পৃষ্ঠা:চৰিত- দৈত্যাৰি ঠাকুৰ.pdf/৩৯৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭১ অ]
৩৬৭
শ্ৰীশ্ৰীশঙ্কৰদেৱ-মাধৱদেৱ চৰিত


—ৰাজপুৰুষ আৰু বিষয়াসকলৰ—


—শৰণ গ্ৰহণ—


বীৰ নাৰায়ণ   ৰাজাৰ কুমাৰ
  ৰাজ মাৱ আই ধাই।
ৰাজাৰ মহিষী   কুমৰ কুমাৰী
  আন কতো কতো যাই॥১০॥
মাধৱদেৱক   গুৰু মানি সবে
 কৃষ্ণত লৈলা শৰণ।
কহিবো কতেক   শৰণ লৈলেক
  আনো নগৰস্থ জন॥১১॥
ডাক ডাকুৱা   বৰ বৰুৱা
  বিলাইতৰ লোক জন।
নাহি আদি অন্ত   আসি অপৰ্য্যন্ত
  কৃষ্ণত লৈল শৰণ॥১২॥
কোচ মেচ লোক   সবে এৰিলেক
  পূৰ্ব্বৰ যত আচাৰ।
মাধৱদেৱৰ   উপদেশ পায়া
  ভৈল সবে সদাচার॥১৩॥
বীৰু কাৰ্য্যী নামে   আছে একজন
  ৰাজাৰ মূখ্য সেৱক।
ৰাজাৰ আগত   প্ৰশংসা অনেক
  কৰৈ সিটো মাধৱক॥১৪॥
বোলয় মাধৱ   মানুষ নোহয়