পৃষ্ঠা:চৰিত- দৈত্যাৰি ঠাকুৰ.pdf/৩২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩০০
[৬৩ অ
শ্ৰীশ্ৰীশঙ্কৰদেৱ মাধৱদেৱ চৰিত


বৰদেউৰীক এক তোলা সোণ দিলা।
পাছে নীলকণ্ঠ ৰামচৰণক বুলিলা॥১৬॥
কৈয়ো ৰামচৰণ গৈ মাধৱৰ ঠাই।
নীলকণ্ঠে বোলয় আমিও কিছু পাই॥
তেহেঁ বোলা আপুনি বুলিয়ো যাই তুমি।
এখন কহিবে আৰ নপৰোহোঁ আমি॥১৭॥
কৃপাময় তুমি গৈলে মাত্ৰকে দিবন্ত।
ন পাৰো খুজিবে নীলকণ্ঠে বুলিলন্ত॥
আগে মনে দুঃখ লগাইলোহোঁ তান চাই।
আবে কোন লাজত খুজিবো আগ হই॥১৮॥

 —হাজোলৈ গমন—
এহি বুলি নীলকণ্ঠ মন দুঃখে ৰৈলা।
সম্বোধিয়া সবাকো মাধৱ চলি গৈলা॥
তৈৰ পৰা গৈয়া পাছে হাজোত ৰহিলা।
যথাযোগ্য হয়গ্ৰীৱ গোসাঁইক দেখিলা॥১৯॥
অনন্তৰে ভটিয়াই নদীত আসন্ত।
একখন বালিত নাৱ চপাই উঠিলন্ত॥
ভক্ত সমে মাধৱ গৈ নাৱত চরিলা।
তবে ৰামচৰণ মথুৰাদাস গৈলা॥২॥

 —ৰামচৰণ, মথুৰাদাস—
কতোক্ষণে বালি ভাঙ্গি দুয়োজন যান্ত।
দুঃখ পাই নাৱ ৰাখা বুলি গেড়িয়ান্ত॥
মাধৱে বোলন্ত নৰাখিবা তাৰা যাউক।