সমললৈ যাওক

পৃষ্ঠা:চৰিত- দৈত্যাৰি ঠাকুৰ.pdf/১১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৬
[ ২১ অ
শ্ৰীশ্ৰীশঙ্কৰদেৱ-মাধৱদেৱ চৰিত


দেখা কেন উপায় শঙ্কৰে কৰিলন্ত।
লোক সব বৰাইবে প্ৰতিমা সাজিলন্ত॥
আবে জগন্নাথৰ প্ৰতিমা বুলি তাক।
গৈলে তাক অৱশ্যে লাগিব নমিবাক॥৫॥

—প্ৰতিষ্ঠা কাৰ্য্যত ব্ৰাহ্মণৰ আপত্তি—

নযাইবো আমৰা সব বুলি বিপ্ৰগণ।
এহিমতে অন্যো অন্যে কৰে আলোচন॥
লোক সব মতাই মহোৎসৱ কৰিবেক৷
ব্ৰাহ্মণ সজ্জনে গৈয়া তাক দেখিবেক॥৬॥
ঈশ্বৰৰ মূৰ্ত্তি বুলি প্ৰণাম কৰিব।
সবলোকে তেবে আক দেৱতা মানিব॥
আক লাগি উপায় লাগিছে কৰিবেক।
আমি সব নযাইব মাতিলে আমাসাক॥৭॥
লোকক কহিবো কৈত পাইবে জগন্নাথ।
কাঠখানি বাঢ়ৈ কাটি আছয় সাক্ষাত॥
এহি কথা শঙ্কৰদেৱে যে শুনিলন্ত।
মাতি ৰামৰায়ক তেখনে আনিলন্ত॥৮॥
কহিলন্ত ব্ৰাহ্মণ সবৰ কথা যত।
কৰিলা উপায় এক তেখনে মনত॥
লোভাবিষ্ট বিপ্ৰ সব পাইবে নাম শুনি।
মাতিলে মাত্ৰকে সবে আসিব আপুনি॥৯॥

—ব্ৰাহ্মণৰ দান—

এহিবুলি লোকত শুনায়া আলোচন্ত।