পৃষ্ঠা:চৰিত- দৈত্যাৰি ঠাকুৰ.pdf/১৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৫ অ]
১০৫
শ্ৰীশ্ৰীশঙ্কৰদেৱ-মাধৱদেৱ চৰিত

মাধৱদেৱৰ মাতৃ বহিনীয়ে দুই।
শোক এৰাই থাকিলন্ত ৰঙ্গমন হুই॥
ইটো কথা ধূঞাঁহাট থানত নিশ্চয়।
শুনিয়োক অৰো তাতে ভৈল যেন নয়॥১৫॥

⸻⸻

ষড়বিংশ অধ্যায়

—আসামৰ দৌৰাত্ম—

এককালে ভূঞাঁধৰা লাগিল দেশত।
আছিল যতেক ভুঞাঁ পলাইল সমস্ত॥ (১)


 (১) ভুঞাঁধৰা:— আহোম ৰজাই হাতী ধৰিবলৈ বুলি মানুষ গোটাইছিল। এই কথাকে ইয়াত ভূঞাঁধৰ বোলা হৈছে। হাতীধৰা সম্পৰ্কে চৰিত পুথি বিলাকৰ মত একে নহয়।

 (ক) ৰামচৰণ ঠাকুৰৰ দ্বাৰা লিখিত শঙ্কৰচৰিত (৪ৰ্থ খণ্ড ২২৮৬-৯০ পদ) মতে, আহোম ৰজাই হাতী ধৰিবৰ কাৰণে ভূঞাঁসকলক নিছিল। হাতী খেদোঁতে, ভূঞাঁসকলৰ ফালে হাতী পলাই যোৱাত; তেওঁলোকে ভয় কৰি ঘৰলৈ পলাই আহে। ৰজাই এই বাতৰি পাই ভূঞাঁসকলক ধৰি আনিবলৈ বৰাক পঠায়। এই বাতৰি পাই শঙ্কৰদেৱ পলাই যায়। বাটত, শঙ্কৰদেৱৰ জোঁৱায়েক হৰি আৰু মাধৱদেৱক ধৰি নিয়ে। পিছত মাধৱক এৰি দি হৰিক প্ৰাণদণ্ড দিয়ে!

 (খ) এই পুথিৰেই ৪ৰ্থ খণ্ডত (২৫০১-২ পদ) লিখা আছে যে, শঙ্কৰৰ জোৱায়েক হৰি এশলোকৰ ওপৰত শইকীয়া আছিল। ৰজাৰ