পৃষ্ঠা:চৰিত- দৈত্যাৰি ঠাকুৰ.pdf/৪৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪১০
[৭৭ অ
শ্ৰীশ্ৰীশঙ্কৰদেৱ-মাধৱদেৱ চৰিত


সবে দেৱগণে   আলোচিয়া মনে
  গুপুত তাক কৰিলা।
কৃপায় শঙ্কৰ   ৰূপ ধৰি হৰি
  পুনু তাঙ্ক প্ৰকাশিলা॥২॥
হেনয় শঙ্কৰ-   -দেৱৰ চৰণে
  কৰোঁ মই নমস্কাৰ।
মাধৱ স্বৰূপে   সেহি পূৰ্ণ কৃষ্ণ
  ভৈলা পুনু অৱতাৰ॥৩॥
শঙ্কৰ বৈকুণ্ঠ   প্ৰয়াণ কৰিলা
  মাধৱ আছিলা ৰহি।
বিবিধ ঈশ্বৰ—   হৰি নাম ধৰ্ম্ম
  প্ৰচাৰিলা শাস্ত্ৰ চাহি॥৪॥
শঙ্কৰে ভকতি   প্ৰকাশ কৰিলা
  মাধৱেসে প্ৰচাৰিলা।
মাধৱৰ প্ৰসা-   দত ব্যভিচাৰী
  অজ্ঞানী সবে বুজিলা॥৫॥
সমস্ত লোকত   কৰিলা বেকত
  মাধৱে কৰি প্ৰচাৰ।
গুৰু ব্যভিচাৰ   দেৱ ফল যত
  আদি যত ব্যভিচাৰ॥৬॥
হেন মাধৱ-   -গুৰু মোৰ নিজ
  -গুৰু, তানে চৰণত।
করোঁ নমস্কাৰ   সৰ্ব্বদায় আৰু