পৃষ্ঠা:চৰিত- দৈত্যাৰি ঠাকুৰ.pdf/২৯৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৬৮
[৫৬অ
শ্ৰীশ্ৰীশঙ্কৰদেৱ মাধৱদেৱ চৰিত

  —মাছ ভাগ—
এহি বুলি মাধৱদেৱক মাছ দিল।
কাটি নিয়া মাছ দেৱ মাধৱে বুলিল॥
দুইজনে মাছ কাটি কাটি দমাৱন্ত।
সমস্তকে বান্টি বান্টি মাছ দিয়াইলন্ত॥২৬॥
উদাসীন গৃহস্থ ভকত ষাঠি জন।
গ্রামিক ভকত গিৰি আঠাইশ প্রমাণ॥
বাৰজন জালােৱা সবাকো আটিলন্ত।
মনত সন্তোষে মাছ সমস্তে নিলন্ত ॥২৭॥
শঙ্কৰদেৱৰ নাতি পুত্র আছিলন্ত।
তাসম্বাকো লাগি মাছ দিয়া পঠাইলন্ত॥
ৰাম-ৰাম গুৰুকো পঠাইলা মাছ দিয়া।
আনকো দিলন্ত যাক আগত দেখিয়া ॥২৮॥
মাছ ছয় ডােখৰ মাধৱে ৰাখিলন্ত।
ৰান্ধি বাঢ়ি মাছ সবে ভক্তে ভুঞ্জিলন্ত॥
খাচিতো অধিক মাছ স্বাদ সুকোমল।
প্রশংসিল ভাল মাছ বুলিয়া সকল॥২৯৷৷

⸺⸺