কৰে বােলন্ত মহাৰাজা শুনা তুমি।
আনে নপাৰিলা কেনে জুৰিবোহোঁ আমি ॥২৬৷৷
ৰাজা বােলে ইবােলে নােপােৱা ভাণ্ডিবাক।
আন পণ্ডিতক সম নুহিকে তােমাক ।৷
এৰাইতে নােৱাৰা শ্লোক লাগে জুৰিবাক।
শুনিয়া শঙ্কৰদেৱে বোলন্ত ৰাজাক ॥২৭৷৷
তভো বুদ্ধি অনুসাৰে পাৰিবো যিমান ৷
তযু আজ্ঞা পালিয়া জুৰিবো সেহিমান।৷
জুৰিবে লাগিলা শ্লোক ৰাজাৰ আগত।
শুনন্তে অমৃত যেন বৰিষে কর্ণত ॥২৮৷৷
প্রত্যেক শ্লোকৰ সাত সাত জোৰা পাছে।
জুৰিলন্ত ৰাজাই আনন্দেৰে শুনি আছে ।৷
জুৰিবাক দেখি ৰাজা বিস্ময় ভৈলেক।
আমিয়াে নপাওঁ ইটো অৰ্থক প্রত্যেক ॥২৯৷৷
শঙ্কৰদেৱৰ ৰাজা মহিমা দেখিয়া।
মনুষ্য নােহয় এন্ত মনত মানিয়া৷।

[ ২২৫ ]

ৰাজা বোলে আৰো এক জোৰা আছে তাক।
জুৰিবাক শঙ্কৰ লাগয় শুনিবাক॥৩০॥
বুদ্ধি আনুসৰি আমি যিমান পাৰিলো।
আৰ অৰ্থ নাপাওঁ লাগ সিমান জুৰিলো॥
হেন শুনি ৰাজা বোলে জানিলোহেোঁ আমি।
জুৰিবাক পাৰা কি নপাৰা আৰ তুমি॥৩১॥
আঠ জোৰা নলাগে অধিক পাৰা তুমি।
ভাল ভাল সকলো কথাক বুজোঁ আমি॥
এহি বুলি সোণাৰ পাকৰা দিয়া এক।
শঙ্কৰদেৱক ৰাজা দগলা দিলেক॥৩২॥
আনো নানাবিধ বটা দিল বহুতৰ।
সাকুত স্বভাৱে বোলে শুনিয়ো শঙ্কৰ॥
নিতে আগবেলা মোৰ থানক আসিবা।
বন্ধুৰ থানত পাছ বেলাত থাকিবা॥৩৩॥
এহি বুলি শঙ্কৰদেৱক পঠাই দিল।
পথত যাহান্তে লাগ ব্ৰাহ্মণে ধৰিল॥
আমাসাৰ জীবিকা ৰাজাত কহি পুনু।
ভয় ভৈল শঙ্কৰে বিৰোধ কৰে যুনু॥৩৪॥

—ব্ৰাহ্মণৰ ক্ষমা ভিক্ষা—

এহি বুলি শঙ্কৰৰ আগত ব্ৰাহ্মণ।
দুই হাতে লগুণ ধৰি বলিলা বচন॥
শুনিয়ো শঙ্কৰ বোলো ব্ৰাহ্মণ সকল।

[ ২২৬ ]

দেওঁ আশীৰ্ব্বাদ হৌক তােমাৰ কুশল ॥৩৫।৷
ব্রাহ্মণৰ জীবিকাক নকৰিবা ছন্ন।
প্রীতি পূৰ্ব্বকে বােলে কাৰ্পুন্য বচন।৷
ভূমি বৃদ্ধাঙ্গুষ্ঠে ছুই বোলন্ত শঙ্কৰে।
ব্রাক্ষণক হিংসা কৰে কোননাে পামৰে ॥৩৬৷৷
কিন্তু তোৰা ভকতিক বিপক্ষ আচৰা।
নিষ্ঠ কৰি বােলো তবে বাজিবো আমৰা ৷৷
তেবে তােৰা সকলক কিবা কৰো দেখ।
ভকতিক বিৰোধ নকৰি কৰি থাকা সুখ ॥৩৭।৷
এহিবুলি ব্রাহ্মণক গৈলন্ত শঙ্কৰ।
দেখি বৰ হৰিষ মিলিল ব্রাহ্মণৰ ॥
পুছিলেক যেন ভৈল নৃপতিৰ যেন কথা।
কহিলা শঙ্কৰদেৱে দেৱানত তথা ॥৩৮৷৷
যেন মতে দ্বিজগণে বাদ কৰিলেক।
আৰো যেন মতে ৰাজা শ্লোক জুৰাইলেক ।৷
যেন মতে নৃপতিৰ হৰিষ মিলিল।
দগলাক দিয়া যেন বচন বুলিল ॥৩৯৷৷

পণ্ডিতৰ লগত তর্ক

থাকন্ত শঙ্কৰদেৱ কতো দিন গৈল।
শুনা আৰু তৈত যেন কথা ভৈল ॥
ষাঠি জন শিষ্য সমে গােটেক পণ্ডিত।
পশ্চিমা আসিল বাদ কৰিবাক চিত ॥৪০৷৷

[ ২২৭ ]

উদয় গিৰিৰ ৰাজ নৰনাৰায়ণ।
তান লগে আইলো বাদ কৰিবাক মন ৷৷
এহি জানি ৰাজা সব পণ্ডিত মিলায়াে।
কৰোঁ বাদ ৰাজা তাক আপুনি বুজিয়ো ॥৪১৷৷
পণ্ডিতৰ বাণী শুনি নৰনাৰায়ণ।
দুয়ো হাতে বালা দেখি গুণে মনে মন ৷৷
জিনি একো ৰাজ্যৰ পণ্ডিত একো খান।
বালা বান্ধি আছে দুই হাতে বিদ্যমান ॥৪২।৷
দুয়ো কিলাকুটীৰ পৰায় দুয়াে হাতে।
দুই শাৰি বালা বান্ধি আছয় সাক্ষাতে ॥
ৰাজা বােলে আনে আক নপাৰে উত্তৰে ।
জিনিবাক পাৰিবন্ত কেৱল শঙ্কৰে ॥৪৩৷৷
এহি গুণি ৰজা পণ্ডিতক বুলিলেক।
ৰহোক কৰিয়া বাসা পণ্ডিত পাইবেক ৷৷
মই, নৰনাৰায়ণ ৰাজা মােৰ ঠাই।
ব্রাহ্মণে জিনিবে তেবে কিবা যশ পাই ॥৪৪৷৷
শূদ্রে জিনিবাক যদি পাৰয় তােমাক।
তেবেসে যশস্যা মােৰ শুনা সত্যবাক ॥
আছােক ব্রাহ্মণ নিষ্ঠ কৰি বােলাে আমি ।
শূদ্ৰক উত্তৰ দিবে নপাৰিবা তুমি ॥৪৫৷৷
নামত শঙ্কৰ এক আছে গৰমৌলি।
সমস্তৰে ভঙ্গ হৈবে সেহি ভঙ্গ ভৈলি ।৷
গৰমৌলি, কাৰ্য্যী, মাজি, পাত্ৰ পুৰােহিত।

[ ২২৮ ]

সমস্তকে ৰাজা শিকাই আছন্ত সংস্কৃত ॥৪৬৷৷
পণ্ডিতৰ শিষ্য সবে সভাত ফুৰয়।
কৰি কেন চেষ্টা তাক জিজ্ঞাসা কৰয়।৷
সভা উঠি শিষ্যগণ দেখে বিপর্য্যয়।
সবে লোকে সংস্কৃত বচন বােলয় ॥৪৭৷৷
তধা দিয়া থাকে তাৰা মানিয়া বিস্ময়।
সংস্কৃত বিনে আন মাত নাহিকয়।৷
একদিনা চিলাৰায় দেৱানৰ ঠাই।
তাৰ শিষ্যগণে গৈয়া শঙ্কৰক পাই ॥৪৮৷৷
শঙ্কৰ আছন্ত বসি চন্দন চৌৰাত।
শিষ্যগণে শঙ্কৰক লগাইলন্ত মাত ৷৷
ইকথা সিকথা পুছি আছন্ত তথাত।
লাগিল সম্বাদ অন্যোঅন্যে বােল মাত ॥৪৯৷৷
কতােক্ষণান্তৰে বুলিলন্ত তাৰা সবে।
নপাৰয় শূদ্রে ভাগৱতক পঢ়িবে ৷৷
শুনিয়া শঙ্কৰদেৱে হাসি বুলিলন্ত।
শূদ্রে পঢ়িবাক পাৰে তাঙ্ক দেখাইলন্ত ॥৫০৷৷
ব্রাহ্মণ সকলে যদি ভাগৱত পঢ়ে।
তেবে তাৰা সকলত ঈশ্বৰ জ্ঞান চড়ে।৷
ক্ষত্রী পঢ়ি পাৱে ৰাজ্য সাগৰ পর্য্যন্ত।
বৈশ্যে পঢ়ি হােৱৈ জানা মহা ধনৱন্ত ॥৫১৷৷
শূদ্রে পঢ়ি শুদ্ধ হুই পাতক সদ্ৰুত।
এহিমতে নানা শ্লোক দেখাইলা বহুত ৷৷

[ ২২৯ ]

পঢ়িলন্ত আৰো শ্লোক তাৰাকে শুনাই।
দ্বিজবন্ধু (১) সবে বেদ পঢ়িবে নপাই॥
হেন শুনি তাৰা বােলে দ্বিজ বন্ধুগণ।
নপাৱে পঢ়িব বেদ স্বৰূপ বচন॥
শঙ্কৰে বোলন্ত দ্বিজ বন্ধু বুলি কাক
শুনি যেন জানে তাৰা কহিলেক তাক॥৫৩৷৷
শঙ্কৰে বােলন্ত দ্বিজ বন্ধু ইয়াে হয়।
আৰো কিছু আছে তাৰ কহিয়ে নির্ণয়॥
আৰ দ্বিজ বন্ধু কোন কৈবে নপাৰিল ।
শঙ্কৰদেৱত পুনু তাৰায়ে পুছিল ॥৫৪॥
আৰ কাক বােলে দ্বিজ বন্ধু কোঁৱা তুমি।
বিচাৰ কৰিয়া আৰ নপাইলাহোঁ আমি॥
শঙ্কৰে বােলন্ত মই কহিবোঁ কিসক।
আসি আছ তােৰা জিনিবাক পণ্ডিতক ॥৫৫॥
আকে যে না জানা চিনিবাহা কেন মত।
ভঙ্গ মানা বােলা মই কহোঁ স্বৰূপত॥
হেন শুনি তাৰা সবে বচন বােলয়।
গুৰুত পুছিয়া কালি কহিবো নিশ্চয় ॥৫৬॥
এক কথা পুছোঁ কহিয়ােক মহাশয়।
তুমি বা শঙ্কৰ ৰাজা কহিয়া আছয় ॥
শঙ্কৰ বোলন্ত মই নুহিকো শঙ্কৰ।
ৰাজাৰ সেৱক মই এজন লস্কৰ ॥৫৭॥


(১) দ্বিজবন্ধু—তলখাপৰ ব্ৰাহ্মণ

[ ২৩০ ]

শঙ্কৰ সহিতে মই একে সমে সৰ।।
সেবক জানিবা মই সঙ্গী শঙ্কৰৰ ॥
কিন্তু মোৰ বন্দনী শঙ্কৰ যাক বুলি ।
কোনে জানে শঙ্কৰৰ মহিমা সমূলি ॥৫৮৷৷
শুনি পণ্ডিতৰ শিষ্য সব ভয় ভৈল।
গুৰুৰ আগত গৈয়া সবে কথা কৈল ৷৷
ইদেশৰ পণ্ডিত জিনিবে নপাৰিবা।
যদি বাদ কৰা তেবে লঘু মাত্ৰ হৈবা ॥৫৯৷৷

—পণ্ডিতৰ পলায়ন—

যেই সেই সভাখন উঠো আমি যাই।
সমস্তে পণ্ডিত জানা অপণ্ডিত নাই ৷৷
সংস্কৃত বিনে আন মাত নমাতয়।
সামান্য কথাকো সবে সংস্কৃতে কয় ।৷৬০৷৷
হেন শুনি শিষ্যক পণ্ডিতে বােলে বাণী ৷
ডৰাইলি তোমৰা জানাে সংস্কৃত শুনি ৷৷
শঙ্কৰদেৱৰ লগে যেন কথা ভৈল।
সেহি কথা সমস্তে গুৰুত তাৰা কৈল ॥৬১৷৷
শুনি পণ্ডিতৰ মনে খলক লাগিল।
শিষ্যগণ সমে বহু ৰাত্রি আলােচিল ৷৷
কি কৰিব গুণিয়া উপায় ন পাইলেক।
কতো ৰাত্ৰি গৈলে সবে পলায়া গৈালেক ॥৬২।৷
প্রভাতে শুনিলা ৰাজা পণ্ডিত পলাইলা।

[ ২৩১ ]

কিসক পলাইলা বুলি বিচাৰ কৰিলা।৷
শুনিলেক ৰাজা কালি দেৱানৰ ঠাই।
ভৈল কথা তাৰা শঙ্কৰক লাগ পাই ॥৬৩৷৷
দ্বিজবন্ধু বুলি কাক শঙ্কৰে পুছিল।
শুনি তাৰা সবে কহিবাক নপাৰিল ।৷
বােলে কালি কহিবোহোঁ গুৰুত পুছিয়া।
নজানো কিসক ৰাত্ৰি গৈলন্ত গুছিয়া ॥৬৪।৷
শুনি ৰাজা চাপৰ মাৰিয়া বালিশত ।
খলখলি হাসিলন্ত হৰিষে মনত ।৷
দেখা কেন শঙ্কৰৰ তেজৰ মহত।
দেখিয়া নিষ্প্রভ হুই বিপক্ষ সমস্ত ॥৬৫।৷
এহিমতে ৰাজা প্রশংসিল শঙ্কৰক ।
তাত পাছে যেন ভৈল কহেঁ৷ শুনিয়ােক।৷
বােলো কাকু বাণী শুনা সাধু সমস্তয়।
শঙ্কৰ মাধৱ বােলা পাপ হৌক ক্ষয়।৷ ৬৬

[ ২৩২ ]

পঞ্চচত্বাৰিংশ অধ্যায়

-বৰপেটা গমন-

বৰপেটা থানে আছে ৰঙ্গমনে
 শঙ্কৰ দেৱ সর্ব্বথা।
হৰিষে মনত  ভকত সবত
 কহন্ত কৃষ্ণৰ কথা ॥১॥
হালধীয়া হন্তে  নাৰাণ ঠাকুৰ
 প্ৰমুখ্যে ভকত যত।
শঙ্কৰ দেৱক দেখিবাক প্ৰতি
 আসিয়া আছ সমস্ত ॥২॥

-ভৱানীপুৰীয়া গােপাল আতা-
আষাঢ় মাহত  কৃষ্ণ কথা যত
 শঙ্কৰদেৱে কহন্ত।
সমস্তে ভকত  হৰিষে মনত
 অমৃত যেন পীৱন্ত ॥৩৷৷
পাছে এক দিনা শঙ্কৰে বোলন্ত
 শুনিয়ো ভকত যত।
কোনে পাৰা আম  পাৰিয়ােক, ৰাম
 বুলিয়ো আন ভকত ॥৪৷৷

[ ২৩৩ ]

সবে বােলে আতা  গাছত উঠিবে।
 আমাৰ নাহি শকতি।।
সুন্দৰী দিয়াৰ  গােপাল সিজন (১)
 বসি আছা তেহোঁ তৈতি ॥৫৷৷
তেঁহে বুলিলন্ত  মই পাৰোঁ আতা
 শঙ্কৰে বােলন্ত ভাল।
ভাল পাৰিয়ােক  আম ভুঞ্জায়ােক
 ভকত সবে গোপাল ॥৬৷৷
তেঁহে অল্পকৰি  হাসি বুলিলন্ত
 কুঠাৰ লাগৈ খানেক।
তলক চাহিয়া  নমাতি ৰহিলা
 শঙ্কৰে শুনি এতেক ॥৭॥
পাছে কতােক্ষণে  বুলিলন্ত হাসি
 এতেক মােহৰ আগে।
মােক এতমান কি কহিবো, আন-
 জন আৰ কৈত লাগে ॥৮॥


 (১) সুন্দৰী দিয়াৰ গােপাল =ভৱানী পুৰীয়া গােপাল আতা। গােপাল আতাৰ পিতৃৰ নাম কামদেৱ আৰু মাতৃৰ নাম বজ্ৰাঙ্গী। গড়গাওঁ নাজিৰাৰ থােকাৰা গ্ৰামত, ১৪৬৩ শকত জন্ম হয়। মাতামহৰ নাম শঙ্কৰ আৰু মােমায়েকৰ নাম মনপুৰ। কোঁচ আহােমৰ যুদ্ধৰ পিচত, এও গৈ ভৱাণীপুৰত বাস কৰ। এবাৰ এওঁ ভবাণীপুৰৰ পৰা মাতামহক চাবলৈ বৰপেটালৈ গৈছিল। আৰু ককাকৰ সৈতে শঙ্কৰদেৱক চাবলৈ গৈছিল। (দ্বিজ ৰমানন্দ) তাত এজোপা ডাঙ্গৰ আম গছৰ পৰা আম পাৰি ভকতৰ সৈতে শঙ্কৰ দেৱক খুৱাই তৃপ্তি দিছিল। ভবানীপুৰীয়া গােপাল চৰিত,

(১৪ পূঃ) ত আম পাৰাৰ কথা লিখা আছে। [ ২৩৪ ]

শুনিয়ো গোপাল  যেন চিৰকাল
 তােমাক নেৰিব ইটো।
এতেক বচন  শুনিয়া যেহেন
 সম্যকে সাৰিল সিটো ॥৯৷৷ (১)
কি কৰিলন্ত  বুলিয়া সমস্ত
 ভকতে খেদ কৰিল ।
সমস্ত ভকত   বিৰস মনত
 নমাতি সবে ৰহিল ॥১০৷৷

—পুত্র কমললােচনৰ দেহ কান্তি—

শুনা সাধুজন পাছে আউৰ দিন
 বেলি ভৈল দণ্ড দুই
কমল লােচন  ঠাকুৰ উঠিল
 আম পাৰিবাক গই ॥১১৷৷
গৌৰবৰ্ণ কায়  অগ্নি শিখা প্রায়
 আৰো সূৰ্য্য ৰশ্মি লাগে।
সূৰ্য্যৰ সমান প্রকাশ কৰন্ত
 চৰিয়া বৃক্ষৰ আগে ॥১২৷৷
ভকত সকল  সহিতে শঙ্কৰ
 চালিত আছন্ত বসি।


 (১) দ্বিজ ৰামানন্দ ৰচিত গুরু চৰিত্ৰ মতে গােপালদেৱে আম পাড়ি

দিছিল, আরু শঙ্কৰদেৱে এই আম সকলো ভকতক ভগাই দিছিল। [ ২৩৫ ]

গাছৰ ভিতিক চাই তাঙ্ক দেখি
 পুছিলা শঙ্কৰে হাসি ॥১৩।৷
কিবা ভৈল আজি  দুই গােটা সূৰ্য্য
 দেখি চাহিয়ােক সবে।
শঙ্কৰ দেৱৰ  বচন শুনিয়া
 কহিলা ভকতে তেবে ॥১৪৷৷
নুহিকয় আতা  উঠিছা গাছত
 কমল লােচন যাই।
সূৰ্য্যেৰ প্ৰভাৱ  লাগি তান গাৱ
 জ্বলন্ত সূৰ্য্য পৰায় ॥১৫।৷
শঙ্কৰে শুনিয়া  বিস্ময় মানিয়া
 বুলিলন্ত তাঙ্ক পাছে।
শুনিয়াে কমল- -লােচন নুঠিবা
 আনাে বেলা আৰো গাছে ॥১৬৷৷

-ৰামনাম মাহাত্ম্য-

আৰো একদিনে সবে ভক্তগণে
 বেলি সাতঘটি ভৈলে।
শঙ্কৰ দেৱৰ  আগত সবেও
 বিনয় বচন বােলে ॥১৭৷৷
তােমাঠেৰ ঘৰে  ৰহে যিটো নৰে
 ভাগ্যৰ তাৰ মহিমা।
কাহাৰ শকতি  কহিয়া সম্প্রতি
 কৰিবেক তাৰ সীমা ॥১৮৷৷

[ ২৩৬ ]

শুনিয়া শঙ্কৰ  দিলন্ত উত্তৰ
 ন জানাহা তােৰা সবে ।
আখৰেক ৰাম  তভাে নুবুলিব
 প্রাণে মবয় যেবে ॥১৯৷৷
শঙ্কৰৰ বাণী  ভক্তগণে শুনি
 বােলে তামাঠেৰ কথা।
শঙ্কৰে বােলন্ত  তোমাসাক তেবে
 প্রমাণ দেখাও সৰ্ব্বথা ॥২০।৷

—ৰামনাম বিমুখ বনুৱা—

গুৱাবাৰী চাঞ্ছি—  —বাক লাগি আছে
 পথৰুৱা বুঢ়া এক।
নামধৰি ডাকি  মাতিলন্ত তাকে
 শঙ্কৰ দেবে প্রত্যেকে ৷৷২১৷৷
টেৰ কৰি চাই  নাসিয়া দুনাই
 গুৱাৰ বাৰী চাঞ্ছয়।
পুনু আস বুলি  ডাকিল শুনিয়া
 নাসিয়া চাহি আছয় ॥২২।৷
পুনু ছাঞ্ছিবাক  লৈল, দিল ডাক
 আস বুলি নাম কাঢ়ি।
শুনি ক্রোধ মনে  আসিলা তেখনে
 কান্ধত কোদাল পাৰি ॥২৩৷৷

[ ২৩৭ ]

কিয়নো মতিলা   হা ডেকা-গিৰি
 কোৱা কথা বেলি যায়।
শঙ্কৰে বোলন্ত   একবাৰ ৰাম
 বােল, আৰ কাম নায় ॥২৪৷৷
সিয়ে বােলে অঃ!   কুটনি এৰিয়া
 কোৱা কিবা আছে কাম।
শঙ্কৰে বোলন্ত  আন কাম নাই
 আখৰেক বােলা ৰাম ॥২৫৷৷
এইটো তােমাৰ  সকলে কালৰ
  কুটনি কৰন্তে গৈল।
হেৰ ডেকাগিৰি  কোৱা শীঘ্ৰ কৰি
 মাতিলা কিয় কি ভৈল ॥২৬৷৷
শুনিয়া শঙ্কৰে  বোলে আৰবাৰ
 ৰাম বােল একবাৰ।
আন কাম নাই  ক্রোধে আছে চাই
 নমাতয় সিটো আৰ ॥২৭৷৷
একো মতে ৰাম  বােলাইবে নপাৰি
 পাছে হাসি তুলিলন্ত।
আন কাম নাই  পাত এক তাৰ
 কাটি আনা বুলিলন্ত ॥২৮৷৷
শুনি সিটোজনে  কাটিয়া তেখনে
 আনি দিল পাত তাৰ ।

[ ২৩৮ ]

শুন হেৰ ৰাম বােল একবাৰ
 বুলিলন্ত পুনৰ্ব্বাৰ ॥২৯৷৷
শুনি চক্ষু পকাই  মুণ্ড ওলোমাই
 কান্ধে কোৰখান লৈয়া।
কুটনিত বিনে  আন কাম নাই
 এহি বুলি পাছে গৈয়া ৷৷৩০।৷
ঘছ ঘছ্ কৰি  চাঞ্ছে গুৱাবাৰী
 শঙ্কৰে চাই আছন্ত।
দেখিয়ো আমাৰ  ভাগ্য বনুৱাৰ
 ভকতক বুলিলন্ত ॥৩১।৷
ভক্ত সবে বোলে  হৌক তভাে আতা
 তোমাৰ সেৱা কৰয়।
ইহাৰা সবৰ  মহিমা ভাগ্যৰ
 কহিবে কোনে পাৰয় ॥৩২৷৷
এহিমতে ভক্ত  সকল সহিতে
 শঙ্কৰ দেৱ সৰ্ব্বথা।
থাকন্ত আনন্দে শুনা সাধুজনে
 কহোঁ ই যুগুতি কথা ॥৩৩।৷
আনাে নানা মত  আছয় অনন্ত
 কথা দেৱ শঙ্কৰৰ।
সমস্ত কহিত  নপাৰি নিশ্চিত
 আমি মতি অল্পতৰ ॥৩৪৷৷

[ ২৩৯ ]

তথাপি যিমান  পাৰি সেহিমান
  শুনিব ভণিব মাত্র ।
এতেকতে অনা-  -য়াসে নিস্তৰিবা
  হৈবা ভকতিৰ পাত্ৰ ॥৩৫।৷
কহয় দৈত্যাৰি  মােৰ ,নিষ্ঠ কৰি
  এহি মানে মাত্র ধন।
কৰিয়া উৎসৱ  শঙ্কৰ মাধৱ
  বুলিয়োক সৰ্ব্বজন ॥৩৬৷৷

ষট্‌চত্বাৰিংশ অধ্যায়

—চিলাৰায়ব শাস্ত্রপ্রীতি-

আৰো অনন্তৰে শুনিয়ােক সৰ্ব্বজন।
শঙ্কৰদেৱৰ পুত্র কমল-লােচন।৷
শঙ্কৰ দেৱৰ ৰূপ যিমত সুন্দৰ।
তান ৰূপ সমভাৱ শঙ্কৰ দেৱৰ ॥১॥
 -কমললোচনৰ চেহাৰা-
হঠাতে দেখিয়া দুইকো চিনন ন যাই।
দর্পণত প্রতিবিম্ব বিলক্ষণ নাই।৷
এক দিনা কমললােচনে পুথি লিখি।
আছন্ত চালিত ৰতিকান্তে তাঙ্ক দেখি ৷৷২৷৷
মানিয়া শঙ্কৰ মনে প্রণমিবে যান্ত।

[ ২৪০ ]

দেখি তাঙ্ক কমললােচনে বুলিলস্ত।৷
কি কৰা খুড়া তুমি ৰাম-ৰাম-ৰাম।
শুনি ৰতিকান্তে পাছে ভৈলা উপশাম ॥৩৷৷
বােলন্ত তুমিসি বাপু মই বলাে দদা।
পুথি লিখি চালিত থাকন্ত বসি সদা ।৷
সাক্ষাতে দাদা যেন দেখিলো তােমাক।
এতেকেসে নমস্কাৰ গৈলাে কৰিবাক ॥৪৷৷
দাদাৰে তোমাৰে কিছু নুহি বিলক্ষণ।
এক সমসৰ বাপু তােৰা দুইজন।৷
এহিমতে কথা কহি দুয়ােজন আছে।
ঘৰ হন্তে আসিলা শঙ্কৰদেৱ পাছে ॥৫৷৷
চালিত আসিয়া পীৰাখানে বসিলন্ত।
দেখি ৰতিকান্তে নমস্কাৰ কৰিলন্ত ।৷
কি ভৈল বুলিয়া পাছে শঙ্কৰে পুছিলা।
শঙ্কৰত ৰতিকান্তে সমস্তে কহিলা ॥৬৷৷
ৰহিলা শঙ্কৰদেৱ হাসি তাঙ্ক চাই।
ৰতিকান্ত শঙ্কৰদেৱৰ হােন্ত ভাই।৷
শুনিছা মাধৱ দলৈ নাম আছিলন্ত। (১)
তানে পাে-নাতি হােন্ত জানা ৰতিকান্ত ॥৭৷৷
আত অনন্তৰে কথা শুনা সাধুনৰ।
গৈলা পুনু ৰামানন্দ ঠাকুৰ শঙ্কৰ।৷


 (১) দ্বিতীয় অধ্যায়-৯-ৰতিকান্ত অদ্বৈতবাদী ব্ৰহ্মজ্ঞানী আছিল। [ ২৪১ ]

বেহাৰক চিলাৰায় দেৱানৰ ঠাই।
কৃষ্ণৰ চৰিত্ৰ কহি থাকন্ত সদায় ॥৮৷৷
 —জম্মৰহস্য ৰচনা-
একদিনা চিলাৰায় দেৱানে বোলয়।
জন্ম ৰহস্যৰ পদ কৰি মহাশয় ॥
দিয়ােক আমাক মহাদই সমস্তয়।
অতিশয় শ্রদ্ধা মনে পঢ়িবে খােজয় ॥৯৷৷
বােলন্ত শঙ্কৰদেৱে বৰপেটা যাইবাে।
জন্ম ৰহস্যৰ পদ তহিতে কৰিবোঁ॥
দেৱানে বােলয় বৰপেটা লাগি যায়ো।
বিলম্ব নকৰিপদ তহিতে কৰিয়াে॥১০৷৷
হেন শুনি শঙ্কৰ গৈলন্ত বৰপেটা।
লগতে আছয় ৰামানন্দ বৰবেটা।৷
তথা যাই মাধৱক বুলি শঙ্কৰ।
কৰিয়াে মাধৱ পদ জন্ম ৰহস্যৰ ॥১১৷৷
কৰযােৰে মাধৱ বােলন্ত মৃদু বাক।
কেমনে পাৰিবাে পদ মই কৰিবাক ।৷
তােমাঠেৰ ঈশ্বৰৰ শকতি যি কাৰণ।
নানা ৰসে পদচয় কৰা সি কাৰণ ॥১২৷৷
বােলন্ত শঙ্কৰদেৱে মাধৱক চাই।
ঈশ্বৰ শকতি মােৰ তােমাৰ কি নাই॥
তোমাৰ আমাৰ কোন খানিক অন্তৰ।
আপনি পাৰিবা পদ কৰিয়াে সত্বৰ ॥১৩৷৷

[ ২৪২ ]

ভাগৱত মিলি দিয়া কৰা পদ বন্ধে।
শুনিয়া মাধৱে পদ কৰিলা আনন্দে।৷
দেৱানৰ আগে পদ শঙ্কৰে দিলন্ত।
পদ দেখি দেৱানে প্রশংসা কৰিলন্ত ॥১৪৷৷

সপ্তচত্বাৰিংশ অধ্যায়

-দেৱ দামােদৰৰ বৃত্তান্ত—

আছন্ত শঙ্কৰদেৱ বৰপেটা থানে।
এককালে যেন ভৈল শুনা সাৱধানে।৷
দামােদৰ গুৰু নামে বিপ্র একজন।
গৃহবাসে থাকন্তে মৰিল ভাৰ্য্যা তান॥১॥
বৌৱেখান দুইখানি ভাতিজ আছয়। (১)
কৰা কৃষি তাসম্বকে পুষিবে লাগয়।৷


 (১) দামােদর দেৱ :—এখেতৰ পিতৃৰ নাম শতানন্দ আৰু মাকৰ নাম সুশীলা। শতানন্দৰ তিনিজন পুত্ৰ আৰু এজনী জীয়েক আছিল। বৰজন পুতেক সৰ্ব্বেশ্বৰ, মাজুজন ৰত্নাকৰ আৰু সৰুজন দামােদৰ। সৰ্ব্বেশ্বৰৰ অপুত্রক অৱস্থাত পত্নী বিয়ােগ হয়। আৰু সেই কাৰণতেই তীর্থ লৈ যায়, তাতে মৃত্যু হয়। ৰত্নাকৰৰ দুগৰাকী ভাৰ্য্যা—প্রথমা ভাৰ্য্যাৰ পুত্র শ্রীকৃষ্ণ, দ্বিতীয়া ভাৰ্য্যাৰ পুত্র মুকুল আৰু ভীম। ভীম লৰাকালতে কালপ্রাপ্ত হয়। দামােদৰ দেৱৰ পত্নীৰ প্ৰসূতা ৰোগত মৃত্যু হয়। (দামােদৰ দেৱৰ চৰিত্ৰ—১৩৬ পৃঃ কৃষ্ণ মিশ্র)। উল্লিখিত দুইখানি

ভাতিজ শ্রীকৃষ্ণ ও মুকুন্দ। [ ২৪৩ ]

—ৰামদাসৰ লগত—

ৰামদাস মাধৱ দেৱৰ বহিনাই ।
পাটবাউনীত থাকা ভাটিবেলা যাই ॥২॥
প্রতিদিনে পঢ়া একাদশ পুথিখান।
দামোদৰ গুৰু যাই বসা তানে থান ॥
কোৰখান পেলাই তাৰ নালত বসন্ত।
দেখি ৰামদাসে তাঙ্ক পিৰাখান দেন্ত ॥৩৷৷
পুছন্ত সাদৰ কৰি শুনিয়াে আতাই।
কহিয়ােক কি কামে আসিলা মােৰ ঠাই।৷
তেঁহে কহিলন্ত অন্য একো কাম নাই।
কৃষ্ণ কথা শুনিতে আসিলাে তযু ঠাই ॥৪।৷
সজ সজ বুলি তেঁহে পঢ়া পুথিখান
এহি মতে নিতে যান্ত কতো দিনমান।৷
একদিন তাঙ্ক বুলিলন্ত ৰামদাসে।
কথা শুনিবাক লাগি আসা মােৰ পাশে ॥৫৷৷
মই কিবা কৃষ্ণ কথা কহিবো তােমাত -
কিবা বােধ পাইবা বাপু তুমিয়াে আমাত॥
কথা শুনিবাক যদি তযু মনে আশ।
যাইবা বাপু তেবে তুমি শঙ্কৰৰ পাশ ॥৬৷৷

—শঙ্কৰ দেৱৰ আগত—

হেন শুনি তেঁহে কোৰখান কান্ধে লই।
ভূই কুৰিবাক যান্ত প্রতিদিনে গই।৷

[ ২৪৪ ]

ভক্ত সব সমে দেৱ শঙ্কৰ যথাত।
কহন্ত কৃষ্ণৰ কথা আনন্দে সাক্ষাত ॥৭৷৷
দামােদৰ গুৰু গৈয়া বেৰৰ আৰত।
থিয় হুয়া আৱজিয়া কোৰৰ নালত।৷
থাকন্তে দণ্ডেক দুই কৃষ্ণ কথা শুনি।
এহিমতে মাসেকো যাহান্ত প্রতিদিনি ॥৮৷৷
এক দিন শঙ্কৰৰ পাশক গৈলন্ত ।
কোৰখান পেলাই তাৰ নালে বসিলন্ত ।৷
দেখিয়া শঙ্কৰে কোন বুলি পুছিলন্ত।
দামোদৰ আসিছন্ত ভক্তে কহিলন্ত ॥৯৷৷
শুনিয়া শঙ্কৰদেৱে পুছন্ত বােপাই ।
কিবা কামে আজি তুমি আসিলা ইঠাই ॥
তেঁহে কহিলন্ত আতা কৃষ্ণ-কথা তুমি ।
কোৱা যেন অমৃত বৰিষে শুনো আমি ॥১০।৷
তাক শুনিবাক প্রতি আসিলাে ইঠাই।
কহিলোহোঁ আন একো প্রয়ােজন নাই।৷
শুনিয়া শঙ্কৱদেৱে বুলিলন্ত হাসি।
কৃষ্ণ-কথা শুনিবাক বােপাই আছা আসি ॥১১৷৷
সজ সজ কৃষ্ণ কথা শুনিবে লাগয়।
হৰিৰ সেৱাৰ যােগ্য ব্রাহ্মণ নিশ্চয়।৷
কিন্তু বোলো কিৰিষি কৰিয়া দামােৰ ।
কৃষ্ণ-কথা শুনিবাক পাইবা অবসৰ ॥১২॥
তেহেঁ বােলে ভাগ্য যেবে আছয় আমাৰ ।

[ ২৪৫ ]

পাইবো আতা ; হেন শুনি বুলিলা শঙ্কৰ॥
তেবে এক শৰণ কৃষ্ণৰ চৰণত।
হৈবাক লাগয় বােপা জানা সাৰতত্ব ॥১৩৷৷

—শৰণ—

শুনি দমােদৰ গুৰু বুলিলন্ত পাছে।
মােৰো এক শৰণ হৈবাক মন আছে॥
শঙ্কৰে বােলন্ত ৰামৰাম শুনিয়ােক।
তুমি দামােদৰক শৰণ কৰায়ােক ॥১৪৷৷
শুনি দামােদৰ গুৰু বুলিলা বচন।
আসি আছো আতা মই তােমাঠেক মন॥
আনৰ খানক মােক ঠেলি নপঠাবা।
আপুনি তােমৰা মােক উপদেশ দিবা॥১৫৷৷
বােলন্ত শঙ্কৰদেৱে তুমিয়ো ব্রাহ্মণ।
ব্রাহ্মণক গুৰু মানি লৈয়ােক শৰণ॥
হেন শুনি বুলিলন্ত দামােদৰ গুৰু।
সাক্ষাতে তােমৰা ভকতৰ কল্পতৰু ॥১৬৷৷
কত ভাগ্যে পাইলো আসি তােমাঠেৰ সঙ্গ।
উচ্ছুক মনক মােৰ নকৰিয়াে ভঙ্গ ॥
তােমাঠেত বিনে আন গুৰু নমানিবাে।
তােমাঠেৰ সঙ্গে কৃষ্ণ কথাক শুনিবো ॥১৭৷৷
এহি বুলি দামােদৰ গুৰু ৰঙ্গ মন৷

[ ২৪৬ ]

কৃষ্ণৰ অভয় পদে লৈলন্ত শৰণ ৷। [১]
শঙ্কৰে তাহাত পুনু কথা পুছিলন্ত।
কয়জন পােষ্য— শুনি তেহেঁ কহিলন্ত ॥১৮৷৷


 (১) দামােদৰ দেৱৰ শৰণ গ্রহণ :—

 (ক) দ্বিজ ৰামানন্দৰ গুৰু চৰিতত আছে যে শঙ্কৰদেবৰ অনুমতিক্রমে ৰামৰাম গুৰুৱে দামােদৰ দেৱক শৰণ দিয়ে--

“ৰাম ৰাম গুৰু শুনি হৰিমন্দিৰত ।
কৰাইলা শৰণ পুনু হৰি চৰণত॥
উপদেশ কথা যত শঙ্কৰে কহিলা।
এহিমতে দামােদৰ আনন্দে ৰহিলা॥

 (খ) ৰামচৰণ ঠাকুৰ কৃত শঙ্কৰ চৰিতত এই বিষয়ে বিশেষ নাই, দামােদৰে ভাৰ্য্যা বিয়ােগৰ পাচত এমহা বিত নি শঙ্কৰক দিছিল। শঙ্কৰে আকৌ বিবাহৰ কথা উল্লেখ কৰাত, বিবাহত মােৰ ইচ্ছা নাই বুলি অসম্মতি জনায়। আৰু—

“তযু ভকতৰ সঙ্গে  গাৱ গুণ মহাৰঙ্গে
 আতপৰে কোন লাভ আছে।
কৰা বাপ দয়া মােক  পুৰুষ উদ্ধাৰ হৌক
 এহি বুলি প্রণামিলা পাছে।”

 (গ) ভুষণ দ্বিজৰ শঙ্কৰদেৱত (৬৪৯-৫৬) আছে যে দামােদৰে এমহা বিত দি শঙ্কৰ দেৱৰ ওচৰত ভাৰ্য্যা বিয়ােগৰ অন্তত হৰি কথা শুনিছিল।

 (ঘ) বংশীগােপাল দেৱৰ চৰিত্ৰ মতে (৬ষ্ঠ অঃ) দামোদৰৰ গুৰু ওৰেষা- দেশৰ বাসুদেৱ মিশ্র। এই মিশ্র সন্ন্যাসীবেশী নাৰদ। তেওঁৰ পৰা ভক্তিৰ উপদেশ পােৱাৰ পাচত শঙ্কৰৰ পৰা শ্ৰৱণ কীৰ্ত্তনৰ উপদেশ পায়। “বুলিলা অঞ্জসা গুৰু শঙ্কৰে আমাক”—বংশী গােপাল ৬৷৪১

 | (ঙ) দেৱ দামােদৰ চৰিত্ৰ মতে (৪৮পৃঃ) দামােদৰৰ পিতৃয়ে শঙ্কৰক কৈছিল—

“আমিও সাধিবো গতি তােমাৰ সকাশে
দামােদৰ আসিয়া মিলিল তযু পাশে ॥
x x x x
চৈতন্যৰ শুদ্ধি মত আমি আছো ধৰি৷৷

 আৰু আছে, ৰাম ৰাম গুৰুৰ হাতত চৈতন্য দেৱে, খামত ভৰাই, শৰণ

ভজন শিক্ষা চাৰিনাম দামােদৰ দেৱলৈ পঠিয়াই দিছিল। [ ২৪৭ ]

-কৃষিকৰ্ম্ম-

বউ আৰো দুইখানি ভাতিজ আছয়।
মই সমে চাৰিজন আন নাহিকয়॥
শঙ্কৰে পুছিলা বোৱা কতি পুৰাধান।
তেহেঁ কহিলন্ত বওঁ চাৰি পুৰা মান॥১৯॥
আৰে ধানে কুলাই বুলি শঙ্কৰে পুছন্ত।
কতো কুলাই কতো নুকুলাই তেহেঁ কন্ত॥
পুনৰপি শঙ্কৰে বোলন্ত দামোদৰ৷।
চাৰি পুৰা ধান বোৱা দিনৰ চাৰিপৰ॥২০॥
একপৰ বেলা কৃষ্ণ-কথা শুনিয়োক।
তিনিপৰ বেলা তিনি পুৰাক বয়োক।৷
যদি নাটে মোহোৰ ঘৰৰ পৰা ধান।
নিবা আসি বোপা লাগৈ যেতি পুৰা মান॥২১।৷
শুনি দামোদৰ গুৰু গৃহক গৈলন্ত।
তিনি পুৰা ধান মাত্ৰ বছৰে বৈলন্ত॥
দুয়ো বেলা কথা প্ৰতি দিবসে শুনন্ত।
বৎসৰেক অন্তৰে শঙ্কৰে পূছিলন্ত॥২২॥


 (চ) কৃমিশ্ৰ ৰচিত দেৱদামোদৰ চৰিত্ৰ মতে সন্ন্যাসীবেশী নাৰদে মণিকূটত (হাজোত) দামোদৰক দিব্যজ্ঞান দিয়ে। পিচত দামোদৰ দেৱ পাটবাউসীলৈ গৈ পত্নীবিহীন অৱস্থাত শঙ্কৰদেৱৰ আগত কৃষ্ণ কথা শুনি থাকে। কোনো কোনো দেৱদামোদৰ-চৰিত্ৰমতে দামোদৰদেৱে মণিকূটত চৈতন্যদেৱৰ সাক্ষাৎ পাইছিল। চৈতন্যদেৱ হেন আহি সন্ন্যাসীবেশে বৰাহকুণ্ডত আছিল।

অনুমান হয় ওৰেষাৰ সন্ন্যাসীক চৈতন্য বোলা হৈছে। [ ২৪৮ ]

ইবাৰ কিৰিষি অল্প কুলাই নুকুলাই।
কৈয়ো বোপা কিছু ধান নিবা মোৰ ঠাই॥
তেহেঁ কৈলা ইবাৰ অধিক কিছু ভৈল।
পুৰা আঠ দশমান আৰো ঘৰে ৰৈল॥২৩॥
হাসি তুলি শঙ্কৰে বোলন্ত ভাল ভাল।
আৰো এক পুৰা ধান নবৈবা ইকাল॥
দুই পুৰা ধান মাত্ৰ বোৱা দুই পৰে।
দুইপৰে কৃষ্ণ-কথা শুনা অৱসৰে॥২৪॥
শঙ্কৰদেৱৰ বাক্যে দুই পুৰা বৈল।
সি বৎসৰ সেই দুই পুৰায়ে আতিল॥
বৎসৰ অন্তৰে পুনু পুছিলা শঙ্কৰ।
ইবাৰ কুলাই নুকুলাই দামোদৰ॥২৫॥

-কৃষিকৰ্ম্ম ত্যাগ-

তেহেঁ কহিলন্ত আতা কুলাই যতমান।
অধিকাও ভৈল কুৰি ত্ৰিশ পুৰা ধান॥
হাসি হাসি শঙ্কৰে বোলন্ত দামোদৰ।
এৰা খেতি আপুনি পুষিবন্ত ঈশ্বৰ॥২৬॥
শঙ্কৰদেৱৰ বচনক সাদৰিয়া।
ভৈলা মহাসুখী পাছে কিৰিষি এৰিয়া॥
অনায়াসে তান অন্ন বস্ত্ৰ মিলি যাই।
এহিমতে শঙ্কৰ দেৱৰ সঙ্গ পাই॥২৭॥
দুখচয় এৰাই মহা আনন্দ মনত।
বোলা সুখী ভৈলো শঙ্কৰৰ প্ৰসাদত॥

[ ২৪৯ ]

শঙ্কৰদেৱৰ বাক্য যিমান কৰয়।
ইহ পৰকালে তাৰ দুঃখ নষ্ট হয়॥২৮॥
কোৰ পাৰি ভাত আতি খাবে নপাৰিল।
দামোদৰ গুৰু কেন ঐশ্বৰ্য্য লভিল॥
জানি সাধুজন তান বচন কৰিয়ো।
দুখচয় এৰাই সুখে সংসাৰ তৰিয়ো॥২৯॥
বোলো কাকু বাণী শুনা সভাসদ জন।
কথা আগ পাছ দেখি নেদিবা দুষণ॥
মই শিশুমতি জানি দোষ পৰিহৰি।
শঙ্কৰ মাধৱ সবে বোলা উচ্চ কৰি॥৩০॥

⸻⸻

অষ্টচত্বাৰিংশ অধ্যায়

—শঙ্কৰদেৱৰ বেহাৰ গমন—

আত অনন্তৰে  শুনা নিৰন্তৰে
 পাছে যেন কথা ভৈল।
বেহাৰক যাইবে  প্ৰতি ৰামানন্দ
 ঠাকুৰক লগে লৈল॥১॥
যাত্ৰা কৰিলন্ত  বৰিয়া খেলত
 ৰহিলা শঙ্কৰদেৱ৷
দেখিয়া মাধৱে  পিৰা দিয়া ভৰি
 ধুৱাই কৰিলন্ত সেৱ॥২॥

[ ২৫০ ]

-মাধৱেব-ন্ধা অন্ন ভােজন-

ভোজনক লাগি  সাজ সুজ দিল
 ঠাই দুই আৱতাই।
পাছে মাধৱক  বুলিলা বচন
 শঙ্কৰদেৱে মতাই ॥৩৷৷
শুনিয়াে মাধৱ  মনৰ উচ্ছৱ
 মােৰ বহুদিন ধৰি।
তােমাৰ থানত  ভুঞ্জিবোহোঁ অন্ন
 আসি আছো শ্রদ্ধা কৰি ॥৪৷৷
সবে সাজ মােৰ  লগতে আছয়
 ভােগ চাউল আদি কৰি।
বান্ধি দিয়া তুমি  ভুঞ্জিবোহোঁ আমি
 আজি বাপু মন পুৰি ॥৫॥
মাধৱে বােলন্ত  নােৱাৰিবো আক
 বাপ ক্ষমা কৰিয়ােক।
ইকামৰ পাত্র  নুহিকওঁ আমি
 আন কাম বুলিয়ােক ॥৬৷৷
শঙ্কৰে বেলন্ত  ৰান্ধিয়োক অন্ন
 মাধৱ বান্ধৱ তুমি।
বহুদিন হন্তে  তযু হাতে অন্ন
 ভুঞ্জিবাক ইচ্ছাে আমি ॥৭৷৷
মাধৱে বােলন্ত  ক্ষেমিয়ােক আতা
 দুইখানি পাৱত ধৰোঁ৷৷

[ ২৫১ ]

আন কাম মােক  সবে বুলিয়োক
 অন্ন ৰান্ধিব নোৱাৰোঁ ॥৮৷৷
শঙ্কৰে বেলন্ত  তেহে ন ৰান্ধন্ত
 অন্যাঅন্যি কৰা দুই।
পছে কতোক্ষণে  মাধৱে বোলন্ত
 আগে কৃতাঞ্জলি হুই ॥৯৷৷
মােৰ ঠাই অন্ন  খালে বিলক্ষণ :
 কথা হুবে দেখো এবে।
ৰামৰায় আদি  গিয়াতি সবত
 খাবাক লাগিব তেবে ॥১০৷৷
তাৰ বুলিবেক  আমাত কৰিয়া
 মাধব কি কুলে চাৰ।
তান হাতে অন্ন ভুঞ্জিলে, ভুঞ্জিবে
 গৃহত লাগে আমাৰ ॥১খ৷৷
মাধৱৰ বাণী  শঙ্কৰেও শুনি
 মনত হৰিষ ভৈলা।
ভুঞ্জিলােহোঁ অন্ন  ভাল স্বাদ ইটো
 মাধৱ ৰান্ধিয়া দিলা ॥১২৷৷
প্রশংসি বােলন্ত  বােপা ৰামানন্দ
 অন্ন ৰান্ধাগই তই।
মাধৱৰ হাতে  মনৰ সন্তোষে
 অন্ন ভুঞ্জিলােহোঁ মই ॥১৩৷৷

[ ২৫২ ]

ৰামানন্দে ৰান্ধিলা  তিনিয়ো ভুঞ্জিলা
 পাছে গৈয়া শুতিলন্ত।
প্রভাত ৰজনী  উঠিলন্ত তিনি
 অনন্তৰে স্নানিলন্ত ॥১৪।
চলিবাক মন   কৰিয়া ভোজন
 শঙ্কৰদেৱ বসিলা।
আধ টকী গােট  দিয়া নমস্কাৰ
 মাধৱদেৱে কৰিলা ॥১৫॥
চৰণত ধৰি  বােলন্ত বিনয়
 আতা কহোঁ শুনিয়ােক।
তােমাঠেৰ তিনি  বেটাৰ একৰ
 সমান মানিবা মােক ॥১৬৷৷
 —শঙ্কৰ মাধৱ একাত্মা—
শুনিয়া শঙ্কৰ-  -দেৱে খঙ্গিলন্ত
 কি বােলা মাধৱ তুমি।
তিনিও বেটাৰ এক  বেটাৰ সমান
 মানিবো তােমাক আমি ॥১৭৷৷
আছা ভাল বুজি  আছা এহিমান
 শুনা কহোঁ সাৰোত্তৰ।
তিনিয়াে বেটায়  ইটো কলেৱৰে
 নুহি তযু সমসৰ ॥১৮৷৷
বুকে হাত দিয়া  শঙ্কৰে বােলন্ত
 শুনিয়ে মাধৱ তুমি ।

[ ২৫৩ ]

ইটো প্রাণ এৰে  সমান তােমাক
 মানি আছোঁ মনে আমি ॥১৯।.
সবাতো অধিক  তুমি প্রিয়তম
 নিশ্চয় জানিবা তাক.
তুমি আমি ভিন  নুহিকো জানিবা
 কহিলেহোঁ সত্য বাক ॥২॥
পাছক লাগিয়া  তােমাতেসে হন্তে
 জীৱ সব নিস্তৰিবা।
হৰি ভক্তি ধৰ্ম্ম  লােকক কেৱলে
 তুমি উপদেশ দিবা ॥২১।৷
এহি বুলি চক্ষু  চলল কৰিয়া
 আলিঙ্গিয়া ধৰিলন্ত।
সলোতক নেত্রে   মাধৱে প্রণাম
 শঙ্কৰক কৰিলন্ত ॥২২৷৷
দুই হন্তকো দুই   প্ৰবােধ বচনে
 শঙ্কৰ চলি গৈলন্ত।
তাহাঙ্ক নিৰিখি  লােতকক মচি
 মাধৱে কান্দি ৰৈলন্ত ॥২৩৷৷
আত অনন্তৰে  বেহাৰ নগৰে
 পাইলন্ত শঙ্কৰ গই।
ৰামানন্দ বৰ-  -ঠাকুৰে সহিত
 কতােদিন আছা ৰই ॥২৪৷৷

[ ২৫৪ ]

ঊনপঞ্চাশৎ অধ্যায়

–শঙ্কৰদেৱৰ বৈকুণ্ঠ প্রয়াণ—

প্রতিদিনে আগ  বেলা তেহেঁ যান্ত
 ৰাজাৰ পাশক প্রতি।
পাছ বেলা দেৱ-  -নৰ আগে থাকে
 মনত হৰিষ আতি ॥১৷৷
 —ফোঁহাৰ জ্বৰ—
এহিমতে কত  দিন আছা, জাঙ্গ-
 -গাণ্টিত ফোঁহােৰা গােটেক। (১)
ভৈল আসি তান  বিষ বৰ টান
 বেদনাতে জ্বৰাইলেক ॥২৷৷
যাইবাৰো নেদেখি  ৰাজায়ো বােলয়
 শঙ্কৰ নাসিল আজি।
কিবা ভৈল গৈয়া  আস বার্তা লৈয়া
 পাঞ্চিলেক এক কাৰ্যী ॥৩৷৷
কার্যী গৈয়া বােলে  ৰাজায়ে পঠাইলে
 যাইবাৰ নেদেখি পাছে।
বােলন্ত শঙ্কৰে  নপাবৰো যাইবাৰে
 গাৱ মন্দ কৰি আছে ॥৪৷৷


 ৰামাচৰণ ঠাকুৰৰ মতে গুপ্ত অঙ্গত, দ্বিজ ৰামানন্দৰ মতে সােঁহাতৰ

গান্টিত। [ ২৫৫ ]

কাৰ্য্যীয়ে কহিল  শঙ্কৰ নাহিল
 গাৱখানি মন্দ কৰে।
অসন্তোষে ৰাজা  ৰহিল শুনিয়া
 যেন কথা তাত পৰে ॥৫৷৷
তিন দিন ভৈলে  ৰামানন্দে বােলে
 আতাৰ নাপৰা টান ।
ন জানি কি হয়  বুলি মহাশয়
 পুছিলন্ত বিদ্যমান ॥৬৷৷

 —ৰমানন্দৰ প্রার্থনা—

আতা শুনিয়ােক  সুখী ভৈল লােক
 তােমাত বস্তুক পাই।
মই একো বস্তু  নপালাে তােমাত
 কহিয়াে মােত বুজাই ॥৭৷৷
শুনিয়া শঙ্কৰে  খঙ্গি বুলিলন্ত
 কি পুছ তই মােত।
যিবা আছে ঘৰে  মােৰ, তােৰাৰে
 আৰ কিবা দিবাে তােত ॥৮৷৷
হেন বুলিলন্ত  আবে আছে মােত,
 তাক নাে খােজোহোঁ আমি।
সংসাৰ তৰিবে  বস্তু খােজোঁ এবে ,
 তাক দিয়াে মােক তুমি ॥৯৷৷

[ ২৫৬ ]

শুনিয়া শঙ্কৰে  পাছে বুলিলস্ত
 আস বােপা ৰামানন্দ।
মেলি দুয়াে হাত  সাৱটি গলত
 ধৰিলা পায়া আনন্দ ॥১০৷৷

 —পুত্ৰক উপদেশ দান—

বােলা পুত্ৰ বুলি  নাহি স্নেহ তােক
 সামান্য যেন মনত।
আজি তােক প্রতি  স্নেহ ভৈল আতি
 ঘটিল সম্বন্ধ যত ॥১১৷৷
মােৰ প্ৰসাদত  সংসাৰ তৰিত
 চিন্তা কিবা আছে তােৰ।
আতি অপ্রয়াসে  সংসাৰ তৰিবি
 যদি বাক্য কৰ মােৰ ॥১২।৷
যিহেতু সংসাৰ  তৰিবাৰ বস্তু
 আমাত তই পুছিলি।
এতেকে আমাক  পৰম আনন্দ
 ৰামানন্দ তই দিলি ॥১৩।৷
আবৰো এক বার্তা  কহহো তােমাত
 মােৰ গুণ যশ যত৷
বল পৰাক্রম  শক্তি ভক্তি পন্থ
 সবে আছে মাধৱত ॥১৪৷৷

[ ২৫৭ ]

—মাধৱ ভক্তিপস্থৰ অধিকাৰী—

মাধৱৰ লগে  পিৰীতি কৰিয়া
 কৰিয়া আতি আহ্লাদ।
যুগুতি বচন  পুছিবাহা তান্ত
 ন কৰিবা তাঙ্ক বাদ ॥১৫৷
তান মােৰ কিছু  নাইকে অন্তৰ
 জানিবা নিশ্চয় কৰি।
মাধৱ আমাৰ  পৰম বান্ধৱ
 মােৰপ্রাণ-এৰে সৰি ॥১৬৷৷
তান্ত হন্তে জীৱ  বিস্তৰ তৰিব
 ভক্তিৰ হৈব আচার্য্য।
মই চলি যাওঁ  তাহান্তে লাগিল
 ইঠাৱৰ যত কাৰ্য্য ৷৷১৭৷৷
মাধৱৰ ঠাই   কহিবি বােপাই
 আমাৰ কথা সমস্ত।
স্মৰি মােৰ গুণ  মাধৱে আপােন
 কহিবা ভক্তিৰ তত্ত্ব ॥১৮৷৷
 —প্রয়াণ—
এহি বুলি ৰামা-  -নন্দক সম্বােধি
 ৰাম কৃষ্ণ উচ্চৰিলা।
কৃষ্ণৰ চৰণ  হৃদয়ত ধৰি
 বৈকুণ্ঠক চলি গৈলা ৷৷১৯৷৷ (১)


 (১) দৈত্যাৰ ঠাকুৰে ইয়াত শক, তাৰিখ, মাহ, বাৰ, তিথি আদি একো দিয়া নাই। ১৯৪০ শক, ৭ ভাদ, শুক্লা দ্বিতীয়া, বৃহস্পতিবাৰ বেলি

এপ্ৰহৰ সময়ত শঙ্কৰদেৱ স্বর্গী হয়। [ ২৫৮ ]

বাজায় শুনিল  কার্যীক পাঞ্চিল
  ঘৃত আগৰ কাষ্ঠ দিয়া
অনেক বিলাপ  কৰি ঘৃত আদি
  দেৱানো দিল পঠায়া॥২৭৷৷

  —অন্তোষ্টি ক্রিয়া—
পাছে ৰামানন্দে  কাষ্ঠ সংস্কাৰ
  কৰিলন্ত বেহাৰতে৷
দেৱানে দিলেক  বাচৰি খানেক
  আসিলন্ত চৰি তাতে ॥২১৷৷
দুইদিন ভৈল  এতেকতে পাইল
  মাধৱদেৱে বাৰ্ত্তাক৷
সমস্তে সম্ভাৰ   কৰিলা যতেক
 লাগৈ দশা কৰিবাক ॥২২৷৷
  —দশা কাৰ্য্য—
দশ দিনা আসি   পাইলা ৰামানন্দ
  সবে সাজ হুই আছে।
একো চাহিবাক  নলাগিলা দশা
  কৰিলন্ত মাত্র পাছে ॥২৩৷৷
  —শ্ৰাদ্ধ—
শুদ্ধি শ্রাদ্ধ কৰি  পাছে ৰামানন্দ
  মাধৱৰ থানে গৈলা।
যি বােল শঙ্কৰ  -দেৱে কহিলন্ত

[ ২৫৯ ]

 সবে মাধৱত কৈলা ॥২৪।
মাধৱে শুনিয়া  সাৱটি ধৰিয়া
 গলত ৰামানন্দক।
কান্দিলা বিস্তৰ  শঙ্কৰদেৱৰ
 সুমৰি মনে গুণক ॥২৫৷৷
শুনা সাধুজন  থিৰ কৰি মন
 ইকথা মহা আনন্দ।
শঙ্কৰ মাধৱ  বোলা নিৰন্তৰ
 লভিবা পৰমানন্দ ॥২৬৷৷


পঞ্চাশৎ অধ্যায়

—মাধৱৰ-ধৰ্ম্ম প্ৰচাৰ—

এহিমতে কান্দিয়া মাধৱদেৱ ৰৈলা।
মাধৱক সম্বোধিয়া ৰামানন্দো গৈলা।৷
আঠে চাৰি মাধৱৰ থানক আসন্ত।
মাধৱো তাহাঙ্ক বহু আদৰ কৰন্ত ॥১৮।৷
শঙ্কৰদেৱৰ পত্নী আছন্ত গােসানী।
তৈকে যান্ত আঠে পক্ষে মাধৱ অপুনি৷৷
এহিমতে বৰিষেক আছন্ত আনন্দে৷
শঙ্কৰৰ সপিণ্ডি কৰিলা ৰামানন্দে ॥২৷৷

[ ২৬০ ]

—ৰামানন্দৰ মৃত্যু—

ভক্তবর্গ সমে তথা গৈলন্ত মাধৱ ।
ভৈলা মহা আনন্দ কীৰ্ত্তন মহােৎসৱ৷৷
ৰামানন্দ ঠাকুৰে সপিণ্ডি কৰি আছে ।
গৈলন্ত বৈকুণ্ঠ আঠ দশ দিন পাছে ॥৩৷৷
দেখিয়া সবাৰো মনে বিষাদ মিলিল।
ৰাম-ৰাম গুৰু আদি সমস্তে কান্দিল৷৷
মাধৱে বিষাদ আতি কৰিলা মনত।
শুনা যেন কথা ভৈল তাহাৰ পাছত ॥৪৷৷

—ৰামচৰণ ঠাকুৰৰ বিদ্যাভ্যাস—

মাধৱ দেৱৰ বহিনাই ৰামদাস ।
আছা এক চতালে দুই হন্ত কৰি বাস।৷
ৰামদাস সুত ৰামচৰণ নিশ্চয়।
মাধৱদেৱৰ তেন্তে ভাগিন হােৱয়॥৫৷৷
পঢ়ান্ত মাধৱদেৱে মহা ৰঙ্গ মনে।
ফলা সমস্তক পঢ়িলন্ত অল্প দিনে।
পঢ়াইলন্ত নাম খড়ি সমস্তে পঢ়িলা।
অনন্তৰে সন্ধি শব্দ পাঠ বৃত্তি দিলা॥৬৷৷
পঢ়িলন্ত সন্ধিবৃত্তি ন্যায় দুই খান।
দিনেক মাধৱ গৈলা পাটবাউসী থান৷৷
গৈলা ৰামচৰণ নপঢ়ি উমলিবে৷
নাসিলন্ত ঘৰক গধূলি ভৈল যেবে ॥৭॥

[ ২৬১ ]

ৰাত্ৰি দণ্ড চাৰি যাই তভাে নাসিলন্ত !
পিতৃ মাতৃ তান দুয়াে বিচাৰি ফুৰন্ত৷৷
হাতে জোৰ কুৰা ধৰি বিচাৰি নপাই।
বাপু বুলি মাতৃ তান ফুৰা গেৰিয়াই ॥৮৷৷
সেহি বেলা মাধৱদেৱ পাইলন্ত আসি।
কি ভৈল বুলিয়া পুছিলন্ত হাসি হাসি ।
বােলা তাৰা কিবা ভৈল ৰামাই নাই ঘৰে
বােলন্ত মাধৱদেৱ মাৰণৰ ডৰে৷৷
নপঢ়িল নিমিত্তে পলাই যাইবে কৈত।
জোৰ দে মােক মই জান আছ যৈত৷৷
এহি বুলি মাধৱে হাতত জোৰ লই।
ঘৰৰ কোণায় দিয়া চম্ চম্ গই॥১০৷৷
দেখিল কুঁহিয়াৰ গাছ তলে আছে বসি।
হাতে ধৰি আনন্ত মাধৱদেৱে হাসি।৷
কি বােল আক কেহ বিচাৰি নােপােৱা ।
ৰামাই কিবা ভৈল বুলি কান্দি কান্দি কোৱা ॥১১।৷
মই জানাে সবে যি যথাত থকয়।
মােহােৰ হাতৰ আৰ হৈবাক পাৰয়৷৷
আৰো একদিনা পঢ়িবাক হেতু আঙ্ক।
আগ চালিখানৰ খুটাত বান্ধিলেক ॥১২।৷
মাৰিলা মাধৱদেৱে ঠলামুৰি এক।
লাগিয়া খুটাৰ গাঠি তেজ বহিলেক৷৷
কপালৰ পাঞ্জৰৰ সেহি দিনে আৰ।

[ ২৬২ ]

নমাৰিবো বুলি কৰিলন্ত অঙ্গীকাৰ ॥১৩৷৷
যদ্যপি ভাগিন মাৰিবাক যোগ্য নয়।
মাৰোঁ পঢ়িবাৰ হেতু দোষে নপাৱয়।৷
পঢ়াইলা মাধৱদেৱে ৰামচৰণক ;
পাৰিলা পঢ়িবে ভাল পদ পয়াৰক ॥১৪।৷
ৰত্নাৱলী ৰত্নাকৰ আদি গ্রন্থ যত।
উন্নীকৃত্য ভৈল আনাে শাস্ত্ৰত পাৰ্গত।৷
শিখাইলন্ত কায়স্থিকা বৃত্তি সমস্তয়।
অদ্ভুত লেখক ভৈলন্ত মহাশয় ॥১৫৷৷

—স্থানত্যাগ—

আছস্ত মাধৱদেৱ এহিমতে তথা।
আত অনন্তৰে শুনা যেন ভৈল কথা৷৷
আসে ছোট দেৱানৰ বৰপেটা থানে।
মস্তৰুকা কানাই বৰদেৱলীয়া সনে॥১৬৷৷
দেখি হৰিগুৰু ৰামদাস সমে দুই।
ভুশুংৰীক লাগি গুছি গৈলা ভয় হুই।৷
সুন্দৰী দিয়াক লাগি সােহি সময়ত।
আইলা বৰপেটা হন্তে মাধৱে পাছত ৷৷১৭৷৷
আছন্ত মাধৱদেৱ সুন্দৰী দিয়াত।
শুনা যেন ভৈল তথা সােহি সময়ত৷৷
শঙ্কৰদেৱৰ ছােট বেটা হৰিচৰণ।
বায়ুধিক ভৈল যেন বিশ্রুতি লক্ষণ ॥১৮৷৷

[ ২৬৩ ]

—হৰিচৰণ ঠাকুৰৰ বায়ুৰোগ—

কতাে বােধ পান্ত কতো বােধ নপাৱন্ত ।
কতাে বাতুলৰ চিহ্ন বচন বােলন্ত৷৷
কাকো ধৰি মাৰন্ত বাটত যাক পান্ত।
ৰাখিবে নপাৰি কতাে যৈকে মন যান্ত ॥১৯।৷
আসিয়া মাধৱদেৱে জুৰ বস্তু দেন্ত।
তেল পানী দিয়া আৰ ফুৰিবে নেদেন্ত।৷
অতিশয় চণ্ড ভৈলে বান্ধিয়া ৰাখন্ত।
কাক বান্ধি আছো বুলি কতোহোঁ কান্দন্ত ॥২॥
হৰি হৰি বােলো দেৱ শঙ্কৰ গৈলন্ত।
তান প্রতিনিধি হৰিচৰণ আছন্ত।৷
এহি মনে দুঃখে নানা ঔষক দিয়া।
চাহিলা মাধৱদেৱে যতন কৰিয়া ॥২১৷৷
ৰাত্রি দিনে একতিলো সঙ্গ নছাৰন্ত।
বৎসৰেক অনন্তৰে সকাশ পাইলন্ত।৷
পূৰ্ব্বৱত ভৈলা যেবে হৰি যে চৰণ।
তেবেসে মাধৱদেৱ ভৈলা সুস্থ মন ॥২২।৷

—ৰামদাসৰ জোঁৱাই হৰিচৰণ—

বেটী ৰামদাসৰ ভাগিন মাধৱৰ।
হৰিচৰণক বিহা কৰাইছা শঙ্কৰ।৷ (১)


 (১) হৰিচৰণ ঠাকুৰে দ্বিতীয় বাৰ—বগুলাগ্ৰামৰ গােপাল জমিদাৰৰ কন্যা বিষ্ণুমতীক বিয়া কৰায়। একপুত্র দুই কন্যা জন্মে। ( আই

কনকলতা চৰিত্ৰ —১১ পিঠি ) [ ২৬৪ ]

মাধৱদেৱৰ আনন্দৰ নাহি অন্ত।
শুনা আবে যেন ৰামচৰণ কৰন্ত ॥২৩৷৷

-গৃহস্থ ৰামচৰণ -


ভূশুংৰিক গৈয়া ছয় বৎসৰ আছন্ত।
হাল গৰু খেতি ভূই বাৰী কৰিলন্ত৷৷
টকা কৰি আৰ্জ্জিবে মনত ভৈল আশ ।
নিতে নিতে তাঙ্ক বুজাই কহে ৰামদাস৷৷২৪৷৷
তই যিটো কৰা মই নামানােহোঁ ভাল।
তেন্তে খঙ্গি বােলে তেবে তুমি কিবা বােল৷৷
হাল গৰু ভূই বাৰী যেবে নােহে ভাল।
তুমি কাক ভাল মানা কহিয়াে সকল ॥২৫৷৷
তেঁহে বােলে মমা তােৰ পৰম ভকত।
ৰত্নাৱলী ৰত্নাকৰ তাহান সঙ্গত।৷
বুজিলি দুইথানি গ্ৰন্থৰ অৰ্থ যেবে।
জান বাপু মােৰ মনে ভাল দেখোঁ তেবে ॥২৬৷৷
এহিমতে বৎসৰেক বােলে বাপ ঘনে।
পাছে শ্রদ্ধা ভৈল ৰামচৰণৰ মনে।৷
মায়ে খনে পাছে তাঙ্ক বুলিলন্ত বাক।
যায়াে বাপু ৰামচৰণ সুন্দৰী দিয়াক ॥২৭৷৷

-সুন্দৰী দিয়াত ৰামচৰণ-


ভৈল ছয় বর্ষ বাৰ্ত্তা দাদাৰ নপাই।
আস গৈ বাপু বহিনীয়েৰক চাই।৷

[ ২৬৫ ]

জমায়ো পাগল হুয়া বােলয় আসিলা।
শুনিলওঁ আবে কিছু সকাশক পাইলা ॥২৮৷৷
শুনি ৰামচৰণে মনত আলোচন্ত।
মমাৰ পাশক যাইবে আতাও বােলন্ত ।৷
আয়াে যাইবে বােলা মােক বহিনীৰ ঠাই।
একেলগে আসো গৈয়া দুইহান্তকো চাই ॥২৯৷৷
এহিবুলি পাছে ৰামচৰণ গৈলন্ত।
হৰিচৰণৰ গৈয়া গৃহে ৰহিলন্ত৷৷
দুইদিন আছি তাঙ্ক বুলিলন্ত বাণী।
সুন্দৰীক যাওঁ দিয়ো মানুষ এখনি ॥৩৩৷৷
দেখোঁ গৈয়া মামাক আসিবো এহিক্ষণে।
হেন শুনি বুলিলন্ত হৰি যে চৰণে ॥
মানুষত কিবা কাম চলা মই যাওঁ।
গধূলিয়াে একেলগে আসিবাক পাওঁ ॥৩১।৷
এহি বুলি দুই শাল বৈনাই গৈলন্ত।
নৰা-তলি খনে ভক্ত সমে বসিছন্ত৷৷
দেখি দুয়ােজনে নমস্কাৰ কৰিলন্ত।
পাছে দেৱ মাধৱে তাৰাক সুধিলন্ত ॥৩২৷৷
ইটো গােট কোন নমস্কাৰ কৰিলন্ত।
ৰামচৰণ নুহি কেন মুনিষ ভৈলন্ত।
যৈসানি ইহাক কোলা লৈবাক লাগিল।
তৈসানি ইহাৰ আমি কুটুম্ব আছিল ॥৩৩৷৷
এবে আৰ আমাত শুধিয়াে নপাৱয়।

[ ২৬৬ ]

কৈত আছে বুলিয়া বার্ত্তাও নলৱয়৷৷
নানান বচন আৰো বুলি এহিমত।
পুছিলন্ত গৃহৰ কুশল কথা যত ॥৩৪৷৷
অনন্তৰে বেলি গৈল দেখি দুয়ােজন।
উঠিলন্ত গৃহক যাইবাক ভৈল মন।৷
দেখি দেৱ মাধৱে বােলন্ত হৰিচৰণ।
তুমি ঘৰে যাইবা কৈক যাইবে ৰামচৰণ ॥৩৫৷৷
কিভাল মন্দ মােৰ চাহিলেক আসি।
দেখিলেক নৰাতলি খনে আছো বসি।৷
তুমি সি কুটুম্ব তাৰ মই নুহিকওঁ।
ন মানে আপােন মােক আশয় পাই লওঁ ॥৩৬৷৷
তুমি যায়াে বােপা ৰামচৰণ থাকোক।
কেন ভাল মন্দে আছোঁ আমাক দেখােক।৷
এহি বুলি ৰামচৰণক ৰাখিলন্ত।
গৃহক লাগিয়া হৰিচৰণ গৈলন্ত ॥৩৭৷৷
ঘৰক আসিয়া অন্ন ভােজন কৰাই।
অনেক প্রকাৰে তাঙ্ক বুলিলা বুজাই৷৷
বুঢ়া ভৈলো আমি আবে সঙ্গ ন ছাৰিবি।
নাপৰা পৰিলে মােক পানী ভাত দিবি ॥৩৮৷৷
তােৰ পিতৃ ৰামদাস মহা উপকাৰী।
তাৰ গুণ জানা আমি শুজিবে নপাৰি।৷
তাহান প্রসাদে শঙ্কৰৰ পাইলাে সঙ্গ।
তান লগে থাকিবাক মনে মহাৰঙ্গ ॥৩৯৷৷

[ ২৬৭ ]

তাঙ্কে আনাগই বাপু একেলগে থাকি।
আমাৰ লগত থাকি দুখ পাবিনিকি॥
কোন দুঃখ নপাইবি আহগৈ ওচৰ।
কোলায়ে বুকুৱে তুলি কৰিলাে ডাঙ্গৰ ॥৪০॥
আবে বৰ ভৈলে আৰ ওচৰ নাসিস।
বছৰ ছয় মানে আসি পাকটো নেদিস॥
এহিমতে অনেক প্রবােধ বুলিলন্ত।
শুনি ৰামচৰণে নমাতি আছিলন্ত ॥৪১৷৷
 —আধলীয়া যদুমণি দেৱ—
যদুমণি নামে এক ব্রাহ্মণ আছিল।
ৰত্নাৱলী ৰত্নাকৰ পাঠ কৰিছিল।
সেহি দিনে আসাম ৰাজ্যক তেহোঁ গৈল।
আৰো দিন কেহোঁ পাঠ কৰন্ত নভৈল। [১]
 —পাঠক ৰামচৰণ—
সবে বােলে কি হৈব নাহিকে পাঠক।
শ্ৰীৰামে বােলন্ত যিবা পাঠ কৰিবেক॥
মই জানো এহি বুলি কাঠ খানি আনি।
বাপু ৰামচৰণ কৰা তুমি পাঠ খানি ॥৪৩৷৷
তাৰে পৰা পাঠ ৰামচৰণ কৰন্ত।


 (২) আধলীয়া যদুমণি দেৱ-দামােৰদেৱ আৰু মাধৱ দেৱৰ আজ্ঞাত বংশী গােপালদেৱৰ লগত উজনি অসমলৈ যায়। তেওঁৰ পৰা মাহৰা আদি

সত্র হয়। [ ২৬৮ ]

দিনেক মাধৱদেৱে তাঙ্ক বুলিলন্ত॥
শুনা ৰামচৰণ আখৰ ভাল তোৰ।
পুথি বলিছলন লেখিয়া দেহ মোৰ ॥৪৪৷৷
 —বলিছলন পুথি—
শুনি ৰামচৰণে লেখিয়া পুথি দিলা।
মাধৱে আখৰ দেখি প্রশংসা কৰিলা॥
অনন্তৰে আসি ফাগু সময় মিলিল।
কলিয়াদলৈ মাধৱক আসি নিল ॥৪৫॥
ৰামচৰণক দেৱ মাধৱে লগত।
নিল মামা বুলি বসাই তানে আসনত॥
দেখিলেক এহেঁ কোন বুলিয়া পুছয়।
আতাৰ ভাগিন এহেঁ সকলকে কয় ॥৪৬॥
যিটোজনে মাধৱক টকা গােট দেয়।
শিকা গােট দেয় ৰামচৰণক সেই॥
এহি মতে দুই চাৰি অৰ্থক পাইলন্ত
পাছে ৰামচৰণে মনত আলােচন্ত ॥৪৭৷৷
মমাৰ লগত আসি থাকিলে নিশ্চয়।
ইহ পৰলােক সুখ সমস্তে মিলয়॥
এহি বুলি কয়জন মানুষ নিলন্ত।
ভুশুংৰীৰ পৰা সুন্দৰীক আসিলন্ত ॥৪৮।৷
 —মথুৰাদাসৰ শৰণ—
ভুশুংৰীত আছা ৰামচৰণ যৈসানি।
জানিবা মথুৰাদাস আসিয়া তৈসানি৷৷

[ ২৬৯ ]

মাধৱদেৱৰ সঙ্গ পায়া মহাশয়।
আছে তান মহাভাগ্য ভৈলা সি উদয় ॥৪৯৷৷
মাধৱদেৱৰ মুখে শুনি কথাচয়।
দূৰ ভৈল তান যত মনৰ সংশয়৷৷
তেবে বঙ্গদেশীয় মতক এৰিলন্ত।
মাধৱক গুৰু মানি শৰণ লৈলন্ত ॥৫০॥
তেবেসে ঈশ্বৰ বুলি মানি শঙ্কৰক।
ধিক বুলি খেদ কৰিলন্ত আপোনাক৷৷
মথুৰাদাসৰ সঙ্গে আনো তান্তি যত।
গুৰু মানি উপদেশ লৈলা শঙ্কৰত ॥৫১৷৷
লক্ষ্মণ ওজা নামে সেহি তান্তিৰ লগত।
অমৃত বৰিষে যেন কীৰ্ত্তন কৰন্ত৷৷
লৰুৱাৰ ছৱালি মাধৱ ডাইন পালি।
গান্ত লগে তাৰ মথুৰাদাস ওজা পালি ॥৫২৷৷
তান্তিকুঞ্ছি হন্তে কীৰ্ত্তনীয়া দল আসি।
কৰন্ত কীৰ্ত্তন সবে আমাসি দোমাসি॥
বুলিলা মাধৱদেৱে মথুৰাদাসক।
তােৰা নিয়া ঠাই দিয়া ৰামচৰণক ॥৫৩৷৷
শুনি তাৰা সাদৰ কৰিয়া তাঙ্ক নিল।
তান্তিকুঞ্ছিতে তাঙ্ক ঘৰ বান্ধি দিল ৷৷
যেবে মাধৱৰ ভাত ৰান্ধিবে লাগিল।
সুন্দৰীক তেবে ৰামচৰণ আসিল।৷৫৪৷৷
ৰামচৰণৰ ঘৰ আছিল যথাত॥

[ ২৭০ ]

পােৰাভিঠা সত্র জানা হুই আছে তথাত৷৷
এহিমানে আবে ইটো প্রসঙ্গ ৰহোক৷
শঙ্কৰ মাধৱ ঘনে ঘনে বুলিয়ােক ॥৫৫৷৷

⸻⸻

একপঞ্চাশৎ অধ্যায়

—শ্ৰীৰাম আতৈৰ বৃত্তান্ত—

এহিমতে গৈয়া  সুন্দৰী দিয়াত
  মাধৱদেৱ আছন্ত।
ভকত সকল  সমে কৌতূহল
 কৃষ্ণৰ কথা চৰ্চ্চন্ত॥১॥
শ্ৰীৰাম আতৈৰ   কথা কহোঁ আবে
  শুনা সাধু নিৰন্তৰে।
আন বস্ত্র তান  নাহি কন্থা খান
 দুইখান ধৰাত পৰে॥২৷৷
লােকে দেই আনি   কোনো বস্ত্রখানি
  তাহাক থন্ত ৰাখিয়া।
ভক্তৰ নেদেখি   দুঃখী যাক দেখি
  মাতি আনি তাকে দিয়া ॥৩৷৷
মাগিবে নযান্ত  ঘৰে বসি পান্ত
  চাউল যত লাগে মানে৷৷

[ ২৭১ ]

দিয়া ভকতক   ৰাখে সাজেকক
  অধিক নলাগে তানে॥৪৷৷
 —লােটা বিঘিনি—
একদিন এক  গুটি লোটা তাঙ্ক
  মাধৱদেৱে দিলন্ত।
শ্ৰীৰাম আতৈ  একো নুবুলিয়া
  বাসাক তাঙ্ক নিলন্ত ॥৫৷৷
মাধৱে পাছত  পঠাইলা ভকত
  দেখা নেদি শ্ৰীৰামক।
বেৰ আৰে গৈয়া   চায়ি থাকা গৈয়া
  বাসা যাই কান্দিবেক॥৬৷৷
ভক্ত জনে যাই  আঁৰে আছা চাই
  লোটাটো আগত থই।
কান্দন্ত বসিয়া   লােটাক চাহিয়া
  আনে মােক ন জানই॥৭৷৷
আতাতো জানন্ত   কিয় দুঃখ দেন্ত
  এই মােৰ ভৈল বিঘিনি ।
কৃষ্ণ-কথা শুনা   তেয়াে মোৰ মনে
  ঘৰে আছে লােটা খানি॥৮৷৷
লাও গােট এৰি   যাওঁ তাকে পৰি
  নথাকয় চিন্তা মনে।
আতায়াে দুঃখক   দেই এহি বুলি
  কান্দিলন্ত কতোক্ষণে॥৯॥

[ ২৭২ ]

পাছে বুলিলন্ত  আগ দিয়াছন্ত
 আতাৰ প্ৰসাদ আক।
দুঃখ যদি পাই  তথাপি লাগয়
 আক ভােগ কৰিবাক ॥১০৷৷
এহি বুলি দিন  দুই তিনি মানে
 লোটাত খাইলন্ত পানী।
এগুটি ভক্তক  মাতিয়া ঘৰক
 তাঙ্ক দিলা লােটা খানি॥১১৷৷
মাধৱদেৱৰ   ভক্ত সব সনে
 মনে হৰিষিত ভৈল।
শুনা আতপৰ  সাধু নিৰন্তৰ
 দামােদৰে যেন কৈল॥১২৷৷

⸻⸻

দ্বিপঞ্চাশৎ অধ্যায়

—ভােবৰা দামোদৰ আদিৰ বৃত্তান্ত—

নামত ভােবৰা  দামােদৰ আৰো
 এক ভক্ত আছিলস্ত।
নিতে কৃষ্ণ-কথা  শুনি আইলে অস্ত
 মাধৱদেৱে পুছন্ত৷৷৪১৷৷
আজি কোন কথা  ভৈল দামােদৰ

[ ২৭৩ ]

 শুনি কহে দামােদৰে।
আন কোন কথা  হুইবে বাপু মােৰ
 বান্ধৱৰ কথা পৰে॥২৷৷

 —একান্ত বিশ্বাস--

কৈলে সেহি মােৰ  বান্ধৱ কৃষ্ণৰ
 কথা যে শুনি মাধৱে।
পুছিলন্ত পুনু  কোন পুথি বুলি
 মনত মহা উৎসৱে॥৩৷৷
দামােদৰে শুনি  একাদশ বুলি
 প্রতি দিনে দিনে কয়৷৷
দশম দ্বাদশ  ৰামায়ণ আদি
 যেহি কি পুথি নােহয়॥৪৷৷
মাধৱে শুনিয়া  বােলন্ত হাসিয়া
 দশম দেখো পঢ়িলা।
শুনি দামােদৰে  কলে হুই বাপু
 তােমৰা যিটো কহিলা॥৫৷৷
আগ দুৱাৰতে  দুই গছ আছে
 তাৰ গােটা চাৰি পাত।
তাকে চাউল দিয়া  ছেকা পানী ফুটি
 প্রতিদিনে খান্ত ভাত॥৬৷৷
মাধৱে পুছন্ত  কিসে সমে ভাত
 খাইলা দামােদৰ তুমি।

[ ২৭৪ ]

তেহেঁ কহিলন্ত  পঞ্চামৃত সমে
 ভাত খাইলাে বাপু আমি॥৭॥
তােমাৰ প্ৰসাদে  দুর্ল্লভ কি বস্তু
 এহি বুলি ৰৈলা তথা।
দুয়াে নয়নৰ  নীৰ বহে ধাৰে
 শুনন্তে কৃষ্ণৰ কথা॥৮॥
কঠাল জোহনি  শৰীৰ শিহৰে
 লােম উপৰক তুলি।
এতেকে ভােবৰা  দামােদৰ তাঙ্ক
 সমস্ত ভকতে বুলি ॥৯৷৷
 -বৃদ্ধ ব্ৰাহ্মণৰ মিথ্যাচৰণ-
আসাম ৰাজীয়া  আসিলন্ত এক
 অত্যন্ত বৃদ্ধ ব্রাহ্মণ।
মাঘ মাস পুৱা  কৃষ্ণ-কথা শুনা
 ধৰিলে ঘুমটি তান॥১০৷৷
মাধৱে দেখিয়া  আছন্ত চাহিয়া
 পাছে মাতি বুলিলন্ত ।
হেৰ দেখ টোপ-  -নিয়াৱে ব্রাহ্মণে
 শুনি তেহে ডৰিলন্ত ॥১১৷৷
পথালি মুণ্ডক  ঝঙ্কাৰিলা দেখি
 মাধৱে পুনু বুলিল।
গোঁসাইৰ ঘৰত  আমাৰ আগত
 প্রভাতে মিছা মাতিল ॥১২৷৷

[ ২৭৫ ]

ব্রাহ্মণে বুলিল  মিছা ন মাতিল
 টোপনিয়াইলো আমি।
মাধৱে বোলন্ত  পথালি মুণ্ডক
 কিয় ঝঙ্কাৰিলা তুমি॥১৩॥
শুনি দ্বিজে কৈল  মাখিক খেদাইলো
 বুলিলা মাধৱে হাসি।
পুৱা বেলা মাঘ- -মাস এহ্ন জাৰ
 কৈৰ মাখি পাইলে আসি ॥১৪॥
সমস্ত ভক্তক  চাহি বুলিলন্ত
 তােৰা দেখা মাখি আছে।
তিনিবাৰ মিছা  ভৈল বুলি তথা
 কহিলা মাধৱে পাছে ॥১৫॥
 —কমল লোচনৰ মিথ্যাচৰণ—
আৰো এক বুঢ়া  কমল লোচন
 নাম তৈতে আছিলন্ত।
তেহেঁ আসি ধৰি  বসিলে সন্তোষে
 মাধৱ-দেৱ পাৱত॥১৬৷৷
তেহেঁ সেহি মত  পুৱা সময়ত
 মাঘ মাস দিনা তথা।
টোপনিয়াৱে বসি  মাধৱে হৰিষি
 কহন্ত কৃষ্ণৰ কথা॥১৭৷৷
চেতন পাইলন্ত  চমকি চ্যইলস্ত
 মাধৱদেৱৰ ভিতি।

[ ২৭৬ ]

দেখিলন্ত বুলি  ভয়ে বিয়াকুলি
 থিয় ভৈলা পাছে তৈতি॥১৮॥
হৰিজীক চাই  মাতিলা বজাই
 থোৰা দে পানী খাই।
মাধৱে শুনিয়া  বােলন্ত হাসিয়া
 ভকত সবক চাই॥১৯॥
মাঘ মাস পুৱা  বেলা জাৰে মৰি
 লাগিল আৰ পিয়াস।
মই দেখি আছো  টোপনি লাগিল
 তুলিল সমস্তে হাস॥২০॥
চেতনক পাই  মােৰ ভিতি চাই
 দেখিয়া মােক ডৰিল৷
একোকো নপাৰি  পানী খাওঁ বুলি
 হৰিৰ জীক মাতিল॥২১॥
কৃষ্ণৰ ভৃত্যৰ  ভৃত্যৰ কিঙ্কৰ
 শিশুমতি মোক জানি।
কহয় দৈত্যাৰি  বােলা উচ্চ কৰি
 শঙ্কৰ মাধৱ বাণী॥২২॥

⸻⸻

[ ২৭৭ ]

ত্রিপঞ্চাশৎ অধ্যায়

দৈৱ আবির্ভাব

আত অনন্তৰে আৰো সুন্দৰী দিয়াত।
শুনা যেন ভৈল সাধু সমস্ত সাক্ষাত॥
সুন্দৰীৰ পূব ভাগে বিলখান আছে।
জানা দুই গােট ঘাট তাৰ দুই পাশে॥১॥
দক্ষিণৰ ঘাটে গাঁয়া গিৰি সব যাই।
উত্তৰৰ ঘাটে যাই ভকত সদাই॥
উত্তৰৰ ঘাটে স্ত্রী নপাৱে যাইবাক।
দক্ষিণৰ ঘাটে ভক্তে নপাৱে নাইবাক॥২॥
কৰিছে মাধৱদেৱে নিৰ্ব্বন্ধ এইটো।
নেদা ঠাই নিৰ্বন্ধ লড়ায়া যাই যিটো॥
একদিনা শ্ৰীৰাম গধূলি সময়ত।
মুখ হাত ধুইবে গৈলা বিলৰ জলত॥৩৷৷
  —যক্ষৰ সভা—
বন সােমাই বসিলন্ত বতাৰ গুৰিত।
সেহি বেলা দেখিলন্ত বৰ বিপৰীত॥
উঠিলা অনেক যক্ষ বিলৰ পৰাই।
ভেঙ্গুৰা চৰণ সবে পুড়া বন কায়॥৪৷৷
ভেঙ্গুটা ভেঙ্গুট সবে মােটা মােট গাৱ।

[ ২৭৮ ]

দামো যেন পেট, চুটি চুটি হাত পাৱ॥
কুৰুকুটা কেশ সবে আৰো মুখ বেঙ্কা।
কতো স্ত্রী ছৱা কতো বুঢ়া কতাে ডেকা॥৫॥
কতােহো দূৰক জুৰি সবহি বসিল।
অন্যো অন্যে সবে কথা কহিবে লাগিল॥
সাত সাত পুৰুষৰ এহি নিজ ঠাই।
কৈক যাইবাে আত আৰ ৰহন ন যাই ॥৬॥
  —যক্ষৰ কীৰ্ত্তন ভীতি—
মাধৱ দাসে বা কিবা আটাস পাৰয়।
কাণ যেন ফুটে বুকে টাঙন মাৰয়॥
বিষাদ কৰয় সবে কৈক যাইবো বুলি ।
হৰি নাম শুনি যেন মৰয় সমূলি ॥৭॥
কৰিল নিশ্চয় ছাগমৰাক যাইবাক।
শ্ৰীৰামে দিল পাছে ৰাম বুলি ডাক॥
শুনি গিৰগিৰ কৰি বিলত পৰিল।
সবে বিলখান যেন পাঙ্ক উথলিল॥৮॥
ন কৰিয়া স্নান তৈত তৈৰ পৰা যাই।
আসিলন্ত গৈয়া বুঢ়া লোহিত্যত নাই॥
এহি কথা কৈলা যাই মাধৱ দেৱত।
শুনা যেন কৰিলন্ত মাধৱে পাছত ॥৯॥
কথা শুনি অনুৰাগ মনত মিলিল।
হৰিযে কৃষ্ণৰ কথা কহিবে লাগিল॥
কৃষ্ণ কথা ৰসে আতি প্রেম উপজিল।

[ ২৭৯ ]

সমস্তে লোকৰ মহা আনন্দ মিলিল ॥১০॥
আনন্দে আকুল নাম গাইবাক লাগিল।
নামৰ আনন্দে দশো দিশক পুৰিল॥
নামৰ কীৰ্ত্তন ধ্বনি শুনিলেক মানে
সমস্তে আসিল নাম কীৰ্ত্তনৰ থানে॥১১॥
বৰপেটা হন্তে ৰাম-ৰায় শুনিলেক।
অনেক মনুষ্য সমে ৰাত্ৰি আসিলেক॥
প্ৰমুখ্যে মথুৰাদাস যত তান্তি লােক।
সমস্তে আসিল পাছে যেন শুনিয়ােক ॥১২॥
  –বিষ্ণুৰ আৱির্ভাব-
সব লােক পৰম আনন্দে নাম লয়।
নামৰ আনন্দ বৰ মিলিয়া আছয়॥
নামৰ আনন্দ বৈকুণ্ঠৰ পৰা শুনি।
গৰুড়ত চৰি প্ৰভু আসিলা আপুনি॥১৩॥
যদ্যপি সদায় কৃষ্ণ থাকন্ত লগত।
নামৰ আনন্দে ভৈলা সাক্ষাতে বেকত॥
একে চন্দ্ৰাৱতী ৰাতি আৰো ঈশ্বৰৰ ।
কান্তি প্রকাশিল যেন কোটি দিনকৰ ॥১৪॥
ভকত সকলে নাম যথাতে গাৱয়।
গৰুড়ে সহিতে তথা পশিবে খোঁজয়॥
ভকতৰ নিমিত্তে পশিবে ন পাৱন্ত।
চতুপার্শ্বে আকুলে ফুৰন্ত ভগৱন্ত ॥১৫॥

[ ২৮০ ]

আমোদ কৰিল গন্ধে চোৱা চন্দনৰ।
গন্ধ পায়া তেখনে জানিলা নিৰন্তৰ॥
নামৰ আনন্দ শুনি আসিলন্ত হৰি।
কতোভক্তে প্ৰত্যেকে ডাকন্ত নাম ধৰি॥১৬॥
অশ্বত্থ বৃক্ষকে গ্ৰাম উত্তৰে আছয়।
তাতে গৈয়া পৰিলা আনন্দে মহাশয়॥
গৰুড়ৰ ভৰ সহিবাক ন পাৰিয়া।
পৰিল দক্ষিণ ভাগে বৃক্ষ উভৰিয়া॥১৭॥
কৃষ্ণক কান্ধত লই উৰাৱ কৰিল।
গৰুড়ৰ পাখা ছোট সবেয়ো শুনিল॥
যেখন গৰুড় যান্ত লোকে আছা চাই।
পূব দিশ লাগি যেন সূৰ্য্য গোটা যাই॥১৮॥
নামৰ আনন্দ পাছে ভৈলা সমাপত।
গৈল ঘৰাঘৰি ভক্ত সব লোক যত।
এহি মানে আবে ইটো প্ৰসঙ্গ ৰহোক।
আৰো যেন কথা ভৈল তাঙ্ক শুনিয়োক॥১৯॥

চতুঃপঞ্চাশৎ অধ্যায়

—কলিৰ বুঢ়া আদিৰ বৃত্তান্ত—

ভৈল মাস শ্ৰাৱণ নাৱত চৰিলস্ত।
ভৱানীপুৰক দেৱ মাধৱ গৈলন্ত॥

[ ২৮১ ]

কলিৰ বুঢ়া নামে অনেক আছয়।
মাধৱদেৱৰ থানে ন যাই দুৰাশয়॥১॥
নতু কৰে নমস্কাৰ মাধৱদেৱক।
নতু ভজে সিটোজনে ঈশ্বৰ কৃষ্ণক॥
গৈলন্ত মাধৱদেৱ ভৱানী পুৰক।
পড়িল নাপৰা সিটো সেহি সময়ত॥২॥
দিন আঠ দশমান অন্তৰ ভৈলেক।
ভাটি বেলা ভৈলে সিটো জন মৰিলেক॥
দেখি ইষ্ট বন্ধু সবে পান্টি মেহ্ৰাইলেক।
বুকে বাঁশ দিয়া তিনি ঠাই বান্ধিলেক॥৩॥
পুড়িবেক নিবে লাগি কান্ধত তুলিল।
পান্টিৰ ভিতৰ হন্তে বচন বুলিল॥
আসিল মাধৱদেৱ লৈয়া চলা মোক।
মৰা শৱে মাতয় বিস্ময় ভৈল লোক॥৪॥
আথবেথ কৰি বান্ধ মেলি পুছে তাত।
আতা আসিলন্ত তই শুনিলি কাহাঁত॥
লৈয়া চলা মোক শীঘ্ৰে আতাৰ তথাত।
কহিবোহোঁ শুনিবাহা শুনিলো যথাত॥৫॥
সেহি বেলা অসি দেৱ মাধৱ পাইলন্ত।
নতু উঠা ঘাটে মাত্ৰ নাৱ চপাইলন্ত।
নাৱ আগে চড়িলন্ত তীৰ উঠিবাক।
চৰণৰ আগে নিয়া পেহলাইলন্ত তাক॥৬॥

[ ২৮২ ]

—যমদূতৰ ভয়—

কি ভৈল বুলিয়া দেৱ মাধৱে পুছিল।
সাৱশেষ কথা সিটো সমস্তে কহিল॥
দক্ষিণৰ পৰা আসি যমদূত তিনি।
বান্ধিলেক মোক চাম জৰি গছ আনি॥৭॥
দক্ষিণ দিশক লাগি টানি লৈয়া যাই।
এৰি গৈলা আতা আসিবাৰ বাৰ্ত্তা পাই।৷
বোলয় মাধৱ দেৱ আসিয়া পাইলেক।
ইগ্ৰামৰ লোক আৰ নপাৰি নিবাক॥৮॥
এহি বুলি লৱড় দিলেক মহাত্ৰাসে॥
কাঢ়ে খৰ শ্বাস বৰ পাইলেক প্ৰয়াসে॥
বান্ধ সমন্ধিতে মোক এৰিয়া গৈলেক।
কতোদূৰ গৈয়া পাছে তিনি ৰহিলেক॥৯॥
বোলে চাম জৰি গছ আমাৰ ৰহিল।
নিবে লাগি জৰি তিনি তিনিকো পাঞ্চিল॥
তিনিয়ো নাসয় ভয়ে পাছে একজনে।
লৱৰিয়া জৰি আসি নিলা ভয় মনে॥১০॥
আজুৰি পিজুৰি জৰি কাঢ়ি নিল বলে।
দেখা হাতে গলে সাঞ্চ সকলে বান্ধিলে॥
উঠি উঠি সাঞ্চ চাৱৈ লোক সমস্তয়।
সাঞ্চ দেখি সবে ভৈল পৰম বিস্ময়॥১১॥
মাধৱে বোলন্ত মোক ভয়ে এৰি গৈলা।
আজি ধৰি তুমি মোৰ অধিকাৰ ভৈলা॥

[ ২৮৩ ]

খেতি বাতি কাম আৰ কৰিতে নোপোৱা।
হৰি কথা শুনা আবে হৰি নাম গোৱাঁ॥
মোহোৰ সঙ্গত থাকিবাহা সৰ্ব্বক্ষণে।
হেন শুনি কৌতুক কৰয় সৰ্ব্বজনে॥
এহিমতে মাধৱদেৱ সুন্দৰী দিয়াত।
আছন্ত শুনিয়ো পাছে যেন ভৈল তাত॥১৩॥

—গয়াঠাকুৰৰ শৰণ—

আছে গ্ৰাম নামত ভাঙ্গুৰীকুঞ্ছি এক।
সবে লোকে তৈৰ আসি শৰণ লৈলেক॥
নামে গয়াঠাকুৰ আছিল একজন।
সেহি মাত্ৰ নতু লোৱে হৰিত শৰণ॥১৪॥
বুলিলা মাধৱদেৱে শৰণ লৈবেক।
তথাপিতো সিজনে শৰণ ন লৈলেক।
মাধৱদেৱৰ ঠাই লোক সব যত॥
দেখিবে আসিল সিয়ো আসিল লগত॥১৫॥
তাকে দেখি মাধৱে মনত আলোচিল।
আপুনিয়েো গৈয়া নাম লগাইবে বসিল॥
কতো বেলি মান নাম গাৱন্তে আছয়।
নামৰ আনন্দ আতিশয় মিলিছয়॥১৬॥
“এ ৰাম-চৰণে শৰণ লৈলো” বুলি।
এহি ঘোষা গান্ত হাত উপৰক তুলি॥
সিয়ো তাসম্বাৰ লগে উপৰক হাত।

[ ২৮৪ ]

তুলি নাম লোৱে দেখি মাধৱে তথাত॥১৭॥
বোলন্ত কিবোলা ওৰা কহিয়োক তুমি।
উৰ্দ্ধবাহু কৰি হৰি বুলিলোহোঁ আমি॥
যাতো ৰামচৰণে শৰণা আছোঁ লই।
তুমি কিয় বুলিলাহা উৰ্দ্ধবাহু হুই॥১৮॥
শুনি মাত বোল নাই গয়া ঠাকুৰৰ।
কৰে কাউ বাউ বাপ কি দিবোঁ উত্তৰ॥
মাধৱদেৱক গুৰু মানি সেহিক্ষণে।
কৃষ্ণৰ অভয়পদে পশিল শৰণে॥১৯॥
আনতো কৰিয়া পাছে বৰ কাষ্ঠা তাৰ৷
আনহন্তে সিটো বৰ বুদ্ধিত উদাৰ॥
আৰো এক টকৰা শৰণ আছে লই।
মাধৱদেৱক তই সহজে বোলয়॥২০॥

—টকৰাৰ সজ আচৰণ—

সমস্তে ভকতে তাঙ্ক বুলিলা চচন।
আতাক বোলস তই শুনি সিটোজন॥
বোলে তেবে কি কহিবো তোৰা কহিয়োক।
তুমি বোল বুলিবি বোলয় ভক্ত লোক॥২১॥
সিটো বোলে ভাল তুমি বুলিবাক যাইবো।
আজি হন্তে তেবে আৰ তই নু বুলিবো॥
এহি বুলি খান দুই ভাৰ কৰিলেক।
মাধৱদেৱক তুমি বুলিবে গৈলেক॥২২॥

[ ২৮৫ ]

দেখিয়া মাধৱদেৱে বুলিলা বচন।।
তিথি বিষু নুহি নাহি হৰিৰ কীৰ্ত্তন॥
কিসক অসিল বুলি বুলিলন্ত তাক।
সিটো বােলে আতা তােক তুমি বুলিবাক॥২৩॥
আসি আছো শুনি দেৱ মাধৱ হাসন্ত ।
পুনৰপি কোৱা কিয় আসিয়া আছন্ত৷
তেহে তুমি বুলিবে আসিছো বুলিলেক।
হাসন্ত মাধবদেৱে শুনিয়া এতেক ॥২৪॥
যিমান বুলিলা তুমি কুলাই এহি মানে।
আৰ তুমি বুলিবে ন লাগে আবে মানে॥
তই বােলনতে মই সন্তুষ্ট তােমাত।
শুনি ভক্ত সবে হাসে আনন্দে তথাত॥২৫॥
শুনা সাধুজন গুৰু গুণ সুমঙ্গল।
শুনন্তে কহন্তে নষ্ট হােৱে অমঙ্গল৷৷
মহাপুণ্য সম্পদে নজানি নিৰন্তৰ।
ঘনে ঘনে. ডাকি বােলা মাধৱ শঙ্কৰ॥২৬৷৷

⸻⸻

পঞ্চপঞ্চাশৎ অধ্যায়

 —ভকতৰাম আলধৰা—
একদিন আতি  প্রভাত গৈলন্ত
  মাধৱ বৰপেটাক।
আই গোসানীক   চাহিবে পাছত

[ ২৮৬ ]

 যেন ভৈল শুনা তাক॥১॥
মাধৱদেৱৰ  আলধৰা এক
 ভকতৰাম নামত।
কৃষ্ণক চিন্তিবে  লাগিলন্ত সাঙ্গ
 কৰি নৃত্য কর্ম্ম যত॥২॥

—মানস মূর্ত্তি পুজা—

তাহান মনত  ভৈলাহি বেকত
 ভগৱন্ত কৃপাময়৷
কৃষ্ণক পূজিবে  আৰম্ভিল তেবে
 দিয়া দ্রব্য মনােনয়॥৩॥
মনতে আসন  দিলন্ত বসিবে
 মনতে পাদ্য় দিলন্ত।
মনতে সুগন্ধ  তৈল কৰি দিল
 সুগন্ধ জল দিলন্ত॥৪॥
স্নান কৰিবাক  দিলা পিন্ধিবাক
 ত্রিপট্ট পীত বসন।
একখন আনি  খৰম দিলন্ত
 নতু দেন্ত আব খন॥৫॥
হেন সময়ত  মাধৱ আসিয়া
 উকাশি দিলা চোতালে৷
ৰামে দেখি হাতে  পিৰা খন লই
 উঠি গৈলা তত কালে ॥৬॥

[ ২৮৭ ]

ভৰি ধুইবে পানী  দিল দিয়া আনি
 তৈল গাৱে ঘসিবাক ।
স্নান কৰিবাক  পানী দিলা আনি
 ধূতি বস্ত্র পিন্ধিবাক॥৭॥
খৰি লগাই দিল  অন্ন ৰান্ধিবাক
 মাধবদেৱ গৈলন্ত।
চাউল আঞ্জা পাত  লােণ তেল যত
 আগতে সব দিলন্ত ॥৮৷৷
 —মূৰ্ত্তিৰ অভিমান—
পিৰাত বসিয়া  হৰিক চিন্তিয়া
 মাধৱদেৱে ৰান্ধন্ত।
তাহান্তে তেখন  প্রভু নাৰায়ণ
 বেকত আসি ভৈলন্ত ॥৯৷৷
দেখা কৰি স্নান  পিন্ধিয়া বসন
 গৰমত এক পাৱে।
দিয়া আছা হৰি  দিবে আউৰ ভৰি
 খৰম দিলা মাধৱে॥১০॥
খৰমত ভৰি   নেদা দেয় হৰি
 মাধৱে দেখি অনেক।
কৰিলা কাতৰ  কাকূতি বিস্তৰ
 শুনিয়া প্রভু প্রত্যেক॥১১॥
বোলন্ত মাধৱ  মনৰ উৎসৱ

[ ২৮৮ ]

 হুয়া আছে মােৰ এতেক।
ইপাত খৰম  যেহি দিলে মােক
 সিপাটো সেহি দিবেক॥১২৷৷
তান্ত বিনা আনে  আনি দেয় মানে
 ধৰম আমি ন লৈবো।
দিলে সেহি জনে  দেখিবা তেখনে
 খৰম আমি পিন্ধিবাে॥১৩৷৷
শুনিয়া মাধৱ  দিলা দীর্ঘ ৰাৱ
 সবে ভক্ত আসিয়ােক।
ঈশ্বৰক কোনে  এহ্ন বিড়ম্বন
 কৰি আছা কহিয়ােক॥১৪৷৷
শুনি সমস্তয়  ভৈলন্ত বিস্ময়
 কি বােল আতা বােলন্ত।
একোটো আশয়  ন পায়া নিশ্চয়
 নামাতি সবে ৰৈলন্ত॥১৫৷৷
পাছে কতোক্ষণে  বুলিলা বচন
 নম্র ভাৱে বুঢ়া ৰাম।
কৰক মুচৰি  মৃদু মৃদু কৰি
 মই পাপিষ্ঠৰ কাম॥১৬৷৷
 —দেৱতাতকৈ ভক্ত শ্রেষ্ঠ—
শুনিয়োক ৰাম  কিয় এহ্ন কাম
 কৰিলা মাধৱে বােলা।

[ ২৮৯ ]

ৰাম বুলিলন্ত  ইকথা পূর্ব্বত
 তােমৰা বাপ কহিলা॥১৭॥
হৰিৰ সেৱাক  এৰিয়া যাইবাক
 ভক্তৰ সেৱা কৰিত।
হৰিৰ সেৱাত  কৰিয়া অধিক
 ভক্তৰ সেৱা নিশ্চিত ॥১৮॥
 —পূজাত বিঘিনি—
এহিসে কাৰণে আইলাে তােমাঠেৰ
 আসিবাৰ সৰি পাই।
ক্ষমিয়ােক বাপ  মােৰ সম পাপ
 কৰন্তা আৱৰ নাই॥১৯৷৷
মাধৱে বােলন্ত  আৰবাৰ এহ্ন
 নকৰিবা আৰ তুমি।
খৰম লৈবাক  লাগি ঈশ্বৰক
 কাতৰ কৰিলো আমি॥২০॥
তথাপি খৰম  কৃষ্ণে নলৱন্ত
 বােলে আগে দিলে যিটো৷
তেবেসে খৰম  লৈবে এভাে আমি
 যদি আনি দেই সিটো॥২১৷৷
এতেকে খৰম  দিয়ােক কৃষ্ণক
 পুনৰপি ৰাম তুমি।
অনেক কাকূতি  কৰিয়া খৰম

[ ২৯০ ]

 দিবে নপাৰিলো আমি॥১২০॥
 —মূর্ত্তিক খৰম দান—
হেন শুনি ৰামে   চিন্তি অনুপামে
 তেখনি খৰম দিলা।
পৰম হৰিষে  দেৱ হৃষীকেশে
 খৰম তেবে পিন্ধিলা॥২৩৷৷
লোকে শুনিলেক  বিস্ময় ভৈলেক-
 ঘৰাঘৰি সবে গৈলা।
মনােময় দ্রব্যে  পাছত মাধৱ
 দেৱে পুজিবাক লৈলা॥২৪॥
শুনা সাধুচয়  কথাৰ আশয়,
 আপুনি লৈবা মনত৷
সেৱায়ে সন্তৰ  সন্তুষ্ট ঈশ্বৰ
 প্রমাণ লৈয়ো ৰামত॥২৫॥
ন লৈলন্ত কৃষ্ণে  ধৰম মাধৱ।
 -দেৱৰো হাতে ভাৱত।
অনেক কাকৃতি  কৰিলা তথাপি
 নেদিলা ৰামে যাৱত॥২৬॥
সন্ত সেৱা বিনে  আন একো গুণে,
 ঈশ্বৰৰ তুষ্ট নাই।
হৰি সন্তোষৰ  হেতু সন্ত সেৱা
 কৰিয়াে মাত্ৰ সদায়॥২৭৷৷

[ ২৯১ ]

যি হেতু সম্ভব  সেৱা বিনা তুষ্ট
  নাহিকয় ঈশ্বৰৰ।
সন্ত সেৱা কৰা   ভৱ নদী তৰা
  মাধৱ বুলি শঙ্কৰ॥

⸺⸺

ষট্ পঞ্চাশৎ অধ্যায়

 —গােবৰ্দ্ধন যাত্রা—
শুনা সাধু সৱ কথা যত অনন্তৰ।
চৈত্র মাস বৃষ্টি নাহি দেৱে দিলা খৰ॥
সবে লােকে আলোচিয়া মাধৱ দেৱক।
বােলে আতা গােবৰ্দ্ধন যাত্রা কৰিয়ােক॥১॥
যিলাগে বস্তু যাত সবে দিবো আমি।
অধিষ্ঠান হুয়া মাত্র কৰিয়ােক তুমি॥
লােকৰ বচন শুনি যাত্ৰা কৰাইলন্ত।
পটুৱাৰ উপায় পর্ব্বত অকাইলন্ত॥২॥
ধেনু বৎস গােপ গােপী সহিতে আপুনি।
নানান নৈবেদ্য বঢ়াই ফুৰা প্রদক্ষিণি॥
 —বিপ্ৰৰ বিলাই—
এক বিপ্র ভয়ঙ্কৰ ৰূপ কাছিলন্ত।
উপৰত চৰি মই পৰ্ব্বত বােলন্ত॥৩॥

[ ২৯২ ]

পূজা পাই ইন্দ্ৰ বৰিষিবাৰ সময়।
আনিলেক মহাবৃষ্টি মেঘ সমস্তয়॥
সভা ভাঙ্গি লােকসব দশােদিশে গৈল।
উপৰে ব্ৰাহ্মণে দিয়া জখলা ন ভৈল॥৪॥
ভিজি বুৰি বিপ্রজন উপৰে ৰহিল।
ভিজৈ দ্বিজ বুলিয়া মাধৱাে পাসৰিল॥
আটাস পাৰন্তে গল বিপ্ৰৰ ভাগিল।
বৃষ্টিৰ কাৰণে কেহো জনে নুশুনিল॥৫॥
অনন্তৰে সি যেবে বৃষ্টি এৰিলেক।
তেবে মাত শুনি লােক জখলা দিলেক॥
তিন্তিবুৰি জ্বলাকলা হুয়া সি নামিল।
কাম্পন্তে জাম্পতে গৈয়া গৃহত পশিল ॥৬॥
আত অনন্তৰে আৰু কথা শুনিয়ােক।
মাধৱ মনুষ্য নুহি নিষ্ঠে জানিয়ােক॥
ঈশ্বৰ শক্তিৰ বলে সমস্তে দেখন্ত।
শুনা কহোঁ মাজে মাজে যেন দেখাৱন্ত ॥৭॥
 —হৰিণাৰ মঙহ--
একদিনা ভক্তবর্গ সহিতে মাধৱে।
নৰাতলি খনে বসি পৰম উৎসৱে॥
কৃষ্ণৰ কহন্ত কথা ভকত সবত।
একপৰ বেলা আছে হেন সময়ত ॥৮৷৷
অল্প অল্প কৰি দেৱ মাধৱে হাসন্ত।

[ ২৯৩ ]

ভকত সবক চাহি বচন বােলন্ত॥
হৰিণাৰ মাংস আজি ভােজন কৰিবে।
লাগিবেক অৱশ্য জানিবা ভক্ত সবে॥৯৷৷
এহিবুলি দণ্ড দুই কৃষ্ণ কথা কন্ত।
আসিল হৰিণ গােট সবে দেখিলন্ত॥
কতোহোঁ দূৰত চৰে আগপাছ চাই।
মুৱা শিঙ্গা হুয়া আছে হৃষ্টপুষ্ট কায়ি ॥১০॥
কুৰি পুৰা মান ভূঁইতো বনগছ নাই।
সমস্তে ভকতে তাৰ ৰঙ্গ আছা চাই॥
কহিতৰ পৰা আসি বাঘেক মিলিল।
কেহোঁ নমলিল তাক হৰিণ ধৰিল ॥১১৷৷
পিলেক শােণিত তাৰ টেটুত ধৰিয়া।
কান্দিবে লাগিলা তাক শ্ৰীৰামে দেখিয়া॥
হৰি হৰি হৰিৰ সেৱাক ন কৰিয়া।
ফুৰো আমি জীৱ এহ্ন নিকাৰ ভুগিয়া ॥১২॥
অনন্তৰে গয়া গিৰি সব খেদি গৈলা।
হৰিণক লৈয়া পুনৰপি আসি ভৈলা॥
মাধৱে বােলন্ত আক গ্ৰামক নিয়ােক।
চেলায়ােক নিয়া চালখান দিবা মােক॥১৩৷৷
পাছে তাৰ সবে নিয়া হৰিণ কাটিল।
ভক্ত গৃহী ৰাণ্ডী বান্দী সমস্তকে দিল॥
এহি মতে মাধৱৰ চৰিত্ৰ অনন্ত।
সাৱশেষে কহি তাঙ্ক কোনে পাৱে অন্ত৷৷১৪৷৷

[ ২৯৪ ]

তথাপিতাে কিছু কিছু কৰি কহোঁ শুনা।
যি মত বৃত্তান্ত ভৈল আৰো এক দিনা॥
  —কাতল মাছ—
সুন্দৰীৰ পূবে যিবা বিলখন আছে।
কৈৱৰ্ত্ত সকলে তাত মাছ মাৰি আছে॥১৫॥
বৰপেটা বিলে তাৰা মাৰিবাক যাই ।
বিদায় কৰিবে গৈল মাধৱৰ ঠাই॥
গােটা চাৰি পাঞ্চ মান ৰৌ মাছ নিল।
বৰপেটা যাওঁ বুলি বিদায় কৰিল॥১৬৷৷
মাধৱে বোলন্ত সবে বৰপেটা যাইবা।
দুইগােটা ডাঙ্গৰ কাতল মাছ পাইবা॥
কোনো বেলা এহ্ন মাছ নপাইছা নপাইবা।
আমাক এৰিয়া সিটো মাছক ন খাইবা॥১৭॥
তাৰা বােলে আতা যদি এহ্ন মাছ পাওঁ।
তােমাক দিবােহোঁ আবে বিদায় দিয়া যাওঁ॥
মাধৱে বােলন্ত আনি দেওক গুৱা পান।
ৰহিয়ােক সবে আৰু একতিল মান॥১৮৷৷
এহিবুলি চিৰা কল গুৱা পান দিল।
দিলন্ত বিদায় তাৰা আনন্দে চলিল॥
সিটো দিন গৈয়া তাৰা পালান্দিত ৰৈল।
আউৰ দিন পুৱা জাল বিলত মেলিল ॥১৯৷৷
দুই গােটা মাছ আসি জালত বাজিল।
জাল ফালি পলাইল ৰাখিবে নপাৰিল॥

[ ২৯৫ ]

বাৰখন জাল মেলি আছয় বিলত।
ইজাল এৰায়া পৰৈ আউৰ গৈ জালত॥২০॥
তাকো ফালি পলাই আৰ জালে গৈয়া পৰে।
এহি মতে ফুৰে মাছ দণ্ড ছয় পৰে॥
পাছে যেনে তেনে বাৰ জালােৱয়ে মিলি।
জালে মেহ্রায় মাছক তীৰক নিয়া তুলি॥২১॥
ধৰিলে কাতলা দুয়াে মাছ বিপৰীত।
দেখি সৰ্ব্বলােক ভৈল মনত বিস্মিত॥
একে ভাৰে দুই গােটা মাছক নিবেক।
নােৱাৰিয়া দুয়োলােকে সাঙ্গি কৰিলেক॥২২॥
তভাে দুইজনে মাছ সাঙ্গ বান্ধি লই।
মাধৱদেৱৰ ঠাই মাছ দিলা গই॥
বােলন্ত মাধৱদেৱে হাসি তাসাত।
কালি বােলো দুই গােটা মাছ পাইবা তাত॥২৩॥
তাৰা সবে বােলে তােমাঠেৰ বেদ বাক।
ন হৈবাক পাৰয় মাধৱে শুনি তাক॥
বােলা ইটো মাছ এক আনিলা কিসক।
আমি কি কৰিবো আক তােৰায়ে নিয়ােক॥২৪॥
আমি কি কৰিবো তাৰ সবে কহিলন্ত।
ইটো মাছ তােমাঠেক যােগ্য জানিবন্ত॥
ভক্তবর্গ সহিতে তােমৰা ভুঞ্জিবন্ত॥
কি কহিবাে আমাৰ ভাগ্যৰ তেবে অন্ত॥২৫॥

[ ২৯৬ ]

  —মাছ ভাগ—
এহি বুলি মাধৱদেৱক মাছ দিল।
কাটি নিয়া মাছ দেৱ মাধৱে বুলিল॥
দুইজনে মাছ কাটি কাটি দমাৱন্ত।
সমস্তকে বান্টি বান্টি মাছ দিয়াইলন্ত॥২৬॥
উদাসীন গৃহস্থ ভকত ষাঠি জন।
গ্রামিক ভকত গিৰি আঠাইশ প্রমাণ॥
বাৰজন জালােৱা সবাকো আটিলন্ত।
মনত সন্তোষে মাছ সমস্তে নিলন্ত ॥২৭॥
শঙ্কৰদেৱৰ নাতি পুত্র আছিলন্ত।
তাসম্বাকো লাগি মাছ দিয়া পঠাইলন্ত॥
ৰাম-ৰাম গুৰুকো পঠাইলা মাছ দিয়া।
আনকো দিলন্ত যাক আগত দেখিয়া ॥২৮॥
মাছ ছয় ডােখৰ মাধৱে ৰাখিলন্ত।
ৰান্ধি বাঢ়ি মাছ সবে ভক্তে ভুঞ্জিলন্ত॥
খাচিতো অধিক মাছ স্বাদ সুকোমল।
প্রশংসিল ভাল মাছ বুলিয়া সকল॥২৯৷৷

⸺⸺

[ ২৯৭ ]

সপ্ত পঞ্চাশৎ অধ্যায়

—মাধৱদেৱৰ হাজো গমন—

কি কহিবাে মাধৱদেৱৰ মহিমাক।
আত অনন্তৰে যেন কথা শুনা তাক॥
পয়ােনিধি উজীৰে বৎসৰ দুইৰ পৰা।।
দক্ষিণ কুলীয়া লােক সমন্বিতে তাৰা ॥১॥

  —হয়ধ্ৰীব সেবা—
মাধৱদেৱক তথা নিবাক খােজন্ত।
এক কালে তথা দেৱ মাধৱ গৈলন্ত॥
আছিলন্ত বৰ ভূইত মাস দুই মান।
গোঁসাইক দেখিবে লাগি গৈলা হাজোথান॥২৷৷
সি দিনা মাধৱদেৱ হাজোত ৰহিলা।
আউৰ দিন প্রভাততে গোঁসাইক দেখিলা॥
হয়গ্ৰীৱ ৰূপক বর্ণায়া কৰি সেৱ।
পঢ়িলন্ত অনেক শ্লোকক মাধৱ দেৱ॥৩৷৷
দুৱৰী পুজাৰী আদি ব্রাহ্মণ সৱক।
গােটা ষোল মান টকা দিলা সমস্তক॥
তৈৰ পৰা গৈলা কণ্ঠভূষণৰ ঠাই।
কণ্ঠভূষণত দ্বাৰী কহিল বুজাই ॥৪৷৷

[ ২৯৮ ]

—বৰদলৈ কণ্ঠভূষণৰ আদৰ—
এখন ৰহােক এহিমানে ইটো কথা।
কণ্ঠভূষণৰ কহোঁ শুনিয়ো ব্যৱস্থা॥
গোঁসাঞিৰ পূজা কৰ্ম্ম কৰন্ত নিশ্চয়।
কুৰি পোৱা পাইক ৰাজায়ে দিয়াছয়॥৫॥
তবে আঠজন নিতে তােলে ফুল জল।
বাৰজনে অন্য কৰ্ম্ম কৰন্ত সকল॥
শালগ্রাম প্রমুখ্যে প্রতিমা কুৰি ছয়।
জলফুল দিয়া প্রতি দিবসে পূজয়॥৬৷৷
চাৰি পাছি ফুল জল চাৰি কুম্ভ মান।
পুৱা হন্তে পূজা দুই প্ৰহৰ প্রমাণ৷
সিদিনা প্রতিমা সব মাত্ৰ ধূৱাইছন্ত।
সেহিবেলা মাধৱৰ কথা শুনিলন্ত॥৭৷৷
পিৰাতে উলটি দুৱৰীৰ মুখ চাই।
পুছিলন্ত বুলি কোন মাধৱ দুনাই॥
দ্বাৰী বােলে সুন্দৰী দিয়াৰ মাধৱ।
শুনিয়া মনত বৰ মিলিল উৎসৱ ॥৮৷৷
আথেবেথে উঠি ফুল পাছি পাছি তুলি।
প্রতিমা উপৰে বাকে নমাে কৃষ্ণ বুলি॥
নমো কৃষ্ণ বুলি সবে ঢালিলন্ত জল ।
ৰজাইলন্ত বেগে মনে মহা কৌতূহল॥৯॥
দেখিয়া মাধৱদেৱে প্রণামিবে যান্ত ।*


  • গাৱ চাপিলন্ত। [ ২৯৯ ]

সলোতক নেত্রে আগবাঢ়ি ধৰিলন্ত॥
দুই দুইৰো প্ৰেমত আকুল সমুদাই।
পিৰা অনাই বসিলন্ত দুয়ােজন যাই॥১০॥
কৈৰ পৰা আইলা কণ্ঠভূষণে বােলন্ত।
কি নাে কৃপা কৰিলন্ত আজি ভগৱন্ত॥
কি নো সুপ্রভাত আজি দেখিলো তােমাক।
হেন শুনি বুলিলা মাধৱদেৱে বাক॥১১৷৷
আমাৰে সে শুভদিন তােমাক দেখিলো!
দক্ষিণকুল গৈয়াছিলো তৈৰ পৰা আইলো॥
পাছে মৃদু কৰিয়া মাধৱে বোলা চাই ।
গোঁসাই পুজিবাৰ আতৈ বেলা দেখে যাই॥১২৷৷
মাধৱৰ বাণী শুনি বুলিলন্ত পাছে।
তুমিয়ো জানিলা আৰু পূজিবাক আছে॥
যেতিক্ষণ আমি আসি তােমাক দেখিলাে।
তেখনে গোসাইৰ পূজা সমস্তে সিজিল॥১৩॥
একান্ত ভক্তৰ সঙ্গ নপাৱয় যেবে।
পূজা আদি হৰি সেৱা আচৰিবে তেবে॥
যেবে জানা মহা ভকতৰ সঙ্গ পাই।
তেবে পুজা আদি কৰি কাতাে কাৰ্য্য নাই॥১৪।৷
যেখন তােমৰা আসিবাৰ বার্ত্তা পাইলো।
নমো কৃষ্ণ বুলি ফুল ঢালিয়া আসিলো॥
কতোক্ষণ দুইজন কৃষ্ণ কথা কই।
বসিয়া আছন্ত আতি আনন্দিত হুই॥১৫৷৷

[ ৩০০ ]

পাছে দেৱ মাধৱে বিদায় কৰিলন্ত।
আজি বহিয়ােক কণ্ঠভূষণে বােলন্ত॥
মাধৱে বােলন্ত নােৱাৰিবো ৰহিবাক।
বহুদিন ভৈল আতৈ লাগয় যাইবাক॥১৬॥
সজ সজ বুলি কণ্ঠভূষণে আপুনি।
উঠি গৈয়া দুধ চিৰা কল চুৰা আনি॥
দুই ভাৰ সাজ তেহেঁ বান্ধিয়া দিলন্ত।
ভকতে নিবেক বুলি ভাবিয়ো দিলন্ত॥১৭৷
ভক্ত সমে চিৰা ৰাখা বােলন্ত যথাত।
তােৰা সব ফিৰি পুনু আসিবা এথাত॥
এহি বুলি মাধৱদেৱক পঠাইলন্ত।
দুইকো দুয়ো এন্তে পরম দুঃখ পান্ত॥১৮॥
সলােতক নয়নে মাধৱ চলি গৈলা।
মাধৱক চাহি কণ্ঠ ভূষণ ৰহিলা॥
অনন্তৰে তাসি এক নদী তীৰ পাইলা।
স্নান কৰি ভক্ত সমে চিৰা কল খাইলা॥১৯৷৷
পৰম হৰিষে চলি যান্ত ভক্ত সমে ।
কৃষ্ণৰ চৰিত্ৰ কহি মহা ৰঙ্গ মনে॥
পাছে আসি সুন্দৰী দিয়াত ৰহিলন্ত।
কতােদিনা ভক্তসমে আনন্দে আছন্ত॥২০৷৷
শুনিয়োক সাধু সভাসদ নিৰন্তৰ
গুৰুৰ চৰিত্ৰ ইটো মহা মনোহৰ৷৷
কলিত তৰিতে আছে যাহাৰ প্ৰৱন্ধে ।
গুৰুৰ চৰিত্ৰ শুনি ছিঙ্গা কৰ্ম্ম বন্ধ॥২১॥

⸻⸻

[ ৩০১ ]

অষ্ট পঞ্চাশৎ অধ্যায়

—সুন্দৰী দিয়ালৈ প্রত্যাগমন—

আত অনন্তৰে শুনা  যেন ভৈল একদিনা
 ছয় মাসৰো পৰা মানে।
জিজ্ঞাসা কৰিয়া আতি  ছিদ্ৰ ধৰিবাক প্ৰতি
 মাধৱক বিপ্র একজনে ॥১৷৷
একদিন ভাত বাঢ়ি  আসন খন আৱতাই
 হাত ভৰি ধুই বসিলন্ত।
কৰিলন্ত আচমন  হেন শুনি বিপ্রজন
 আসিয়া আগত ৰহিলন্ত ॥২৷৷

—শূদ্ৰৰ সিদ্ধান্ন—

ৰহতো মাধৱদাস  ভাত খাইবে ন পাৱস
 তই শূদ্ৰ গোঁসাইক সিদ্ধান্ন।
দিবেক নপাস সাৰ  ভুঞ্জবে নপাস আৰ
 অদেয় বস্তুক ভক্ত জন॥৩॥
ইহাৰ সিদ্ধান্ত কহ  দেখি তান মহাগ্রহ
 মাধৱে মনত হাসিলন্ত।
এখন কহওঁ যেবে  নুহিবন্ত লাজ তেবে
 এহি বুলি ভক্ত মাতিলন্ত ॥৪॥
আসিল ভকত যত  কহিলন্ত তাসম্বাত
 এহে দায় ধৰিছা আমাক।

[ ৩০২ ]

সিদ্ধ অন্ন ঈশ্বৰক  দিবে নপাই শূদ্ৰ তই
 অদেয় নপাস ভুঞ্জিবাক॥৫॥
দিয়ােক সিদ্ধান্ত আৰ   নুহি অন্ন এৰিবাৰ
 জানিবা নিশ্চয় লাগিলেক।
শুনিয়া সবাৰো মনে  সংশয় মিলিল, কেহোঁ
 ন পাৰ