পৃষ্ঠা:চৰিত- দৈত্যাৰি ঠাকুৰ.pdf/৩৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৩অ]
৩০৭
শ্ৰীশ্ৰীশঙ্কৰদেৱ মাধৱদেৱ চৰিত


সিয়ো বোলে বাপ মিছা মাতিবো কিসক।
বোলন্ত মাধৱদেবে নিষ্ঠ কহিয়োক॥৫৫॥
বনাছ বোৱা যে তাৰ সুতা কিছুমান।
ৰাখা কি ন ৰাখা কহিয়োক বিদ্যমান॥
সিটো বোলো বাপ আৰে লাগে পুছিবাক।
যিমান পাৰোহোঁ মানে ৰাখোহোঁ সুতাক॥৫৬॥
মাধৱে বোলন্ত এহি কাৰণে নাটয়।
উলটায়া দিয়া সুতা যিমান ৰহয়।৷
বছৰেক মানে মাত্ৰ উলটায়া দিবা।
চোঁৱা তেবে আটে নাটে বোলক বুজিবা।৫৭॥
সিটো বোলে ভালে বাপ উলটায়া দিম।
আজি হন্তে সুতা এক তিল ন ৰাখিম॥
মাধৱদেৱৰ বাক্যে সুতা ন ৰাখিল।
সেহি বৎসৰতে ধাৰ সমস্তে সুজিল॥৫৮॥
দেখা দেখা সাধুজন থিৰ কৰি মন।
মাধৱদেৱৰ বাক্য কৰে যিবা জন॥
ইহলোকে দুঃখ তাৰ সাম্প্ৰতে গুছয়।
অনায়াসে পৰলোকে মুকুতি পাৱয়॥৫৯।৷
জানি বুদ্ধলোক তান বচন কৰিয়ো।
হৰিত ভকতি কৰি সংসাৰ তৰিয়ো॥
কৃষ্ণৰ ভৃত্যৰে ভৃত্য কহয় দৈত্যাৰি।
শঙ্কৰ মাধৱ সবে বোলা উচ্চ কৰি॥৬০॥

⸻⸻