পৃষ্ঠা:চৰিত- দৈত্যাৰি ঠাকুৰ.pdf/৩০৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৭৬
[৫৮অ
শ্ৰীশ্ৰীশঙ্কৰদেৱ-মাধৱদেৱ চৰিত

আগে তাসম্বাৰ  কথা আপােনাৰ
  চাৰি ভক্তে কহিলন্ত ॥১৬॥
কৈক যাহা বুলি   পুছিলন্ত পুনু
  তাৰা দুই তাসম্বাত।
মাধৱদেৱক   দেখিবাক যাওঁ
  চাৰিয়াে কৈলা তাহাত ॥১৭॥
পাছে পুছিলন্ত   কৈত ৰহিলাহা
  তাৰা বােলে এক ঠাই।
ৰহিছিলাে কালি  উপবাসে শুতি
  বঞ্চিলােহোঁ এক ঠাই ॥১৮৷৷
আজি তাৰ ভােখে  লৰিবে নপাৰি
  কিছু লগে আছে নাই।
কঙ্কিলাৰ গুৰু  বুলিলন্ত বাপু
  গোপাল আতৈক চাই ॥১৯৷৷
মােৰ লগে কিছু   নাহি হেন শুনি
  বােলন্ত গোপাল আতাই।
পােষা দুই মান  মাত্র চাউল আছে
  কিসক ইটো কুলাই ॥২০॥
গণ্ডা পাঞ্চ কল  দিয়া আক সমে
  স্নান কৰি ভুঞ্জিবেক।
কঙ্কিলাৰ গুৰু   বুলিলন্ত বাপু
  ই কল দিবো কিসক ॥২১৷৷
আতাক লাগিয়া   আনি আছোঁ আক