পৃষ্ঠা:চৰিত- দৈত্যাৰি ঠাকুৰ.pdf/৩৯২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৬৪
[ ৭০ অ
শ্ৰীশ্ৰীশঙ্কৰদেৱ-মাধৱদেৱ চৰিত


কটা যাওঁ তথাপিতো সফল জীৱন।
লোকে বুলিবেক মোক প্ৰশংসা বচন॥
মাধৱদেৱৰ ভাৰী যান্তে গৈল কাটা।
যদুমণি সাৰ্থক বিষ্ণুৰ মাজু বেটা॥২৪॥
হেন শুনি মাধৱ হৰিষ মন ভৈলা।
লোৱা ভাৰ যদুমণি বুলিয়া চলিলা॥
আতি ৰাতি গৈয়া সোন কোষ পাৰ ভৈলা।
প্ৰভাত সময়ে ভৃগু গুৰু থান পাইলা॥২৫॥

—ভেলা দুৱাৰত—


অনন্তৰে পাইলা যাই বেহাৰ মাধৱে।
ভেলা দুৱাৰত গৈয়া ৰহিলা উৎসৱে॥
কান্দি ৰামচৰণ গৃহক আসিলন্ত।
সমস্ত লোকত এহি কধা কহিলন্ত॥২৬॥
শুনি ভক্ত সব যত বিষাদ কৰিল।
আতি মন দুঃখ কৰি সমস্তে ৰহিল॥
থিৰ মন কৰি শুনা সাধু সব যত।
কামৰূপৰ কথা আবে ভৈল সমাপত॥২৭॥
আগপাছ দেখি ন কৰিবা অসন্তোষ।
যি কিছু বহিল তাতো ন ধৰিবা দোষ॥
জানা শিশুমতি মই বুদ্ধিতো চঞ্চল।
বঢ়া টুটা দোষ আত ক্ষমিবা সকল॥২৮।