পৃষ্ঠা:চৰিত- দৈত্যাৰি ঠাকুৰ.pdf/৩৬১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৭ অ]
৩৩৩
শ্ৰীশ্ৰীশঙ্কৰদেৱ-মাধৱদেৱ চৰিত


বুজিলাহা সাধুসব কথাৰ আশয়।
আসন ধৰাক চাহিলেক ভক্তচয়॥৫॥
তাকে ন সহিলন্ত মাধৱদেবে দেখা।
আমি যি কৰোহোঁ দোষৰ কোন লেখা॥
এহি জানি আপোনাক হৈবা সাৱধান।
শুন আতপৰে কথা ভৈল যেন ঠান॥৬॥

—মুক্তিৰ উপায়—

সমস্ত ভকত সবে আলোচি দিনেক।
এক কথা মাধৱদেৱত পুছিলেক॥
ব্ৰহ্মাৰ আগত শ্ৰীপুৰুষোত্তমে যিটো।
ধৰ্ম্ম কৈল যদুকুলে অৱতৰি সিটো॥৭॥
ধৰ্ম্ম কহিলন্ত উদ্ধৱত ভগৱন্ত।
সেহি পূৰ্ণ কৃষ্ণ ৰূপ শঙ্কৰ ভৈলন্ত॥
সেহি মহা শুদ্ধধৰ্ম্ম বিদিত কৰিল।
সেহি দেৱ ধৰ্ম্মগুৰু সমস্তে মিলিল॥৮॥
তেখনে মুকুত দুই দণ্ডতো হোৱয়॥
এবে যদি ভক্তি কুড়ি বৎসৰো কৰয়।
তথাপি মুকুত কিয় নে দেখি হৈবাৰ।
কহিয়োক বাপ তুমি কাৰণ ইহাৰ॥৯॥
শুনি দেৱ মাধৱে তাৰাক প্ৰশংসিলা।
সাধু সাধু তোৰা ভাল কথাক পুছিলা॥
মই আৰ সিদ্ধান্ত দিবোহোঁ তোমাসাক।