কবীৰৰ জীৱ নাতিনী আসিয়া (১)
এহি বুলি কহিলন্ত॥৪॥
(১) কবীৰৰ জন্ম সম্পৰ্কে এটা আখ্যান আছে। সাধু ৰামানন্দৰ ওচৰলৈ এদিন এজন ব্ৰাহ্মণ তেওৰ বিধবা ভনীয়েকৰ সৈতে যায়। সাধুৱে তেওক বিধবা বুলি না জানি, পুত্ৰৱতী হবলৈ আশীৰ্ব্বাদ দিয়ে। সাধুৰ আশীৰ্ব্বাদৰ ফলত, তেও এটি পুত্ৰ লাভ কৰে। জন্মৰ পিছত লৰাটি, কোনেও নজনাকৈ এটা পুখুৰীত, পদুম পাতত ভৰাই উটাই দিয়া হয়। এই সন্তানটিয়েই কবীৰ। ঘটনাক্ৰমে নিৰু নামৰ এজন মুছলমান তাতীয়ে পাই নি ঘৈনীয়েক নিমাৰ হাতত দিয়ে। তেওলোকৰ ঘৰতে কবীৰ ডাঙ্গৰ হৈ কাশীধামত ৰামানন্দৰ শিষ্য হৈ থাকে। তাৰ পৰা ত্ৰিশ বছৰ বয়সত এজন সন্যাসীৰ আশ্ৰমত বাস লয়। আৰু তাৰ পৰা ঘূৰি আহোতে উক্ত সন্ন্যাসীৰ লোই নামৰ বিশ বছৰীয় পালিতা কন্যা এজনী লৈ আহে। মছলমান মতে, তেও কবীৰৰ ভাৰ্য্যা আৰু হিন্দু মতে, শিষ্যা আছিল। প্ৰবাদ মতে কবীৰৰ কমাল আৰু কমলী নামে এহাল লৰাছোৱালী আছিল। এওলোক দুয়ো পালিত পুত্ৰকন্যা বুলি বহুতে কয়।
কমাল ডাঙ্গৰ হৈ কবীৰৰ মতৰ বিৰুদ্ধী হৈ জালালপুৰ নামে ঠাইত দাদুপন্থীৰ প্ৰৱৰ্ত্তক হয়। “ডোবা” বংশ কবীৰকা যব উপজা পুত্ৰ কমাল’
বিশ বছৰ বয়সত কমালীৰ হৰদেৱ নামে ব্ৰাহ্মণৰ লগত বিবাহ সম্পন্ন হয়। বৰ্ত্তমান চৰিত পুথিত উল্লিখিত কবীৰৰ নাতিনী, কমালীৰ জীয়েক হোৱা সম্ভব।
১৩৯৮ খৃষ্টাব্দৰ জেঠমাহত সোমবাৰে কবীৰৰ জন্ম হয় আৰু ১৫১৮ চনত গোৰখপুৰৰ ওচৰত মাগহৰ নামে ঠাইত মৃত্যু হয়। কাশীৰ ৰজা বীৰসিঙে কাশীত কবীৰৰ স্মৃতি ৰক্ষাৰ্থে এটি সমাধি মঠ সজাই দিয়ে, আৰু গোৰখপুৰ ৰজা বিজলিখানে মাগহৰত অন্য এটা সমাধি মঠ নিৰ্ম্মাণ কৰে।