পৃষ্ঠা:চৰিত- দৈত্যাৰি ঠাকুৰ.pdf/২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

প্ৰথম অধ্যায়
প্ৰাৰ্থনা

জয় জয় দৈবকী নন্দন দামোদৰ।
ব্ৰহ্মা মহেশ্বৰৰ যাৰ চৰণ-কিঙ্কৰ॥
পৰম পতিত তৰে যাৰ সুমৰণে।
সদায়ে প্ৰণামো তাৰ অৰুণ চৰণে॥ ১॥
নমো নমো নাৰায়ণ জগত-কাৰণ॥
ভকত অভয়-দাতা সত্য সনাতন॥
কৃপা কৰা কৃপাময় অধমক মোক।
তোমাৰ ভক্তৰ সঙ্গ সদা মোৰ হোক॥ ২॥
শঙ্কৰ মাধৱ দুইৰো চৰিত্ৰ বৰ্ণন।
কৰো তব পদ-প্ৰসাদত নাৰায়ণ।
তোমাৰ চৰণ-কৃপা লেশ প্ৰসাদত।
প্ৰচাৰোক পদ মহাজনৰ সাক্ষাত॥ ৩॥

—শঙ্কৰ-মাধৱ-অবতাৰ-পুৰুষ—


জয়তি পৰম গুৰু শ্ৰীমন্ত শঙ্কৰ।
লোকৰ হিতাৰ্থে জন্ম অংশ কেশৱৰ॥
মাধৱ স্বৰূপে কৃষ্ণ-অংশে অৱতৰি।
গুৰুসেৱা ধৰ্ম্ম দেখাইলন্ত কৃপা কৰি॥৪॥
তাৰা দুইহন্তক নমস্কাৰ কৰি মনে।
বৰ্ণাইবো তেৰাৰ কথা পৰম যতনে॥