পৃষ্ঠা:চৰিত- দৈত্যাৰি ঠাকুৰ.pdf/৩৮৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৯ অ]
৩৫৫
শ্ৰীশ্ৰীশঙ্কৰদেৱ-মাধৱদেৱ চৰিত


শুনি আছোঁ তেহেঁ বৰ কৰে অনাচাৰে॥
এহে মহা শুদ্ধ আঙ্ক ন জানি আনিল।
শুনি ৰাজা পুনু সুৰানন্দক পাঞ্চিল॥৩৯॥

—মুক্ত মাধৱদেৱ—

থৈয়ো নিয়া পুনু বৰপেটাত মাধৱ।
আনন্দে থাকোক কৰি হৰি মহোৎসৱ॥
এহি কথা মাধৱদেৱে যে শুনিলন্ত।
ঊৰুত চাপড় মাৰি খেদ কৰিলন্ত॥৪০॥
ছিঃ! মুৰ্খ ৰাজা ইটো একো ন জানয়।
ইহাৰ ৰাজ্যত জানা বঞ্চিবে লাগয়॥
শূদ্ৰ সমে বাদ দোষ কোন শাস্ত্ৰে কয়।
এত মান ৰাজা ইটো আক ন জানয়॥৪১॥
শঙ্কৰদেৱৰ পদ সেৱাৰ মহত।
নপাইলো নপাইলো মই কৰিবে বেকত॥
ৰাজা বুজিলেক হন্তে ব্ৰাহ্মণ সবক।
তুলা যেন ধুনিলোহোঁ দেখায়া চমক॥৪২॥
এহি বুলি ন মাতি মাধৱ ৰহিলন্ত।
অনন্তৰে ভাঙ্গামোথা থানক গৈলন্ত॥
বসিয়া মাধৱ দুই দণ্ড আছিলন্ত।
কিছুমান ভোজন তহিত কৰিলন্ত॥৪৩॥ ,
অনন্তৰে সুৰানন্দ ডাকুয়া আসিল।
মাধৱদেৱক আপোনাৰ ঘৰে নিল॥