পৃষ্ঠা:চৰিত- দৈত্যাৰি ঠাকুৰ.pdf/১৫৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩১ অ ]
১৩১
শ্ৰীশ্ৰীশঙ্কৰদেৱ-মাধবদেৱ চৰিত

আত অনন্তৰে আৰো শুনা যেন কথা॥
এক দিনা গোবিন্দ গুৰুৱে ভৰি দিল।
নাৱৰ কটিত জৰি তেখনে ছিড়িল॥১৮॥
তেখনে ভৈলন্ত বিপ্ৰ তথাৰ অন্তৰ।
কোনে নাৱ চৰিলেক পুছিলা শঙ্কৰ।৷
শুনিয়া সমস্ত লোক জানো বুলিল!
পুছিলা শঙ্কৰে মিছা ব্ৰাহ্মণে মাতিল॥১৯॥
শঙ্কৰে বোলন্ত মই আপুনি দেখিলো।
তোমাক কি কৰে। কেনে মিছা যে মাতিল।
আৰ কিবা সঞ্জাত কৰিবে লোক তাত।
দূৰ গুছ পাপিষ্ঠ মাতিল মিছা মোত॥২৩॥

—শাস্ত্ৰৰ বিকৃত ব্যাখ্যা—

এহি বুলি বিপ্ৰক শঙ্কৰে খঙ্গিলন্ত।
ভক্তৰ বচনে পাছে ক্ৰোধ এৰিলন্ত।৷
একাদশী দিনা সেহি ব্ৰাহ্মণে নিশ্চয়।
মাছ কিনি লৈয়া যাস্ত প্ৰভাত সময়॥২১॥
চাৰি ল কুৰিয়া দেখি পুছিলা শঙ্কৰ।
একাদশী মাছ কি কৰিবা দ্বিজবৰ।৷
তেহে বোলে তোমাঠেৰ পদে কহি আছা।
নপাৱৈ আমাক একাদশী উপবাস॥২২৷৷ (১)


(১) "ন পাৱৈ মোহোক লাগ যোগ যজ্ঞ দানে। মহামন্ত্ৰ জপ কোটি শত তীৰ্থ স্নানে। ন পাৱৈ আমাক একাদশী উপবাসে। ন কৰয় বশ্য মোক পৰম সন্ন্যাসে।” ভাগৱত ১১|১৯২৯৭