পৃষ্ঠা:চৰিত- দৈত্যাৰি ঠাকুৰ.pdf/৩৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৩৪
[৬৭ অ
শ্ৰীশ্ৰীশঙ্কৰদেৱ-মাধৱদেৱ চৰিত


পুছো এক কথা তোৰা সব কৈয়ো তাক॥১১
কৰা ভক্তি শাস্ত্ৰৰ গুৰুৰ কিবা তলে।
কৈয়ো কিবা কৰা তলে মনৰ কেৱলে॥
নাৰায়ণ ঠাকুৰে হেন শুনিয়া বুলিল।
নলাগয় আৰ লাজ কৰিবে বুজিল॥১১॥
জোণ্ডা পশৰাই লাজ হৈবে ন লাগয়।
হেন শুনি বুলিলন্ত ভক্ত সমস্তয়॥
এহেঁ বুজিলন্ত বাপ নতু বুজো আমি।
আমাক বুজাই আবে কহিয়োক তুমি॥১২॥

—মনৰ অৱস্থা—

বোলন্ত মাধৱদেৱে গুৰুৰ শাস্ত্ৰৰ।
তলত কৰিয়ো ভক্তি তেবেসে সত্বৰ॥
মুকুত হোৱয় যদি মনৰ তলত।
কৰে ভক্তি, নুহি মুক্তি বিস্তৰ কালত॥১৩॥
তুমি সব কৰা ভক্তি মনৰ তলত।
কেন মতে মুক্ত হৈবা অচিৰ কালত॥
মনতেসে হন্তে হোৱে জীৱৰ সংহাৰ।
সেহিতো মনৰ সঙ্গ লোৱা পুনৰ্ব্বাৰ॥১৪॥
মহা শক্ৰ মন সবে তাৰ সঙ্গ লোৱা।
কেন মতে মুকুত হৈক আবে চোৱা॥
দুৰ্জ্জন মনৰ সঙ্গ এৰি পুনু যেবে।
কৰা ভক্তি দুয়োমু দণ্ডে হৈবা তেবে॥১৫॥