পৃষ্ঠা:চৰিত- দৈত্যাৰি ঠাকুৰ.pdf/৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[২]

 প্ৰাচীন পুথিত পদৰ সংখ্যা আদিৰ পৰা অন্তলৈকে ধাৰাবাহিক ভাৱেৰে দিয়া আছে। কিন্তু প্ৰাচীন সংস্কৃত পুৰাণ, ভাগৱত, মহাভাৰত আদি গ্ৰন্থ সম্পাদন কৰোতে আধুনিক পণ্ডিত সকলে প্ৰতি অধ্যায়ত বেলেগ ভাৱেৰে পদ সংখ্যা দিয়ে। এই পদ্ধতিৰ এটা সুবিধা এই যে কোনো বিষয়ৰ উল্লেখ কৰিবলৈ হলে বিশেষ অধ্যায় আৰু সেই অধ্যায়ৰ পদ সংখ্যাৰ উল্লেখ কৰা সহজ আৰু সুবিধা জনক। আমি এই আৰ্হি লৈ মহাপুৰুষ দুজনাৰ চৰিত পুথিক পবিত্ৰ গ্ৰন্থ ভাবি প্ৰতি অধ্যায়ত নতুনকৈ বেলেগ পদ সংখ্যা দিছোঁ।

 পাদটীকাত দিয়া তুলনামুলক পাঠৰ কাৰণে আমি তলত লিখা পুথিৰ সহায় লৈছোঁ :-

 (১) শঙ্কৰ চৰিত-৺ৰামচৰণ ঠাকুৰ ৰচিত—শ্ৰীযুত হলিৰাম মহন্তই সম্পাদনা কৰা, ঢেকিয়া খোৱা নাম ঘৰৰ সাঁচিপতীয়া পুথি, কাকজানৰ শ্ৰীযুত পুণ্যেশ্বৰ ভূঞাৰ ঘৰত থকা সাঁচিপতীয়া পুথি।

 (২) শঙ্কৰদেৱ-৺ভূষণ দ্বিজ ৰচিত—৺দুৰ্সাধৰ বৰকটকী সম্পাদিত

 (৩) গুৰুচৰিত্ৰ—৺দ্বিজৰামানন্দ ৰচিত—৺হৰিবিলাস গুপ্ত সম্পাদিত। গণকপুখুৰীৰ শ্ৰীযুত যজ্ঞোধৰ গোস্বামীৰ নাম ঘৰৰ সাঁচিপতীয়া পুথি।

 (৪) শ্ৰীশ্ৰীবংশীগোপাল চৰিত-৺দ্বিজ ৰমানন্দ ৰচিত—আউনী আটি আৰু গড়মূৰ সত্ৰৰ পুথি।

 ৫) শ্ৰীশ্ৰীদেৱ দামোদৰ চৰিত্ৰ—৺নীলকণ্ঠ দাস ৰচিত-৺শৰচ্চন্দ্ৰ গোস্বামী সম্পাদিত; ৺কৃষ্ণমিশ্ৰ ৰচিত-দক্ষিণপাট সত্ৰৰ পুথি।

 (৬) শ্ৰীশঙ্কৰদেৱ-শ্ৰীমাধৱদেৱ,—৺লক্ষ্মীনাথ বেজবৰুৱা প্ৰণীত।

 পুথি সম্পাদন কৰা আৰু টীকা লিখাত যোৰহাট গবৰ্ণমেন্ট হাইস্কুলৰ শিক্ষক শ্ৰীমান্ বিশ্বনাৰায়ণ কাব্য-ব্যাকৰণ-মীমাংসা-শাস্ত্ৰী, কাব্যতীৰ্থ দেৱে দক্ষিণ হস্ত স্বৰূপ হৈ আমাক সদাই সহায় কৰিছে। তেওঁৰ সহায় ন হলে চৰকাৰী কামত ইমান ব্যস্ত থাকোতে কিতাপ সম্পাদন কৰা আমাৰ পক্ষে ইমান সোনকালে সম্ভৱপৰ ন হল হেঁতেন।