পৃষ্ঠা:চৰিত- দৈত্যাৰি ঠাকুৰ.pdf/৪৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪০৪
[৭৫ অ
শ্ৰীশ্ৰীশঙ্কৰদেৱ-মাধৱদেৱ চৰিত

মোক চাহিবাক সিটো আসিয়া আছয়।
পাৱে যদি দুঃখ সিটো যাইবে ন লাগয়॥৭৩॥
শুনিয়া অচ্যুত দশ ভক্ত সমে গৈলা।
অনন্তৰে যাই আইধাইৰ ঠাই পাইলা॥
নে দেখিয়া আইধাই ৰামচৰণক।
বোলে আতা আপুনি বা নাসিলা কিসক॥৭৪॥
কিসক বা ভাগিন-খনক ন পঠাইলা।
এহি বুলি পুনু মাতি পঠায়া বুলিলা॥
পূৰ্ব্বতো আমাৰ বাক্য আতা ন কৰিল।
আমাৰ আগত আগ কৰিব খুজিল॥৭৫॥
বীৰুৱে আমাৰ ৰাজা আতা বুলিলেক।
কি বোল বীৰুৱে লাই আমাৰ পাইলেক॥
এখনো আমাৰ বাক্য হেলা ন কৰোক॥
আমাৰ থানক তাতা আপুনি আসোক॥৭৬॥
এহি কথা গৈয়া মাধৱত কহিলন্ত।
ন পাৰো যাইবাক দেৱ মাধৱে বোলন্ত॥
কলি বুঢ়া মানুষ বোলন্ত দুঃখ পাই।
আইধাইৰ আগে পুনু কহিলন্ত যাই॥৭৭॥
পুনু আইধাই পঠাইলেক দোলা দিয়া।
মই বান্দী আসোক আতা আকে চৰিয়া॥
দেখিয়া মাধৱদেৱে হাসি বুলিলন্ত।
কেন বৰ মানুষ পাতিবে মোক চান্ত॥৭৮॥
ভক্তৰ উপৰি ৰাজা পাতিবে খোজয়।