পৃষ্ঠা:চৰিত- দৈত্যাৰি ঠাকুৰ.pdf/৩৭৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৫০
[৬৯ অ
শ্ৰীশ্ৰীশঙ্কৰদেৱ-মাধৱদেৱ চৰিত


দুয়ো দুৱাৰত কড়া পাটক মাৰিল।
গলে বস্ত্ৰ দিয়া সিটো তেখনে উঠিল॥১২॥
বুলিবে লাগিল বাক্য নিৰেখি তলক।
নপাৰে সমুখে চাহিবাক মাধৱক॥
বোলে ৰাজ-আজ্ঞা আতা লাগৈ উঠিবাক।
আৰৰ ৰাজ-আজ্ঞা হুয়া আছে বান্ধিবাক॥১৩॥

—ভকত বন্দী—

এহি বুলি মনুষ্যক চক্ষু ঠাৰ দিল।
পিঠি হাত কৰি ভক্ত সবক বান্ধিল॥
মাধৱদেৱক বোলে দোষ ন ধৰিয়ো।
ৰাজ-আজ্ঞা মানি হাত এঠাই কৰিয়ো॥১৪॥

—বন্দী মাধৱদেৱ—

শুনি হাত একঠাই মাধৱে কৰিলা।
মাথা বান্ধাখান হাত উপৰত দিলা॥
থিৰ হুয়া বোলে এক হাজাৰ ৰাজাই।
টকা খুজি আছে বাপ তোমাঠেৰ ঠাই॥১৫
উদাসীন সবে এক হাজাৰ দিবেক।
বুলিলা মাধৱদেৱে শুনিয়া এতেক॥
একোটা মোহৰ ৰাজা দিয়া নাহিকয়।
সাউদ হৈয়া কোঠ বন্দী নাৱক বাৱয়॥১৬॥
যদ্যপি ৰাজাক জানা ধনেসে নাটয়॥
তভো মাগি যাচি দিবো ৰাজাক লাগয়।