পৃষ্ঠা:চৰিত- দৈত্যাৰি ঠাকুৰ.pdf/১৯৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ঊনচত্বাৰিংশ অধ্যায়

—ৰত্নাৱলী গ্ৰন্থ প্ৰাপ্তি—

ইসব প্ৰসঙ্গ এহি মানে আবে থওঁ॥
তাৰ পাছে যেন ভৈল শুনা তাক কওঁ॥১॥
নামে কণ্ঠভূষণ ব্ৰাহ্মণ একজন।
মাগুৰীত থাকন্ত পৰম শুদ্ধ মন॥
বাৰম্বাৰ শঙ্কৰৰ থানক আসন্ত।
মাস দিন মানে মহা আনন্দে থাকন্ত॥২॥
ৰামৰাম গুৰুৰ জমাই তেন্তে হোন্ত।
শাস্ত্ৰত পণ্ডিত শান্ত সদাচাৰ সন্ত॥
শঙ্কৰ সহিতে কৃষ্ণ কথাক চৰ্চ্চিয়া।
মহাসুখে থাকা প্ৰেমানন্দত মজিয়া॥৩॥
গুৰু নৰনাৰায়ণ ৰাজাৰ হোৱন্ত। (১)
যেতিক্ষণে বেহাৰক আসন্ত যাৱন্ত॥
টেঙ্গা জৰা গুৱাপান বাৰী হন্তে লই।
শঙ্কৰদেৱক প্ৰতিবাৰে দিয়া গই॥৪॥
দুইচাৰি দিন মান ৰহি থাকা তথা।
আত অনন্তৰে আৰো শুনা পাছ কথা॥
এক বাৰ বাৰাণসী হন্তে আসিলন্ত॥
শঙ্কৰদেৱৰ গৈয়া স্থানে ৰহিলন্ত॥৫॥


 (১) কণ্ঠভূষণৰ ঘৰ মাগুৰি গ্ৰামত; ৰাম-ৰাম গুৰুৰ জোৱাঁই; নৰ- নাৰায়ণৰ সভাৰ ৰাজগুৰু ( ভূষণ দ্বিজ-৭৪৫) দৈত্যাৰি ৬৪ অধ্যায়।