পৃষ্ঠা:চৰিত- দৈত্যাৰি ঠাকুৰ.pdf/৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২০
[৭ অ
শ্ৰীশ্ৰীশঙ্কৰদেৱ-মাধৱদেৱ চৰিত।


এহি নানা ক্ৰীড়া যুবা কালে কৰিলন্ত।
কোন জনে তাক সবে কহি পাৱে অন্ত॥
জ্ঞানৱন্ত ধৈৰ্য্যৱন্ত পৰম পণ্ডিত।
বুদ্ধি বৃহস্পত্যোধিক মহা অখণ্ডিত॥ ৫॥

—জগন্নাথ ভ্ৰমণ—


এককালে তেঁহো জগন্নাথ ক্ষেত্ৰে গৈলা।
বহুদিন তৈতে কৃষ্ণ চৰণ সেৱিলা॥
বহুদিন নাসিবাৰ দেখি বন্ধুগণে।
চিন্তাবিষ্ট হুয়া দুঃখ লভিলন্ত মনে॥ ৬॥
পাছে কতোদিন দেৱ শঙ্কৰ আসিলা।
দেখি তাঙ্ক সবান্ধৱে আনন্দ লভিলা॥[১]
আসিলা শঙ্কৰবৰ শুনি বুঢ়ী আই।
দিলা বেগ খাটত পৰিলা ঝুটি খাই॥ ৭॥
লাগিয়া খাটৰ খুৰা ঘাৱ ভৈলা ভৰি।
কান্দিবে লাগিলা শঙ্কৰৰ গলে ধৰি॥
এতদিন বাপু তুমি কিসক নাসিলা।
সবাকে সম্বোধি দেৱ শঙ্কৰ ৰহিলা॥ ৮॥

—ষাণ্ড মৰ্দ্দন—


কতোদিন আছ যেবে শঙ্কৰ ঘৰত।
শুনা যেন কথা ভেলা তাহাৰ পাছত॥


  1. দৈত্যাৰি ঠাকুৰে ইয়াত অনেক কথা এৰি থৈ গেছে৷ প্ৰথমবাৰ তীৰ্থ ভ্ৰমণলৈ যাওঁতে শঙ্কৰদেৱে বাৰ বছৰ নানা ঠাই ভ্ৰমণ কৰিছিল৷