পৃষ্ঠা:চৰিত- দৈত্যাৰি ঠাকুৰ.pdf/৩৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৬ অ]
৩২৭
শ্ৰীশ্ৰীশঙ্কৰদেৱ-মাধৱদেৱ চৰিত

আঠু জানু পাৰি  নমস্কাৰ কৰি
 বসিলা ৰামচৰণ।
ৰামচৰণত  পুছিলা মাধৱ
 দেৱে হৰষিত মন ॥১৯॥
কৈত পাইলা বাপ  ইটো বস্ত্র খান
 শুনিয়া ৰামচৰণ।
তােমৰা দিছন্ত  কৈত পাইবাে মই
 বুলিলা মৃদু বচন॥২০॥
শুনিয়া মাধৱ  কৃষ্ণ কথা কন্তু
 গুণন্ত মনত হাসি।
এছু বস্ত্র দিবে  ৰামচৰণক
 মনত নপৰে আসি ॥২১॥
এহি গুণি দণ্ড—  —চাৰি মান পাছে
 পুনৰপি পুছিলন্ত।
কৈয়ো কোনে দিল— —তােমৰা দিছন্ত
 ৰামচৰণে বুলিলন্ত ॥২২॥
পুনু দণ্ড দুই  কৃষ্ণ কথা কই
 মনে মনে গুণিলন্ত।
নেদো মই আক  কোনে দিলা কৈয়ো
 শুনি তেহেঁ কহিলন্ত॥ঘ৩
তােমাঠেত বিনে  দিবে মােক কোনে
 তােমৰা দিয়া আছন্ত।
হেন শুনি পাছে  ৰামচৰণক